বৰ্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰণৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা গৈছে। মাহেকীয়া সময়ত পেটৰ বিষ হোৱা, বগাস্ৰাব হোৱা ইয়াৰ লগতে আন্য এক সমস্যাও দ্ৰুত গতিত বাঢ়িছে। সেইটো হ’ল ঋতুস্ৰাবৰ বিসংগতি বা অনিয়মীয়া ঋতুস্ৰাব। আজি মই আপোনালোকক এই লেখাটোৰ জৰিয়তে মহিলা যুৱতীৰ আনিয়মীয়া মাহেকীয়াৰ বিষয়ে কম। লগতে এই সমস্যা কিয় হয়? আৰু কি কি হোমিঅপেথিক ঔষধ ব্যৱহাৰ কৰিলে এই অনিয়মীয়া মাহেকীয়া সমস্যাৰ পৰা সহজতে মুক্ত হ’ব পাৰিব সেই বিষয়েও এই আলোচনা কৰিম।
এতিয়া আহো মহীলাৰ অনিয়মীয়া মাহেকীয়া সমস্যালৈঃ
অনিয়মীয় মাহেকীয়া সমস্যাৰ বিষয়ে কোৱা আগতে আপোনালোকক নিয়মীয়া মাহেকীয়া বিষয়ে কিছু কথা কম।
নিয়মীয়া মাহেকীয়া হল যেতিয়া যুৱতী এগৰাকীৰ ১৪ বছৰ বয়স হয় তেতিয়া পৰা প্ৰথম মাহেকীয়া আৰম্ভ হয়।
⇒ সাধাৰণতে মাহেকীয়া স্বাভাৱিক ব্লিডিং ৪ ৰ পৰা ৫ দিন মান হে থাকে কিন্ত যদি তাতকৈ বেচি দিন ব্লিডিং হৈ থাকে তেনেহলে বুজিব লাগিব যে আপোনাৰ মাহেকীয়া অনিয়মীয়া হৈছে।
মেটৰেজিয়াৰ লক্ষণ হল একেৰাহে ব্লিডিং হৈ থকা। কেতিয়াবা মহিলা এগৰাকীৰ মাহেকীয়া আৰম্ভ হোৱাৰ পিছৰ পৰা ধাৰাবাহিক ভাৱে ১৫-২০ দিন বা ১মাহ, দুইমাহ, তিনিমাহ লৈকে একেৰাহে ব্লিডিং বন্ধ হবই নিবিচাৰে। এই সমস্যাটোক মেটৰেজিয়া বুলি কোৱা হয়।
মেনমেটৰেজিয়াঃ-
মেনমেটৰেজিয়া হল বহু দিঘলীয়া সময় ধৰি ব্লিডিং হোৱা। ব্লিডিং বহু সময় ধৰি হয় কিন্ত লগতে বহুত হেভি ব্লিডিং হয়। ইয়াৰ কাৰণ হিচাপে হৰমনৰ তাৰতম্য জগৰীয়া হয়।
অলিগ মেনৰিয়াঃ-
অলিগ মেনৰিয়া হল একেবাৰে অনিয়মীয়া মাহেকীয়া। কেতিয়াবা নাম মাত্ৰ ব্লিডিং হয়। আকৌ বন্ধ হয়। দুদিনৰ পিছত পূণঃ কম পৰিমানে দেখা দিয়ে। কোনো ধৰণৰ time limit নাথাকে যেতিয়াই তেতিয়াই হয়।
এমনৰিয়াঃ-
এমনৰিয়া হল মাহেকীয়া একেবাৰেই নোহোৱা। মহিলা গৰাকীৰ ২মাহ ৩মাহ বা কেতিয়াবা ৬মাহ পৰ্যন্ত হৈ গৈছে কিন্তু কোনো ধৰণৰ মাহেকীয়া স্পট এটাও দেখানাই তেনে সমস্যাটোক কোৱা হয় এমনৰিয়া। ইয়াৰ বহু কাৰণ থাকে কেতিয়াবা PCOD কাৰণতো হব পাৰে। কেতিয়াবা থাইৰইডৰ কাৰণেও হব পাৰে। কোতিয়াবা আকৌ ডাইবেটিছৰ কাৰণেও এনে ধৰণৰ সমস্যা দেখা পোৱা যায়।
ইয়াৰ ওপৰিও অন্য এক লক্ষণ দেখিবলৈ পোৱা যায় সেইয়া হল-
ডিচমেনৰিয়াঃ-
ডিচমেনৰিয়া অৰ্থ হল অশান্তি, অৰ্থাৎ মহিলা গৰাকী যেতিয়া মাহেকীয়া হয় বহুত বেছি অশান্তি ভুগ কৰে।
চিপিয়া অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া দেৰি হয় বা স্ৰাব বহুদিন ধৰি হয় বা ১০-১৫ দিন দেৰিকৈ হয়
তেনে ক্ষেত্ৰত এই মেডিচিন উতকৃষ্ট মেডিচিন। লগতে একেবাৰে লিন থিন মহিলা, যদি মহিলা গৰাকী কিছুমান
ক্ষেত্ৰত বহু বেছি চিন্তা কৰে। নিজৰ পৰিয়ালৰ বিষয়ে ভাই ককাই বা নিজৰ লৰা ছোৱালীৰ সৰ্ম্পকীয় চিন্তা
ভাৱনাত ডুবগৈ থাকে। এনে মহিলা এই মেডিচিনে ভাল কাম কৰে। মহিলা গৰাকী এনে লাগে যেন গৰ্ভাশয়টো
বাহিৰলৈ উলাই আহিছে। এনেকুৱা অনুভৱ হয় মহিলা গৰাকী prolapsed of uterus ৰ সমস্যা আছে তেনেহলে
চিপিয়া বহুত কাৰ্যকৰী মেডিচিন হয়। এই ঔষধ প্ৰায় ২ মাহ দিন যদি ব্যৱহাৰ কৰা হয় এই সমস্যাৰ পৰা মুক্ত হব
পাৰিব।
Pulsatilla: –
পালচাটিলা অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া বহু পলম হয় ২ মাহ ৩ মাহ বা ৪ মাহ হল মাহেকীয়া হোৱা নাই তেনে হলে pulsatila ললে মাহেকীয়া হৈ যায়।
শান্ত-শিষ্ট, দীঘলচুলি সহজতে সন্তুষ্ট হোৱা, সহজ দুখ কৰা আদি দেখিবলৈ ধুনীয়া মহিলা যুৱতীৰ অনিয়মিয়া ঋতু সমস্যাত এই ঔষধ ভাল ফল দিয়ে।
Abroma radix(এব্ৰমা ৰেডিক্সঃ)
অনিয়মীয়া মাহেকীয়াৰ এক অত্যন্ত ফলপসু ঔষধ হয়। লাগিলে মাহেকীয়া বহুত দেৰিকৈ হওঁক, বা ১৫ দিনৰ মূৰে মূৰেই হওঁক বা ২-৩ দিন হোৱা পিছত বন্ধ হৈ যায় বা অত্যাধিক ব্লিডিং হয়। যিকোনো ধৰণৰ মাহেকীয়াৰ সমস্যাতে এই ঔষধ কাৰ্যকৰী হয় কিন্তু এই মেডিচিন অলপ দিৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিব লগা হয়।
Asoka(অচুকা):-
অচোকা মেডিচিনটো জৰায়ু টনিক বুলিও কোৱা হয়। যদি কোনো কাৰণত জৰায়ুৰ বিসংগতি হয় বা দূৰ্বল হয়
Bogasapor homoisya ki medicine use krib lgb…
Bogasapor homoisya ki medicine use krib lgb