মধুমেহ বা ডায়েবেটিচৰ ৰোগৰ হোমিঅপেথিক চিকিৎসাঃ
প্ৰাচীনতম কালৰে পৰা ডায়েবেটিচ বা মধুমেহ ৰোগৰ ইটিহাস পোৱা যায়। চিকিৎসা বিজ্ঞানৰ জনক প্ৰাচীন গ্ৰীচৰ হিপক্ৰেটিচৰ আবিস্কৃত ইউনানী চিকিৎসা পদ্ধতিতো ডায়েবেটিচৰ ধাৰণা পোৱা গৈছিল। তেতিয়া ইয়াক Zia Beted বুলি কোৱা হৈছিল। যাৰ অৰ্থ হল শৰ্কৰা যুক্ত মুত্ৰ নিসৰণ।
ডায়েবেটিচ কি?
আমাৰ শৰীৰৰ বিলিয়ন বিলিয়ন কোষে অবিৰম গতিত প্ৰতিমূহূৰ্ততে কোটি কোটি কাৰ্য সম্পাদন কৰি আছে আৰু এই কাৰ্য সমূহ কৰিবৰ বাবে কোষ সমূহক শক্তিৰ প্ৰয়োজন হয়। শক্তিৰ মূল উৎস হল কাৰ্বহাইড্ৰেট। এই সমূহৰ ভিতৰত ভাত, দাইল, ৰুটি আদি। পৰিপাক ক্ৰিয়াৰ অন্তত এইবোৰ শৰীৰৰ কোষ সমূহে গ্ৰহণ কৰিব পৰা সৰল অনুত পৰিনত হয়। এই সৰল অনুয়েই হল গ্লুকজ। এই গ্লুকজ অনুকে শৰীৰত কোষ সমূহে গ্ৰহণ কৰি এক ৰাসায়নিক বিক্ৰিয়াৰ মাধ্যমেৰে শক্তি উৎপন্ন কৰি লয় আৰু এই শক্তিয়ে আমাৰ দেহটো সতেজ আৰু কাৰ্যক্ষম কৰি ৰাখে। কিন্তু কোষ সমূহত গ্লুকজ প্ৰবেশ কৰিবৰ বাবে এক প্ৰকাৰৰ হৰমনৰ প্ৰয়োজন। এই হৰমনৰ নামেই ইনচুলিন।
আমাৰ দেহৰ কোষ সমূহত আকৌ গ্লুকজ প্ৰবেশ কৰিবৰ বাবে এক ধৰণৰ পথ থাকে। যিটোৰে গ্লুকজ শৰীৰত প্ৰবেশ কৰে। স্বভাৱিক অৱস্থাত এই পথ বন্ধ থাকে। এই প্ৰক্ৰিয়াটোক আমি সৰল উদাহৰণত এনেদৰে বুজাব পাৰো- ধৰিলোৱা হওঁক আমাৰ দেহকোষ সমূহ এটা ঘৰৰ একো একোটা কোঠা আৰু এই কোঠা সমূহৰ দৰ্জা হৈছে ইনচুলিন প্ৰবেশকৰা পথ সমূহ। সাধাৰণতে নিৰাপত্তাজনিত কাৰণত আমাৰ ঘৰৰ কোঠাসমূহ তলা মাৰি ৰাখো, ঠিক একে দৰে কোষ সমূহৰ গ্লুকজ প্ৰবেশৰ পথটো তলামৰা থাকে বা বন্ধ থাকে। ঘৰৰ তলা খুলিবলৈ যি দৰে চাবি লাগে তেনে দৰে গ্লুকজৰ পথ খুলিবলৈও চাবি লাগে। এই চাবিৰ নামেই হল ইনচুলিন। ইনচুলিন নহলে গ্লুকজো আমাৰ দেহত প্ৰবেশ কৰিব নোৱাৰে, গ্লুকজ কোষ সমূহত প্ৰবেশ কৰিব নোৱাৰীলে শক্তি উৎপাদন নহব আৰু কোষে শক্তি নাপালে ইয়াৰ কাম সঠিক ভাবে কৰিব নোৱাৰে। অথচ তেজত অফুৰন্ত গ্লুকজ বা শৰ্কৰা গোট খাই আছে, কিন্তু কোষ সমূহলৈ যোগান দিব পৰা নাই আৰু এই বোৰ অব্যৱহীত হৈ তেজত ৰৈ যোৱাৰ বাবে প্ৰস্ৰাৱৰ ঘনত্ব আৰু সময় বিঢ়ি যায়, ঘনাই প্ৰস্ৰাৱ হবলৈ ধৰে। এই অৱস্থাটোকে ডায়েবেটিচ মেলিটাচ বা ডায়েবেটিচ বুলি কোৱা হয়। সঘনাই প্ৰস্ৰাৱ হোৱাৰ বাবে এই ৰোগক বহুমুত্ৰ বুলিও কোৱা হয়।
ব্লাড চুগাৰৰ স্বাভাৱিক পৰিমানঃ
এজন সুস্থ মানুহৰ তেজত পুৱা খাদ্য খোৱাৰ আগতে (যিটো আমি ফাষ্টিং বুলি কওঁ) ৭০-১০০ মিলিগ্ৰাম প্ৰতি ডেচি লিটাৰত থাকিব লাগে আৰু খাদ্য খোৱাৰ ডেৰ ঘন্টাৰ পিছত ১০০-১৪০ মিলিগ্ৰাম ব্লাড চুগাৰ প্ৰতি ডেচি লিটাৰত থাকিব লাগে।
ইনচুলিন সৰবৰাহঃ
আমাৰ পেটৰ বাওঁ ফালে ওপৰৰ অংশত (Upper left part of the abdomen) লিভাৰৰ তলতে গছপাতৰ আকৃতিৰ প্ৰায় ১২ ৰ পৰা ২০ চেন্টিমিটাৰ দৈঘ্যৰ, ৭০ পৰা ১০০ গ্ৰাম ওজনৰ এটা অংগ আছে, এই অংগটোক পেনক্ৰিয়াচ বা আগ্নাশয় বুলি কোৱা হয়। পেনক্ৰিয়াচ মানৱ শৰীৰৰ অতি লাগতিয়াল অংগ। পেনক্ৰিয়াচৰ ইচলেটচ অৱ লেংগাৰহন (islet of Langerhans) নামৰ কোষসমূহত থকা আলফা কোষে গ্লুকাগন হৰম’ন (Glucagon’s) আৰু বিটা কোষসমূহে ইনচুলিন (insulin) হৰম’ন উৎপন্ন কৰি আমাৰ তেজত শৰ্কৰাৰ (চুগাৰ) পৰিমান নিয়ন্ত্ৰণ কৰে।
ডায়েবেটিচৰ প্ৰকাৰঃ
ডায়েবেটিচ সাধাৰণতে দুই প্ৰকাৰ-
শৰ্কৰাযুক্ত আৰু
শৰ্কৰা বিহীন ডায়েবেটিচ।
কিছুমান মানুহৰ দেহত পেনক্ৰিয়াচৰ অক্ষমতাৰ বাবে ইনচুলিনৰ উৎপাদন কমি যায়। ফলত ইনচুলিনৰ অভাব ঘটে, তাৰ বাবে দেহকোষ সমূহে প্ৰয়োজনীয় ইনচুলিন নাপায় আৰু কোয সমূহৰ ভিতৰত গ্লুকজ প্ৰবেশ কৰিব নোৱাৰে। ইয়াতে কিবা প্ৰকাৰে ইনচুলিন সৰ্বৰাহ হলেই এই সমস্যা সমাধান হয়। গতিকে এনে ডায়েবেটিচক (Insulin Dependent Diabetes Mellitus) বা ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিচ মেলিটাচ বোলা হয়। ইয়াক Type-I ডায়েবেটিচ বুলিও কোৱা হয়।
দ্বিতীয়তে, কেতিয়াবা পেনক্ৰিয়াচে সঠিক মাত্ৰাত ইনচুলিন উৎপন্ন কৰি আছে, সঠিক মাত্ৰাত ইনচুলিন আছে বা আধিক মাত্ৰাত ইনচুলিন মজুত আছে কিন্তু শৰীৰৰ কোষ সমূহৰ ইনচুলিন গ্ৰহন কৰিব পৰা ক্ষমতা নোহোৱা হৈ গৈছে, ইনচুলিনৰ প্ৰতি সংবেদন শীলতা নোহোৱা হৈ গৈছে, যাৰ বাবে কোষ সমূহত গ্লুকজ প্ৰবেশ কৰিব নোৱাৰে এনে ধৰণৰ ডায়েবেটিচক Insulin Independent Diabetes Mellitus বা ইনচুলিন অনিৰ্ভৰশীল ডায়েবেটিচ মেলিটাচ বুলি কোৱা হয়।
ইয়াৰ ওপৰিও অন্য কিছুমান কাৰণতো ডায়েবেটিচ মেলিটাচ হব পাৰে। ইয়াৰ ভিতৰত বিশেষকৈ গৰ্ভৱস্থাৰ ডায়েবেটিচ, যাক ইংৰাজীত Gestational Diabetes Mellitus বুলি কোৱা হয়। গৰ্ভৱতী মহিলাৰ শৰীৰত প্ৰয়োজনতকৈ বেছি ইনচুলিন দৰকাৰ হয়। যদি দেহত পৰ্যাপ্ত ইনচুলিন উৎপাদন নহয় তেতিয়া স্বাভাবিকতে দেহৰ গ্লুকজ বা শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হৈ যায়। অন্যহাতে গৰ্ভৱতী মহিলাৰ প্লেচেন্টাৰ পৰাও কিছুমান হৰণন নিসৰণ হয় আৰু এই হৰমণো গৰ্ভৱস্থাত হোৱা ডায়েবেটিচৰ বাবে দায়ী। এনে ডায়েবেটিচ সন্তান প্ৰসৱৰ পাছত ভালহৈ যায়।
কিছুমান জেনেটিক কাৰণটো ডায়েবেটিচ হব পাৰে। অটিজিমৰ বাবেও ডায়েবেটিচত ভুগাৰ সম্ভৱনা থাকে। পেনক্ৰিয়াচৰ সমস্যাৰ বাবেও ডায়েবেটিচ হব পাৰে। যেনে- যদি পেনক্ৰিয়াচৰ কেন্সাৰ হয় বা সংক্ৰমন হয় তেনে হলে ডায়েবেটিচ হব পাৰে। হৰমনৰ বিসংগতিৰ বাবেও ডায়েবেটিচ হব পাৰে। কিছুমান ঔষধ সেৱনৰ বাবেও ডায়েবেটিচ হব পাৰে। বিভিন্ন ধৰণৰ ভাইৰাচ সংক্ৰমণৰ বাবেও ডায়েবেটিচ হব পাৰে।
ডায়েবেটিচ কাৰ হোৱা সম্ভাৱনা থাকেঃ
গবেষণাৰ পৰা দেখা পোৱা গৈছে যে কিছুমান কাৰকে ডায়েবেটিছৰ সমস্যাৰ বাবে জগৰীয়া। ইয়াৰ ভিতৰত-
১। বংশগত কাৰণ। যাৰ মাক দেউতাক বা ককাক আইতাকৰ এই সমস্যা আছে সতিসন্ততিৰ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা থাকে।
২। শৰীৰৰ ওজন বৃদ্ধি হোৱা বা মেদবহুল ব্যক্তি।
৩। আলস্য জীৱন কতোৱা ব্যক্তি বা শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তি।
৪। উচ্চৰক্তচাপ আৰু কলেষ্টৰেল বেছি থকা ব্যক্তি।
৫। দীৰ্ঘদিন ধৰি ষ্টেৰয়েড জাতীয় ঔষধ গ্ৰহণ কৰা লোক।
৬। লেতেৰা পৰিবেশত বসবাস কৰা লোক।
৭। লিভাৰ আৰু স্টমাকৰ গুৰুতৰ সমস্যা থকা লোকৰ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা বেছি থাকে।
ডায়েবেটিচৰ লক্ষণ সমূহঃ
ডায়েবেটিচৰ প্ৰধান লক্ষণ সমূহৰ ভিতৰত হল- সঘনাই প্ৰস্ৰাৱ হোৱা, অত্যাধিক পানীৰ পিয়াহ লগা আৰু ঘনাই ঘনাই পানী খাবলৈ মন যোৱা, অত্যাধিক ভোক লগা আৰু ভোক লাগিলে হাত-ভৰি কঁপনি উঠা, অলপমান পৰিশ্ৰম কৰিলেই অত্যাধিক ভগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসৰ লগতে বুকুত দূৰ্বল অনুভৱকৰা, অনবৰত অসুস্থবোধ কৰা, দ্ৰুত গতিত শৰীৰৰ ওজন কমি যোৱা, হাত-ভৰিৰ সৰু গাঁঠিত বিষ হোৱা, ওঁঠৰ কাযত ঘাঁ হোৱা, গাৰ চাল শুকাই যোৱা আৰু চালত খজুৱতী হোৱা, গুপ্তাংগ, কৰঙনৰ চুকত খজুৱতী হোৱা, চকুৰে কমকৈ দেখা, কথা পাহৰি যোৱা বা স্মৃতিশক্তি কমি যোৱা, শৰীৰৰত কটা-চিঙা হলে ঘাঁ শুকাবলৈ দেৰি লগা, পুৰুষাংগৰ আগৰ বগা অংশখিনিত ঘাঁ হোৱা বা চালখন ফাটি যোৱা, ভৰিত ঘাঁ হোৱা আদি লক্ষণ প্ৰকাশ পাব পাৰে।
ডায়েবেটিচৰ হোমিঅপেথিক চিকিৎসাঃ
হোমিঅপেথিকত কোনো ৰোগক চিকিৎসা কৰা নহয়, বৰং ৰোগীকহে চিকিৎসা কৰা হয়। ৰোগীক সম্পূৰ্ণ অধ্যয়ন কৰি ৰোগৰ কাৰণ নিৰ্ণয় কৰাৰ পাছত লক্ষণ অনুসৰি সঠিক ঔযধ প্ৰয়োগ কৰিলে ৰোগৰ পৰা উপষম পাব পাৰি। ইয়াতে লক্ষণ অনুসৰি কিছুমান হোমিঅপেথিক মেডিচিনৰ বৰ্ণনা আগবঢ়োৱা হল। ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
১) (Syzygium Jam) ছিজিজিয়াম জাম্বোলিনামঃ এই দৰবৰ শৰীৰত চুগাৰ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা আছে। ডায়েবেটিচ ৰোগীৰ ঘাঁ নুশুকালে বা চৰ্মৰোগ যেনে-খৰ, খজুৱতী আদি দীৰ্ঘদিন ধৰি হৈ থাকিলে বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰাৰ পাছতো ঘাঁ নুশুকালে এই ঔষধ ব্যৱহাৰ কৰিব লাগে। এই ঔষধে ৰোগীৰ প্ৰস্ৰাব আৰু তেজৰ শৰ্কৰা কমাই আনি ৰোগীৰ চৰ্মৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায় আৰু ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
২) Gymnema Sylvestree (জাইমনেমা ছিলভেষ্ট্ৰি) এই ঔষধ সকলো প্ৰকাৰৰ ডায়েবেটিচত ব্যৱহাৰ কৰিব পৰা এক অত্যন্ত উৎকৃষ্ট ঔষধ। ডাইবেটিচ ৰোগত যেতিয়া ৰোগী ক্ষীণাই শুকাই শ্ৰী চেহেৰা নোহোৱা হৈ পৰে, অত্যন্ত দূৰ্বলতাৰ লগতে প্ৰস্ৰাব আৰু তেজতো শৰ্কৰা নিৰ্গত হয়। এনে অৱস্হাত এই ঔষধ ব্যৱহাৰ কৰিলে ৰোগীৰ ওজন বৃদ্ধি হয়, ভংগ্ন স্বাস্থ্য পুনৰ ঘুৰি আহে, তেজ আৰু প্ৰস্ৰাৱত চুগাৰৰ মাত্ৰা দ্ৰুত গতিত কমি আহে।
এই খিনিতে আৰু এটা কথা উল্লেখ কৰি থওঁ- বহু ৰোগীয়ে ডায়েবেটিচ হোৱাৰ পাছত যৌন ক্ষমতা কমি যোৱা বুলিও অভিয়োগ কৰে। এই ঔষধে যৌনক্ষমতা সৱল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰস্ৰাব কৰাৰ পাছত ৰোগীয়ে অত্যন্ত দূৰ্বল অনুভব কৰে, ৰাতি দিন সকলো সময়তে বহুবাৰ প্ৰস্ৰাব কৰে, ৰাতি ঘনাই ঘনা প্ৰস্ৰাব কৰাৰ ফলত প্ৰায়ে টোপনি ক্ষতি হয়, গোটেই গাতে জ্বলা-পোৰা কৰাৰ দৰে হয়, শৰীৰত বিষাক্ত ফোড়া হয় আদি লক্ষণ থাকিলে এই ঔষধ অত্যন্ত ফলপসু।
৩) এচিড ফচ (Acid Phos) স্নায়ু দূৰ্বলতাৰ লগতে যদি ডায়েবেটিচ ৰোগ থাকে তাৰ বাবে এই ঔষধ অত্যন্ত কাৰ্যকৰী। ৰোগীৰ বাৰে বাৰে প্ৰস্ৰাব লাগে, প্ৰৱল পিয়াহ থাকে, ৰোগীৰ দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটে। মূৰ ঘুৰায়, মূৰৰ কেতিয়াবা প্ৰচণ্ড বিষ হয়, বুকুৰ ধপ ধপনি বাঢ়ি যায়, ইন্দ্ৰিয় দূৰ্বলতা অনুভব কৰে, পেটৰ সমস্যা হয়, অলপ খালেই গেচ হয়, পেট গধুৰ হয়, পেট ফুলে, পায়খানা খোলোচা নহয়, আঠালেতীয়া হয় বা কেতিয়াবা বোকাৰ দৰে হয়, ভৰি-হাত জিন জিনায়, স্মৃতি শক্তি বা স্মৰণ শক্তি হ্ৰাস পায়, যিকোনো বিষয়ত চিন্তা কৰিব নোৱাৰে, মানুহৰ লগত মিলামিচা বা কথাবতৰা পাতিবলৈ ইচ্ছা নকৰে, লগতে নিদ্ৰা,ভয় আৰু মানসিক অৱসাদ থাকে। সামান্য পৰিশ্ৰম কৰিলেই ৰোগী দূৰ্বল হৈ পৰে। কিছুমান ৰোগীৰ ৰাতি শুই থকাৰ অৱস্থাতে বীৰ্যস্খলন হয় যাৰ বাবে যাৰ বাবে ৰোগী অধিক দূৰ্বল হৈ পৰে। এনেবোৰ লক্ষণ থাকিলে এই ঔষধে খুব ভাল কাম কৰে। এই ঔষধ শৰ্কৰা যুক্ত আৰু শৰ্কৰা বিহীন দুই বিধ ডেয়েবেটিচতে সফল প্ৰয়োগ কৰা হয়।
৪) Uranium Nit (ইউৰেনিয়াম নাইট্ৰিকাম) ডায়েবেটিচ ৰোগীৰ গমনোপোৱাকৈয়ে প্ৰস্ৰাব নিৰ্গত হয়, প্ৰস্ৰাব কৰোতে অত্যন্ত কষ্ট হয়, প্ৰস্ৰাৱ সাংঘাটিক জ্বলা পোৰা হয়, প্ৰস্ৰাব লাগিলেই তলপেটত সাংঘাটিক বিষ হয়, লগতে ঘনাই ঘনাই পিয়াহ লাগে, সাংঘাটিক ভোকলগা আদি লক্ষণ থাকে। ৰোগীৰ মাজে সময়ে তেঙা, তিতা বমি হয়, খাদ্য খোৱাৰ পাছত পেটত গেচ উৎপত্তি হয় আৰু পেট ফুলে। ৰোগীৰ জননাংগ শীথিল, শীতল আৰু লগতে স্বপ্ন দোষ হয় ফলত যৌন অক্ষমতাই দেখা দিয়ে।
৫) Pancreatinum and insulinum (পেনক্ৰিয়েটিনাম আৰু ইনচুলিনাম) যিকোনো ধৰণৰ ডায়েবেটিচত পেনক্ৰিয়েটিনাম 3X আৰু ইনচুলিনাম ২০০ বা ৩০ ক্ষমতা ঔষধ দুটা ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
৬) Acid Lacticum(এচিড লেকটিক) যি বস্তুয়েই নাখাওক কিয় সকলোবোৰ টেঙা টেঙা লাগে, বদ হজমী হয়, টেঙা ওগাৰ আহে, টেঙা বমি হয়, মুখ, জিভা, দাঁতৰ আলুলৈকে টেঙা লাগে বহুমুত্ৰ বা ডায়েবেটিচৰ লগতে বাত বিষ হয়, শুই থাকোতে ইকাতি হিকাতি হলে বিষ বাঢ়ে, ৰোগীৰ শৌচ অত্যন্ত টান, চাগলীৰ লাদৰ দৰে হয়, যাৰ বাবে জুলাপ গ্ৰহণ কৰিবলৈ বাধ্য হয়, ৰোগীৰ ঘনাই ঘনাই অত্যাধিক পৰিমানে প্ৰস্ৰাৱ হয় আদি লক্ষণ থাকিলে ৰোগীয়ে এই দৰব ব্যৱহাৰ কৰি ৰোগৰ পৰা উপশম পাব পাৰে।
৭) Cephalandra Indica (চেফেলেণ্ডা ইন্দিকা) ডায়েবেটিচৰ লগতে বায়ু আৰু পিত্তৰ দোষ থাকিলে, শৌচৰ লগত তেজ গলে বা ক্ৰনিক ডিচেন্টিৰ সমস্যা থাকিলে আৰু ৰোগীয়ে সদায় জ্বৰ জ্বৰ অনুভৱ কৰিলে এই ঔষধৰ মাদাৰ টংছা ব্যৱহাৰ কৰি সু ফল লাভ কৰিব পাৰি।
৮)Abroma Augusta (এব্ৰমা আগাষ্টা) কেতয়াবা প্ৰস্ৰাৱৰ বেগ ধৰি ৰাখিব নোৱাৰে, কাপোৰে কানিয়ে যায়, অলপমান খোজ কাড়িলে ভীষণ ভাগৰ লাগে, মূৰ অচণ্ডাই কৰে। ৰাতি সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে নিদ্ৰা হীনতাত ভুগে, ৰোগীৰ প্ৰস্ৰাৱত এলবমিন থাকে, ৰোগী লাহে লাহে ক্ষীণাই শুকাই জীৰ্ন-ক্ষীৰ্ণ হৈ পৰে। প্ৰস্ৰাব অত্যাধিক দূৰ্গন্ধ যুক্ত হয়, কেতিয়াবা ঘোঁলা পানীৰ দৰে প্ৰস্ৰাব হয়। ৰোগীৰ পিয়াহ লাগে আৰু প্ৰচুৰ পৰিমানে পানী পাণ কৰে, মুখ অনবৰত শুকাই থাকে।
পুৰুষৰ মুত্ৰনলীত কেতিয়াবা ঘাঁ হোৱাৰ দৰে হয়, অত্যন্ত বিষ অনুভব হয়, প্ৰস্ৰাবত অধিক পৰিমানে শৰ্কৰা বাহিৰ হয়, লিংগৰ আগৰ বগা অংশখিনি ঢাকি ৰখা আবৰণি চালখনত আৰু লিংগ মুণ্ডত কেতিয়াবা খজুৱতী হয়। স্ত্ৰী সহবাস কৰিলে চালখন বা লিংগ মুণ্ড ফাটি ঘাঁ হয় আৰু বিষ হব পাৰে, যাৰ বাবে সহবাস কৰিব নোৱাৰে। কেতিয়াবা অণ্ডকোষ ফোলি ওঠে, অণ্ডকোষ ওলমি যায়। এনেবোৰ লক্ষণ প্ৰকাশ পাতে এই ঔষধ ব্যৱহাৰ কৰিলে এই সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৯) Rhus Aromatica (ৰাষ্ট এৰোমেতিকা) প্ৰস্ৰাবত এলবমিনৰ লগতে স্ত্ৰী-পুৰুষ উভয়ৰে যৌনাংগত খজুৱতী হয়, বিছনাত গম নোপোৱাকৈ প্ৰেস্ৰাব হৈ যোৱা আদি সমস্যা থাকিলে এই ঔষধৰ মাদাৰটিংচাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।
১০) (Arsenic Alb and Lyco) আৰ্চেনিক আৰু লাইকোপডিয়ামঃ শৌচ অত্যাধিক টান হোৱাৰ লগতে যদি অত্যধিক পানী পিয়াহ থাকে। ঘনাই ঘনাই পানী পিয়াহ লাগে, ডিঙি শুকাই যায় আদি সমস্যা থাকিলে আৰ্চেনিক আৰু লাইকোপডিয়াম ঔষধ দুটা সঠিক মাত্ৰাত ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা মুক্ত হব পাৰে। ইয়াৰ উপৰিও হোমিঅ পেথিক মেডিচিন কেলকেৰিয়া কাৰ্ব, আৰ্চ আয়োড, লেকটিক এচিড, নাক্স ভমিকা, ইগ্নেচিয়া, ফচফৰাচ, এচিটিক এচিড, ওপিয়াম, কোকা, মাস্কাচ, কাৰ্বলিক এচিড, অশ্বগন্ধা আদি ঔষধ সমূহ ব্যৱহাৰ কৰি ডায়েবেটিচ সহজতে নিয়ন্ত্ৰণ কৰিব পাৰে।
ডা.হৰিকান্ত দাস।
Useful information for a diabetic person .