নিৰোগী হৈ থাকিবলৈ VITAMIN D/CALCIUM কিমান প্ৰয়োজন

নিৰোগী হৈ থাকিবলৈ VITAMIN D/CALCIUM কিমান প্ৰয়োজনঃ

 

আমাৰ উচৰলৈ ৰোগী আহে বিভিন্ন সমস্যালৈ কথা বতৰা হোৱাৰ অন্তত কয় চাৰ ভিটামিন D কমিছে নেকি?  অলপ কেলচিয়াম টেৱলেট দিয়ক । আজিকালি আমাৰ মানুহৰ বিষৰ সমস্যা বৃদ্ধি হৈছে। ইয়াৰ লগে লগে কেলচিয়াম বা ভিটামিন D ৰ প্ৰোয়োগো বৃদ্ধি হৈছে।

আচলতে আমাৰ দেহৰ হাড়সমুহ  মজবুট কৰিবৰ কাৰনে আমাক প্ৰটিনকে আদি কৰি বিভিন্ন প্ৰকাৰৰ খনিজৰ প্ৰয়োজন হয়। কিন্তু হাড় শক্তিশালী বা মজবুট কৰি ৰাখিবৰ বাবে দুবিধ অত্যন্ত গুৰুত্বপূৰ্ন ভিটামিন হল ভিটামিন D আৰু কেলচিয়াম। ইয়াৰে ভিটামিন D আমি চানচাইন ভিটামিন বুলি কওঁ। আমি খোৱা খাদ্য পাৰ্চন প্ৰক্ৰিয়াৰ জৰিয়তে অন্তই কেলচিয়াম শোষন কৰি আমাৰ শৰীৰৰ হাড়ক পৰিপূষ্টি যোগান ধৰে। আৰু এই কাৰ্যত ভিটামিন দিয়ে সহায় কৰে। গতিকে ভিটামিন D বাবেই আমাৰ তেজে সঠিক মাত্ৰাত কেলচিয়াম যোগান পাবলৈ সক্ষম হয়। যদি আপোনাৰ দেহত ভটামিন D অভাৱ ঘটে তেনে হলে আপুনি যিমানেই কেলচিয়ামযুক্ত খাদ্য গ্ৰহন নকৰক কিয় সেইবোৰ আপোনাৰ তেজৰ পৰা হাড়ে গ্ৰহন কৰিব নোৱাৰিব, আপোনাৰ হাড় দূৰ্বল হৈ যাব, যাৰ বাবে আপোনাৰ অষ্টিয়পৰচিচ দৰে সমস্যাৰ সৃষ্টি হব। আৰু সহজতে হাড় ভঙাৰ দৰে সমস্যা উদ্ভৱ হব পাৰে।

অন্যহাতে আমাৰ শৰীৰৰ বাবে কেলচিয়াম হল এক গুৰুত্বপৰ্ন উপাদান। যাক আমি আমাৰ দেহৰ লাই খুটা বুলি কব পাৰো। কাৰন এই কেলচিয়ামেই আমাৰ হাড়ৰ ঘনত্ব বৃদ্ধি কৰে, হাড় মজবুট কৰে আৰু ব্যক্তি এজনক সৱল কৰি ৰাখে।

গতিকে এই দুইবিধ ভিটামিনে মিলি একেলগে আমাৰ শৰীৰৰ মূল আধাৰ হাড়ক মাত্ৰা প্ৰদান কৰে। যাৰ বাবে আমি খোজকাঢ়িব পাৰো, দৌৰিব পাৰো, দৈনন্দিনজীৱনৰ সকলো কাম কৰিব পাৰো।

কেলচিয়াম
কেলচিয়াম

এতিয়া আহো এই অপৰিহায্য ভিটামিন আপোনাক কিমান প্ৰয়োজন-

কেলচিয়ামৰ অত্যন্ত গুৰিত্বপূৰ্ন ভূমিকাতোৱেই হল আমাৰ হাড়ক মজবুট কৰি ৰখা। আমাৰ দাঁত গঠন, দাঁত গজিবৰ বাবে আৰু দাঁত মজবুট ৰাখিবৰ বাবে কেলচিয়ামে অতি গুৰুত্বপূৰ্ণ। আমাৰ দেহৰ অধিকাংশ কেলচিয়াম আমাৰ হাড়তেই সংৰক্ষিত হৈ থাকে। আমাৰ হাড়ৰ গঠন সঠিক ৰাখিবৰ বাবে জীৱন কালৰ সকলো সময়তেই কেলচিয়াম প্ৰয়োজন হয়। কিন্তু যেতিয়া এগৰাকী মহীলা গৰ্ভৱতী হয়। তেনে সময়ত কেলেচিয়ামৰ পৰিমান বেছি প্ৰয়োজন হয়। ঠিক তেনেদৰে শিশু আৰু বৃদ্ধ অৱস্থাতো  কেলচিয়াম অধিক প্ৰয়োজন হয়।

কেলচিয়াম যে কেৱল হাড়ৰ গঠন মজবুট কৰিবৰ বাবেই আমাৰ দেহত প্ৰয়োজন এনে নহয় হাড়ৰ গঠন সুদৃঢ় কবাৰ উপৰিও বিভিন্ন ধৰনৰ শাৰীৰিক কাৰ্যকলাপত ইয়াৰ গুৰুত্বপূৰ্ন ভূমিকা আছে।  আমাৰ শৰীৰৰ পেক্ষী সমূহৰ সংকোচন প্ৰক্ৰিয়া, শৰীৰৰ কোনো অংশত আঘাট পোৱাৰসময়ত তেজ গোট মাৰি ৰক্ত ক্ষৰণ বন্ধ কৰা আদি ক্ৰিয়াৰ লগতে শ্নায়বিক কাৰ্য্য কলাপতো কেলচিয়ামৰ ভূমিকা অপৰিহাৰ্য্য।

ভিটামিন D:  আগতেই কৈছো ভিটামিন D অবিহনে কেলচিয়াম আধৰুৱা। ভিটামিন দিৰ  বাবেহে আমি খোৱা খাদ্য পাচনক্ৰিয়াৰ জৰিয়তে কেলচিয়াম তেজত প্ৰৱেশ কৰিব আৰু আমাৰ হাড়ে ইয়াক স্তৰ কৰি ৰাখি  হাড়ক মজবুট কৰিব। যদি আপোনাৰ দেহত  ভিটামিন D  অভাৱ থাকে তেনে হলে আপোনাৰ ক্ষুদ্ৰান্তৰ পৰা কেলটিয়াম সঠিক ভাৱে শৰীৰে গ্ৰহণ কৰিব নোৱাৰিব। গতিকে আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হব আৰু হাড়ৰ বিসংগতি দেখা দিব।

অন্যহাতে আমাৰ শৰীৰৰ তেজ আৰু হাড়ত যে কেলচিয়াম থাকে ইয়াক সঠিক মাত্ৰাত সন্ত্ৰোলন কৰি ৰখাৰ ভূমিকাও ভিটামিন D পালন কৰে। ইয়াৰ ওপৰিও শৰীৰৰ ইমিওনিটি ৰক্ষাৰ ক্ষেত্ৰতো ভিটামিন D ৰ ভূমিকা অধিক।

কোভিড ১৯ সময়ত আপোনালোক সকলোৱে চাগে ইমিওনিটি বঢ়াবৰ বাবে ভিটামিন D খাইছিল। গতিকে ভিটামিন D ৰ অভাৱত আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস হব পাৰে। যাৰ বাবে আমি সহজতে যিকোনো ৰোগৰ স্বীকাৰ হব পাৰো। আমাৰ দেহৰ কোষ সমূহৰ গঠন প্ৰক্ৰিয়াও ভিটামিন D ৰ ওপৰত নিৰ্ভৰশীল।

 এতিয়া কথা হল প্ৰতিদিনে  আমাক ভিটামিন D ৰ কিমান প্ৰয়োজন ?

১ বছৰৰ পৰা ৭০ বছৰ বয়সৰ লোকক  ৬০০ ইন্টাৰনেচলেন ইউনিট প্ৰতিদিন প্ৰয়োজন হয়। দূগদ্ধ প্ৰান কৰাই থকা মহিলা আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো ৬০০ MG ইন্টাৰনেচলেন ইউনিট প্ৰতিদিনে প্ৰয়োজন হয়। ৭০ বছৰৰ ওপৰৰ ব্যক্তিক প্ৰতিদিনে ৮০০ MG ইন্টাৰনেচলেন ইউনিট ভিটামিন D ৰ প্ৰয়োজন হয়। অৰ্থাত বয়স্কৰ লোকৰ ক্ষেত্ৰত ভিটামিন দিৰ পৰিমান অধিক প্ৰয়োজন হয়। যি সকল ব্যক্তি দেৰিকৈ শুই উঠে, ৰদৰ সৈতে সম্পৰ্ক খুউব কম, ভিতৰতে সোমাই কাম কৰে তেনে ব্যক্তি ক্ষেত্ৰতো অধিক ভিটামিন D ৰ প্ৰয়োজন হয়। ডায়েবেটিছ, কিডনীৰ সমস্যা আদিত  ভুগীথকা ৰোগীৰ বাবেও- ভিটামিন D অধিক মাত্ৰাত প্ৰয়োজন হব পাৰে।

অন্যহাতে কেলচিয়ামৰ প্ৰৰিমান প্ৰতিজন বয়স্কৰ লোকৰ ক্ষেক্ষত ১০০০ MG প্ৰতিদিনে প্ৰয়োজন হয়। দূগ্ধ প্ৰান কৰাই থকা মহিলা আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো প্ৰতিদিনে ১০০০ প্ৰয়োজন হয়।

৫০ বছৰৰ ওপৰৰ যিসকল মহিলা ইতিমধ্যে মাহেকীয়া বন্ধ হৈছে তেনে মহিলাক প্ৰতিদিনে ১২০০ মিঃ গ্ৰাঃ কেলচিয়াম প্ৰয়োজন হয়। পুৰুষৰ তুলনাত বয়স্কৰ মহিলাক কেলচিয়ামৰ প্ৰৰিমান অধিক প্ৰয়োজন হয়। ৭০ বছৰৰ ওপৰৰ পুৰুষ মহিলা ওভয়ৰে ক্ষেত্ৰত ১২০০ মিঃ গ্ৰাঃ কেলচিয়ামৰ প্ৰতি দিনে প্ৰয়োজন হয়।

এতিয়া  আহো ভিটামিন D ক কত পাবঃ প্ৰথম  আৰু অত্যন্ত ভাল উতসহ হল সূৰ্য্যৰ পোহৰ। দ্বিতীয় পৰিপূক ঔষধী যাক আমি ভিটামিন D ৰ চাপলিমেন্ট বুলি কওঁ। লগতে আমি খোৱা খাদ্য কিছুমানৰ পৰা ভিটামিন D পোৱা যায়। কেলচিয়ামো ঠিক তেনেদৰে খাদ্যৰ পৰা আমি পাব পাৰো।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles