লতা বেল Passion Fruit

0
লতা বেল

লতা বেল (Passion Fruit) গুণাগুণঃ

লতা-বেলৰ-চৰবত
লতা বেল

নামসমূহ হ’ল এইধৰণৰ :

বৈজ্ঞানিক নামঃ
Passiflora edulis / P. edulis flavicarpa.

ইংৰাজী নামঃ
Passion Fruit, Grandilla, Yellow Passion Fruit, Purple Grandilla.

আন আন বিদেশী ভাষাত মতা নাম এনে ধৰণৰ:

ব্ৰাজিল- মাৰাকুজা, স্পেনিচ- মাৰাকুয়া  আৰু গ্ৰনেদিল্লে, ফৰাচী- ফ্ৰোট ডি লা পেচন, ইটালি- ফ্ৰোট ডিল্লা পেচনে, ৰোমান -ফ্ৰোক্টল পেইচুনি, স্বিডিচ- পেচন ফ্ৰোক্ট, ভিয়েটনাম- কুৱা চাহ্ লিঅ’, টাৰ্কি- চাৰকোফেলেক মেভে’চি, গ্ৰীক- ফ্ৰোটো ডি পেচন, জাৰ্মান- পেচন ফ্ৰোক্ট, প’ৰ্টুগাল- মাৰাকুজা, হাৱাই- ইল্লেক’য়।

ভাৰতীয় ভাষাত ইয়াৰ নাম সমূহঃ

হিন্দী- কৃষ্ণা ফল
তেলেগু – কৃষ্ণা কামলা পাণ্ডো
বাংলা-আবেগ ফল
কানাড়া- উৎসা হান্নু
তামিল আৰু মলয়ালম- পেচন ফ্ৰুট

অসমীয়াত লতা বেলৰ আন কেইটিমান নাম হ’ল-
খাচিয়া বেল
মেওৱা বেল
ৰাস্না
চৰবতি টেঙা
ফুই টেঙা

 

লতা-বেল
লতা বেল

 

লতা বেল ক’ত ক’ত পোৱা যায়ঃ

বৰ্তমান বিশ্বৰ প্ৰায় সকলো গ্ৰীষ্মপ্ৰধান অঞ্চলত লতা বেল পোৱা যায়৷ অতি শীত বা বৰফযুক্ত পৰিবেশ এই লতাই সহ্য কৰিব নোৱাৰে৷ জানিবলৈ পোৱা মতে ইয়াৰ প্ৰাথমিক উৎপত্তি স্থল হ’ল ব্ৰাজিল, পাৰাগুৱে আৰু আৰ্জেন্টিনা। আকৌ ১৮৮০ চনৰ আগৰ পৰাই অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ সমুদ্ৰ তীৰত লতা বেল আছিল বুলি জনা যায়৷ অষ্ট্ৰেলিয়াৰ পৰা লতা বেলৰ গুটি নি হাৱাই দ্বীপপুঞ্জত বাগিচাৰূপে ৰোপন কৰা হয় ৷

     ব্যৱসায়িক ভিত্তিত ইয়াৰ ৰোপন আমেৰিকা, নিউজিলেণ্ড, দক্ষিণ ফ্লৰিদা, পূব আৰু দক্ষিণ আফ্ৰিকা আৰু ভাৰত আদি দেশত কৰা হয়৷ আমাৰ অসমতো কিছুমান নাৰ্চাৰীত লতা বেলৰ পুলি কিনিবলৈ পোৱা যায়৷

লতা বেল গছৰ বৰ্ণনাঃ

এজোপা লতা বেল নিজৰ দীঘল দীঘল পাক লগা আগৰ (Tendril) সহায়ত ২০ফুট পৰ্য্যন্ত বগাই যায়৷ গছৰ আয়ুস ৫ ৰ পৰা ৭ বছৰ৷ এটা পুলি  ১২ ৰ পৰা ১৫ মাহৰ ভিতৰত ডাঙৰহৈ ফুল ফুলে৷ ২ ৰ পৰা ৩ ইঞ্চি ব্যাসৰ ফুলপাহ দেখিবলৈ বৰ শুৱনি – ঔ ফুলৰ নিচিনা৷ লতা বেলৰ ফুলে পাৰাগুৱে দেশৰ  ৰাষ্ট্ৰীয়  পুষ্পৰ স্বীকৃতি লাভ কৰিছে৷  মৌ-মাখিৰ সহায়ত পলিনেচন হয় আৰু তাৰ ৭০-৮০ দিন পিছত গছত সেউজীয়া বৰণৰ ফল লাগে৷ ফল পূৰঠ হলে প্ৰজাতি অনুসৰি হালধীয়া বা বেঙুনীয়া বৰণ লয়৷ তিনিকোণীয়া পাতৰ বৰণ ডাঠ সেউজীয়া৷ আঢ়ৈ বা তিনি ইঞ্চি বহল ফলৰ আকৃতি ঘূৰণীয়া বা ডিম্বাকৃতিৰ হয়৷ ফলৰ বাহিৰখন মিহি আৰু উজ্বল৷ ইয়াৰ ডাঠ ছালৰ ভিতৰত মুগা বা ক’লা বৰণৰ দুই-আঢ়ৈশ গুটি থাকে৷ ফলৰ ভিতৰত পাতল জালেৰে আৱৰি কিছু পৰিমাণৰ ৰস থাকে৷ ইয়াৰ এটা স্বকীয় সুবাস আৰু টেঙা-মিঠা স্বাদ থাকে ৷

লতা-বেল
লতা বেল

লতা বেলৰ সাধাৰণতে দুটি প্ৰজাতি দেখা যায় –

হালধীয়া (Golden Passion Fruit) আৰু বেঙুনীয়া (Purple Passin Fruit / Passiflora edulis)৷ স্বাদত দ্বিতীয় বিধ বেচি মিঠা আৰু ৩৫ শতাংশ বেচি ৰসাল৷ এই দুয়োবিধৰ মিশ্ৰণৰে অনেক হাইব্ৰিড  বৰ্তমান সৃষ্টি কৰা হৈছে৷

লতা বেলত কি কি লাগতিয়াল তত্ব থাকেঃ 

লতা বেল ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট আদিৰে পৰিপূৰ্ণ৷ ইয়াত পানীৰ পৰিমাণ হ’ল ৭০ শতাংশ৷

১০০ গ্ৰাম ফলত শক্তি থাকে ৯৭ কেলৰি৷
কাৰ্বহাইড্ৰেট ২২.৪ গ্ৰাম
প্ৰটিন ২.২ গ্ৰাম
ফেট ৭০০ মিলিগ্ৰাম
ডায়েটেৰী ফাইবাৰ ১০.৪ গ্ৰাম (অৰ্থাৎ ২৭ শতাংশ) ৷
আৰু আছে – লাইকোপেন, বিটা-কেৰটিন; ভিটামিন -এ, ভিটামিন – বি২, ভিটামিন -বি৩, ভিটামিন -বি৬, ভিটামিন -বি৯,  কলিন, ভিটামিন – কে, ভিটামিন -চি; খনিজসমূহ হ’ল আয়ৰণ, কেলচিয়াম, জিংক, মেগনেচিয়াম,  ফচফোৰাচ,  ক’পাৰ, প’টেচিয়াম (৩৪৮মিলিগ্ৰাম),চ’ডিয়াম (২৮ মিলিগ্ৰাম) ৷

লতা বেল কি দৰে ইয়াৰ সেৱন কৰা হয় ?
  • কেঁচাই চোবাই খাবলৈ হলে – ফলটো ফালি লৈ ভিতৰৰ অংশ চামুচৰে ভালকৈ ৰুকি খাব পাৰে ৷
  • ভিতৰৰ অংশ পানীৰ সৈতে মিহলাই ৰুচি অনুসৰি সামান্য লোণ আৰু চেনি মিহলাই চৰবত বনাই খাব পাৰে ৷ যাৰ জুতি আৰু সুবাস অপূৰ্ব ৷ শ্ৰীলংকা,  ইণ্ডোনেচিয়া আৰু চিংগাপুৰৰ ৰোষ্ট্ৰোৰাসমূহত নিয়মিতভাবে এনে চৰবত পৰিবেশন কৰা হয় ৷
  • সম্পূৰ্ণ ফলটো ভিতৰৰ অংশসহ সৰু সৰুকৈ কূটি দাইল বা নিৰামিখ আঞ্জাত দি নহলে মাছৰ সৈতে সুস্বাদুকৈ ৰান্ধি খাব পাৰে ৷ এনেদৰে ৰন্ধা আঞ্জাৰ জোলখন দেখিবলৈ আৰু স্বাদটো ঔটেঙাৰ সদৃশ্য ৷
  • আন আন পাচলিৰ সৈতে চালাডৰ মিশ্ৰণ কৰি খাব পাৰে ৷
  • জাম,জেলি ইয়াৰ পৰা বনাই খাব পাৰে ৷
  • দৈ, আইচক্ৰিম, চীজ-কেক,ফলৰ চালাড আদিৰ মিশ্ৰণতো লতা বেল ব্যৱহৃত হয় ৷
  • সুবাস বঢ়াবলৈ লতা বেলৰ ৰস আন আন চৰবতৰ সৈতে মিহলোৱা হয় ৷

লতা বেলৰ উপকাৰিতাসমূহঃ

বিখ্যাত ফ্লৰিডা বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ বহু ঠাইত লতা বেলৰ উপকাৰিতাৰ বিষয়ে অনেক গবেষণা পত্ৰ প্ৰকাশিত হৈছে ৷ তলত চমুকৈ ইয়াৰ উপকাৰিতাৰ  তালিকাখন ডাঙি ধৰা হল-

(১) শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰাত সহায়ক- ভিটামিন-চি, কেৰ’টিন, ক্ৰিপ্তঝেনথিন  আৰু আন আন এন্টি অক্সিডেন্টৰ  উপস্থিতিৰ বাবে এয়া সম্ভৱপৰ ৷

(২) কেঞ্চাৰ প্ৰতিৰোধক- অহিতকাৰী ফ্ৰি-ৰেডিকেলৰ বিনাশ ঘটাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ৷  বিশেষকৈ মুখ গহ্বৰৰ,কল’নৰ আৰু হাওঁফাওঁৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত ভূমিকা আছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ ৷

(৩) পাক প্ৰণালীৰ ক্ষেত্ৰত উপযোগিতা- পৰ্য্যাপ্ত ফাইবাৰৰ উপস্থিতিৰ বাবে খাদ্য সহজে হজম হয়, পাক প্ৰণালীৰ নাড়ীসমূহৰ চলাচল সুগম হয় আৰু শৌচ খোলোচা হয় ৷

(৪) চকুৰ সুস্বাস্থ্যত ভূমিকা- ঘাইকৈ ভিটামিন-এ ৰ উপস্থিতিৰ বাবে কুকুৰিকণা, কেটেৰেক্ট,  মেকুলাৰ ডিজেনেৰচন আদি ৰোধ হয় ৷

(৫) ৰক্তচাপ নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা – প’টেচিয়ামৰ উল্লেখনীয় ভূমিকা হ’ল তেজৰ নলী বহলাই দিয়া (Vasodilator action) – যাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস পায় ৷ তদুপৰি প’টেচিয়ামে  দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত লাগতিয়াল ভূমিকা পালন কৰে ৷

(৬) দেহৰ তেজ চলাচল সুগম কৰে – ক’পাৰ,আইৰণ আৰু প’টেচিয়ামৰ বাবে এয়া সম্ভৱপৰ ৷

(৭) হাঁড়ৰ সুৰক্ষাত লোৱা ভূমিকা – আয়ৰণ, কেলচিয়াম, জিংক, মেগনেচিয়াম, ফচফোৰাচ,  ক’পাৰ আদি খনিজসমূহৰ বাবে এয়া সম্ভৱ ৷ হাঁড়ৰ ক্ষয় আৰু বাত বিষ জাতীয় ৰোগ ই প্ৰতিৰোধ কৰে ৷

(৮) চৰ্মৰ উজ্বলতা বঢ়ায়, বয়সৰ আঁচোৰ ৰোধ কৰাত ভিটামিন-এ সহায়ক ৷

(৯) হাঁপানি, হুপিং কাহ, চৰ্দি আৰু শ্বাস ৰোগৰ নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা – লতা বেলত থকা হাৰমান নামৰ এলকেলইডে হিষ্টামিনৰ ক্ৰিয়াক বাধা দিয়ে,যাৰ ফলত হাঁপানিৰ লক্ষণসমূহ হ্ৰাস পায় ৷

  (১০) মানসিক স্বাস্থ্য ৰক্ষাত ভূমিকা-  ই  মানসিক চাপ বা ষ্ট্ৰেচ আৰু মনৰ অস্থিৰতা  কমায় ৷ নিদ্ৰা অনাত সহায়ক হয় ৷ এলকেলইড হাৰমান আৰু আন ৰাসায়নিক তত্বৰ বাবেই ই মস্তিষ্কৰ বাবে উপকাৰী ৷

সাধাৰণ সতৰ্কীকৰণঃ 

– কাচিৎ কোনো ব্যক্তিৰ ক্ষেত্ৰত এলাৰ্জি দেখা দিলে লতা বেল সেৱন নকৰিব ৷ লেটেক্স এলাৰ্জি থকা লোকৰ এই ফলৰো এলাৰ্জি হব পাৰে ৷

– আকৌ ডায়েবেটিজ ৰোগীয়ে অত্যধিক পৰিমাণত ইয়াৰ সেৱন নকৰিব ৷ অন্যথাই তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি হব পাৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here