চাইনোচাইটিছ

চাইনোচাইটিছঃ

       চাইনোচাইটিছ কি? কিয় হয়? কিয় ঘনাই ঘনাই চৰ্দি হয়, হাঁচি হয়, মূৰৰ বিষ হয়? অলপ ধুলিমাকতি

চাইনোচাইটিছ
চাইনোচাইটিছ

থকা থাইত গলেই কিয় মাথাৰ বিষ হয়? চৰ্দি, কাহ, হাচি আদি হৈ অৱস্থা কাহিল হয় আদি সকলো বিষয় আজি আমি আলোচনাকৰিম। লগতে কম এই চাইনোচাইটিছৰ পৰা কেনে ধৰণৰ বিপদ হব পাৰে আৰু এই ৰোগৰ পৰা কেনেকৈ বাছি থাকিব পাৰিব তাৰ বিষয়েও আমি আলোচলা কৰিম।

আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান সৰু সৰু গাঁতৰ দৰে ফুটা থাকে এইবোৰক চাইনাছ বুলি কোৱা হয়। আমাৰ মাথাৰ দুই অংশত চাইনাছ আছে। ইয়াক ফন্টেল চাইনাছ বুলি কোৱা হয়। মুখৰ উপৰৰ অংশৰ দুই ফালে মেকজিলাৰি চাইনাছ, চকুৰ দুই ফালে দুই অংশত ইথমইড চাইনাছ থাকে। এইবোৰ আমাৰ নাকৰ ফোটাৰ লগত সংযোজিত হৈ থাকে। এই ফুটাবোৰ বায়ুৰে পৰিপূৰ্ণ হৈ থাকে যাৰ বাবে আমাৰ ইমান ডাঙৰ লাউখোলাটো কঢ়িয়াই লৈ ফুৰাৰ পাছতো গধুৰ অনুভৱ নকৰো। লগতে যেতিয়া আমি নাকেৰে উশাহ লওঁ আমাৰ নাকৰ গহ্বৰৰ লগত সংলগ্ন এই মোনাবোৰ বা চাইনাছ বোৰে আমাৰ হাঁওফাওলৈ খোমোৱাৰ আগতেই বায়ুখিনিক আদ্ৰতা প্ৰদান কৰে। নাক গহ্বৰৰ বায়ুমোনা বা চাইনাছবোৰ আমি যেতিয়া অত্যাধিক ধুলিমাকতি থকা থাইত যাওঁ, বা যেতিয়া আত্যধিক দুষিত বায়ু গ্ৰহণ কৰো বা কেতিয়াবা বেক্টেৰিয়া, ভাইৰাছ, ভেকুৰ আদিব বাবে সংক্ৰমণ ঘটি এই বোৰত প্ৰদাহৰ সৃস্টি হয় তেতিয়াই তাকে চাইনচাইটিছ হোৱা বুলি কোৱা হয়।
        বৰ্তমান সময়ত এই চাইনোচাইটিছৰ প্ৰকোপ অতি দ্ৰুত গতিত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এক সমীক্ষা অনুসৰি ভাৰত বৰ্ষত প্ৰতি বছৰে ১০ মিলিয়ন লোক এই চাইনোচাইটিছ ৰোগত আক্ৰান্ত হয়।
       এই চানোছাইটিছ মুখ্যত দুই প্ৰকাৰৰ হয়। একিউট বা নতুন আৰু ক্ৰনিক বা পোৰণা।

একিউট চাইনোচাইটিছঃ

চাৰি সপ্তাহতকৈ কম সময়ৰ বাবে হোৱা চাইনাচৰ সংক্ৰমণক একিউট চাইনোচাইটিছবুলি কোৱা হয়। এই সংক্ৰমন সাধাৰণতে বেক্টেৰিয়াৰ কাৰণে হয়।

ক্ৰনিক বা পোৰণা চাইনোচাইটিছঃ

চাইনোচাইটিছ ঘনাই ঘনাই হৈ হৈ তিনি মাহ পৰ্যন্ত হৈ আছে বা তাতকৈ বেছি সময় ধৰি হৈ আছে এনে অৱস্থাটোক ক্ৰনিক চাইনোচাইটিছ বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণ সমূহ হল- বেক্টৰিয়া বা ফাংগাচ সংক্ৰমন, লগতে যদি এলাৰ্জিৰ সমস্যা থাকে-যাৰবাবে আপোনাৰ সঘনাই চৰ্দি হয়, নাক বৈ থাকে তেতিয়াও এই ক্ৰনিক চাইনোচাইটিছৰ সম্ভাৱনা বৃদ্ধি হয়। চিষ্টিক ফাইব্ৰচিচৰ কাৰণেও ক্ৰনিক চাইনোচাইটিছ সম্ভাৱনা বৃদ্ধি হয়। নাকৰ হাড় যদি বেকা হয় বা Deviated Nasal Septum , নাকৰ ভিতৰত হোৱা যিকোনো পৰিৱৰ্তণ, নাকৰ ভিতৰত হোৱা গুটি বা Nasal polios ৰ বাবেও ক্ৰনিক চাইনোচাইটিছৰ সম্ভাৱনা বৃদ্ধি হয়। দাঁতৰ সংক্ৰমণৰ বাবেও চাইনোচাইটিছ হব পাৰে। অত্যাধিক মদ্যপাণ, ধূম্ৰপাণ, Immune power বা জীৱনী শক্তি দূৰ্বলৰ বাবেও চাইনোচাইটিছ হব পাৰে। এইচ আই ভি, যক্ষ্মা, ডায়েবেটিছ, শ্বাস যন্তৰ সংক্ৰমণ, কিছুমান নজেল স্পে ব্যৱহাৰ কৰা, ফ্লৰিন যুক্ত পানীৰ সংস্পৰ্শলৈ অহা আদি কাৰণটো চাইনোচাইটিছ হব পাৰে।

যদি আপোনি চাইনোচাইটিছত আক্ৰন্ত হৈ গল তেনে হলে কি হব? কেনে ধৰণৰ লক্ষণ প্ৰকাশ পাব?

বেছি সংখ্যক লোকৰেই চাইনোচাইটিছ আৰম্ভ হয় ছৰ্দিৰ পিছত। ছৰ্দি কাহ যেতিয়া ৮/১০ দিনলৈকে ভাল নহয় তেতিয়া একুইট চাইনোচাইটিছ হোৱাৰ সম্ভাৱনা প্ৰকট হয়। এই একুইট চাইনচাইটিছত যিটো আমাৰ ঘ্ৰাণ শক্তি sense of smell নোহোৱা হৈ যাব পাৰে অথবা নিশ্বাসত দূৰ্গন্ধ হব পাৰে। কাহ হয়, সৰ্ব্বসাধাৰণতে ৰাতিৰ ভাগত বেছি কাহ হব পাৰে আৰু ৰাতিপুৱাৰ লগে লগে কাহ কম হয়। লগতে যথেষ্ট ভগৰুৱা অনুভৱ হব পাৰে। মাথাৰ প্ৰচণ্ড বিষ আৰু জ্বৰ হব পাৰে। চকুৰ বিষ হব পাৰে, চকুৰ প্ৰচণ্ড বিষ আৰু ভিতৰৰ পৰা ৰচিৰে টানি থকাৰ দৰে বিষ হব পাৰে। নাক, গাল, কঁপাল আৰু দাঁততো তাব্ৰ বিষ হব পাৰে। নাকৰ পৰা পাতল ৰঙচুৱা, বগা, হালধীয়া পানী উলেৱাৰ লগতে ডিঙিত সংক্ৰমণ হৈ সুৰ সুৰীয়া কাহ হব পাৰে।

ক্ৰনিক চাইনোচাইটিছটো এই সমূহ লক্ষণ দেখা পোৱা যায়। কিন্তু ইয়াৰ প্ৰধান বৈশিষ্ট হল- এই লক্ষণ বোৰৰ কিছুসংখ্যক লক্ষণ ক্ৰনিক চাইনোচাইটিছত দেখিবলৈ পোৱা নাযায়। কিন্তু যি সমূহ লক্ষণ থাকে এই বোৰ ১২ সপ্তাহলৈকে থাকে।
এই চাইনচাইটিছৰ পৰা কেনে ধৰণৰ জটিলতা বা বিপদ আহিব পাৰে?
১. চকুৰ দৃষ্টি শক্তি লোপ পাব পাৰে।
২. কানৰ সংক্ৰমণ ঘটি স্ৰৱণ শক্তি হ্ৰাস পাব পাৰে।
৩.মুখমণ্ডলৰ হাড়ৰ ক্ষয় ৰোগ হব পাৰে যাক আমি ইংৰাজীত Osteomylitis বুলি কওঁ।
৪. মেনিনজাইটিছ হোৱাৰো সম্ভৱনা বৃদ্ধি হয়।
৫. অতি বৃদ্ধি অৱস্থাত সংজ্ঞাহীন, দৃষ্টি হীন হৈ মৃত্যু পৰ্যন্ত হব পাৰে।
চাইনচাইটিছ হলে আপোনালোকে কেনে ধৰণৰ সাৱধানতা লবঃ
চাইনচাইটিছত ভুগিলে আপোনালোকে নিজেও কিছুমান নিয়ম মানি চলা অতি জৰুৰী।
১. ধূম্ৰ পাণ, মদ্য পান আদি কৰিব নালাগে।
২. থাণ্ডা লাগি চৰ্দ্দি জ্বৰ হলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
৩. ধুলি ধোঁৱা প্ৰদূষণ যুক্ত থাইত পৰা পক্ষত যাব নালাগে। গলেওঁ মাস্ক ব্যৱহাৰ কৰিব লাগে।
৪. কেতিয়াবা যদি দাঁতত ইনফেকচন হয় সোনকালে ডাক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
৫. পৰ্যাপ্ত পৰিমানে পানী প্ৰাণ কৰিব লাগে।
৬. ৰাতি টোপনি ক্ষতি কৰিব নালাগে, শৃংখলিত জীৱন যাপন কৰিব লাগে।
৭. পৰ্যাপ্ত পৰিমানে ভিটামিন যুক্ত খাদ্য খাব লাগে, ফলমূল খাব লাগে।
৮. ফ্ৰিজৰ খাদ্য খাব নালাগে, চাহ, কফি আদি পৰাপক্ষত বৰ্জন কৰিব লাগে।
৯. আঁহ জাতীয় খাদ্য, সেউজীয়া শাক-পাচলি খাব লাগে।
১০. পৰিস্কাৰ পানীৰে গা ধুৱ লাগে। 
এতিয়া আহো চিকিৎসালৈঃ 

চাইনচাইটিছৰ হোমিঅপেথিকত খুব সুন্দৰ ফলপসু চিকিৎসা আছে।

Acconite:
মই আগতেই কৈছো যে চাইনোচাইটিছ প্ৰথম অৱস্থাত ধুলি মাকতি, পানীলগা জ্বৰৰ আদিৰ পৰাই উৎপতি হয়। হৰ্থাৎ খুব ঠাণ্ডা পৰিবেশত থাকি ঠাণ্ড লগাৰ বাবে যদি চৰ্দি জ্বৰ উৎপন্ন হয় ২৪ ঘন্টাৰ ভিতৰতে এই মেডিচিনটো ৩০ ক্ষমতাৰ ২ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে। যদি চৰ্দি কাহৰ লগতে মূৰত প্ৰচণ্ড বিষ থাকে তেনে হলে হোমিঅপেথিক মেডিচিন Belladona 30 ক্ষমতাৰ ২ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰক। Belladona ই মূৰৰ বিষ নোহোৱা কৰি দিব।
Silesia:
যদি চাইনোচাইটিছত সোঁফালে বিষ হয় তেনে হলে এই ঔষধে খুব সুন্দৰ ফল দিয়ে। ৰোগী শীত কাতৰ হয়। ঠাণ্ডা পালেই ৰোগ বৃদ্ধি হয়। গতিকে ৰোগীয়ে সদায় গৰম কাপোৰেৰে শৰীৰটো আৱৰি ৰাখিব বিছাৰে। চাইনোচাইটিছত নাকৰ হাড়ৰ বিসংগতি থাকে, মূৰৰ বিষ হয়, নাকেৰে শ্লেমা বিহিৰ হয়, শ্লেমা খুব ডাথ হয়। শ্লেমা ডাথ টুকুৰা টুকুৰ হয়, নাকত ঘাঁ হয়, তেজ ওলাই আদি লক্ষণ থাকে। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ Silesia চাইনাচাইটিছৰ এক অতি উৎকৃষ্ট মেডিচিন। চাইনাচাইটিছৰ একেবাৰে জটিল অৱস্থাত এই দৰৱ খুব উপযোগী।
Kalibichrom:
এই ঔষধ হোমিঅপেথিকৰ এক অতি উৎকৃষ্ঠ natural medicine হয়। নাকৰ শ্লেমা যদি একেবাৰে আথালেতীয়া হয়, টানিলে ওলাই আহিব নুখুজে, সূতাৰ দৰে দীঘল হৈ পৰে। লগতে ডিঙিৰো সংক্ৰমণ হয় কফ ওলায় আৰু কফ ৰচীৰ দৰে দীঘল হয়। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই kalibichrom ঔষধটো ব্যৱহাৰ কৰিব লাগে।চাইনোচাইটিছত এই ঔষধত চকুৰ উপৰত বিষ থাকে উশাহ নিশাহতো কষ্ট হয়।
Merc Sol:
অত্যন্ত ফলপসু মেডিচিন। যেতিয়া চাইনচাইটিছত নাকৰ শ্লেমা হালধীয়া বা সেউজীয়া হয়, লগতে নাকত পোৰমি অনুভৱ হয় তেনে এই ঔষধে খুব ভাল কাম কৰে। জেপেটীয়া আঠালেটীয়া শ্লেমাৰ বাবে নাকত ঘাঁ হয়। নাকৰ শ্লেমাৰ লগতে মূৰত প্ৰচণ্ড বিষ থাকে, ৰোগীয়ে শৰীৰত সঘনাই গৰম-ঠাণ্ডাৰ অনুভৱ কৰে। এই মেডিচিনৰ এক বিশেষ বৈশিষ্ট হল- ৰোগীৰ অনবৰত লেলাৱতি হয়। চাইনাচাইটিছৰ অন্যান্য লক্ষণৰ লগতে যদি এই লেলাৱতি ওলোৱাৰ সমস্যা থাকে তেনে হলে এই মেডিচিনে সুন্দৰ কাম কৰে।
Palsatilla:
চাইনাচাইটিছৰ আন এক গুৰুত্বপূৰ্ণ ঔষধ। ইয়াৰ অন্যতম লক্ষণ হল সেউজীয়া ৰংঙৰ শ্লেমা নাকেৰে বাহিৰ হয়। শ্লেমা কোমল হয়, লক্ষণ বোৰ সদায় পৰিৱৰ্তণ হৈ থাকে। কেতিয়াবা গৰম, কেতিয়াবা ঠাণ্ডা অনুভৱ হয়। চকুৰ উপৰত প্ৰচণ্ড বিষ থাকে, বিষ পৰিৱৰ্তণহৈ নাক মুখলৈ আহে।
Spigelia আৰু Bryonia:
বাওঁ ফালৰ মাথাৰ সন্মুখ ভাগৰ চাইনাচত সংক্ৰমন ঘটিলে এই দুই হোমিঅপেথিক মেডিচিনে খুব ভাল কাম কৰে। যেতিয়া চাইনাচাইটিছ ৰোগীয়ে বাওঁ চকুৰ উপৰত এচাৰি থকাৰ দৰে তীব্ৰ বীষ অনুভৱ কৰে তেনে লক্ষণত Spigelia ব্যৱহাৰ কৰিলে ৰোগ সোনকালে উপশম হয়। আৰু যেতিয়া বাওঁ ফালৰ চাইনচাইটিছত মাঠা ফাটি যোৱাৰ দৰে প্ৰচণ্ড বিষ হয় আৰু চলা ফুৰা কৰিলে বিষ অতি বৃদ্ধি হয়, জিৰণি ললে যদি বিষৰ উপশম হয় তেন্তে এই Bryonia মেডিচিন ব্যৱহাৰ কৰিলে ৰোগ সহজতে নিৰাময় হয়।
ইয়াৰ উপৰিও হোমিঅপেথিক মেডিচিন- Sengunaria, Natrum Mur, Sabadilla, Hydrastis, Lycopodium, Sticta, Thuja, Lemnominu, TMV আদি ব্যৱহাৰ কৰি এই ৰোগৰ পৰা সহজতে উপশম পাব পাৰি।
ডা.হৰিকান্ত দাস।
Dr Haris Homeopathic & Physiotherapy Clinic
Gogamukh Chariali, Gerukamukh Road.
ফোন নং- 9707722511
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles