হালধি কিয় খাব লাগে?
হালধিক আয়ুবেৰ্দ শাস্ত্ৰত ৰক্ত শোধক, কফ, কৃমি, পিত্ত, বিষ, বায়ুনাশক, পাচনতন্ত্ৰৰ বাবে উপকাৰী হিচাপে ব্যৱহাৰ কৰা হয়।হালধিত আইৰণ, কেলছিয়াম, ফাইবাৰ, মেংগানিজ, পটেছিয়াম, ক’পাৰ, ভিটামিন- এ, বি, চি, ডি, কুৰকুমিন আদি উপাদান পোৱা যায়।
- হালধিৰ ৰস খালে তেজ পৰিষ্কাৰ হয়, তেজ বঢ়ায়।
- হালধিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।
- ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে।
- এণ্টি-অক্সিডেণ্ট গুণেৰে ভৰা হালধিয়ে কেঞ্চাৰৰ কোষ গঠনত প্ৰতিৰোধ কৰে।
- লিভাৰৰ যিকোনো সংক্ৰমণ প্ৰতিৰোধ কৰাত হালধি অতি উপকাৰী।
- পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা সঠিক ভাৱে ৰাখে।
- এণ্টিচেপটিক গুণ থকা হালধিৰ ৰসে ঘাঁ শুকুৱাত সহায় কৰে।
- হৃদযন্ত্ৰ সুৰক্ষিত কৰে,মেদবহুলতা কম কৰে।
- চৰ্মৰোগ, ছালৰ দাগ, ব্ৰণ, খৰ আদিত হালধিৰ ৰস উপকাৰী।
- জুয়ে পোৰাত হালধিৰ ৰস অতি উপকাৰী।
- হালধিয়ে মানসিক চাপ নিয়ন্ত্ৰণ কৰে, স্মৃতি শক্তি বঢ়ায়।
- আচিনাত কেঁচা হালধি পুৰি প্ৰলেপ দিলে সুফল পোৱা যায়।
- অৰ্শ ৰোগীয়ে কেঁচা হালধিৰ ৰস খালে উপকৃত হয়।
- হালধিৰ ৰস গাখীৰৰ লগত ৰাতিপুৱা খালে এলাৰ্জি জনিত সমস্যাত সুফল পোৱা যায়।
- কেঁচা হালধিৰ ৰস খালে বাত বিষত উপৰ্শম পোৱা যায়।
- পানীলগা, মূৰৰ বিষত কেঁচা হালধি পুৰি ধোৱা শুঙিলে উপৰ্শম পোৱা যায়।