প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) হ’লে কেনেকৈ জানিব ?

0
প্ৰস্ৰাৱ-সংক্ৰমণ-হ’লে-কেনেকৈ-জানিব
প্ৰস্ৰাৱৰ সংক্ৰমণ

 

প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) হ’লে কেনেকৈ জানিব ?

প্ৰস্ৰাৱ-সংক্ৰমণ-হ’লে-কেনেকৈ-জানিব
প্ৰস্ৰাৱৰ সংক্ৰমণ

1) প্ৰস্ৰাৱৰ জ্বলাপোৰা কৰাৰ লগতে ঘনাই খুব জোৰেৰে প্ৰস্ৰাৱ লগিব।

2) প্ৰস্ৰাৱত অত্যন্ত কষ্ট হোৱাৰ লগতে প্ৰস্ৰাৱ কম পৰিমাণে হোৱা।

3) তলপেটত সঘনাই বিষ বিষ হোৱা।

4) ঘোলা, গেডযুক্ত, তেজযুক্ত বা ঘোৰাৰ প্ৰস্ৰাৱৰ দৰে উগ্ৰ গোন্ধযুক্ত প্ৰস্ৰাৱ হোৱা।

5) কেতিয়াবা জ্বৰ হোৱা বা হঠাতে মাজে মাজে খুব ঠাণ্ডা অনুভৱ কৰা।

6) ঠাণ্ডা লাগি কঁপি কঁপি তীব্ৰ জ্বৰ হোৱা।

7) গাৰ বিষ হোৱা লগতে বমি বমি ভাব হোৱা।

8) কঁকালৰ বিষ অনুভৱ কৰা আদি।

প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) ভয়াৱহতা –

i) যদি প্ৰাথম অৱস্থাত উপযুক্ত চিকিৎসা কৰা নহয় তেন্তে প্ৰস্ৰাৱৰ নলীৰ পৰা বীজাণু মূত্ৰথলীয়েদি মূত্ৰবাহী নলীত প্ৰৱেশ কৰিব পাৰে আৰু ই দুই বৃক্কৰ সংক্ৰমণ ঘটাই পায়েল’নেফ্ৰাইটিছ ৰোগ উৎপন্ন কৰিব পাৰে বা বৃক্ক অকামিলা হৈ যাব পাৰে। অন্যথা মূত্ৰথলীৰ সংক্ৰমণ (ছিচ্টাইটিছ), প্ৰস্ৰাৱদ্বাৰৰ সংক্ৰমণ (ইউৰেথ্ৰাইটিছ) আদিৰ পুনঃসংক্ৰমণ ঘটাব পাৰে।

ii) মহিলাৰ প্ৰস্ৰাৱদ্বাৰ চুটি আৰু মলদ্বাৰৰ ওচৰত হোৱা বাবে মলদ্বাৰৰ পৰা বীজাণু সহজে প্ৰস্ৰাৱদ্বাৰেদি প্ৰৱেশ কৰি সংক্ৰমণ ঘটাব পাৰে বাবে প্ৰায় ৫০ শতাংশ মহিলাৰ পুনঃসংক্ৰমণ হয়। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই ভয়াৱহতা অতি বেছি।

iii) কিছুমানৰ হঠাতে খুব বেছিকৈ হোৱা প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত তেজত বীজাণুৰ প্ৰৱেশ ঘটাই অতিপাত বৃদ্ধিৰ ফলত ছেপ্টিছেমিয়া নামৰ এক প্ৰাণঘাতী অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা নিজকে কেনেদৰে বচাই ৰাখিব পাৰি –

পুৰুষৰ প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) ক্ষেত্ৰত –

1) দিনত যথেষ্ট পৰিমাণে জলীয় দ্ৰৱৰ লগতে পানী খাওক যাতে প্ৰস্ৰাৱৰ ৰং ফটফটীয়া পানীৰ নিচিনা হৈ থাকে। গৰমৰ দিনত কুহুমীয়া গৰম পানী বেছিকৈ খাওক।

2) কেতিয়াও মূত্ৰথলীত বহু দেৰিলৈকে প্ৰস্ৰাৱ ধৰি ৰাখিব নালাগে। প্ৰস্ৰাৱ নালাগিলেও অন্ততঃ চাৰিঘণ্টাৰ মূৰে মূৰে হ’লেও প্ৰস্ৰাৱ কৰিব লাগে।

3) দিনত অন্ততঃ দুই-তিনিবাৰ মুত্ৰদ্বাৰৰ লগতে মলদ্বাৰ ভাল পানীৰে ধুব লাগে।

4) শৌচ কৰি মলদ্বাৰ ধোওতে হাতখন সন্মুখৰ ফালে নাটানি ইফালে-সিফালে লৰাই ধুব লাগে আৰু লগে লগে মচি শুকুৱাব লাগে।

5) পুৰুষৰ অন্তৰ্বাস সদায় বতাহ সোমাব পৰা কপাহী কাপোৰৰ হ’ব লাগে আৰু সদায় ভালদৰে ধুব লাগে। ঘাম লগা কাপোৰ নোধোৱাকৈ পুনৰ পিন্ধিব নালাগে।

6) যৌন সম্ভোগৰ পিছত লগে লগে প্ৰস্ৰাৱ কৰিব লাগে, যৌনাংগ ভালদৰে ধুব লাগে আৰু যথেষ্ট পৰিমাণে পানী খাব লাগে।

7) পুনঃসংক্ৰমণ হোৱাসকলে অন্তৰ্বাস সদায় ধুই অতি কমেও ২০ মিনিট মান পানীত উতলাই বীজাণুমুক্ত কৰিব লাগে।

8) ৰক্ত শৰ্কৰাৰ পৰীক্ষা কৰাই প্ৰয়োজনত উপযুক্ত চিকিৎসা কৰোৱাব লাগে।

9) ষ্টেৰয়ড বা আন প্ৰতিৰোধ-ক্ষমতাৰোধী দৰব সেৱন কৰাসকলে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে।

10) এলাৰ্জীৰ ঔষধ খোৱাসকলৰ প্ৰস্ৰাৱৰ উৎপাদন কম হয় বাবে সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে পানী বেছিকৈ খাব লাগে।

11) বহুগামিতা বা অসুৰক্ষিত যৌন সম্ভোগৰ পৰা দূৰত থাকিব লাগে।

12) উতলাই নোলোৱা গাখীৰ, আধা সিজা মাংস, ভালদৰে নোধোৱা কেঁচা ফল-মূল, শাক-পাচলি, দূষিত পানী আদিৰ পৰা ইচ্ছেৰীয়া কলাই (E. Choli) বেক্টেৰীয়াৰ সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে সাৱধান হ’ব লাগে।

13) শৌচ কৰাৰ পাছত আৰু খোৱাৰ আগত সদায় ভালদৰে চাবোনেৰে হাত ধুব লাগে।

মহিলাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) ক্ষেত্ৰত ল’ব লগা সাৱধানতা –

১) প্ৰতিবাৰ প্ৰস্ৰাৱ আৰু পাইখানা কৰোতে প্ৰস্ৰাৱদ্বাৰ ধুব লাগে।

২) ধোওতে বা মচোতে হাতখন সন্মুখৰ পৰা পিছফাললৈ টানিব লাগে আৰু সন্মুখৰ পৰা পানী ঢালিব লাগে।

৩) সহবাসৰ লগে লগে প্ৰস্ৰাৱ কৰিব লাগে।

৪) মহিলাসকলে বিশেষভাৱে যৌন উত্তেজনা বৃদ্ধিৰ বাবে ব্যৱহৃত ক্ৰীম, জেলী আদি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।

৫) জন্ম নিয়ন্ত্ৰণ-পদ্ধতিৰ পৰিৱৰ্তন কৰিব লাগে। পৰাপক্ষত ডায়েফ্ৰাম, শুক্ৰনাশক জেলী আদি ব্যৱহাৰ কৰিব নালাগে।

৬) নদীত বা পুখুৰীত সাঁতোৰাতকৈ পানী ঢালি গা ধুব লাগে বা টাব-বাথ কৰিব লাগে।

৭) মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত প্ৰস্ৰাৱদ্বাৰ শুকান কৰি ৰাখিব পৰাকৈ টেমপন্ ব্যৱহাৰ কৰিব লাগে। অৱশ্যে আজিকালি নেপকিন্ বা ছেনিটাৰী পেড্ বজাৰত উপলব্ধ, গতিকে তেনে পেড্ ব্যৱহাৰ কৰিব পাৰে যদিও সঘনাই সলাই থাকিব লাগে।

৮) কেতিয়াও বাযু সোমাব নোৱাৰা বা সংশ্লেষিক কাপোৰৰ অন্তৰ্বাস পৰিধান কৰিব নালাগে।

৯) গৰ্ভৱতী মহিলাৰ গৰ্ভৱস্থাৰ সময়ত মূত্ৰথলী ঢিলা বা শিথিল হৈ থাকে বাবে প্ৰস্ৰাৱ বহু দেৰিলৈ জমা হৈ থাকে, যাৰ ফলত সংক্ৰমণ হোৱাৰ ভয় থাকে। গতিকে সঘনাই প্ৰস্ৰাৱ কৰি থকাটো ভাল, লগতে যোনিদ্বাৰৰ পৰিচ্ছন্নতা বজাই ৰখাটো অত্যন্ত দৰকাৰী।

কেঁচুৱাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ (urine infection) ক্ষেত্ৰত ল’ব লগা সাৱধানতা –

১) কেঁচুৱাই কাপোৰতে পাইখানা বা প্ৰস্ৰাৱ কৰিলে লগে লগে কাপোৰ সলনি কৰিব লাগে।

২) বহু দেৰিলৈ বা শোষণ ক্ষমতা অতিক্ৰম হোৱাকৈ ডায়েপাৰ (পানী-কাপোৰ) পিন্ধাব নালাগে, কাৰণ ডায়েপাৰৰ আৰ্দ্ৰতা আৰু উষ্ণতাই বেক্টেৰীয়াৰ বৃদ্ধি কৰে।

৩) প্ৰতিবাৰ পাইখানা বা প্ৰস্ৰাৱ কৰাৰ পাছত পানীৰ সৈতে উতলাই ঠাণ্ডা কৰি লোৱা ভিজা তুলা বা কোমল কাপোৰেৰে প্ৰস্ৰাৱদ্বাৰৰ পৰা মলদ্বাৰলৈকে মচিব লাগে। এনে কৰোতে প্ৰতিবাৰে এটুকুৰা নতুন কাপোৰ বা তুলা ল’ব লাগে। অৱশ্যে আজিকালি এলক’হ’ল যুক্ত ৱাইপচ্ বজাৰত সহজলভ্য, এইক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।

৪) প্ৰস্ৰাৱ আৰু মলদ্বাৰৰ অংশখিনি সদায় পৰিচ্ছন্ন কৈ শুকান কৰি ৰাখিব লাগে।

৫) কেঁচুৱাৰ কাপোৰ সদায় কপাহী কাপোৰৰ হ’ব লাগে আৰু পানীত ২০ মিনিটলৈ উতলাই বীজাণুমুক্ত কৰিব লাগে।

৬) শিশুক যথেষ্ট পৰিমাণে জলীয় দ্ৰব্য খুৱাই থাকিব লাগে যাতে শিশুৱে ঘনাই প্ৰস্ৰাৱ কৰে আৰু লগতে প্ৰস্ৰাৱ কৰিবলৈ উদ্দীপনা যোগাব লাগে।

৭) শিশুৰ যাতে কোষ্ঠকাঠিন্য নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগে বা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৮) টাবত বা চৰিয়াত বহুৱাই গা ধুৱাব নালাগে।

৯) চুন্নতকৰণ নকৰা কিশোৰৰ ক্ষেত্ৰত বেক্টেৰীয়াৰ সংক্ৰমণ হোৱাৰ ভয় বেছি থাকে কাৰণে সদায় প্ৰস্ৰাৱনলীৰ মূৰৰ ছালখন কোঁচাই লৈ চাফা কৰি শুকান কৰি ৰাখিব লাগে।

১০) সঘনাই অসুখত ভুগি থকা কেঁচুৱাক চিকিৎসকৰ পৰামৰ্শ অনুসাৰে প্ৰতিৰোধ-ক্ষমতা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে পৰ্যাপ্ত সুষম পুষ্টিকৰ আহাৰ পাই আছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিব লাগে।

ঘনাই প্ৰস্ৰাৱ হোৱা বা মূত্ৰথলীৰ অতিকাৰ্যতা হ’লে কেনেকৈ পৰিত্ৰাণ পাব পাৰি –

কেতিয়াবা প্ৰস্ৰাৱৰ সংক্ৰমণৰ ফলত বা গৰ্ভাৱস্থা বা অন্যান্য কাৰণত মূত্ৰথলীৰ মাংসপেশীৰ দুৰ্বলতাৰ কাৰণে প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা হয়, যাৰ ফলত কেতিয়াবা ঘনে ঘনে বা কেতিয়াবা অজানিতে, জোৰকৈ হাঁহিলে, কাঁহিলে অথবা হাঁচিয়ালেও প্ৰস্ৰাৱ ওলাই যায়। এনেক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা কৰোৱাৰ পাছতো কেতিয়াবা সুফল পোৱা নাযায়। তেতিয়া …?

এটাই উত্তৰ – কেগেল ব্যায়াম (Kegel Exercise)।

প্ৰথমতে আপুনি প্ৰস্ৰাৱ কৰি থাকোতে মাজতে এবাৰ প্ৰস্ৰাৱ ওলোৱা বন্ধ কৰি দিয়ক আৰু মন কৰক কোন কেইটা মাংসপেশীৰ সংকোচন হ’ল। ঠিক ধৰিব নোৱাৰিলে আৰু এবাৰ কৰি ভালদৰে বুজি লওঁক। এতিয়া প্ৰস্ৰাৱ কৰি মূত্ৰথলী সম্পূৰ্ণ খালী কৰাৰ পাছত এই মাংসপেশীখিনি ঠিক তেনেদৰে সংকুচিত কৰাৰ চেষ্টা কৰক। এয়ে কেগেল ব্যায়াম।

মন কৰিব, যাতে এই ব্যায়াম কৰোতে কেতিয়াও তপিনাৰ মাংসপেশী, পেটৰ মাংসপেশী আৰু উৰুৰ মাংসপেশীৰ সংকোচন নহয়, লাগিলে আপুনি প্ৰথমতে কেইদিনমান পিঠিয়াকৈ শুই, পেটটো ওপৰফালে ৰাখি ভৰি দুখন পেটলৈ বুলি কোঁচাই লৈ ড্ৰেছিং আইনাত চাই চাই এই ব্যায়াম কৰক আৰু ব্যায়াম কৰোতে তপিনাৰ মাংসপেশীৰ লৰচৰ হৈছে নেকি চাওঁক। যদি লৰচৰ হোৱা নাই তেন্তে ব্যায়াম সঠিকভাৱে হৈছে। তেনেকৈ পেটত হাত এখন ৰাখি পেটৰ ভিতৰত মাংসপেশীৰ লৰচৰ হয় নেকি চাওঁক। যদি কিবা লৰচৰ কৰা যেন লাগে তেন্তে সঠিক ব্যায়াম হোৱা নাই। উৰুৰ মাংসপেশীৰ সংকোচন নোহোৱাকৈ যদি ব্যায়ামটো কৰিব পাৰিছে তেনেহ’লেহে ই সঠিক কেগেল ব্যায়াম।

নিয়ম – প্ৰথম অৱস্থাত এবাৰ সংকোচন কৰি পাঁচ ছেকেণ্ড ধৰি ৰাখি এৰি দিয়ক আৰু পাঁচ ছেকেণ্ডৰ পাছত পুনৰাবৃত্তি কৰক। এনেদৰে একেৰাহে চাৰি-পাঁচবাৰ কৰিব। দুই-তিনিদিন এনেদৰে কৰাৰ পাছত ১০ ছেকেণ্ডৰ বাবে সংকোচন কৰি ১০ ছেকেণ্ডৰ অন্তৰালত একেৰাহে চাৰি-পাঁচবাৰ পুনৰাবৃত্তি কৰি এদিনত কমেও তিনিবাৰকৈ তিনিৰ পৰা ছয় সপ্তাহলৈ এই ব্যায়াম কৰিলেহে সুফল পোৱা যায়।

গৰ্ভৱতী মহিলাসকলেও এই ব্যায়াম কৰিলে পিছলৈ ঘনাই প্ৰস্ৰাৱ হোৱা সমস্যাৰ পৰা বাচিব পাৰে।

বিঃ দ্ৰঃ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ লওঁক। তথাপি ভুল নকৰিব। কেতিয়াও মূত্ৰথলীত প্ৰস্ৰাৱ জমা থকা অৱস্থাত এই ব্যায়াম নকৰিব, কাৰণ তেনে ক্ষেত্ৰত এই ব্যায়ামে মূত্ৰথলীৰ মাংসপেশীৰ শিথিলতা আনিব পাৰে আৰু আপোনাৰ সমস্যা বাঢ়ি যাব পাৰে।

ডাঃ হেমন্ত কুমাৰ নাথ

LEAVE A REPLY

Please enter your comment!
Please enter your name here