হিমা দাস কোন? || Who is Hima Das??? the most google search topic
অনিচ্ছাস্বতেও এই কলমটো লিখিব লগীয়া হ’ল
Hima Das
Google অত এই কেইদিন ভাৰতীয় মানুহে আটাইতকৈ অধিক search কৰা বিষয়বস্তু কি বাৰু?
বিশ্বকাপ ফুটবল ২০১৮ ? নে লোকা মড্ৰিক?
নে হেৰি কেন ? নে হিমা দাস?
নাইবা নৰেন্দ্ৰ মোডীক অত্যাধিক search কৰিছে নেকি ভাৰতীয় সকলে ?
ওপৰৰ সাম্ভাৱ্য এটাও নহয় |অৱশ্যে যিকেইটা আচলতে অত্যাধিক search হোৱাৰ সম্ভাৱনা আছিল |
এইকেইদিনত search হোৱা বিষয়টি হ’ল, ভাৰতীয় স্বৰ্ণকন্যা হিমা দাসৰ জাত কি ? মানে ‘
caste of Hima Das”
কি যে বিড়ম্বনামূলক এই দেশৰ বাবে |
কেৰেলা,মহাৰাষ্ট্ৰ ,ৰাজস্থান ,গুজৰাট আদি ৰাজ্যত এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ লগাই দিছে |অসমকে ধৰি বাকী ৰাজ্যবোৰতো কম নহয় এই প্ৰশ্নৰ সন্ধান কৰোতা | কিন্তু কিয় ? আমিতো কোনো দিন শচীন তেণ্ডুলকাৰ ,বিৰাট কোহলি ,ৰাজ্যবৰ্ধন ৰাথোড় বা আন কোনোবা চুপাৰষ্টাৰৰ জাত কি সন্ধান কৰি Google তল-ওপৰ কৰা নাই | আচলতে মহান ভাৰতবৰ্ষত জাত -পাতৰ নিলৰ্জ্জ ধ্যান-ধাৰণাবোৰ প্ৰশমিত হোৱা নাই
নেকি ? হিমা দাস অনুসূচিত জাতিৰ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই অনাত একাংশ দেশবাসীৰ বাবে অসুবিধাজনক বা যন্ত্ৰণাদায়ক হৈছে নেকি ?
কথাবোৰ আচলতে তেনেকুৱাই |এতিয়াও জাত-পাতৰ কলীয়া ডাৱৰে দেশত মূষলধাৰে বৰষুণ দি আছে | কিন্তু আমি মনত ৰাখিব লাগিব যে ,হিমাই কিন্ত ফিনলেণ্ডত অসমীয়াৰ গামোচাখন আৰু ৰাষ্ট্ৰীয় পতাকাখনহে লৈ আনন্দত আত্মহাৰা হৈছিল,জাত -পাতৰ ঠেক চিন্তাবোৰ কঢ়িয়াই আত্মহাৰা হোৱা নাছিল | তেন্তে ভাৰতীয়সকলে হিমাৰ জাত বিচাৰি ৰাষ্ট্ৰৰ মান-মৰ্যাদা লাঘৱ কৰা নাইনে ?এই কথাবোৰ হিমাৰ বিদেশৰ প্ৰতিদ্বন্দীয়ে গম পালে অলিম্পিকৰ ফাইনেল ৰাউণ্ডত হিমাক ক’ব ….
Hello Hima ! You are scheduled Caste !
তেতিয়া বাৰু দৌৰিব পাৰিবনে?
হিমাৰ জাত বিচাৰি Google চলাথ কৰাসকলে তলৰ ছবিখন চালেই হ’ল |
