মানুহৰ দেহত থাইৰয়েডৰ পৰিমাণ কিমান থাকিব লাগে ?

TFT কি? মানুহৰ দেহত থাইৰয়েডৰ পৰিমাণ কিমান থাকিব লাগে 

ই একপ্ৰকাৰৰ তেজৰ পৰীক্ষা হয়। যাক থাইৰয়েড গ্ৰন্থিৰ কাৰ্য ক্ষমতা চাবৰ বাবে কৰা হয়। ইয়াক থাইৰয়েড প্ৰফাইল

 Normal thyroid levels

বুলিও কোৱা হয়। ইয়াত T3,T4,TSH ৰ বিষয়ে আৰু ইয়াৰ সঠিক মাত্ৰাৰ বিষয়েও উল্লেখ কৰা হৈছে। থাইৰয়েড প্ৰফাইল বা থাইৰয়েড ফাংচন টেষ্ট-থাইৰয়েড গ্ৰন্থীয়ে নিজৰ কাম সঠিক ভাৱে কৰি আছেনে নাই চাবৰ বাবে কৰা হয়। এই পৰীক্ষাত TSH,T3,T4 ৰৰ অনুসন্ধান কৰা হয়।

TSH

 এক প্ৰকাৰৰ হৰমন হয়, যি মগজুৰ পিটুৱেটৰি গ্ৰন্থিয়ে উৎপন্ন হয়। এই হৰমনে থাইৰয়েড গ্ৰন্থিৰ কাৰ্য প্ৰণালীক প্ৰভাৱিত কৰে। ইয়াৰ সম্পুৰ্ণ নাম থাইৰয়েড ষ্টিমুলেটিং হৰমন।
 
ইয়াৰ সঠিক পৰিমান 0.27-4.2 uIU/ML হ’ব লাগে।
 
T3
ইয়াক ট্ৰাই আয়ডো থাইৰনিন আৰু ইয়াৰ নৰমেল ভেলু 0.8-2 Ng/ml.
 
T4
ৰক কোৱা হয় থাইৰক্সিন হৰমন। ইয়াৰ নৰমেল ভেলু- 5.1-14.1 ug/dl.
 

T3, T4 এই দুই বিধ হৰমন থাইৰয়েড গ্ৰন্থীৰ দ্বাৰা উৎপন্ন হয়। এই হৰমনে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াক নিয়ন্ত্ৰণত সহায় কৰে। যেনে পাচন ক্ৰিয়া বা মেটাবলিজিম, প্ৰটিনৰ উৎপাদন, দেহৰ শক্তি নিয়ন্ত্ৰণ কৰা আৰু শৰীৰৰ বেলেগ হৰমনৰ ওপৰতো এই হৰমনে প্ৰভাৱ বিস্তাৰ কৰে। এই হৰমনে আমাৰ হৃদপিণ্ড, লিভাৰ, কিডনি আদিকো প্ৰভাৱিত কৰে। আপোনালোকে বছৰত এবাৰ TFT নিশ্চিত ভাৱে কৰাওক। আৰু যদি ৰিপৰ্ট সঠিক নাহে তেনে হলে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।
DR HARIKANTA DAS

ভিডিঅটো চাবৰ বাবে তলৰ লিংকটোট ক্লিক কৰক

 

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles