হোম কোৱাৰেন্টিন কি? ক’ৰণা ভাইৰাছৰ সংমণৰ লক্ষণ

ৰণা ভাইৰাছৰ সংমণৰ লক্ষণ:

 

চৰ্দি, ডিঙিৰ বিষ, কাহ, মূৰৰ বিষ, বুকুৰ বিষ, জ্বৰ, হাঁচি, অৱসাদ, শ্বাসকষ্ট, নিউমনিয়া আৰু কোনো কোনো ক্ষেত্ৰত ডায়েৰিয়া আৰু বমি।

 

এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ যায়। বয়স্কসকল সহজে আক্ৰান্ত হব পাৰে। ইতিমধ্যে যিসকলে কাহ, নিউম’নিয়া, শ্বাসনলীৰ ব্যাধিত ভুগা বা অন্যান্যধৰণে অসুস্থ ৰোগীৰ দুৰ্ভাৱনা অধিক। কৰনা আক্ৰান্তই শ্বাসকষ্ট, কিডনীৰ সমস্যা, ডায়েৰিয়াত ভুগিব পাৰে আৰু শেহত মৃত্যুক সাবটিও লবলগা হব পাৰে। হিউমেন কৰনা ভাইৰাছৰ সঠিক চিকিৎসাৰ উপায় উদ্ভাৱন হোৱা নাই। ভেকচিনৰ গৱেষণা চলিআছে।

হোম কোৱাৰেন্টিন কি?

কৰনা ভইৰাছৰ এক প্ৰতিৰোধমূলক ব্যৱস্থাৰ নাম হোম কোৱাৰেন্টিন যাতে জনসমাগমলৈ আহি ৰোগ বিয়পাব নোৱাৰে তাৰ বাবে প্ৰাৰম্ভিক চৈধ্য দিন নিজ গৃহত আবদ্ধ হৈ ৰোগ প্ৰতিৰোধৰ চেষ্টা চলোৱা এক সুৰক্ষা মূলক ব্যৱস্থা। এই বিধ ভাইৰাছে সৃস্টি কৰা কোবিদ-১৯ ৰোগৰ লক্ষণ প্ৰকাশ পাবলৈ চৈধ্য দিন সময় লাগে। গতিকে এইকেইদিন ৰোগত আক্ৰান্ত হব পৰা সন্দেহজনক ব্যক্তিগৰাকীক গৃহতে আৱদ্ধ হৈ থাকিবলৈ দি পৰ্যবেক্ষণ কৰা হয়।

কোৱাৰেন্টিন হব লগা হলে ব্যক্তি জনে নিজৰ শোৱনি কোঠাত থাকক, সম্ভৱ হলে পৃথক শৌচাগাৰ, স্নানাগাৰ ব্যৱহাৰ কৰক। নিজৰ কাপোৰ কানি নিজেই ধোৱাক আৰু নিজেই ব্যৱহাৰ কৰক, নিজৰ কাপোৰ কানি বেলেগক ব্যৱহাৰ কৰিবলৈ নিদিবপৰিয়ালৰ সদস্যৰ সতেও সাক্ষাৎ বন্ধ কৰক। কিবা কাৰণত মুখামুখি হবলগা হলে মাস্ক পৰিধান কৰক আৰু যতসম্ভৱ দূৰত্ব বজাই ৰাখক। বাৰে বাৰে হাত পৰিষ্কাৰ কৰক। হাতেৰে স্পৰ্শ কৰা আচবাবসমূহো বীজাণুনাশ কৰে পৰিষ্কাৰ কৰক। পৰিজিভবুলি চিহ্নিত হলে জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব।

কৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লবলগীয়া পদক্ষেপ

 

·        জনবহুল ঠাইলৈ নাজাব যাব। বিনাকাৰণত এথাইৰ পৰা আনথাইলৈ নাযাব।

·        পানী-লগা, চৰ্দি, কাঁহ বা জ্বৰ হৈ থকা ব্যক্তিৰ পৰা কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখিব।

·        পানী-লগা, কাহ বা জ্বৰ হলে মুখত মাস্কপৰিধান কৰক।

·        সঘনাই হাত ধোৱক। চাবোনেৰে হাত ধুলে কমেও ১ মিনিট সময় ঘঁহিব।

·        এলকহলযুক্ত চেনিটাইজাৰেৰে হাত পখালক।

·        অপৰিষ্কাৰ হাতেৰে চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব।

·        কৰমৰ্দন আৰু আলিংগন পৰিহাৰ কৰক।

·        ভালকৈ সিজোৱা খাদ্যহে গ্ৰহণ কৰক।

·        ব্যৱহৃত ৰুমাল ভালকৈ ধোৱক।

·        ব্যৱহৃত টিছ্যুঢাকনি থকা ডাষ্টবিনতহে পেলাব।

·        যদি আপুনি বা পৰিয়ালৰ কোনো সদস্য কৰনা ভাইৰাছ আক্ৰান্ত স্থানৰ পৰা ভ্ৰমণ কৰি আহিছে তেন্তে সেই তথ্য ওচৰৰ স্বাস্থ্য কেন্দ্ৰত তৎকালীনভাৱে দাখিল কৰক।

      

অসম চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা

 

·        অসমৰ সকলো বিমান বন্দৰতে ২৪ ঘন্টীয়া নিৰীক্ষণ শিবিৰ স্থাপন কৰা হৈছে।

·       ২৪ ঘন্টীয়া নিৰীক্ষণ কক্ষ অসমৰ সকলো জিলাতে স্থাপন কৰা হৈছে।

·  অসমৰ সকলো মেডিকেল কলেজ, চিকিৎসালয় আৰু সকলো জিলাতে এই ৰোগত আক্ৰান্ত হোৱা ৰোগীক আছুতীয়াকৈ ৰাখিবলৈ বাবে বিশেষ কক্ষৰ ব্যৱস্থা কৰা হৈছে

·        এম্বুলেঞ্চ সেৱা পৰ্যাপ্ত পৰিমাণে অসমৰ সকলো জিলাৰ চিকিৎসালয়তে ৰখা হৈছে।

·   এই ৰোগ পৰীক্ষা কৰিব পৰা ব্যৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত কৰা হৈছে।

·      এই ৰোগৰ বিষয়ে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।

·     এই ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে বিশেষ ধৰণৰ প্ৰশিক্ষণ অসমৰ চিকিৎসা কৰ্মীক দিয়া হৈছে।

উৰাবাতৰিক প্ৰশ্ৰয় নিদিব। যিকোনো তথ্য আৰু সহায়ৰ বাবে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰক।

অসমৰ বাবে হেল্পলাইন নম্বৰ- ৬৯১৩৩৪৭৭৭০

আপোনাৰ সজাগতাই কৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰি

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles