মৌ, চেনি, নিমখে আপোনাৰ শিশুটিক ক্ষতি সাধন কৰিব পাৰে!
আপোনি বাৰু আপোনাৰ শিশুটিক চেনি, মৌ লগতে নিমখীয়া খাদ্য খুৱাই নেকি? যদি মৌ বা চেনিযুক্ত খাদ্য বা নিমখযুক্ত খাদ্য খুৱাই তেনে হলে লিখাটো এবাৰ পঢ়ক।
শিশু এটিৰ বয়স ৬ মাহ সম্পূৰ্ণ হোৱাৰ পাছৰে পৰাই যিহেতু অভিভাবকে শিশুটিক অলপ কোমল খাদ্য, যেনে খিঁচিৰি, পিঠাগুৰি, চেৰেলেক্স আদি খোৱাবলৈ আৰম্ভ কৰে, আৰু এই খাদ্যবোৰৰ সোৱাদ বৃদ্ধি কৰিবৰ বাবে বহু লোকে শিশুখাদ্যৰ সৈতে চেনি, মৌ, নিমখ আদি মিহলোৱা দেখা যায়। কিন্তু আপোনি জানে নে এই চেনি, মৌ, নিমখে আপোনাৰ শিশুটিৰ স্বাস্থ্যৰ ব্যাপক ক্ষতি সাধন কৰিব পাৰে। এতিয়া জানো আহক এই বোৰে শিশুটিক কেনেকৈ ক্ষতি কৰিব পাৰে-
চেনিঃ
আপোনি জনা দৰকাৰ যে, চেনিৰ প্ৰস্তুত প্ৰক্ৰিয়াত একেবাৰে চেনিৰ দানা উৎপাদন হোৱালৈকে ইয়াৰ সকলোবোৰ খাদ্য উপাদান ধংসহৈ যায় আৰু ইয়াক প্ৰস্তুত কৰিবৰ বাবে বহু প্ৰকাৰৰ হানিকাৰক কেমিকেল প্ৰয়োগ কৰা হয়। ইয়াৰ মিঠাগুণৰ বাহিৰে ভিটামিন, মিনাৰেল একোৱেই নাথাকে। গতিকে ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰৰ শিশুক কেমিকেলৰ দ্বাৰা প্ৰস্তুত কৰা এনেকুৱা কোনোধৰণৰ খাদ্যবস্তুৱেই খুৱাব নালাগে। ইয়াৰ ঠাইত শিশুক প্ৰাকৃতিক ভাবে পোৱা মিঠা যেনে-খেজুৰ, কল, কমলা, আঙুৰ, ডালিম, আপেল আদিৰ লগতে শাক-পাচলি খোৱাব পাৰে, ইয়াৰ পৰা শিশুবে সোৱাদো পাব আৰু স্বাস্থ্যবানো হৈ থাকিব।
শিশু এটিৰ বাবে ৬ মাহৰ ৰ পৰা ৬ বছৰৰ সময়খিনি খুওব জটিল সময়। কাৰণ এই সময়খিনিতেই শিশুৰ দ্ৰুত বিকাশ হয় আৰু দাঁতো গজিবলৈ ধৰে। এই সময়খিনিত যদি চেনি বেছি খায় বা বেছি চেনিযুক্ত খাদ্য খায় তেনে হলে শিশুৰ দাঁতত পোকেখোৱা বা কেভিটিৰ (Cavity) সমস্যা হব পাৰে আৰু এই পোকে শিশুটিৰ স্থায়ী দাঁত কেইটাও বেয়া কৰি পেলাব পাৰে। কিয়নো ৬ বছৰত শিশুৰ স্থায়ী দাঁত গজিবলৈ আৰম্ভ কৰে। গতিকে এই বিষয় বোৰৰ ওপৰত নিশ্চিত ভাবে গুৰুত্ব দিব লাগে। যদি আপোনালোকে শিশুটিৰ খোৱা খাদ্যখিনি কেৱল মুখৰোচক বনাবৰ বাবেই শিশুটিৰ খাদ্যত চেনি ব্যৱহাৰ কৰিছে তেনে হলে আপোনি শিশুটিৰ গোটেই জীৱনলৈ গুৰুতৰ সমস্যা নিমন্ত্ৰণ কৰি আনিছে।
ইয়াৰ ওপৰিও বৰ্তমান সময়ত শিশুসকলৰ মাজত দেখাদিয়া এটা গুৰুতৰ সমস্যা ডায়েবেটিছ আৰু মেডবহুলতাৰ কাৰণ বহু ক্ষেত্ৰত জেনেটিক হলেও কিন্তু এই চেনি বা ৰিফাইন চুগাৰো ইয়াৰ বাবে দায়ী বুলি স্বাস্থ্য বিশেষজ্ঞ সকলে মত পোষণ কৰিছে। চেনি খোৱাৰ বাবে কিডনি, লিভাৰ, শৰীৰৰ চালৰ বিভিন্ন সংক্ৰমণৰ সমস্যা আৰু ব্ৰেইনতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। যাৰ ফলত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত ব্যঘাট জন্মিব পাৰে। মেডবহুলতা বা অত্যধিক ছৰ্বী শিশুৰ শৰীৰৰত জমা হোৱাৰ ফলত শিশুৰ শৰীৰত অন্যান্য সমস্যা যেনে হাৰ্টৰ সমস্যা, টোপনী ভালদৰে নোহোৱা আদি সমস্যাৰ উপৰিও মেডবহুলতাৰ বাবে শিশু এটি এলেহুৱা স্বভাৱৰ হৈ পৰিব পাৰে।
নিমখঃ
১ বছৰলৈকে এটি শিশুৰ দেহত ১ গ্ৰামতকৈও কম নিমখৰ প্ৰয়োজন হয় আৰু এই নিমখৰ প্ৰয়োজন শিশুটিয়ে মাকৰ গাখীৰ বা কৃত্ৰিম ভাবে শিশুটিৰ বাবে তৈয়াৰী গাখীৰৰ পৰাই আহৰণ কৰি পূৰণ কৰি লয়। গতিকে ১ বছৰৰ তলৰ শিশুৰ খাদ্যত বেলেগকৈ নিমখ দিয়াৰ প্ৰয়োজন নপৰে। যদি শিশুটিৰ বয়স ১ বছৰতকৈ বেছি হয় তেনে হলে কম পৰিমানে খাদ্যত নিমখ দি খুৱাব পাৰে। ৬ মাহৰ পৰা ১ বছৰ বয়সৰ শিশুক নিমখীয়া খাদ্য খোৱালে শিশুটিৰ দেহত বেয়া প্ৰভাৱ পৰিব পাৰে। মাকৰ গাখীৰ বা কৃত্ৰিম গাখীৰৰ পৰা পোৱা নিমখখিনিৰ উপৰিও যেতিয়া শিশুটিয়ে বাহিৰৰ পৰা নিমখ গ্ৰহণ কৰিব তেতিয়া শিশুটিৰ দেহত বেয়া প্ৰভাৱ পৰিব পাৰে, বিশেষকৈ শিশুটিৰ কিডনীত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। মাকৰ গাখীৰৰ পৰা পোৱা নিমখ খিনিৰ উপৰিও যেতিয়া বাহিৰৰ পৰা নিমখ গ্ৰহন কৰিব তেতিয়া শিশুটিৰ অকনমানি কিডনি দুটাই এই নিমখখিনি নিস্কাষণ কৰি বাহিৰ কৰিৰব বাবে অত্যাধিক কাম কৰিব লগা হয়, যাৰ ফলত শিশুটিৰ কিডনীসম্পৰ্কীয় বিভিন্ন বেমাৰৰ উৎপতি হব পাৰে। গতিকে ১ বছৰৰ তলৰ শিশুক খাদ্যৰ লগত নিমখ খোৱাব নালাগে বা নিমখীয়া খাদ্য খোৱাব নালাগে।
মৌঃ
প্ৰায় শিশুৰে কেতিয়াবা জিহ্বাখনত এটা বগা চামনি পৰাৰ দৰে হয় আৰু এই চামনি আতৰাবৰ বাবে প্ৰায় সকলো মানুহেই নিজৰ শিশুটিৰ জিহ্বাত মৌৰ ৰস দিয়া দেখা যায়। আৰু দাঁত গজাৰ সময়ত শিশুৱে যথেস্থ অশ্বস্তি ভোগকৰে আৰু তেতিয়া বহুতেই শিশুৰ দাঁতৰ আলুত আঙুলিৰে মৌৰ ৰখ ঘঁহি দিয়া দেখিবলৈ পোৱা যায়। এনে কৰিলে শিশুৱে এই সমস্যাৰ পৰা কিছু উপশমো পাবলৈ সক্ষম হয়। কিন্তু চিকিৎসা বিজ্ঞানৰ গাইডলাইন অনুসৰি ১ বছৰৰ তলৰ শিশুক মৌ খুৱাটো সমৰ্থন যোগ্য নহয়। কাৰণ সকলো প্ৰকাৰৰ মৌক আমি বিশুদ্ধ বুলি কব নোৱাৰো, মৌ প্ৰস্তুত কৰা কোম্পানী সমূহে অধিক মুনাফাৰ বাবে মৌত বিভিন্ন ধৰণৰ দ্ৰব্য মিহলি কৰিবও পাৰে। এনে কিছুমান মৌত এক প্ৰকাৰৰ বেক্টেৰিয়া থাকে, যি শিশুৰ পেটলৈ গৈ বটুউলিজম (botulism) নামক এক ভয়ংকৰ ৰোগৰ সৃস্টি কৰি শিশুক বিপদত পেলাব পাৰে। ১ বছৰ তলৰ শিশু সকলৰ পাচনতন্ত্ৰটো সম্পূৰ্ণ ৰূপে বিকশিত নোহোৱাৰ বাবে এই বেক্টেৰিয়া বিধ সহজে ধংস কৰিব নোৱাৰে, যাৰ বাবে বটুউলিজম নামৰ ভয়ংকৰ ৰোগৰ সৃস্টি হয়। ১ বছৰ পাৰ হোৱাৰ পিছত এইবোৰ খোৱাব পাৰে। কাৰণ ১ বছৰৰ উপৰৰ শিশুৰ স্তমাকটো সম্পূৰ্ণৰুপে উন্নত বা বিকশিত হৈ যায় আৰু এইবোৰ ধংস কৰিবৰ বাবে শক্তি আহৰণ কৰি লয়।
বহু ক্ষেত্ৰত মাক বা পৰিয়ালৰ অন্যান্য সদস্য সকলে ভাবে যে শিশুক খোৱাদ যুক্ত খাদ্য দিব লাগে, আৰু যিকোনো খাদ্যৰ লগতে চেনি মিহলাই দিব লাগে আৰু কয় যে শিশুটিয়ে মিঠা পালেহে খায়। এই কাম কৰাটো আচলতে একেবাবে অনুচিত, যাৰ জৰিয়তে আমি আমাৰ শিশুটিক গোটেই জীৱনৰ কাৰণে কিছুমান বেমাৰৰ মুখলৈ ঠিলি দিওঁ। প্ৰথম খাবলৈ শিকা শিশু এটিক কেৱল মিঠা খোৱাদৰ মাজতে আৱদ্ধ কৰি নাৰাখি প্ৰকৃতিৰ বিভিন্ন উপাদান ফল-মূল শাক-পাঁচলি আছে এইবোৰৰ ভিন্ন ভিন্ন খোৱাদৰ লগত শিশুটিক পৰিচয় কৰাই দিয়াক আৰু শিশুটিকো সম্পূৰ্ণ পোষণ যোগান ধৰক। তেনে কৰাটোহে সচেতন মাক-দেওতাকৰ পৰিচয়। অগত্য যদি মিঠা খোৱাব বিছাৰে তেনে হলে গুৰ খুৱাব পাৰে। ইয়াত ষথেস্থ পৰিমানে প্ৰাকৃতিক আইৰণ থাকে, ই শিশুটিৰ স্বাস্থ্যৰ বাবেও অত্যন্ত লাভ দায়ক।
ডা. হৰিকান্ত দাস।
৯৯৫৪৩৪০১০২