অমৰলতা ডায়েবেটিছ ৰোগীয়ে কেনেকৈ খাবঃ-
ডায়েবেটিছ ৰোগত অমৰ লতাৰ চম-কাৰী প্ৰভাৱ আছে। এই লতাজাতীয় উদ্ভিধবিধৰ বৈজ্ঞানিক নাম Tinospora Cordifolla। ইতিমধ্য়ে ডেংগু, মেলৰীয়া, আদিকে ধৰি অন্য়ান্য় বহু ৰোগত অমৰ লতা সফলভাবে ব্যৱহাৰ কৰা হৈছে। অমৃতসম গুণবিশষ্ট এইবিধ লতাক অমৰ লতা, শগুণী লতা বা গুদুচী, গিলয়,অমৃতা আদি বিভন্ন নামেৰ জনা যায়। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছেই যে অমৰ লতাই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰে। পৌৰাণিক বেদ উপনিষদৰ যুগৰপৰাই পৰম্পৰাগত চিকিৎসা পদ্ধতিত অমৰ লতাক মহৌষধী ৰূপে ব্যৱহাৰ কৰি আহিছে।
ডায়েবেটিছ ৰোগত ইয়াক সেৱন কৰা নিয়ম হলঃ
চাৰি আঙুল জোখৰ অমৰলতাৰ গা গছ পাত বোৰ আঁতৰাই লৈ লতাডোখৰ খোন্দি এগিলাচ পানীত ৰাতি তিয়াই থব। পানীখিনি আধা ৰাতিপুৱা আৰু আধা গধূলি আহাৰ খোৱাৰ আগত সেৱন কৰিব। দুদিনমান খোৱাৰ পাছত চুগাৰ পৰীক্ষা কৰাই চাব। পৰীক্ষাৰ ফলাফল চাই ইয়াৰ পৰিমাণ বঢ়াব কমাব পৰা যায়।
Dr.haris