ধেমাজিৰ গোগামুখত AASU ৰ অক্সিজেন চিলিণ্ডাৰ প্ৰদান

ধেমাজিৰ গোগামুখত AASU ৰ অক্সিজেন চিলিণ্ডাৰ প্ৰদান

A-A-S-U
AASU
ধেমাজী জিলাৰ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰীয় গোগামুখ বহাগী বিদায় বিহু সন্মিলনখনি বাতিল কৰি সেই পুঁজিৰে অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰি ধেমাজি স্বাস্থ্য বিভাগক আজি গোগামুখত অৰ্পণ কৰে গোগামখ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে।
গোগামুখ-আছু
AASU
গোগামুখ নগৰ উচ্চ মাধামিক বিদ্যালয় প্ৰাঙ্গণ অনুস্থিত হোৱা উক্ত অনুষ্ঠানত AASU কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃ হৰিকান্ত দাস, ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক, গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ মুখেশ্বৰ চুতীয়া, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়া, প্ৰাক্তন চাত্ৰ নেতা জিতু বৰা, দীপক বৰগোহাঁই, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক দ্বয় ক্ৰমে দীপক শৰ্মা আৰু কল্যাণ গগৈ আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
অক্সিজেন-চিলিণ্ডাৰ
অক্সিজেন-চিলিণ্ডাৰ
ক’ৰোনা মহামাৰীৰ বাবে সমগ্ৰ পৃথিৱী আতংকিত হৈ থকাৰ সময়ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এটা মহৎ উদ্দেশ্যৰে গ্ৰহণ কৰা এই পদক্ষেপক ৰাইজে ভূৱসী প্ৰশংসা কৰিছে। এই মহান কামৰ জড়িয়তে ক’ভিড চিকিৎসাত বহুখিনি সহায়ক হব। লগতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়টি ক’ভিড ভেকচিন প্ৰদানৰ বাবে চিকিৎসা বিভাগক অৰ্পণ কৰিছে গোগামুখ আছুৱে৷
সকলোৱে সজাগ হওক, বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া ক’ভিড প্ৰট’কল সমূহ মানি চলক আৰু সুস্থ থাকক ৷
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles