স্বাস্থ্যৰ লগত স্বভাৱ-চৰিত্ৰৰ সম্পৰ্ক
বেছিভাগ মানুহেই ভাৱে যে পুষ্টিকৰ আহাৰ খালেই আৰু নিয়মিত ভাৱে ব্যাম কৰিলেই মোটামুটিভাৱে স্বাস্থ্য ভাল হৈ থাকে। কিন্তু সেই কথা সম্পুৰ্ণ সত্য নহয়। ভাল সাস্থ্য গঢ়িবলৈ ভাল অভ্যাসো গঢ়িব লাগিব আৰু লগতে চৰিত্ৰৰো সাধনা কৰিব লাগিব। উদাহৰণ স্বৰুপে অত্যাধিক সুৰাপান আৰু ধূম্ৰপান স্বাস্থ্যৰ কাৰণে ভয়ানক ভাৱে ক্ষতিকাৰক বুলি জানিও বহুত মানুহে লোভৰ বশৱৰ্তী হৈ সেইবোৰ বিষাক্ত বস্তু নোখোৱাকৈ থাকিব নোৱাৰে। তাৰ একমাত্ৰ কাৰণ হ’ল আত্মসংযম আৰু ইচ্ছাশক্তিৰ অভাৱ।
আন এটা সৰু উদাহৰণ দিওঁ। বহুত মানুহে জৰুৰীভাৱে কৰিবলগীয়া কাম-কাজ বোৰ এলাহৰ বশৱৰ্তী হৈ পিছুৱাই থয়। কিন্তু কামটো যথাসময়ত নকৰাৰ কাৰণে সকলো সময়তে তেওঁৰ মনটো দুশ্চিন্তাই গ্ৰাস কৰি ৰাসে। এনেকুৱা দুশ্চিন্তাও স্বাস্থ্য কাৰণে ক্ষতিকাৰক।
মই সাস্থ্যৰ বিষয়ে লিখা বহুতো ৰচনাৰ ভিতৰত এখন ৰচনাত লিখিছিলো যে মোৰ মতে স্বাস্থ্যৰ সাধনা মানেই জীৱনৰ সাধনা। লংফেলোৰ বিখ্যাত কবিতা ‘জীৱন সংগীত’ৰ এটা শাৰী, এটা পটন্তৰত পৰিণত হৈছে।
কবিতাটোত তেওঁ লিখিছিল – মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ, আমিও কৰিব পাৰো জীৱন গঢ়িত। স্বাস্থ্যৰ ক্ষেত্ৰটো সেই একেটা কথাই প্ৰযোজ্য। আমি যদি এজন মানুহক আদৰ্শ হিচাপে মনত স্থান দি লওঁ, তেতিয়া হ’লে তেওঁৰ আৰ্হি অনুসৰণ কৰিয়ে স্বাস্থ্য আৰু চৰিত্ৰ গঠন কৰিবলৈ সহজ হয়।
আমি প্ৰত্যেকেই নিজৰ জীৱনটো গঢ়িবলৈ আৰ্হি হিচাপে ল’ব পৰা এজন অতি উপযুক্ত মানুহ হ’ল বেঞ্জামিন ফ্ৰেংকললিন। তেওঁৰ মৃত্যুৰ প্ৰায় আঢ়ৈশ বছৰৰ পিছতো তেওঁৰ নৈতিক প্ৰভাৱ আজিও যিমান জীৱন্ত হৈ আছে , তাৰ সমতুল্য দ্বিতীয় এটা উদাহৰণ সতকাই বিচাৰি পোৱা টান।
আমেৰিকা প্ৰতিজন লৰা ছোৱালিৱে ৯-১০ বছৰ বয়সত ভৰি দিয়াৰ সময়ৰ পৰাই বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱনৰ প্ৰটিতো খুটি নাটি কথা জনা হয়।
অসমীয়া মানুহে যেনেকৈ কথাই কথাই ডাকৰ বছন আওৰায়, ঠিক তেনেকৈ বেঞ্জামিন ফ্ৰেকলিনে আজিৰে পৰা ২০০ বছৰ আগতে লিখি থৈ যোৱা বহূতো নীতি কথাবোৰ পৃথিৱীৰ বহু দেশলৈকে বিয়পি পৰিছে। আমি বূহুতেই হয়তো বেঞ্জামিনৰ ফ্ৰংকলিনৰ নামটো নজনাকৈ যে তেওঁ বহুতো নীতি কথা বা যোজনা পটন্টৰ জানো।
তেওঁ মহৎ জীৱনৰ চানেকিয়ে আজিও কেনেকৈ অগনন মানুহক বাট দেখুৱাইছে তাৰ প্ৰমান হিছাপে আৰু মাত্ৰ এটা উদাহৰণ দিলেই বোধ হয় যথেষ্ট হব। ৱাল্ট ডিজনীৰ অমৰ সৃষ্টি মিকি মাউছৰ নাম নুশুনা বা কাৰ্টুনৰ কথাছবি নোচোৱা মানুহ আজিৰ পৃথিবীত খুব কমেই ওলাব। মিকি মাউছৰ নামটোৱো কয় যে সি এটা নিগনি।
আজিৰে পৰা প্ৰায় তিনি কুৰি বছৰৰ আগতে ৱাল্ট ডিজনীয়ে এনে এখন কাৰ্টুন কথা ছবি নিৰ্মাণ কৰিছিল যিখনৰ নাম আছিল বেন, এণ্ড মি ছবি খন মিকি মাওছে নিজৰ কেউকাষে এজাক নিগনি পোৱালি বহুৱাই লৈ সিহঁতক বেঞ্জামিন ফ্ৰংকলিন জীৱনৰ কাহিনী কৈছে।
উঠি অহা লৰা ছোৱালী এনেকৈ বেঞ্জামিনৰ কাহিনী কোৱা হয়। জীৱনত সত্ আৰু সফল হবলৈ বিছৰা সকলো মানুহৰ কাৰণেই বেঞ্জামিনৰ দৰে আৰ্হি হব পৰা এটা প্ৰধান কাৰণ হল এয়ে যে তেঁও এটা দুখীয়া পৰিয়ালৰ এটা সাধাৰণ লৰা হৈ জন্ম গ্ৰহন কৰিছিল। কিন্তু তেওঁ কেৱল নিজৰ চেষ্টা আৰু দৃঢ সংকল্পৰ দ্বাৰাই তিল তিলকৈ গঢ়ি এজন অসাধাৰণ মানুহ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল ।
সকলো সময়তে আত্মোৎৰ্কষৰ সাধনা কৰা বেঞ্জামিনে নিজৰ নৈতিক উৎকৰ্ষ কাৰণে এখন অভিনৱ আঁচনি হাতত লৈছিল। বহুত ভাৱি-চিন্তি তেওঁ তলত উল্লেখ কৰা বাৰটা বিশেষ গুণ আয়ত্ত কৰিবলৈ সিদ্ধান্ত ললে আৰু সেই গুণকেইটা এখন বহীত লিখি ললে।
১) মিতাচাৰঃ
গা গধুৰ হোৱাকৈ নাখাবা, মগজ উত্তেজিত হৈ যোৱাকৈ সুৰাপান নকৰিবা।
২) নীৰৱতাঃ
যি কথা কলে তোমাৰ নিজৰ বা আনৰ একো উপকাৰ নহয়, তেনে কথা নকবা। তুচ্ছ অৰ্থহীন কথা পাতি সময় নষ্ট নকৰিবা।
৩) পৰিপাটিতাঃ
যি বস্তু যত থব লাগে ঠিক তাতে থবা। যি কাম যেতিয়া কৰিব লাগে ঠিক তেতিয়া কৰিবা।
৪) সংকল্পঃ
যি কাম উচিত তেনে কামহে কৰিবলৈ সংকল্প লবা। যিটো কাম কৰিবলৈ সংকল্প লোৱা সেই কাম কেতিয়াও নকৰাকৈ নাথাকিবা।
৫) মিতব্যয়িতাঃ
নিজৰ বা আনৰ উপকাৰত নহা কোনো কামত ধন খৰচ নকৰিবা, কোনো ধনৰ অপচয় নকৰিবা।
৬) অধ্য়ৱসায়ঃ
সময় নষ্ট নকৰিবা, সকলো সময়তে কিবা নহয় কিবা এটা কামত লাগি থাকিবা, অলগতিয়াল কাম কাজ সমূলি বাদ দিবা।
৭) আন্তৰিকতাঃ
আনক অপকাৰ কৰিব পৰা কোনো ধৰণৰ ছলনা বা প্ৰতাৰণা আশ্ৰয় নলবা, সত ভাৱে চিন্তা কৰিবা কথাও কবা সত ভাৱে চিন্তা কৰা অনুযায়ী।
৮) ন্যায়পৰায়নতাঃ
আনে আঘাত পাব পৰা এনে কোনো কাম কৰি আনৰ প্ৰতি অন্যায় আচৰণ, নকৰিবা ঠিক সেইদৰে আনক উপকাৰ কৰাটো যদি তোমাৰ কৰ্তব্য সেইটোও নকৰাকৈ নাথাকিবা।
৯) আত্মসংযমঃ
সকলো কথাতে আতিশয্য পৰিহাৰ কৰি চলিবা, পাবলগীয়া শাস্তি বা আঘাত পালে তাৰ কাৰণে খং বা অসন্তোষ প্ৰকাশ নকৰিবা।
১০) পৰিষ্কাৰ-পৰিচ্ছনতাঃ
নিজৰ শৰীৰ, পিন্ধা কাপোৰ- কানি, ঢাৰি পাটি আৰু বাসস্থান সকলো সময়তে নিখুঁতভাৱে পৰিষ্কাৰ কৰি ৰাখিবা।
১১)মানসিক প্ৰসান্তিঃ
সৰু-সুৰা কথাত বিৰক্ত নহ’বা, সচৰাচৰ হৈ থকা বা এৰাব নোৱাৰা বিপদ-বিঘিনিত বিচলিতহৈ মনৰ শান্তি নেহেৰুৱাবা।
১২) নম্ৰতাঃ
যীশুখ্ৰীষ্ট আৰু ছক্ৰেটিছৰ আৰ্হি অনুসৰণ কৰি চলিবা।
অনুশীলন কৰিবলগীয়া বাৰতা গুণৰ তালিকাখন কৰি লোৱাৰ পিছত বেঞ্জামিনে প্ৰতিটো গুণৰ অনুশীলন কৰিবলৈ একোটা সপ্তাহ উৎসৰ্গা কৰিবলৈ ঠিক কৰিলে। অৰ্থাত সম্পূৰ্ণ এটা সপ্তাহ তেওঁ এটা মাত্ৰ গুণৰ অনুশীলন কৰাত নিয়োগ কৰিবলৈ ঠিক কৰিলে।
প্ৰথমটো সপ্তাহৰ কাৰণে তেওঁ বাছি ল’লে মিতাচাৰ। প্ৰথম সপ্তাহৰ কাৰণে মিতাচাৰ বাছি লোৱাৰ কাৰণ এয়েই যে বেঞ্জামিনৰ মতে পান-ভোজনৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰি চলিলে মানুহৰ মগজু শীতল আৰু পৰীষ্কাৰ হৈ থাকে। মগজুৰ তেনে অৱস্থাৰ সকলো কথা ভালকৈ চিন্তা কৰি শুদ্ধ সিদ্ধান্ত ল’বলৈ সহজ হয়।
এসপ্তহা মিতাচাৰ অনুশীলন কৰি বেঞ্জামিনে দ্বিতীয় সপ্তাহৰ কাৰণে বাছি ললে নীৰৱতা অনুশীলনী। যি মানুহে মুখেৰে কম কথা কয়, কিন্তু কানখন সদায় খোলা ৰাখে, সেই মানুহে আনৰ কথা শুনি বেচিকৈ জ্ঞান আহৰণ কৰিব পাৰে। আনহাতে যি মানুহৰ অনবৰত কথা কৈ থকা অভ্যাস, তেওঁ আনৰ পৰা একো কথা শিকিব নোৱাৰে। সেই কাৰণে বেঞ্জামিনে নীৰৱতা তথা কম কথা কোৱাৰ ওপৰত বিশেষ জোৰ দিছিল আৰু তেওঁ গুণৰ তালিকাত তাক দ্বিতীয় স্থান দিছিল
তৃতীয় সপ্তাহত অনুশীলন কৰিবলৈ আৰম্ভ কৰিবলে তেওঁ বাছি ললে পৰিপাটিতা। যি মানুহৰ সকলো বস্তু পৰিপাটিকৈ ৰখাৰ আৰু সকলো কাম পৰিপাটিকৈ কৰা অভ্যাস, তেওঁ কাম কৰিবলৈ আৰু পঢ়িবলৈ বেছি সময় উলিয়াব পাৰে।
চতুৰ্থ সপ্তাহত তেওঁ অনুশীলন কৰিবলৈ আৰম্ভ কৰিবলৈ কৰিলে সংকল্পৰ ইয়াৰ অৰ্থ এয়েই যে সেই সপ্তাহটোৰ প্ৰতিটো দিনত তেওঁ যি কাম কৰিবলৈ সংকল্প লৈছিল, সেই কাম সম্পূৰৰ্ণ নকৰালৈকে তেওঁ কেতিয়াএ ক্ষান্ত নহৈছিল। সংকল্পৰ দৃঢতাই তেওঁ তালিকা খনত বাকী গুন বোৰ সম্পূৰ্ণ ভাৱে আয়ত্ত কৰিবলৈ তেওঁৰ মনত বল দিছিল।
মিতব্যয়িতা আৰু অধ্যৱসায়ৰ অনুশীলননে তেওঁৰ সকলো ধাৰৰ বোজাৰ পৰা মুক্ত কৰি আৰ্থিক ভাৱে আত্মনিৰ্ভৰশীল আৰু স্বাধীন কৰি তুলিছিল। তাৰ ফালতেই বাকী দুটা গুণ, অৰ্থাত আন্তৰিকতা আৰু ন্যায়পৰায়নতাৰ অনুশীলন কৰাটো তেওঁৰ পক্ষে বেছি সহজ হৈছিল।
অবিৰাম সাধনাৰ দ্বাৰা নিজৰ স্বভাৱ চৰিত্ৰ উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰা মানুহ বেঞ্জামিনৰ বাহিৰেও আন বহুতো নিশ্চয় আছে। কিন্তু তেওঁৰ নিচিনাকৈ পৰিকল্পিত আৰু প্ৰনালীবদ্ধ ভাৱে এই কাম কৰা উদাহৰণ বৰ বেছি নাই। নিজৰ চৰিত্ৰ গঠনৰ কাৰনে বেঞ্জামিনে উদ্ভাৱন কৰা এই পদ্ধতিয়ে পৃথিৱীৰ লাখ লাখ মানুহক বাট দেখুৱাইছে আৰু তাক অনুপ্ৰেৰণা দিছে।