সাপে কামোৰিলে কেনেকৈ জানিব বিষাক্ত হয়নে নহয়

⇒ সাপে খুঁটিলে আমাৰ পূৰ্বপুৰুষ সকলে কি কৰিছিল?
⇒ সাপে খুঁটিলে কেনেকৈ জানিব বিষাক্ত হয়নে নহয়?
⇒ এন্টিভেনম ইনজেকচন কত পোৱা যায়?
⇒ দোকানৰ সন্মুখত নেমু আৰু জলকীয়া কিয় আৰি থয়?
⇒ সাপে খুঁটিলে প্ৰাণ বছাবলৈ তাতক্ষণিক ভাবে কি মেডিচিন খোৱাব?

সাপে খুঁটিলে কেনেকৈ জানিব বিষাক্ত হয়নে নহয়

   যোৱা বছৰ জুলাই মাহৰ কোনোবা এটা দিনত ৰাতি প্ৰায় ১১ মান  বাজিছে। এজন যুৱক উধাতু খায় সোমাই আহিছে। যুৱক জনে খুব ঘনে ঘনে উশাহ লৈছে। ভয়ত একেবাৰে বিব্ৰত হৈ পৰিছে। তেওঁ ভৰিত সাপেখুঁটিলে। যুৱক জনে বছাবৰ বাবে মোক কাতৰ অনুৰোধ কৰিছে। মই ভয় নাখাবৰ বাবে অলপ সাহস দি বহিবলৈ কৈ সাপে খুঁটাৰ ঠাই দোখৰত ভালদৰে নিৰীক্ষণ কৰিলো। বিষধৰ সাপে কামোৰা তেনে কোনো লক্ষণ পৰিলক্ষিত নহল যদিও যুৱক জনে ভয়ত চিঞৰি আছে। যুৱক জনৰ দেহত কোনো ধৰণৰ বিষৰ প্ৰভাৱ নাই যদিও তেওঁ মগজুত বিষ অনুভৱ কৰি আছে।

সাপে-খুঁটিলে-কেনেকৈ-জানিব-বিষাক্ত-হয়-নহয়
প্ৰাণ বছাবলৈ তাতক্ষণিক ভাবে কি মেডিচিন খোৱাব?

   যোৱা ২০১৯ বৰ্ষৰ জুলাই মাহ, ৰাতি প্ৰায় ৯.৩০ মান বাজিছে। ধেমাজি জিলাৰ বৰদলনি এখন ভিতৰুৱা গাওঁৱৰ পৰা এজন যুৱকে ফোন কৰি জনালে তেখেতৰ পিতৃক সৰ্পই দংশন কৰিলে। কিছু বিষ অনুভৱ কৰিছে। তেখেঁতক জৰুৰী চিকিৎসাৰ প্ৰয়োজন। ইতিমধ্য কোভিড-১৯ ৰ পৰিপেক্ষিতত কঠোৰ লকডাউন চলি আছে, গতিকে তেখেঁতক আনিবৰ বাবে গাড়ীৰো অভাৱ। মই বিষয় টো গম্ভীৰ দেখি ধেমাজি চিভিল হস্পিটেলৰ স্বাস্থ্য বিষয়াক ফোন কৰিলো এন্টিভেনম ইনজেকছন খবৰ লবলৈ। আৰু তেখেঁতে থকা বুলি জনালে। কিন্তু এতিয়া লকডাউনৰ বাবে তেখেঁতক চিকিৎসালয়লৈ নিয়াত যথেষ্ট অসুবিধা সন্মুখীন হব লগা হৈছে। ইফালে সময় মতে সিকিৎসালয়ত নাপালে সৰ্পই দংশন কৰা লোকজনৰ জীৱনলৈ সংকট আহিব। গতিকে এনে অৱস্থাত আমি এটা কথা জনাতো অতি জৰুৰী । ব্যক্তিজনক দংশন কৰা সাপটো বিষাক্ত নে বিষহীন।

গতিকে আমি আজি আলোচনা কৰিম সৰ্পই দংশন কৰিলে কি কৰিব, দংশন কৰা সাপটো বিষাক্ত নে বিষহীন কেনেকৈ জানিব তাৰ এটা সহজ উপায় আছে। যিটো পদ্ধতি অৱলম্বন কৰি আমাৰ পূৰ্ব্বপুৰুষ সকলে নিৰ্ণয় কৰিব পাৰিছিল সৰ্প বিষহীন নে বিষাক্ত, লগতে বিষাক্ত সাপে খুঁটিলে এটা ফলপষু হোমিঅপেথিক মেডিচিন আছে। এই মেডিচিন কেনেকৈ ব্যৱহাৰ কৰিব তাৰ বিষয়েও সবিশেষ জনাম।

   আমাৰ দেশত প্ৰতি বছৰে ৮১ হেজাৰ লোক সৰ্প দংশনৰ স্বীকাৰ হয় আৰু তাৰ প্ৰায় ১১ হেজাৰ লোকৰ মৃত্যু হয়। বৰ্তমান যিহেতু পৃথিৱীত ১৫ টা পৰিয়ালৰ প্ৰায় ২,৯০০ টাতকৈও বেছি প্ৰজাতিৰ সাপ আছে। ইয়াৰ কেইবিধ মান বিষাক্ত বা প্ৰাণঘাটী বিষ যুক্ত, বাকীবোৰ প্ৰায় বিষ হীন।

যেতিয়া এজন মানুহক সাপে খুটেঁ তেতিয়া প্ৰথম খুঁটাৰ থাইত বিষ হব চালত কাঁইটে ফোটাৰ দৰে হব আৰু তেজ ওলাব আৰু লগতে যেতিয়া সাপে খুঁটা  বুলি মানুহজনে গম পায় তেতিয়া মৃত্যুৰ ভয়ত বিব্ৰত হৈ পৰে ফলত হৃদস্পদন দ্ৰুত হব বা উশা নিশাহ ঘন ঘন হব আৰু কিছুমান মানুহ ভয়ত সংজ্ঞাহীন হৈ পৰাও দেখা যায়। কিছুমান মানুহৰ আকৌ সৰ্প দংৰ্শনত মৃত্যু নহৈ সাপে কামোৰা পাছত ভয়ত হাৰ্ট এটেক হৈ হে মৃত্যু হয়।

   যেতিয়া মানুহ জনক সাপে খুঁটিব তেতিয়া মানুহজনৰ সেই ঠাইদোষৰত ১৫/২০ মিনিটৰ ভিতৰত ৰঙা পৰি ফোলি উঠিব আৰু অত্যন্ত বিষ হব। কিছুমানৰ বমি হব, কাৰণ সাপে খুটাঁৰ পাছত ব্যক্তি জনে সাংঘাটিক ভয় খায় আৰু ভয়ত বমি হয়, মূৰ অচন্দাই কৰে আদি সমস্যা হয়। কিছুমান সাপে খুঁটা প্ৰায় এক ঘন্টা মানৰ পিছতেই  ব্যক্তি জনৰ দেহ নীলা হৈ যায় আৰু দেহৰ সকলো অংগতে তেজ গুট মাৰে। লগতে নাক, কানে, মুখেৰে তেজ ওলায়, আৰু ৪-৫ ঘন্টাৰ মানৰ ভিতৰত কিডনি, হৃদপিণ্ড আদিৰ কাৰ্য বন্ধ হৈ ব্যক্তি জনৰ মৃত্যু মুখত পৰিব পাৰে। এনেবোৰ সাপৰ বিষক  হেমৰাজিক বিষ বুলি  কোৱা হয়।

   কিছুমান সাপে খুঁটিলে কামোৰা ঠাইত অৰ্থাৎ যদি হাতত কামোৰে তেনে হলে কামোৰা অংশৰ পৰা লাহে লাহে ওপৰলৈ অন্তসাৰশূণ্য হৈ আহিব অৰ্থাত পেৰেলাইছিচ হৈ আহিব। হয়তো কোনোবা এটা অংগ অথবা গোটেই দেহটোয়েই পেৰালাইচিছ হৈ যাব পাৰে। ব্যক্তিজনৰ ডিঙিত কিবা লাগি থকাৰ দৰে হব আৰু লাহে লাহে উশাহত কষ্ট হব, দেহত অক্সিজেনৰ অভাৱ ঘটিব আৰু ব্যক্তিজনৰ মৃত্যু হব। ১৫-২০ মিনিটৰ ভিতৰত মৃত্যু হব। চিকিৎসাৰ বাবে একেবাৰে সময় নাথাকিব। ইমান দ্ৰুত গতিত ইয়াৰ বীষে কাম কৰে। এই ধৰণৰ সাপৰ বিষক নিউৰলজিক বিষ বুলি কোৱা হয়।

   হেমৰেজিক বিষ যিবোৰ সাপৰ থাকে সেইবোৰ সাপে খুঁটিলে ব্যক্তি জনৰ হাতত যথেষ্ট সময় থাকে। আৰু প্ৰায় আমাৰ গাওঁ বোৰত সাপে খুঁটিলে বেজৰ ওচৰত জৰা ফুকা দেখিবলৈ পোৱা যায়। এনে কৰিলে ব্যক্তিজনৰ মৃত্যু সম্ভাৱনা থাকে। গতিকে সাপে খুঁটিলে পলম নকৰি জিলা স্বাস্থ্য কেন্দ্ৰলৈ যাব লাগে আৰু এন্টি ভেনম ইনজেকচন দিব লাগে। সময়ত এন্টি ভেনম ইনজেকচন পালে ৰোগীৰ জীৱন ৰক্ষা পৰিব।

   এতিয়া আৰু এটা সমস্যা হয়। সাপে খুঁটাৰ লগে লগে আমাৰ মানুহৰ মনত ইমান বেছি ভয় সোমায় যায় যে একেবাৰে জীৱনৰ যেন সকলো আশা ভৰষা সতম। মই প্ৰথমেই উল্লেখ কিৰিছো এজন যুৱকৰ কথা যি একেবাৰে মানে গাত যেন বল শক্তি শতম হৈ গল, উশাহ নিশাহ লৈ যেনে তেনে জীয়াই আছে এনেকুৱা অৱস্থা। মই তেখেঁতক ইমান  আস্বস্ত কৰিবলৈ চেষ্টা কৰিছো তথাপিতো তেখেঁতৰ অস্থিৰতা কমাবৰ বাবে যথেষ্ট সময় লাগিছিল। মেডিছিন দিয়া পাছতহে তেখেঁতৰ মানসিক স্থিতি সুস্থিৰলৈ আহিছিলো।

   ঠিক এনেদৰেই ভয়ত প্ৰায় ৩০ শতাংশ মান মানুহে সাপে খুঁটাৰ পাছত হাৰ্ট এটেক আহি মৃত্যু হয়। গতিকে সাপে কামোৰা ব্যক্তি জনে ভয় খাব নালাগে। ধৰ্য্য সহকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহন কৰিব লাগে।

খুঁটাৰ সাপটো বিষাক্ত নে বিষ হীন তাক কেনেকৈ নিৰ্ণয় কৰিব।

   আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ কিছুমান ব্যবসায়ীক প্ৰতিষ্ঠান বা কিছুামান দোকানৰ সন্মুখত এটা নেমু টেঙাৰ সৈতে দুটামান জলকীয়া চিলাই ওলমাই থৈ দিয়া হয়। কিছুমান মানুহৰ মাজত এটা বিশ্বাস আছে যে ধনৰ অধিস্থাত্ৰী দেৱী লক্ষীৰ ভনীয়েকৰ নাম অলক্ষী অৰ্থাত কুলক্ষণী। আৰু এই অলক্ষীয়ে মানুহৰ ঘৰত প্ৰৱেশ কৰিলে মানুহে দৰিদ্ৰ হয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ প্ৰবেশ কৰিলে প্ৰতিষ্ঠানটোৱেই দেওলীয়া হয়। এই নেমু আৰু জলকীয়া এই কাৰণেই বান্ধি থোৱা হয় যে অলক্ষী বোলে টেঙা আৰু জলা বৰ প্ৰিয়। আৰু এই টেঙা আৰু জলা মানুহৰ যেতিয়া প্ৰৱেশ পথতে আৰি থোৱা হয় তেতিয়া অলক্ষীয়ে আহিলে প্ৰবেশ পথতে টেঙা আৰু জলা খায় আনন্দ মনেৰে নাচি নাচি দুৱাৰ মুখৰ পৰাই গুছি যায়। এইয়া হল বিশ্বাস। প্ৰকৃত কথাতো হল পূৰ্ব্বতে বাটপথ যিহেতু সূচল নাছিল আৰু গাড়ী মটৰ নাচিল। প্ৰায় বোৰ দীঘলীয়া যাত্ৰাত বেলগাড়ী ব্যৱহাৰ কৰিব লগা হৈছিল। আৰু অতব্য অৰন্যৰ মাজত যিহেতু বহু মানুহক

দোকানৰ-আগত-নেমু-জলকীয়া-কিয়-আঁৰে
দোকানৰ আগত নেমু, জলকীয়া কিয় আঁৰি থয়

   সাপে খুটিছিল। আৰু দিঘলীয়া য়াত্ৰাত বহু মানুহে ডিহাইড্ৰেচনৰ স্বীকাৰ হব লগা হৈছিল। গতিকে তেওঁলোকে ডিহাইড্ৰেচন দূৰ কৰাত নেমু অত্যন্ত জৰুৰী সেই কথা বুজিছিল আৰু নেমু লগত লৈ গৈছিল। লগতে জংঘল অৰণ্যৰ মাজত শৰীৰত লগা ঘাঁ আদি যাতে শুকোৱাত সহায় হয় তাৰ বাবে তেঁওলোকে নেমু ব্যৱহাৰ কৰিছিল। আৰু অতব্য অৰণ্যত যেতিয়া সৰ্পই দংশন কৰিছিল তেতিয়া তেওঁলোকে কেনেকৈ গম পাব যে সাপডাল বিষাক্ত আছিল। তেতিয়া সেই বিষয়ে জানিবৰ বাবে তেওঁলোকে এই অত্যন্ত জ্বলা জলকীয়া কিছুমান লগত নিছিল। সাপে খুঁটাৰ পাছত তেওঁলোকে জলকীয়া খায় চায়, যদি জলকীয়া খোৱাৰ পাছত জিহ্বাত জলা স্বাৱাদ অনুভৱ কৰে তেনে হলে সাপদাল বিষহীন বুলি তেওঁলোকে নিশ্চিত কৰিছিল আৰু যদি জলকীয়া জ্বলাৰ স্বাদ অনুভৱ নহয় তেনে হলে সাপদাল বিষাক্ত বুলি নিশ্চিত কৰিছিল।

   গতিকে আমিও সেই কাম কৰিব পাৰো। আৰু সাপে খুঁটাৰ ঠাইখিনিত চোকা অস্ত্ৰেৰে কাটি তেজটো অলপ সাৱধানে উলিয়াই দিব লাগে। কাটোতে বেছি দকৈ নাকাটিব, ভেইন কাটিলে সমস্যাৰ সৃস্টি হব। লগতে লক্ষ্য কৰিব যাতে সাপে কামোৰা ঠাইৰ পৰা ওলোৱা তেজ বেলেগ ব্যক্তি গাত নালাগে।

এতিয়া আহো হোমিঅপেথিক ঔষধলৈঃ

   কি হোমিঅপেথিক ঔষধ ব্যৱহাৰ কৰিব সাপে খুঁটাৰ লোকৰ প্ৰান বচাবৰ বাবে? আপোনালোকে ইতিমধ্যে দেখিছে যে বহু বিশেষজ্ঞই ফেচবুক, ইউটিউব আদি সামাজিক মাধ্যমত  naja 200 নামৰ এটা হোমিঅপেথিক ঔষধৰ কথা ব্যাপক ভাৱে প্ৰচাৰ চলাই আছে। এই মেডিচিন যিহেতু কিং কোব্ৰা নামৰ ভয়ানক বিষাক্ত সাপ বিধৰ বিষৰ পৰা প্ৰস্তুত কৰা হয়। গতিকে সাপে খুঁটিলে এই ঔষধ প্ৰতি ১৫ মিনিটৰ মূৰে মূৰে খুৱাব, জিহ্বাত দিব, সাপৰ বিষৰ প্ৰভাৱ কিছু কম হব। যদি কোব্ৰাই দংশন কৰে তেনে হলে এই মেডিচিনে বিষৰ প্ৰভাৱ কম কৰি জীৱন বছাবলৈ সহায়ক হব। অন্য সাপ হলেও বিষৰ প্ৰভাৱ কিছু কম হব। কিন্তু ততাতৈয়াকৈ জিলা চিকিৎসা কেন্দ্ৰলৈ ব্যক্তিজনক লৈ যাব। বেলেগ চিকিৎসালয়লৈ নি সময় অপচয় নকৰিব।

ডা. হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles