After flood what to do || বানপানীৰ পিছত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিবঃ

 

After flood what to do  || বানপানীৰ পিছত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিবঃ

বানপানী আসমৰ জনজীৱনৰ বাবে এক পৰিচিত সমস্যা। বলীয়া বানে খেতি পথাৰ,ঘৰ দূৱাৰ উটাই নিয়াৰ ওপৰিও জনজীৱনৰ মাজত বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিথৈ যায়। এই বানপানীৰ পিছত হোৱা স্বাস্থ্যজনিত সমস্যাৰ ওপৰতেই অজি আমাৰ এই আলোচনা।

বানৰ পাছত সেমেকা বাসস্থান, বানে বুৰাইথৈ যোৱা কাপোৰ-কানি, বিচনাপত্ৰ আদিত বিভিন্ন প্ৰজাতিৰ পৰজীৱী ভেকুৰে বাসকৰে আৰু তেনেবোৰ আবাস স্থলতে বাস কৰিব লগা হোৱাত মানুহৰ ছালত নানা প্ৰকাৰৰ ফাংগেল ইনফেকছন হয়। খৰ, খজুৱতী, খহু আদি চৰ্মৰোগে দেখা দিয়ে। ছালৰ এলাৰ্জি সমস্যাই দেখা দিয়োৰ সম্ভাৱনাই বেছি থাকে। বানৰ পিছত সঘনাই বোকাপানী খচি থাকিব লগা হোৱাৰ ফলত আঙুলিৰ ফাকবোৰত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটি ঘাঁ হোৱাৰ সম্ভাৱনাই বেছি থাকে। অন্যহাতে আকৌ বানে সৃস্টিকৰিথৈ যোৱা পলসবোৰ শুকোৱাৰ পাছত সহজতে ধুলি হৈ বতাহত উৰি যোৱাৰ ফলতো ছালৰ এলাৰ্জি সৃস্টি হব পাৰে। বান শুকোৱাৰ পাছত হিমোৰেজিক জ্বৰ, টাইফইড, ডেংগি, লেপ্তাস্পাইৰছিছ, ছালত ৰঙাপৰি চকলাবান্ধি দাগ হোৱা আদি ৰোগ হব পাৰে। সেমেকা কাপোৰ, বিছনা পত্ৰ ব্যৱহা কৰাৰ কাৰণে এলাৰ্জিৰ বাবে হোৱা শ্বাশ-প্ৰশ্বাস জনিত ৰোগ যেনে-এজমা,ব্ৰংকাইটিছ আদি অধিক হয়। বানত কুঁৱা, জান, জুৰী, নৈ আদিৰ পানীবোৰ দুষিত হয়। দমকল পানীত বুৰযায়, মল মূত্ৰৰ বিজাণু, বানপানীত মৃত্যু হোৱা জীৱ-জন্তুৰ পৰা হোৱা বিজাণু আদি নৈ, জান, জুৰা অদিত মিহলি হৈ পানী দুষিত হৈ পৰে। এনে পানী সেৱণ কৰি ডায়েৰীয়া, ডিচেন্টি, কলেৰা, টাইফয়ড, হেপাটাইটিছ`এ’ লেপ্টাস্পাইৰোছিছ আদি ৰোগ হব পাৰে। এই ৰোগীয়ে পানীত পায়খানা কৰিলে তেনে পানী সেৱন কৰা মানুহৰো একেই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
মহিলাৰ সমস্যাঃ
বান হৈ থকাৰ সময়তেই হওক বা বান পানীৰ পিছতেই হওক এই সময়খিনিত কিন্তু মহিলা সকল ভীষণ সমস্যাৰ সন্মুখীন হয়। আশ্ৰয় শিবিৰত থকাৰ অৱস্থাত বা গাঁৱলৈ ঘুৰি যোৱাৰ পাছত বানে উটাই নিয়া বাসস্থান বোৰৰ অভাবত বহু দিনলৈকে মানুহবোৰ সমূহীয়াকৈ থাকিব লগা হয়।
যাৰ ফলত প্ৰস্ৰাৱ-পায়খানা কৰা, গা ধোৱা, কাপোৰ খলোৱা আদি কাম বোৰৰ কৰিবলৈ মহিলা খকলৰ বাবে গোপন স্থানৰ অভাৱ হয় আৰু তেওঁ লোক ভীষণ সমস্যাৰ সন্মুখীন হয়। তাতে যদি মহিলাৰ মাহেকীয়া হয় ভাবিব নোৱাৰা সমস্যা সন্মুখীন হয়।
মি দেখাপাঁও বানৰ সময়ত বিভিন্ন বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে বাৰ্নাত্যৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰীৰ সাহাৰ্য্য আগবঢ়ায়। আমাৰ ফালৰ পৰা এই অনুষ্ঠান প্ৰতিষ্ঠান সমূহলৈ এটা অনুৰোধ যাতে মহিলা সকলৰ বাবে বিনামূলীয়া চেনীটেৰী নেপকিন যোগান দি মহিলা সকলৰ সমস্যা কিছূ লাঘৱ কৰিব। চৰকাৰী পক্ষই যাতে মহিলা আৰু পুৰুষৰ বাবে পৃথকে পৃথকে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰাব লাগে। বানপানীৰ সময়ত বৰ্ণাত্যই খোৱাপানী ভালদৰে উতলাই খাব লাগে। পানীত ক্লৰিণ ব্যৱহাৰ কৰক- ক্লৰিণ পানীত মিহলালে মাইক্ৰবেক্টেৰিয়া আৰু হেপাটাইটিছ ‘এ’ বাদ দি পেৰাই ৯৯.৫% জল জনিত ৰোগ সৃষ্টি কৰিব পৰা বিজাণু ধ্বংস হয়। খোৱাৰ আগতে ভালদৰে চাবোনেৰে হাত ধুব। খোৱা খাদ্যবোৰ ভালদৰে মাখি পৰিব নোৱাৰাকৈ ঢাকি ৰাখিব। কোঁৱা, জান, জুৰি আদিবৰ পানী গৰম নকৰাকৈ কেতিয়াও সেৱন কৰিব নালাগে।
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles