বাহুবলী কৈৱৰ্তৰ বিষয়ে জানোঁ আহক
অন্যায়ৰ গৰ্ভৰ পৰাই বিপ্লৱ জন্ম হয় ৷ সেইবাবেই দেশৰ প্ৰতিটো বিপ্লৱেই জাতীয় জীৱনৰ একোগছি বন্তিৰ স্বৰূপ’ -এয়াই যেন প্ৰতিফলিত হৈছিল অসমৰ নগাঁৱত সংঘটিত হোৱা ফুলগুৰি বিদ্ৰোহত ৷যিটো বিদ্ৰোহক ফুলগুৰি ধেৱা নামেৰেও জনা যায় ৷এই ফুলগুৰি ধেৱাৰে এজন নায়ক আছিল বাহু কৈৱৰ্ত ৷তেখেতৰ জন্ম হৈছিল ফুলগুৰিৰ ওচৰৰ কলংপকীয়া দেউবালি গাৱঁত ৷
বাহুবলী কৈৱৰ্তৰ বিষয়ে জানোঁ আহক
ফুলগুৰি ধেৱাৰ সময়ত তেওঁৰ বয়স আছিল ২৭ বছৰ৷ সেই সময়ত তেওঁ অকলে কেইবাজনো মানুহৰ ভাত খাব পাৰিছিল আৰু বনৰীয়া ম’হৰ শিঙত ধৰি নচুৱাব পাৰিছিল৷ ৫২ বছৰীয়া আন্দমানী নিষ্ঠুৰতা আৰু গোবাৰী, জীয়াতুৱেও সেয়েহে তেওঁৰ পিত মাৰিব পৰা নাছিল৷ ঊনৈশ শতিকাৰ পৰা বিশ শতিকাৰলৈ, মোৱামৰীয়া বিদ্ৰোহৰ সামৰণিৰ পৰা ১৯২১ চনৰ অসহযোগ আন্দোলন’ আৰম্ভণিলৈকে বাহুবলীহঁতেই আমাৰ অব্যাহত বিদ্ৰোহৰ নিৰৱচ্ছিন ধাৰা, আমাৰ মুক্তিৰ বিজয় বৈজয়ন্তী তেওঁলোকেই কঢ়িয়াই নিয়ে নিৰৱধি৷ (দলিত চৰিত,পৃষ্ঠা)
ফুলগুৰি ধেৱাত সকলোৱেই ভেদ ভাৱ পাহৰি জাতি-অজাতি, উচ্চ-নীচ সকলো শ্ৰেণীৰ মানহেই ৰাতি ৰাতি ইংৰাজ খেদাৰ গোপন আলোচনা কৰিছিল৷ বিদ্ৰোহী সৈন্যসকলক ভষণ-পোষণৰ কাৰণে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা চাউল-পাত, ৰচদ পাতি আদি তোলা আৰু বিভিন্ন গাৱঁৰ উপযুক্ত সাহীয়াল ডেকা ল’ৰাসকলক সৈনিকৰ প্ৰশিক্ষণ দি ইংৰাজৰ লগত যুঁজিবলৈ সাজু কৰিছিল বুলি বেণুধৰ কলিতাৰ ‘ফুলগুৰি ধেৱা’ শীৰ্ষক গ্ৰন্থত উল্লেখ আছে ৷
বাহুবলী কৈৱৰ্তৰ বিষয়ে জানোঁ আহক
ফুলগুৰি ধেৱাৰ অন্তৰালত বহুতো কাৰণ আছিল যদিও মুখ্য:ৰূপিত মাটিৰ লগতে অসমীয়া ৰায়তসকলে পাণ- তামোল, বেত, খেৰ-খাগৰি, আফু খেতিটো বৃটিছ চৰকাৰে লগোৱা কৰেই আছিল ইয়াৰ প্ৰধান কাৰণ ৷যাৰ প্ৰতিবাদত নগাঁৱৰ বৰ্তমানৰ ফুলগুৰি বজাৰ আৰু কলং মাজৰ এডোখৰ ঠাইত ৰাইজমেল বহিছিল৷ সেই সভাত ৰহা,বাৰপূজীয়া, যমুনামুখ সমীপৰ চাপৰি অঞ্চলৰ আদিৰ পৰা অসংখ্য লোক আহি যোগদান কৰিছিল৷
এই আন্দোলন কেইবাদিনো ধৰি হৈছিল৷ ১৮ অক্টোবৰৰ দিনা এচিছটেণ্ট কমিচনাৰ লেফটেনেণ্ট চিংগাৰ চাহাবৰ নেতৃত্বত এদল চিপাহী আহি বিদ্ৰোহ দমন চেষ্টা চলাইছিল৷ উল্লেখ্য যে, বিদ্ৰোহত অংশগ্ৰহণ কৰা কিছুসংখ্যক বিদ্ৰোহীৰ হাতত একোডালকৈ লাঠি আছিল ৷চিংগাৰ চাহাবে লাঠিসমুহ তেওঁলোকক জমা দি সেই ঠাই এৰিবলৈ বিদ্ৰোহীসকলক হুকুম জাৰি কৰিছিল৷
বাহুবলী কৈৱৰ্তৰ বিষয়ে জানোঁ আহক
চাহাবৰ কথামতে কিছুসংখ্যকে লাঠিবোৰ জমা দিছিল যদিও সৰহ সংখ্যকে মানি লোৱা নাছিল৷ ইয়াত ক্ষুণ্ণ হৈ চাহাবে বলপুৰ্বকভাৱে লাঠিবোৰ কাঢ়ি আনিবলৈ চেষ্টা কৰে কৰিছিন৷ চিংগাৰ চাহাবৰ এনে আচৰণে বিদ্ৰোহীসকলক উত্তেজিত কৰি তুলিছিল৷ যাৰ ফলশ্ৰুতিত বিদ্ৰোহীসকলৰ মাজৰে এজনে চিংগাৰ চাহাবক লাঠিৰে মাৰ শোধাল ৷চিংগাৰ চাহাবক প্ৰথমেই মাৰ শোধোৱা বিদ্ৰোহীজন আছিল মৈৰা সিং৷
পৰৱৰ্তী সময়ত যিজন বিদ্ৰোহী প্ৰচণ্ড মাৰত চিংগাৰ চাহাব মাটিত বাগৰি পৰিছিল, সেইজনে আছিল কৈৱৰ্তৰ সন্তান বাহু কৈৱৰ্তৰ৷
বৃটিছ বিষয়াক মাৰ শোধাবলৈ কুণ্ঠাবোধ নকৰা এইজনা বাহু কৈৱৰ্তৰ বৈষম্য কিন্তু বিশেষ চৰ্চা হোৱা দেখা নাযায় বাহু কৈৱৰ্তৰ, মৈৰা সি’ লগতে এই বিদ্ৰোহ অংশগ্ৰহণ কৰা আন কেইজনমান বিদ্ৰোহী হৈছে লক্ষণ সিং ডেকা, চাংবৰ লালুং, ৰংবৰ ডেকা, বনমালি কৈৱৰ্ত, চিব সিং লালুং, নৰসিং লালুং, হেবেৰা লালুং, ৰংব লালুং, আদি। বিদ্ৰোহৰ শেষত বৃটিছ চৰকাৰে বহুকেইজনক ফাচিঁ দিয়াৰ লগতে বাহু কৈৱৰ্ত সৈতে আন কেইজনমানক যাৱজ্জীৱন দীপান্তৰী কৰি কলীয়াপানীলৈ পঠোৱা হয়৷
বাহুবলী কৈৱৰ্তৰ বিষয়ে জানোঁ আহক
কিন্তু আচাৰ্যজনকভাৱে ৫২ বছৰ বয়সত আন্দামানৰ পৰা বংগোপৰ সাগৰ পাৰ হৈ পুণৰ বাহু কৈৱৰ্তৰ অসমলৈ ঘুৰি আহে৷ বেনুধৰ কলিতাৰ ফুলগুৰিত ধেৱা’ গ্ৰন্থত উল্লেখ থকামতে বাহুৱে দেউবালি গাৱৰ পৈতৃক ভেটিতে বসবাস কৰি বিয়া-বাৰু-কৰাই ৯০ বছৰ বয়সত মৃত্যুবৰণ কৰে ৷
সংগ্ৰাহক
প্ৰাঞ্জল দাস, চাবুৱা, ডিব্ৰুগড়
কৈৱৰ্তৰ সাহিত্য আৰু সাংস্কৃতিক সভাৰ ,অসম প্ৰথম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ নাম- হৰপ্পা (লেখাটোকাতু হৰপ্প পৰা লোৱা হৈছে ) কিছু ভূলবশতে চন বোৰ উল্লেখ কৰা হোৱা নাই ৷৷