৮ বিধ বস্তুৰ বিষয়ে কম যি বোৰ খালে উচ্চৰক্তচাপত ভোগা ব্যক্তিৰ ক্ষতি হব পাৰে।
প্ৰথম হল–
নিমখঃ-
উচ্চৰক্ত চাপৰ অন্যতম কাৰণ হল শৰীৰত অত্যাধিক চডিয়াম জমা হোৱা। গতিকে যি সকল ব্যক্তিৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে নিমখ খুউবেই ক্ষতিকাৰক। খুউব কম পৰিমানে নিমখ দি খোৱা খাদ্য প্ৰস্তুত কৰিব লাগে। যাতে শৰীৰত ছডিয়ামৰ পৰিমান বৃদ্ধি হব নোৱাৰে। কেঁচা নিমখ কেতিয়াও খাব নালাগে। কলা নিমখ বা অন্যান্য নিমখ যুক্ত বিস্কুট বা খাদ্য খাব নালাগে।
ফাচফুড আৰু বেকাৰিঃ-
বৰ্তমান সময়ত ফাচফুড খোৱাটো আমাৰ কিছুমান মানুহৰ বাবে দৈনন্দিন ৰুটিনত পৰিনত হৈছে। এই বোৰ খোৱাৰ বাবেও উচ্চৰক্তচাপৰ সমস্যা বৃদ্ধি হৈছে। প্ৰাকেটত থকা যিকোনো খাদ্যত উচ্চ ৰক্তচাপ বৃদ্ধি কৰিব পৰা উপাদান থাকে। এইবোৰত প্ৰচুৰ পৰিমানে ছডিয়াম, প্ৰিজাৰভেচিভ, বিষাক্ত ৰং, আৰু ক্ষতিকাৰক ছৰ্বি- ডালডা, ব্যৱহাৰ কৰা হয়। এই বোৰ উপাদান উচ্চ ৰক্ত চাপৰ ৰোগীৰ বাবে অধিক ক্ষতিকাৰক। ইয়াৰ উপৰিও তেলত ভঁজা অধিক চৰ্বি যুক্ত মুখৰোচক খাদ্য খোৱাৰ পৰাও বিৰত থাকিব লাগে।
কফিঃ
কফি খালেও সাময়িক ভাৱে চাপ বাঢ়িব পাৰে। গতিকে যি সকল ব্যক্তিৰ উচ্চ ৰক্ত চাপৰ সমস্যা আছে তেওঁলোকে কফি সেৱন কৰাটো অনুচিত। কাৰণ কেফেইনে ৰক্তনলীক উত্তেজিত কৰি ৰক্ত সঞ্চালন দ্ৰুত কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰিব। যাৰ বাবে হৰ্থাৎ বৃদ্ধি হোৱা ৰক্তচাপে ষ্ট্ৰোকৰ সৃষ্টি কৰিব পাৰে। গতিকে উচ্চ ৰক্তচাপ থাকিলে অতিৰিক্ত চাহ ও কফি খোৱাটো অনুচিত।
ৰেড মিটঃ-
ছাগলী, গহৰী, গৰু মাংস, হাঁহৰ মাংস বৰ্জন কৰাটো অতি জৰুৰী। কাৰণ এই বোৰ মাংসত বেয়া কলেষ্টৰেলৰ পৰিমান বেছি থাকে। যি নেকি হৃদৰোগৰ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।
কনীৰ কুঁহুমঃ-
উচ্চ ৰক্তচাপৰ ৰোগীয়ে কনীৰ কুঁহুম খাব নালাগে। কণীৰ কুহুঁম খালে ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। মূৰ্গীৰ চালত উচ্চ মাত্ৰাত ছৰ্বি থাকে। যি মানুহৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি কৰে আৰু ষ্টোকৰ সম্ভাৱনা বৃদ্ধি কৰে।
Beer reduce chance of stroke..
Thank you sir
Good
Good Morning . Pl. Advice me to cure chronic pain and inflammation in prostate organ /UTI . Thank you .