লৰা সন্তান কেনেকৈ জন্ম হয়?

লৰা সন্তান কেনেকৈ জন্ম হয়?

মানুহে বিয়া পাতে এখন সুখৰ সংসাৰ গঢ়িবলৈ। কিন্তু একেৰাহে কণ্যা সন্তান জন্ম হলে অৰ্ধাঙ্গিনীৰ ওপৰত চলাই অত্যাচাৰ।

কিন্ত ইয়াৰ বাবে দায়ী কোন ?

লৰা-সন্তান-কেনেকৈ-জন্ম-হয়
লৰা সন্তান কেনেকৈ জন্ম হয়?

ইয়াৰ বাবে দায়ী পুৰুষ “তত্ৰশুক্ৰবাহুল্যাত পুমান, আৰ্তৱ বাহুল্যাত স্ত্ৰী “। অৰ্থাৎ শুক্ৰৰ বা Y ক্ৰমজম বাহুল্যতাৰ বাবে ল’ৰা হয় আৰু আৰ্তব বা X ক্ৰমজম বাহুল্যতাৰ কাৰণে ছোৱালী সন্তান হয়।

এজন মানুহৰ শৰীৰত ৪৬ ক্ৰমজম থাকে।ইয়াৰে ৪৪ দৈহিক ক্ৰমজম (Autosomes) আৰু দুটা লিঙ্গ ক্ৰমজম (Sex Chromosomes)। এটা

সন্তানে মাক আৰু দেউতাকৰ প্ৰত্যেকৰ পৰা ২৩ ক্ৰমজম পায়। ইয়াৰে ২২ দৈহিক ক্ৰমজম আৰু এটা লিঙ্গ ক্ৰমজম। দৈহিক ক্ৰমজমবোৰ দেখাত একেধৰণৰ। কিন্ত লিঙ্গ ক্ৰমজম দেখাত আৰু কাৰ্যক্ষেত্ৰত দুই ৰকমৰ। কিছুমান লিঙ্গ ক্ৰমজম দেখিবলৈ ইংৰাজী এক্স আখৰটোৰ দৰে বাবে X ক্ৰমজম বোলে আৰু কিছুমান দেখিবলৈ ওৱাই আখৰটোৰ দৰে বাবে Y ক্ৰমজমবোলে।

এক্স ক্ৰমজমক স্ত্ৰী ক্ৰমজম আৰু ওৱাই ক্ৰমজমক পূৰুষ ক্ৰমজম বোলে।

স্ত্রীৰ ডিম্বত ২২ টা দৈহ ক্ৰমজম আৰু আৰু সদায় এক্স ক্ৰমজমহে থাকে যদিও স্ত্ৰীৰ এক্স ক্ৰমজম লিঙ্গ নিৰ্ণয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰি সদায় নিৰপেক্ষ হৈ থাকে। আনহাতে শুক্ৰত ২২ দৈহিক ক্ৰমজম আৰু ১ টা লিঙ্গক্ৰমজম X বা Y থাকে। সন্তানৰ লিঙ্গ নিৰ্ণয় পুৰুষৰ X বা Y ক্ৰমজমৰ ওপৰত নিৰ্ভৰ কৰিহে হয়। তলত ইয়াৰ উদাহৰণ দিয়া হৈছে।

লৰা-সন্তা-হয়ন-কেনেক
লৰা সন্তান কেনেকৈ জন্ম হয়?

(ক) মাকৰ ক্ৰমজম 22X আৰু দেউতাকৰ ক্ৰমজম 22X হ’লে সন্তানৰ ক্ৰমজম 44XX হোৱা বাবে সন্তান ছোৱালী হয়।

(খ) মাকৰ ক্ৰমজম 22X আৰু দেউতাকৰ ক্ৰযজম 22Y সন্তানৰ ক্ৰমজম 44XY হোৱ বাবে সন্তান ল’ৰা হয়।

এতিয়া দেখা গৈছে যে সন্তান লৰা হ’বনে ছোৱালী হ’ব সেইটো সম্পূৰ্ণৰূপে শুক্ৰৰ লিঙ্গ ক্ৰমজমৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু আমাৰ সমাজত অজ্ঞাতাবশত: ছোৱালী সন্তান জন্মৰ বাবে ঘৈণীয়েক দোষাৰোপ কৰা হয়।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles