আটলাচ
আটলাচ বাহিৰটো দেখিবলৈ খহতা যদিও ই অতি মঙহাল, সোৱাদযুক্ত এবিধ মিঠা ফল। অধিক মাত্রাত ভিটামিন, ফাইবাৰ, কপাৰ, চডিয়াম, পটেছিয়াম পোৱা যায় বাবে বিভিন্ন বেমাৰৰ লগত যুঁজ দিয়াৰ বাবে আটলাচে শৰীৰক ক্ষমতা যোগায়।
আয়ুৰবেদত ইয়াৰ বহু ঔষধি গুণৰ উল্লেখ আছে।
ডায়েৰীয়া হ’লে আটলাচৰ পাতৰ কাঢ়া বনাই উপশম নোহোৱালৈকে 15-30 মিলি গ্রামকৈ খাব লাগে। নতুবা আটলাচ চাঁত শুকুৱাই পিচি পাউদাৰ বনাই পানীৰ লগত উপৰোক্ত পৰিমানত খাব লাগে।
- ডায়েৰীয়া হ’লে আটলাচৰ পাতৰ কাঢ়া বনাই উপশম নোহোৱালৈকে 15-30 মিলি গ্রামকৈ খাব লাগে। নতুবা আটলাচ চাঁত শুকুৱাই পিচি পাউদাৰ বনাই পানীৰ লগত উপৰোক্ত পৰিমানত খাব লাগে।
- আটলাচে উচ্চ ৰক্তচাপনিয়ন্ত্ৰন কৰে। সেয়ে পাৰিলে নিয়মীয়াকৈ ইয়াক খোৱাৰ অভ্যাস কৰিব লাগে।
- মধুমেহ ৰোগীয়ে আটলাচৰ পাত চূৰ্ণ বনাই 1-3 গ্রাম নিয়মীয়াকৈ সেৱন কৰিব লাগে। ইয়াৰ বাবে পাত চাঁত শুকুৱাই গুড়ি কৰিব লাগে।
- সন্তান জন্ম দিয়াৰ পাছত দেখা দিয়া বিভিন্ন ধৰনৰ প্রসূতি জনিত ৰোগৰ বাবে আটলাচ খোৱাৰ ওপৰিও ইয়াৰ শিপাৰ চূৰ্ণ পানীৰ লগত মিলাই 15-30 মিলি গ্রামকৈ খাব লাগে।
- হিষ্টেৰীয়া ৰোগৰ বাবে ইয়াৰ পাতৰ ৰস উলিয়াই নাকত দিব লাগে।
- চালত হোৱা বিভিন্ন ধৰনৰ ঘা, খজুৱতিৰ বাবে আটলাচ শুকোৱাই গুড়ি কৰি পেষ্ট বনাই লগাব লাগে।
- চুলিত ওকনি হ’লে, ইয়াৰ বীজ পিচি লগাব লাগে। কিন্তু সাবধান হোৱাটো উচিত যে চকুত নালাগে, কাৰন ই চকুৰ বাবে অতি ক্ষতিকাৰক।
- যি সকলে ওজন বঢ়াব খোজে তেওঁলোকে আটলাচৰ লগত মৌ মিহলাই খাব লাগে।
- গাঁঠি ওখহা ৰোগত পকা আটলাচ কাটি নিমখ মিহলাই পেষ্ট বনাই লগাব লাগে।
- আটলাচত কপাৰ আৰু ফাইবাৰ আছে বাবে পাচন তন্ত্ৰ শক্তিশালী কৰে।
(সংগৃহীত)