হাই প্ৰেছাৰ হলে এই ৮বিধ খাদ্য নাখাব

উচ্চৰক্তচাপৰ সমস্যা থাকিলে এই ৮ বিধ খাদ্য নাখাবঃ- 

বৰ্তমান সময়ত অত্যাধুনিক জীৱন যাত্ৰাত উচ্চৰক্তচাপৰ সমস্যা এক ভয়াৱহ সমস্যা ৰুপে পৰিগণিত হৈছে।

উচ্চ-ৰক্তচাপ
উচ্চ ৰক্তচাপ

ইয়াৰ লগে লগে হাৰ্টএটেক, ব্ৰেইনষ্ট্ৰক আদি সমস্যাৰ সম্ভাৱনা বৃদ্ধি হৈছে। ব্যস্ততাপূৰ্ন জীৱনত মানুহৰ মানসিক চাপ দিনক দিনে ইমান বৃদ্ধি পাব ধৰিছে যাৰ বাবে আমি এই উচ্চৰক্ত চাপৰ সমস্যাৰ স্বীকাৰ হবৰ লগাত পৰিছে। এই ৰোগৰ কোনো নিৰ্দিষ্ট লক্ষণ বা উপসৰ্গ নাই। কোনো কোনো ক্ষেত্ৰত কেতিয়াবা মূৰৰ বিষ, মানসিক অবসাদ, দৃষ্টি শক্তিৰ সমস্যা, বমি বমি আৰু বমি হোৱা আদি লক্ষণ প্ৰকাশ পায়।

ৰক্তচাপৰ উচ্চ সীমা ১২০ ৰপৰা ১২৯ আৰু নিন্মসীমা ৮০ ত কৈ বেছি থাকে তেনেহলে তাক আমি উচ্চ ৰক্তচাপ বুলি কও।
উচ্চৰক্তচাপত ৰোগীয়ে কেৱল যদি ঔষধৰ ওপৰত নিৰ্ভৰ নকৰি খাদ্য নিয়ন্ত্ৰন কৰে তেনে হলে এই উচ্চৰক্তচাপৰ সমস্যাৰ পৰা বাছি থকাৰ সম্ভৱ। সেইয়েহে আজি ইয়াত উচ্চৰক্তচাপৰ ক্ষতিকাৰক ৮ বিধ বস্তুৰ বিষয়ে কম যি বোৰ খালে উচ্চৰক্তচাপত ভোগা ব্যক্তিৰ ক্ষতি হব পাৰে।
প্ৰথম হল–

নিমখঃ- 

উচ্চৰক্ত চাপৰ অন্যতম কাৰণ হল শৰীৰত অত্যাধিক চডিয়াম জমা হোৱা। গতিকে যি সকল ব্যক্তিৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে নিমখ খুউবেই ক্ষতিকাৰক। খুউব কম পৰিমানে নিমখ দি খোৱা খাদ্য প্ৰস্তুত কৰিব লাগে। যাতে শৰীৰত ছডিয়ামৰ পৰিমান বৃদ্ধি হব নোৱাৰে। কেঁচা নিমখ কেতিয়াও খাব নালাগে। কলা নিমখ বা অন্যান্য নিমখ যুক্ত বিস্কুট বা খাদ্য খাব নালাগে।

ফাচফুড আৰু বেকাৰিঃ- 

বৰ্তমান সময়ত ফাচফুড খোৱাটো আমাৰ কিছুমান মানুহৰ বাবে দৈনন্দিন ৰুটিনত পৰিনত হৈছে। এই বোৰ খোৱাৰ বাবেও উচ্চৰক্তচাপৰ সমস্যা বৃদ্ধি হৈছে। প্ৰাকেটত থকা যিকোনো খাদ্যত উচ্চ ৰক্তচাপ বৃদ্ধি কৰিব পৰা উপাদান থাকে। এইবোৰত প্ৰচুৰ পৰিমানে ছডিয়াম, প্ৰিজাৰভেচিভ, বিষাক্ত ৰং, আৰু ক্ষতিকাৰক ছৰ্বি- ডালডা, ব্যৱহাৰ কৰা হয়। এই বোৰ উপাদান উচ্চ ৰক্ত চাপৰ ৰোগীৰ বাবে অধিক ক্ষতিকাৰক। ইয়াৰ উপৰিও তেলত ভঁজা অধিক চৰ্বি যুক্ত মুখৰোচক খাদ্য খোৱাৰ পৰাও বিৰত থাকিব লাগে।

কফিঃ 

কফি খালেও সাময়িক ভাৱে চাপ বাঢ়িব পাৰে। গতিকে যি সকল ব্যক্তিৰ উচ্চ ৰক্ত চাপৰ সমস্যা আছে তেওঁলোকে কফি সেৱন কৰাটো অনুচিত। কাৰণ কেফেইনে ৰক্তনলীক উত্তেজিত কৰি ৰক্ত সঞ্চালন দ্ৰুত কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰিব। যাৰ বাবে হৰ্থাৎ বৃদ্ধি হোৱা ৰক্তচাপে ষ্ট্ৰোকৰ সৃষ্টি কৰিব পাৰে। গতিকে উচ্চ ৰক্তচাপ থাকিলে অতিৰিক্ত চাহ ও কফি খোৱাটো অনুচিত।

ৰেড মিটঃ- 

ছাগলী, গহৰী, গৰু মাংস, হাঁহৰ মাংস বৰ্জন কৰাটো অতি জৰুৰী। কাৰণ এই বোৰ মাংসত বেয়া কলেষ্টৰেলৰ পৰিমান বেছি থাকে। যি নেকি হৃদৰোগৰ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে।

কনীৰ কুঁহুমঃ-
উচ্চ ৰক্তচাপৰ ৰোগীয়ে কনীৰ কুঁহুম খাব নালাগে। কণীৰ কুহুঁম খালে ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। মূৰ্গীৰ চালত উচ্চ মাত্ৰাত ছৰ্বি থাকে। যি মানুহৰ শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি কৰে আৰু ষ্টোকৰ সম্ভাৱনা বৃদ্ধি কৰে।

চেনি যুক্ত খাদ্যঃ-

অতিৰিক্ত চেনি বা মিঠা জাতীয় খাদ্য আমাৰ শৰীৰৰ বাবে খুবেই ক্ষতিকাৰক। কাৰণ এই বোৰ খাদ্যই আমাৰ শৰীৰত মেদ জমা হোৱাত সহায় কৰে আৰু ইয়াৰ ফলত শৰীৰৰ ওজন বৃদ্ধি হৈ শকত হৈ যায়। অতিৰিক্ত ওজনৰ বাবে উচ্চ ৰক্তচাপৰ দৰে বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সেইয়ে অতিৰিক্ত চেনি জাতীয় খাদ্য পৰিহাৰ কৰক। মিঠাৰ পৰিৱতে সামান্য মৌ খাব পাৰে।

আচাৰ আৰু চচ জাতীয় খাদ্যঃ-
উচ্চ ৰক্ত চাপত ভুগা ৰোগীয়ে আচাৰ আৰু চৰ্চ জাতীয় খাদ্য গ্ৰহ কৰাতো একেবাৰে অনুচিত। কাৰন আচাৰ আৰ চচত নিমখ আৰু চেনিৰ পৰিমান খুউব বেছি থাকে। যিবোৰ উচ্চ ৰক্তচাপত ভুগা ৰোগীৰ পক্ষে খুউবেই ক্ষতিকাৰক।
এলকহল আৰু চফট ডিংকচঃ- 
এলকহল জাতীয় পানীয় খালে দ্ৰুত ভাৱে ৰক্তচাপ বৃদ্ধি পায়। তাৰ উপৰিও এলকহল আৰু চফৰ্ট ডিংকচ সমূহত প্ৰচুৰ কেলৰী থাকে। যি শৰীৰত ওজন বৃদ্ধি কৰে। গতিকে এলকহল যুক্ত পনীয় বা চফডিংকচ নাখাই তাজা ফলৰ ৰস অথবা নেমুৰ চৰবত খালে ভাল। ইয়াৰ উপৰিও গাখীৰ বা দূৰ্গন্ধজাত খাদ্যও বৰ্জন কৰা উচিত।
hi I am Dr Hari
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

4 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles