লিভাৰ ভালে ৰাখিবলৈ কি কি খাদ্য খাব

লিভাৰ ভালে ৰাখিবলৈ কি কি খাদ্য খাব

লিভাৰ-ভালে-ৰাখিবলৈ-কি-কি-খাদ্য-খাব
লিভাৰ

লিভাৰ মানব দেহৰ এটা গুৰুত্বপূৰ্ণ অংগ। অস্বাস্থ্যকৰ জীৱন যাপন আৰু বিভিন্ন ধৰণৰ অখাদ্য গ্ৰহণ কৰাৰ বাবে আমাৰ লিভাৰটোৰ ওপৰত বেয়া প্ৰভাব পৰে। শৰীৰৰ উজন বৃদ্ধি বা মেডবহুলতা, দীৰ্ঘদীনিয়া ক্লান্তি অনুভৱ কৰা বা আলপ পৰিশ্ৰম কৰিলেই ভাগৰ লগা, বদ হজম বা খাদ্য ভালদৰে হজম নোহোৱা, দেহত এলাৰ্জী আৰু খৰ-খজুলী আদি নানান সমস্যা লিভাৰৰ অসুস্থতাৰ বাবে দেখা দিব পাৰে। গতি অজি আপোনালোকক কম কেইবিধমান খাদ্যৰ বিষয়ে যিবোৰ গ্ৰহণকৰি লিভাৰটোক ভালে ৰখাত সহায় হয়।

নেমুঃ

নিয়মিত নেমু খাব লাগে, নেমুত এন্টিঅক্সিডেন্ট থাকে। লগতে নেমুত থকা ডি লিমনেন উপাদান আৰু এন্টিঅক্সিটেন্টে লিভাৰৰ এনজাইম সক্ৰিয় কৰি লিভাৰত জমা হোৱা টক্সিন বাহিৰ কৰে আৰু লিভাৰটোক সক্ৰিয় ৰাখি স্বাভাৱিক ভাবে কাম কাজ চলাই নিয়াত সহায় কৰে। গতিকে দিনটোৰ এবাৰ হলেও নেমু বা নেমুপানী খাব লাগে।

আপেলঃ

প্ৰতিদিনে এটাকৈ আপেল খাওক, আপেলে লিভাৰ ভালে ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আপেলত থকা পেকটিন, ফাইবাৰে খাদ্যনলীত থকা টক্সিন আৰু তেজত থকা কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰাৰ লগতে লিভাৰটোকো সুস্থ ৰখাত সহায় কৰে। আপেলত আৰু এবিধ অতি মূল্যবান উপাদান মেলিক এচিড থাকে যি প্ৰাকৃতিক ভাবে তেজৰ পৰা কলেষ্ট্ৰেৰল নামৰ বেয়া ছৰ্বী দূৰ কৰাত সহায় কৰে।

নহৰুঃ

লিভাৰ ভালে ৰখাৰ এক উৎকৃষ্ট খাদ্য হল নহৰু। নহৰুত থকা এনজাইমে লিভাৰত জমাহোৱা ক্ষতি কাৰক টক্সিক উপাদান পৰিস্কাৰ কৰে। ইয়াত থকা চেলেনিয়াম উপাদানেও লিভাৰ পৰিস্কাৰ কৰে আৰু ক্ষতিকাৰক টক্সিক উপাদানৰ পৰা লিভাৰটোক ৰক্ষাকৰে। গতিকে দিনত ২-৩ ফোটা নহৰু খাব পাৰে।

গ্ৰিণটিঃ

গ্ৰিণটি এন্টিঅক্সিডেন্টৰ ভাল উৎস। গ্ৰিণটিত পলিফেন নামৰ এক গুৰুত্বপূৰ্ণ উপাদান থাকে যি শৰীৰৰ পৰা দূষিত আৱৰ্জণা বাহিৰ কৰি লিভাৰটোক ভালে থকাত সহায় কৰে। দিনত ২-৩ কাপ গ্ৰিণটি খাব পাৰে।

বাদামঃ

বাদাম ভিটামিন ই ৰ ভাল উৎস, গতিকে বাদামে লিভাৰত ছৰ্বী জমাহোৱাত বাধা প্ৰদান কৰে। গতিকে নিয়মিত সঠিক পৰিমানে বাদাম খাব পাৰে।

আঙুৰঃ

আঙুৰে শৰীৰত এন্টিঅক্সিডেন্টৰ মাত্ৰা বঢ়াই, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে আৰু লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

অলিভ অইলঃ

প্ৰতিদিনে ১ চামুচকৈ অলিভ অইল খালেও লিভাৰ ভালে ৰখাত সহায়ক হয়।

ব্ৰকলিঃ

ব্ৰকলি এন্টিঅক্সিডেন্টৰ ভাল উৎস, ইয়াত যথেষ্ট পৰিমানে ভিটামিন চি পোৱা যায়। ই লিভাৰৰ ফেটচ্ বা ছৰ্বি নিয়ন্ত্ৰণ কৰি লিভাৰ সুস্থ ৰখাত সহায় কৰে। লগতে ই আমাৰ শৰীৰৰক পৰিপুষ্টি প্ৰদান কৰি শক্তি যোগান ধৰে।

ইয়াৰ উপৰিও টেঙা দৈ, তেতেলি টেঙা, আম, মৌচুমী, কল, কমলা, অমিতা, ডালিম, মধুৰি, আমলখি, শিলিখা আদি ফল, সেউজীয়া খাক-পাচলি- কলমৌ, মৰিচা, মাটিকান্দুৰি, ভেদাই লতা, মধুসূলেং, চেংমৰা, টেঙামৰা, পালেং শাক অৰু ওলকবি, কলপচলা, টিয়ঁহ, বন্ধা কবি, বিন, ৰাজমাহ আদি খাব লাগে।

ডা.হৰিকান্ত দাস।

 

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles