অমেগা-৩ ফেটি এচিড

⇒ কি কি খাদ্যত অমেগা ৩ ফেটি এচিড 
   থাকে?
⇒ অমেগা-৩ ফেটি এচিড কেতিয়া আৰু 
   কেনেকৈ খাব লাগে?
⇒ নিৰামিষ আৰু আমিষ কোনবিধ খাদ্য 
   উপযুক্ত?
⇒ ১ দিনত অত্যাধিক কিমান অমেগা-৩ ফেটি 
   এচিড খাব?
⇒ অমেগা-৩ ফেটি এচিড বেছি খালে ক্ষতি 
   হব পাৰে নেকি?
⇒ ইয়াৰ অভাৱত কেনেকুৱা ধৰণৰ সমস্যাৰ 
   সৃষ্টি হব পাৰে?

অমেগা-৩ ফেটি এচিড

জি আমি আলোচনা কৰিম অমেগা-৩ ফেটি এচিডৰ বিষয়ে। বহুতে হয়টো নাজানে এই অমেগা-৩ ফেটি এচিড কি? মুখমণ্ডলত বৃদ্ধি হোৱা শালমনৰ সমস্যা, ভাগৰ আৰু মানসিক অবসাদ দূৰকৰাৰ লগতে শৰীৰত বৃদ্ধি হোৱা ইনফ্লামেচনচ, মানসিক উত্তেজনা, ডিপ্ৰেচন বা হতাশা, শৰীৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাৰ লগতে শৰীৰৰ ওজন সঠিক ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এই অমেগা-৩ ফেটি এচিড কি? কি কি খাদ্যত অমেগা ৩ ফেটি এচিড থাকে, অমেগা-৩ ফেটি এচিড কেতিয়া আৰু কেনেকৈ খাব লাগে? নিৰামিষ আৰু আমিষ কোনবিধ খাদ্য উপযুক্ত, ১ দিনত অত্যাধিক কিমান অমেগা-৩ ফেটি এচিড খাব, অমেগা-৩ ফেটি এচিড বেছি খালে ক্ষতি হব পাৰে নেকি, ইয়াৰ অভাৱত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হব পাৰে আদি সকলো কথা আমি আলোচনা কৰিম।

     ফেটি এচিড প্ৰধানত দুই প্ৰকাৰৰ। আত্যাৱস্যকীয় ফেটি এচিড (Essential fatty acids) আৰু অনাৱস্যকীয় ফেটি এচিড (non– essential fatty acids)। অত্যাৱস্যকীয় ফেটি এচিড আমাৰ শৰীৰে তৈয়াৰ কৰিব নোৱাৰে। কেৱল খাদ্যৰ দ্বাৰাহে এই অত্যাৱস্যকীয় ফেটি এচিড পোৱা যায়। অন্যহাতে অনাৱস্যক (non– essential fatty acids) ফেটি এচিড বিভিন্ন ৰসায়নিক বিক্ৰিয়াৰ জৰিয়তে আমাৰ শৰীৰে নিজে উৎপন্ন কৰি লয়। এই ফেটি এচিড সমূহৰ ভিতৰত অমেগা-৩ ফেটি এচিড আৰু অমেগা-৬ ফেটি এচিড অত্যন্ত আৱস্যক।

 আমি খোৱা খাদ্যৰ পৰা আইৰণ (Iron), ফেটচ (Fats) আৰু কাৰ্বহাইড্ৰেট (Carbohydrate) এই তিনি প্ৰকাৰৰ মাইক্ৰ নিউট্ৰিইন (Micro nutrient) পাঁও। ইয়াৰ যি ছৰ্বী উপাদান, এই ছৰ্বী উপাদান ৩ প্ৰকাৰৰ হয়। Saturated Fat, Polyunsaturated Fat আৰু Monounsaturated Fat, ইয়াৰে Polyunsaturated নামৰ ছৰ্বী শৰীৰত পাচন হোৱাৰ পাছত আমেগা ৩ আৰু অমেগা ৬ লৈ পৰিৱৰ্তণ হয়। এই দুই বিধেই আমাৰ শৰীৰ আৰু মগজুৰ বাবে খুবেই প্ৰয়োজন। আমাৰ শৰীৰক দৈনিন্দিন কৰ্যপ্ৰণালী (মেটাবলিজম) সূচাৰু ৰুপে সম্পাদন কৰিবৰ বাবে অমেগা-৩ ফেটি এচিড অত্যন্ত আৱস্যক। আমাৰ মস্তিস্কত ৬০ শতাংশই ছৰ্বী উপাদান থাকে। শৰীৰৰ কোষ আৱৰণী, হৰমণ, সংবাহী কোষ আদি নিৰ্মাণত অমেগা-৩ ফেটি এচিডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এক সমীক্ষাত দেখা গৈছে যে বৰ্তমান সময়ত মানৱ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় অমেগা-৩ ফেটি এচিড সমৃদ্ধ খাদ্য গ্ৰহণৰ পৰিমান শতকৰা ২০ জন লোকৰ অশংকাজনক ভাৱে কম। কিন্তু মানৱ শৰীৰত অমেগা-৩ আৰু অমেগা ৬ ফেটি এচিড সন্তুলিত মাত্ৰাত থকাটো অতি জৰুৰী। বৰ্তমান সময়ত খাদ্যাভ্যাসৰ বাবে মানুহৰ শৰীৰত আমেগা ৬ ফেটি এচিডৰ পৰিমাণ অত্যাধিক বৃদ্ধি হব ধৰিছে।

           অমেগা ৬ ফেটি এচিড মাংস, গাখীৰ, মাখন, পনীৰ, কনী, তেল আৰু চয়াৰ দ্বাৰা উৎপাদিত খাদ্যত অত্যাধিক থাকে।

অমেগা ৩ ফেচি এচিড-আখৰুট, ফ্লেক্সিড (Flax Seed), চিয়া চিড (chia Seed) আৰু কিছুমান বিশেষ ধৰনৰ মাছতহে পোৱা যায়। গতিকে আমি দৈনন্দিন খাদ্যৰ তালিকাত অমেগা ৬ সেৱন কৰাৰ বিপৰীতে আমেগা ৩ কম হেৱাৰ বাবে শৰীৰৰ গাঁঠি গাঁঠি বিষ, মুখমণ্ডলত সঘনাই শালমন হোৱা, চাল ৰোক্ষ আৰু শুকান হোৱা আদি বিভিন্ন সমস্যা হবলৈ ধৰে। সেইয়ে আমি দৈনন্দিন খাদ্যৰ তালিকাত অমেগা ৩ ফেটি এচিড অন্তভূক্ত কৰাটো অতি জৰুৰী।

অমেগা ৩ ফেটি এচিড কি কি খাদ্যত পোৱা যায়ঃ

অমেগা ৩ ফেটি এচিড সাধাৰণতে তিনি প্ৰকাৰৰ হয় – ALA (Alpha-linolenic Acid), EPA (Ecpsapentaenoic Acid), DHA (Docosa hexaenoic Acid)।

ALA (Alpha-linolenic Acid)  নিৰামিষ খাদ্যত পোৱা যায়। যেনে আখৰুট, Flax Seed, Chia Seed, তুলসী গুটি (Basil Seed) আদি।

EPA (Ecpsapentaenoic Acid), DHA (Docosa hexaenoic Acid)- বিভিন্ন ধৰণৰ আমিষ খাদ্য সাগৰীয় মাছ যেনে- টুনা, চালমন, হালিবাট চাৰডিনাচ, মাকেৰেল, হেৰিং আদি। ৰূপচণ্ডা, ইলিচ আদি মাছত একেবাৰে কম পৰিমানে অমেগা-৩ ফেটি এচিড থকাৰ তথ্য পোৱা গৈছে। আমি দৈনন্দিন যিবোৰ মাছ খাওঁ এই সকলোবোৰ মাছৰ পৰা কিন্তু অমেগা-৩ ফেটি এচিড নাপাওঁ। কিন্তু এই অমেগা ৩ ফেটি এচিড কেনেকৈ আমাৰ খাদ্যৰ তালিকাত অন্তভূক্ত কৰিম সেইয়াহে চিন্তাৰ বিষয়। যদি আপোনি আমিষ খায় তেনে হলে- সপ্তাহত ২ বা ৩ খাজ ব্ৰইল বা ভাপত দি অমেগা ৩ ফেটি এচিড যুক্ত সাগৰীয় মাছ খাব পাৰে। নিৰামিষ ভোজী হলে Flax Seed শুকোৱাই পাউডাৰ বনাই ১ বা ২ চামুচ যিকোনো খাদ্যৰ লগত খাব পাৰে। অথবা chia Seed বা Basil Seed পানীত কিছুসময়ৰ বাবে ভিজাই খাব পাৰে। নহলে ফিচ অইল নামেৰে প্ৰস্তুত কৰা অমেগা ৩ ফেটি এচিড কেপচুল লব পাৰে।

অমেগা ৩ ফেটি এচিড দিনত কিমান পৰিমানে লব লাগেঃ

অমেগা ৩ ফেটি এচিড দৈনিক কিমান পৰিমানে লব ব্যক্তিজনৰ দৈনন্দিন কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। এজন প্ৰাপ্ত বয়স্কৰ লোকে দৈনিক ৭০০ পৰা ৮০০ মিলিগ্ৰাম অমেগা ৩ ফেটি এচিড লোৱাটো জৰুৰী। শাৰীৰিক ব্যায়াম বা অত্যাধিক কামকৰা লোকে ১০০০ এম জি লৈকে অমেগা ৩ ফেটি এচিড লব পাৰে। কিন্তু ইয়াৰ ভিতৰত ৫০০-৬০০ EPA আৰু ৩০০-৪০০ DHA মাত্ৰা হোৱাটো বাঞ্চনীয়। যদি চাপলিমেন্ট লয় তেতিয়াহে EPA আৰু DHA ৰ সন্তুলন বনাই ৰাখি লব লাগে। খাদ্যৰ দ্বাৰা গ্ৰহণ কৰিলে ইয়াৰ কোনো বাধ্যবাধকতা নাই।

অমেগা ৩ ফেটি এচিড বেছিকৈ খালে লোকচান হব পাৰে নেকি?

খাদ্যৰ দ্বাৰা গ্ৰহণ কৰা অমেগা ৩ ফেটি এচিডৰ আমাৰ দেহত অভাৰ ডজ নহয়, কিন্তু হিচাপতকৈ বেছি অমেগা ৩ ফেটি এচিডৰ চাপলিমেন্ট ললে ক্ষতি হব পাৰে। European Food Safety authority ৰ মতে ৫০০ এম জি লৈকে অমেগা ৩ ফেটি এচিড নিৰাপদে গ্ৰহন কৰিব পাৰে। কিন্তু এজন ব্যক্তিক EPA আৰু DHA মিলাই ১৫০০ এম জি ত কৈ বেছি অমেগা ৩ ফেটি এচিড লোৱাৰ প্ৰয়োজন নপৰে। যদি ইয়াতকৈ বেছি লব বুলি ভাবে তেতিয়া ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব। কিয়নো শৰীৰত অমেগা ৩ ফেটি এচিডৰ মাত্ৰা বেছি হলে – ল’ ব্লাড প্ৰেছাৰ, উশাহ লোৱাত সমস্যা হোৱা আৰু কাটিলে তেজ বন্ধ নোহোৱা আদি সমস্য হব পাৰে। যিসকল লোকৰ ল’ব্লাড প্ৰেছাৰৰ সমস্যা আছে তেওঁলোকে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ অমেগা ৩ ফেটি এচিড গ্ৰহণ নকৰিব।

   অমেগা-৩ ফেটি এচিডৰ পৰা কেনে ধৰণৰ উপকাৰ পাব পাৰো।

 বিভিন্ন হৃদৰোগ- হাইব্লাড প্ৰেছাৰ, এৰিথমিয়া, কৰোনেৰি হাৰ্ট ডিজিজ ৰোধ কৰা, ডিচলিপিডেমিয়া, হাৰ্ট এটেক, কৰোনেৰি আৰ্টেৰি ডিজিজ আদিত উপকাৰী৷ ঘাইকৈ ট্ৰাইগ্লিচেৰাইড নামৰ অপকাৰী চৰ্বি কমোৱাত আজি কালি অমেগা-৩ ফেটি এচিড ব্যাপক ভাবে প্ৰয়োগ হয়৷

  • বাইপোলাৰ ডিচঅৰ্ডাৰ (manic-depressive illness), চিজোফ্ৰেনিয়া, ডিপ্ৰেচন,অ’টিজম, ডিমেনচিয়া, এলজেইমাৰচ্ ডিজিজ আৰু লগতে যি কোনো গুৰুতৰ মানসিক ৰোগত অত্যন্ত উপকাৰী৷ কিশুৰ-কিশোৰৰ মানসিক বিকাশ আৰু মনোযোগ বৃদ্ধিত সহায়ক৷
  • ডায়েবেটিজ ৰোগৰ জটিলতা ৰোধ কৰি ডায়েবেটিছ নিয়ন্ত্ৰণ ৰখাৰ সহায় কৰে৷ ইনচুলিন নিসৰণত সহায় কৰি ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে৷
  • পেৰিফেৰিয়েল ভেচকুলাৰ ডিজিজ ৰোধ কৰাত সহায়কৰে৷
  • এন্টিইনফ্লেমেটৰি গুণৰ বাবে বিভিন্ন বাত ৰোগ, অস্থি সন্ধিৰ ৰোগ প্ৰতিৰোধৰ সহায়কাৰী৷
  • হাঁপানি আৰু নিউমোনিয়া ৰোগ প্ৰতিৰোধ কৰে৷
  • ক’লন আৰু প্ৰষ্টেটৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে।
  • হাঁড়ৰ ক্ষয় ৰোগ বা অষ্টিঅ’প’ৰচিচ প্ৰতিৰোধ কৰে৷
  • চকুৰ বিভিন্ন ধৰণৰ বিসংগতি আৰু গ্লুকোমা প্ৰতিৰোধ কৰে৷
  • শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ ফলত এলাৰ্জিক ৰাইনাইটিচ, চিষ্টেমিক লুপাচ আদিত উপকাৰী৷
  • মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ, মহিলাৰ মেনোপজৰ বাবে হোৱা সমস্যাৰ বাবে উপযোগী৷
  • আলচাৰেটিভ কলাইটিচ, আই বি এচ বা ইৰিটেবল বাৱেল চিনড্ৰমত উপকাৰী৷
  • অৰ্গেনট্ৰান্সপ্লান্ট কৰা ৰোগীক অমেগা-৩ সেৱন কৰিব দিলে চাইক্লস্পৰিন বা আন ইমিউন-চাপ্ৰেচেন্ট দৰবৰ পাৰ্শ্বক্ৰিয়া কমকৈ হোৱা পৰিলক্ষিত হয়৷

হাইপাৰট্ৰাইগ্লিচেৰাইডিয়াঃ

বৰ্তমান সময়ত অতি ব্যাপক ৰূপত দেখা দিয়া স্বাস্থ্য সমস্যা সমূহৰ ভিতৰত উচ্চৰক্তচাপ বা হাই ব্লাড প্ৰেচাৰ, ব্ৰেইষ্ট্ৰোক আদিৰ মূল কাৰক হল আমাৰ শৰীৰত জমা হোৱা বেয়া ছৰ্বী বা ট্ৰাইগ্লিচেৰাইড । ৮৪ জন হাইপাৰট্ৰাইগ্লিচেৰাইডিয়া ৰোগীৰ ওপৰত  ১৬ সপ্তাহ ধৰি কৰা এক গৱেষণাত দেখা গৈছে যে, দৈনিক ৪ গ্ৰাম অমেগা-৩ ফেটি এচিড সেৱনকাৰী লোকসকলৰ ট্ৰাইগ্লিচেৰাইডৰ বেচলাইন ৪৪.৯ ভাগ কমি গৈছিল। আৰু এইচ ডি এল কলেষ্ট্ৰৰেল ৯ শতাংশ বৃদ্ধি হোৱা দেখা গৈছিল।

অস্বাভাৱিক হৃদকম্পন বা বুকুৰ ধপ ধপনিঃ

কৰনাৰী আৰ্টাৰীৰ বায়পাছ চাৰ্জাৰী কৰা কিছু ৰোগীৰ ওপৰত কৰা এক গৱেষণাত দেখা পোৱা গৈছে যে, অমেগা-৩ ফেটি এচিড দৈনিক ২ গ্ৰামকৈ খোৱাত ৫৪ শতাংশ ৰোগীৰ অস্বাভাৱিক ৰূপে হৃদ কম্পন বা বুকুৰ ধপধপনী কমি গৈছিল।

কৰনাৰী আৰটাৰী ডিজিজঃ

এক নিৰ্ভৰ যোগ্য অধ্যয়নৰ তথ্য অনুসৰি দৈনিক ১ গ্ৰামকৈ অমেগা-৩ ফেটি এচিড খালে হৰ্থাৎ হৃদ ৰোগত মৃত্যু হোৱাৰ সমস্যা ৫৪ শতাংশ হ্ৰাস পায়।

স্তন কেন্সাৰঃ

মধ্য বয়সীয়া ৩৫,০০০ মহিলাৰ ওপৰত কৰা এক গৱেষণাৰ ফলাফলত দেখা গৈছে যে, নিয়মিত অমেগা-৩ ফেটি এচিড খোৱা সকলৰ ৩২ শতাংশ স্তন কেন্সাৰৰ সম্ভাৱনা কমি যায়।

ডিপভেইন থ্ৰম্বচিচঃ

সুদীৰ্ঘ ১২ বছৰ ধৰি ১৫০০০ ৰোগীৰ ওপৰত চলোৱা এক গৱেষণাত দেখা গল ষে, সপ্তাহত অন্তত ১ গ্ৰাম অমেগা-৩ ফেটি এচিড গ্ৰহণ কৰা লোক সকলৰ ডিপভেইন থ্ৰম্বচিচৰ সম্ভাৱনা ৩৫-৪৫ শতাংশ কমি যায়।

হাৰ্ট এটেকঃ

জাপানত ১৯৯০ চনৰ পৰা ২০০১ চন পৰ্যন্ত ৬০-৮০ বছৰ বয়সৰ ৪১ হাজাৰ ৪৭৮ জন পুৰুষৰ ওপৰত চলোৱা এক গবেষণাত দেখাগল যে, সপ্তাহত অন্তত ১ গ্ৰাম অমেগা-৩ ফেটি এচিড গ্ৰহম কৰা সকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৫৬ শতাংশ কমি যায়। গবেষণাটোত যেতিয়া অমেগা-৩ ফেটি এচিডৰ পৰিমান বঢ়াই ২ গ্ৰাম কৰিলে তাৰ পাছত ইয়াৰ পৰিমান ৬৫ শতাংশলৈ বৃদ্ধি হোৱাৰ তথ্য পোৱা গল।

ষ্ট্ৰোকঃ

যি সকল লোকে দৈনিক ৫ গ্ৰাম অমেগা-৩ ফেটি এচিড খায় তেওঁলোকৰ ইচকেমিক ষ্ট্ৰোকৰ সম্ভাৱনা ৩১ শতাংশ কমি যায়।

আৰ্থস্কলিয়চিচঃ

আমেৰিকান জাৰ্ণেল অফ ক্লিনিকেল নিউট্ৰেচনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ডায়েবেটিছত ভূগা লোক আৰু পষ্ট মনোপজেল মহিলাই সপ্তাহত অন্তত ২ গ্ৰাম অমেগা-৩ ফেটি এচিড খালে তেওঁলোকৰ আৰ্থস্কলিয়চিচ হোৱাৰ সম্ভাৱনা যথেষ্ঠ পৰিমানে হ্ৰাস পায়।

ওজন হ্ৰাস আৰু ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধিঃ

অমেগা-৩ ফেটি এচিডে লেপটিন নামৰ হৰমন নিসৰণৰ দ্বাৰা আমাৰ ভোক আৰু ওজন নিয়ন্ত্ৰনত সহায় কৰে। অমেগা-৩ ফেটি এচিড খেৱনে ইনচুলিনৰ সক্ৰীয়তা বৃদ্ধি কৰে।

আৰ্থাৰিটিচঃ

৫০০ জন ৰোগীৰ ওপৰত কৰা ১৩ টা গবেষণাত দেখা গৈছে, ৰিউমাটয়েড আৰ্থাৰিটিছত অমেগা-৩ ফেটি এচিডে অত্যন্ত আশাপদ ফল দিয়ে।

মাহেকীয়াৰ পেটৰ বিষঃ

এক গবেষণাৰ তথ্য অনুসৰি অমেগা-৩ ফেটি এচিড খোৱা যুৱতী মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষৰ সমস্যাৰ সৃষ্টি নহয়।

চকুত চানি পৰাঃ

আৰকাইভ অফ অফথেলমলজিত প্ৰকাশ পোৱা এক নিবন্ধত কোৱা হৈছে যে, অমেগা-৩ ফেটি এচিডে বয়সৰ বাবে বা নিৰ্দিষ্ট বয়সৰ আগতে হোৱা চকুত চানি পৰাৰ সমস্যা কমাই দিয়ে। উল্লেখযোগ্য যে, ৫০ বছৰৰ অধিক বয়সীয়া মানুহৰ অন্ধত্বৰ প্ৰধান কাৰণ হল চকুত চানি পৰা। বৰ্তমান বিশ্বৰ প্ৰায় ৩০ মিলিয়ন লোক এই সমস্যাত আক্ৰান্ত। অমেগা-৩ ফেটি এচিড নিয়মিত খালে বয়স জনিত চানি পৰা সমস্যা ৭৫ শতাংশ কমি যায়।

মনযোগ হীনতাঃ

এক গবেষণাৰ তথ্য অনুসৰি অমেগা-৩ ফেটি এচিডৰ পৰিমান কম থকা শিশুৰ পঢ়াশুনাত মনোযোগিতা কম আৰু সেই সকল শিশুৱে খুব সোনকালেই কথা পাহৰি যায়। যি সকল শিশুৰ শৰীৰত অমেগা-৩ ফেটি এচিডৰ পৰিমান বেছি সেই সকল শিশু তীক্ষ্ণ বুদ্ধি সম্পন্ন, পঢ়াশুনাৰ প্ৰতি ধাওতি বেছি আৰু শ্মৰণ শক্তিও প্ৰসৰ।

সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা চালক সুৰক্ষা প্ৰদান কৰাঃ জাৰ্নেল অফ ইনভেস্তিগেচন ডাৰ্মাটলজিত প্ৰকাশ পোৱা তথ্য অনুসৰি অমেগা-৩ ফেটি এচিডে আমাৰ চালখনক সূৰ্য্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে।

মস্তিস্কৰ কাৰ্যক্ষমতা বৃদ্ধিঃ

আমাৰ মস্তিস্কৰ ভিতৰত ৬০ শতাংশ ফেটচ কম্পনেন্ট। মস্তিস্কৰ কোষ সমূহৰ স্বাভাৱিক কাম কাজৰ বাবে () ইকচা পেনটানোইক এচিড বিশেষ ভাবে প্ৰয়োজন। গতিকে অমেগা-৩ ফেটি এচিডে আমাৰ মস্তিস্কৰ কাৰ্য্য ক্ষমতা বৃদ্ধি কৰে।

কৈশোৰ বয়সত উগ্ৰতা কমাবৰ বাবেঃ

ইউৰোপীয়ান জাৰ্ণেল অফ ক্লিনিকেল নিউট্ৰেচনে ৩৫৮১ জন কিশোৰ ওপৰত চলোৱা এক অধ্যয়নত দেখা গৈছে যে, যিসকল শিশুৱে নিয়মিত সঠিক পৰিমানে অমেগা-৩ ফেটি এচিড খায় সেই সকলৰ উগ্ৰতা নোখোৱা সকলতকৈ ১০ শতাংশ কম।

স্মৃতি ভ্ৰমঃ

আৰকাএভ অফ নিউৰলজিত প্ৰকাশিত তথ্য অনুসৰি অমেগা-৩ ফেটি এচিড নিয়মিত খোৱা লোক সকলৰ মাজত স্মৃতি ভ্ৰম বা এলজেইমাৰ ডিজিজ হোৱাৰ সম্ভাৱনা ৪৭ শতাংশ কমি যায়।

প্ৰষ্টেট আৰু কলন কেন্সাৰঃ

চুইডেনৰ কেৰলিনা ইনষ্টিটিউট অফ ষ্টকহোমত প্ৰকাশিত এক জাৰ্ণেলৰ তথ্য অনুসৰি অমেগা-৩ ফেটি এচিড নিয়মিত খালে পষ্টেট কেন্সাৰৰ সম্ভাৱনা ৪৩ শতাংশ কমে। আমেৰিকান জাৰ্ণেল অফ ইপিডেমিঅলজিয়ে ১৪৫৫ জন ব্যক্তিৰ ওপৰত চলোৱা গবেষণাত পোৱা তথ্য অনুসৰি নিয়মিত ৩-৪ গ্ৰাম অমেগা-৩ ফেটি এচিড খোৱাৰ পাছত কলন কেন্সাৰ হোৱাৰ সম্ভাৱনা ৪১ শতাংশ কম হৈছিল।

শিশুৰ এজমা বা হাঁপানিঃ

ইন্টাৰনেচনেল ষ্টাডি অফ এলাৰজি এণ্ড এজমা ইন চাইলহোডত প্ৰকাশিত তথ্যৰ পৰা জানিব পৰা গৈছে যে, অমেগা-৩ ফেটি এচিডে শিশুকালত এজমাৰ সম্ভাৱনা শতকৰা ৫০ শতাংশ কমায়।

Dr Haris

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles