liver chronic disease || লিভাৰ চিৰচিচ কিয় হয়?
চিৰোচিচ বা লিভাৰ চিৰচিচ নামৰ ৰোগৰ কথা আমি বহুতেই জানো। কিন্তু জন্ডিচ বুলি কলে আমি যিমান বিচলিত হওঁ, লিভাৰ চিৰচিচৰ কথাটোত আমি ঠিক সিমান নহওঁ। অথচ বিশ্বব্যাপী পঞ্চাশ মিলিয়ন লোক এই ৰোগত আক্রান্ত। এই ৰোগত লিভাৰ তথা যকৃতৰ শেষ পর্যায়ত দীর্ঘস্থায়ী প্রদাহৰ কাৰণে ইয়াৰ স্বাভাবিক কাঠামো স্থায়ীভাবে বিনষ্ট হয়। ফলত ইয়াৰ কার্যক্ষমতা লাহে লাহে কমি গৈ থাকে। এটা পর্যায়ত লিভাৰ দুর্বলতা জনিত জটিলতাত ৰোগী মৃত্যু মুখত পৰে। লিভাৰৰ নিস্ক্রিয়তা, লিভাৰ ক্যান্সাৰ আৰু লিভাৰ জনিত মৃত্যুৰ অন্যতম কাৰণ হল এই চিৰচিচ।
চিৰচিচ শব্দটোৰ প্রথম ব্যাখ্যা আগবঢ়াই বিখ্যাত ফৰাচী বিজ্ঞানী ডাঃ ৰিনে লেনেকে (Rene Laennec) ১৮১৯ খ্রীষ্টাব্দত । শব্দটি আহিছে গ্রীক শব্দ কিৰাচৰ (Kirrhos) পৰা। যাৰ অর্থ হালধীৰ দৰে হালধীয়া ৰঙ, যিটো লিভাৰৰ দীর্ঘস্থায়ী প্রদাহৰ বাবে ৰোগীৰ শৰীৰত দেখা যায়। আমি জানু যে যকৃত বা লিভাৰ হল মানুহৰ শৰীৰৰ এটি অতি গুৰুত্বপূৰ্ণ অঙ্গ। পিত্ত নিঃসৰণৰ দ্বাৰা খাদ্য হজম হোৱাৰ পৰা আৰম্ভ কৰি শৰীৰৰ যাৱতীয় বিপাকীয় কার্যাৱলী লিভাৰৰ দ্বাৰা সম্পাদিত হয়। গতিকে লিভাৰৰ অসুস্থতাৰ ফলাফল ব্যাপক ও ভয়াবহ হয় । বিভিন্ন কাৰণত লিভাৰ চিৰচিচ হব পাৰে। কাৰণ যিয়েই হওঁক নূন্যতম ছয় মাহধৰি প্রদাহ নহলে লিভাৰৰ স্বাভাবিক গঠন পৰিৱর্তণ নহয়। লিভাৰ চিৰচিচ হবলৈ কমপক্ষেও ৪-১০ বছৰ সময় লাগে। ভাৰতত চিৰচিচৰ প্রধান কাৰণ শৰীৰত হেপাটাইটিচ ‘বি’ ভাইৰাছৰ সংক্রমণ।
ইয়াৰ ওপৰিও অন্যান্য কাৰণ সমূহ হল :-
ৰোগী যদি নূন্যতম ছয় মাহ বা তাতকৈ বেচিদিন এই কাৰক সমূহত আক্রান্ত হৈ থাকে তেনে হলে লিভাৰত দীর্ঘ ম্যায়াদী প্রদাহৰ সৃষ্টি হৈ চিৰচিচলৈ ৰুপান্তৰিত হয়। এই ৰোগৰ আৰম্ভনিতে কোন ধৰণৰ উপসর্গ নাথাকে বুলিয়েই কব পাৰি। কিন্তু লাহে লাহে ৰোগী শাৰীৰিক দুর্বলতা, ভুক নলগা, পেট ফোঁলা, হজমৰ বিসংগতি এনে বোৰ নানা ধৰণৰ সমস্যা বাবে চিকিৎসকৰ কাষ চাপে। আটাইতকৈ ভয়াৱহ কথাটো হল বেমাৰটো অতি বৃদ্ধি নোহোৱা পৰ্যন্ত আক্ৰান্ত ৰোগী কোনো শাৰীৰিক সমস্যা বা ৰোগৰ কোন লক্ষণ দেখা নাযায়।
Compensated Cirrhosis-
দ্ব্বিতীয়ত- Decompensated Cirrhosis.
চিৰচিচ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ লক্ষণীয় দিশ সমূহঃ-
লিভাৰ চিৰচিচৰ পৰৱৰ্তী জটিলতা কিছু লক্ষণ এনে ধৰণৰ-
ডিঙীৰ ৰক্তনলী টান হৈ যোৱা আৰু ৰক্তক্ষৰণ, বাৰে বাৰে অজ্ঞান হৈ পৰা, পেট ও শৰীৰত পানী জমা, জন্ডিচ, কিডনিৰ বিকলতা, প্রস্রাবৰ সমস্যা ইত্যাদি।

ৰোগ প্রতিৰোধৰ বাবে অগ্রসৰ হোৱাৰ পূর্বে ৰোগ নির্ণয়েই হল এই ৰোগৰ পৰা বচাৰ একমাত্ৰ উপায়। যেহেতু হেপাটাইটিচ ‘বি’ ভাইৰাচ সংক্রমণেই এই ৰোগৰ প্রধান কাৰণ, সেহে হেপাটাইটিচ ‘বি’ ৰ সংক্রমনণ প্রতিৰোধ কৰা জৰুৰী। তাৰ বাবে হেপাটাইটিচ ‘বি’ ৰ চিতা লব লাগে, নিৰাপদ ৰক্ত গ্ৰহণ, ডিচপজেবল বেজি ব্যবহাৰ আৰু ব্লেড, ৰোজৰ, ব্রাচ, ক্ষুৰ আদি যেন বহুতে ব্যবহাত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে। ‘বি’ ভাইৰাচত আক্রান্ত মাহিলা গর্ভবতী হলে সন্তান জন্মদিয়াৰ লগে লগে দুই ধৰণৰ চিতা দিয়া বাঞ্চনীয়। ইয়াৰ উপৰি পৰিয়ালৰ কোনো এজন ব্যক্তি চিৰচিচত আক্ৰান্ত হলে বাকী সদস্যসকলেও সাৱধানতা অৱলম্বন কৰিব লাগে আৰু প্ৰযোজন অনুসৰি লিভাৰ ৰোগৰ বিশেষজ্ঞ সৈতে পৰামৰ্শ গ্ৰহণ কৰিব লাগে।