নেজেল পলিপ বা পলিপাচ কি, কিয় হয়, ইয়াৰ চিকিৎসা (nose polyps)

নেজেল পলিপ কি, কিয় হয়? ইয়াৰ চিকিৎসাঃ

 

 

নেজেল-পলিপ
নেজেল পলিপ

মি আজি কথা পাতিম নেজেল পলিপচ বা পলিপাচৰ বিষয়ে। কেতিয়াবা ৰাতিপুৱা শুই উঠাৰ পাছত কোনো কোনো ব্যক্তিৰ ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই অৱস্থা কাহিল হৈ যায়। কেতিয়াবা ঠাণ্ডাপানীত গাধুৱাৰ পাছত, কেতিয়াবা অলপমান ধুলি-বালি থকা ঠাইত গলেই নাকৰ পানী চকুৰ পানী একাকাৰ হোৱা হাঁচি যেন অন্তই নপৰিব। লগে লগে চৰ্দি, জ্বৰ জ্বৰ ভাব, মাথাৰ বিষ আদিয়ে ব্যক্তিজনৰ অৱস্থা কাহিল কৰি দিয়ে, আৰু কেতিয়াবা পুৱা শুই উঠাৰ পাছৰে পৰা ইমানেই হাঁচি হয়, হাঁচিয়াই হাঁচিয়াই একেবাৰে দূৰ্বল লেবেযান হৈ যায়। এই সমস্যাটোক লৈ যেতিয়া ব্যক্তি এজন ডাক্তৰৰ কায চাপে তেতিয়া ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি কয় যে, ব্যক্তিজনৰ পলিপাচ হৈছে বা পলিপচ হৈছে। আৰু কোনো কোনো ডাক্তৰে ইয়াক লগে লগে অস্ত্ৰোপ্ৰচাৰ বাবে উপদেশ দিয়ে। মই এনেকুৱা কেইবাজনো ৰোগী পাইছো যি নেজেল পলিপচ অস্তোপ্ৰচাৰ কৰি ইতিমধ্য উঠাই দিয়া বুলি জনাইছে। তাৰ পিছতো কিন্তু একে সমস্যাকে লৈ মোৰ ওচৰত চিকিৎসা গ্ৰহন কৰিবলৈ আহিছে। যাৰ নেকি অপাৰেচন কৰিব লগা কোনো কাৰণেই নাছিল। আজি কালি কি কাৰণত নাজানো, কিছুমান ডাক্তৰে ৰোগীক নাকৰ পলিপচ বা পলিপাচ হোৱা বুলি অস্তোপ্ৰচাৰ কৰিবৰ বাবে উদগনি যোগায়।

এই পলিপাচ বা পলিপৰ সমস্যা কিন্তু এক গুৰুতৰ সমস্যা। বৰ্তমান ভাৰতবৰ্ষৰ ১০ মিলিয়নতকৈও অধিক লোক প্ৰতি বছৰে এই সমস্যাৰ সন্মুখীন হয়। আপোনিও হব পাৰে এই পলিপাচৰ চিকাৰ। গতিকে নেজেল পলিপচ বা পলিপাচ কি আপোনি জনাতো খুবেই প্ৰয়োজন।  নাকৰ সন্মুখভাগত সৰু সৰু কৈ বাঢ়ি অহা গুটি দুটাই পলিপ নেকি? এই দুটা কিটি পেলালেই সকলো সমস্যা শেষ নেকি? অস্ত্ৰোপ্ৰচাৰ নকৰাকৈ কোনবোৰ হোমিঅপেথিক মেডিচিনৰ দ্বাৰা এই সমস্যা নোহোৱা কৰিব এই সকলোবোৰ বিষয় আজি আপোনালোকক জনাম।

সাধাৰণতে আমাৰ যেতিয়া চৰ্দি-কাহ হয়, এলাৰ্জিৰ সমস্যা হয়, বেছি ধুলি-বালি থকা ঠাইত যাঁও, তোতিয়া আমাৰ হাঁচি হয় আৰু আমি আইনাত যেতিয়া আমাৰ নাকৰ ভিতৰত চাওঁ দেখা পাওঁ দুফালে দুটা গুটা বস্তু আৰু আমি এই গুটা বস্তু দুটাকে পলিপাচ হোৱা বুলি ভয় খায় যাওঁ। আচলতে নাকৰ পিছৰ ফালত (লেটাৰেল চাইড) থকা এই গুটিকেইটাই পলিপচ নহয়। এই কেইটাক টাৰবিনেট বুলি কেৱা হয়। আৰু যেতিয়া আমাৰ ঠাণ্ডা লাগে বা ছৰ্দি-কাহ, এলাৰ্জি আদিৰ সমস্যা হয়, তেতিয়া এই টাৰবিনেত কেইটা ফুলি উঠে আৰু এই কেইটাকে কাটি পেলাবৰ বাবে কেতিয়াবা কোনো কোনো চিকিৎসকে আমাক পৰামৰ্শ আগবঢ়ায় আৰু বহুতে অজ্ঞতাবসত অস্ত্ৰোপ্ৰচাৰ কৰি উঠাই দিয়ে।

আচলতে যেতিয়া পলিপচ হয় বা পলিপাচ হয়, তেতিয়া আমাৰ নাকৰ ভিতৰত যিটো লাইনিং আছে তাত এখন পাতল মিউকাচ মেমব্ৰেন বা পাতল এখন চালৰ আৱৰণ থাকে। ভিতৰৰ চাইনাচৰ বোৰৰ পৰা টাৰ্বিনেটলৈকে থকা এই পাতল চালখনৰ কোনোবা অংশত চকুপানীৰ টোপালৰ দৰে গোটখায় আৰু লাহে লাহে এই চালখন ঢিলাহৈ তললৈ উলমি পৰে। ইয়াত বিয নাথাকে। ইয়াৰ পৰা কেন্সাৰ হোৱাৰো কোনো সম্ভাৱনা নাথাকে। এই চকু পানীৰ টোপালৰ দৰে উলমি পৰা অংশটো লাহে লাহে ডাঙৰ হৈ নাকৰ কোনোবা এফালে অথবা দুই ফালে বন্ধ কৰি দি এক জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সমস্যাটোক আমি পলিপচ বুলি কওঁ।

নেজেল পলিপচৰ সমস্যা কিয় হয়?

এই পলিপচ কেতিয়া অপাৰেচন কৰিব সেই বিষয়ে পিছত আলোচনা কৰিম। তাৰ আগতে আহো এই সমস্যা কিয় হয়? দীৰ্ঘদিন ধৰি যদি এলাৰ্জিৰ সমস্যাত ভুগি আছে, অথবা দীৰ্ঘদিন ধৰি যদি এজমাৰ সমস্যাত ভুগি আছে তেনে হলে এই নেজেল পলিপচ হোৱাৰ সম্ভাৱনা থাকে, সঘনাই যদি নাকৰ ইনফ্ৰেকচন হয় বা সঘনাই যদি চৰ্দি-পানী লগা সমস্যা হৈ থাকে বা ডাষ্ট এলাৰ্জিত যদি দীৰ্ঘদিন ধৰি ভুগি থাকে, যদি আপোনাৰ ইমিউন পাৱাৰ দূৰ্বল হয়। তেনে হলে সঘনাই নাকত হোৱা সংক্ৰমনৰ ফলত নাকৰ পাতল আৱৰনি চালখন ঢিলাহৈ যায় আৰু চকুপানীৰ টোপাল এটাৰ দৰে বা আঙুৰ এটাৰ দৰে তললৈ উলমি আহে। এই সমস্যাটোকে নেজেল পলিপচ বুলি কোৱা হয়।

নেজেল পলিপচ হলে কেনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পাবঃ

য়াৰ প্ৰধান লক্ষণ সমূহৰ ভিতৰত হল- অত্যাধিক হাঁচি অহা, শুই উঠাৰ পিছত ঘনাই ঘনাই হাঁচি হয়, কেতিয়াবা বতৰ পৰিৱৰ্তণৰ লগে লগে বা অলপমান জলবায়ু পৰিৱৰ্তণ, বৰষুণ অহাৰ লগে লগেই হাঁচি আৰম্ভ হয়। নাক বন্ধ হোৱাৰ দৰে অনুভৱ হয়, চৰ্দি লাগিলে  যেনেদৰে নাক বন্ধ হৈ যায় তেনেকুৱা অনুভৱ হয়। শুই থাকিলে নাক বন্ধ হোৱাৰ দৰে আনুভৱৰ লগতে নাকৰ ভিতৰত চেঁচা পানীৰ টোপাল পৰি থকাৰ দৰে অনুভৱ হয়, নাকৰ ভিতৰত কেতিয়াবা পোৰনি অনুভৱ হয়, নাকত অলপমান প্ৰেচাৰ পৰিলেই তেজ উলোৱা আদি লক্ষণ প্ৰকাশ পালেই পলিপচ হোৱাৰ সম্ভাৱনা থাকে। এনেকুৱা লক্ষণ প্ৰকাশ পালে অভিজ্ঞ চিকিৎসকৰ কাষ চাপি পৰামৰ্শ গ্ৰহন কৰিব।

নেজেল পলিপচৰ হোমিঅপেথিক চিকিৎসাঃ

হোমিঅপেথিকত এই সমস্যাৰ বাবে খুব সুন্দৰ ফলপসু দৰব আছে। কোনোধৰণৰ অপাৰেচন নকৰাকৈয়ে এই সমস্যাৰ স্থায়ী সমাধান কৰিব পৰা যায়। তাৰ বাবে আপোনালোকে অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষ চাপিব লাগিব। মই আগতেই আপোনালোকক কৈছো – কোনো কোনো চিকিৎসকে পলিপ বুলি নাকৰ যিকেইটা টাৰবিনেট এই দুটা অস্ত্ৰোপ্ৰচাৰ কৰি আতৰায় দিয়ে। গতিকে আপোনালোকে সতৰ্ক হব, স্বাভাৱিক অৱস্থাত ইয়াক অস্ত্ৰোপ্ৰচা কৰাৰ কোনো প্ৰয়োজন নায়। চৰ্দি,কাহ, এলাৰ্জি আদি হলে এই টাৰ্বিনেট কেইটা এনেও ফুলি উঠে, সেই বুলিয়েই ইয়াক কাটিপেলোৱাৰ প্ৰয়োজন নহয়। যদি আপোনাৰ পলিপচৰ সমস্যা হৈ ৮০-৯০ শতাংশ ব্লকহৈ গৈছে আৰু কপাল, নাক, গাল আদি ফুলি ৰঙাপৰিছে, চকু, নাক আদি পোৰনি হৈ একেবাৰে উশাহ-নিশাহ লব নোৱৰা অসহ্যকৰ অৱস্থা হৈছে। তেতিয়া জৰুৰী অৱস্থাত অস্ত্ৰোপ্ৰচাৰ কৰাব পাৰে। নহলে অলপ ধৰ্য্য ধৰি হোমিঅপেথিক চিকিৎসা কৰাওক আৰু এই সমস্যাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত হওঁক।

ডা.হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles