দিল্লীৰ তবলিঘি জমাতে দেশবাসীৰ লগতে সমগ্ৰ দক্ষিণ এচিয়াক সংকটৰ মুখলৈ ঠেলি দিলে

দিল্লীৰ তবলিগি জমাতে দেশবাসীৰ লগতে সমগ্ৰ দক্ষিণ এচিয়াক সংকটৰ মুখলৈ ঠেলি দিলেঃ

দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দ্দেশক আংগুষ্ঠ পদৰ্শন কৰি দিল্লীত তবলিগি জমাতে আনুষ্ঠিত কৰা বিশেষ ধৰ্মীয় সভাই কেৱল অসম তথা ভাৰতকে নহয় সমগ্ৰ দক্ষিণ এচিয়াক বিপদৰ মুখলৈ ঠেলি দিলে। এই বিশেষ ধৰ্মীয় সভা ১৩ মাৰ্চত আৰম্ভ হৈ ১৫ মাৰ্চত সমাপ্ত কৰাৰ কথা আছিল যদিও সভা শেষ হোৱাৰ পাছতো নিজামুদ্দিন মৰকাজত বহু মানুহ ৰৈ গৈছিল। বিশ্ববাসীক কৰ’না অতিমাৰীয়ে সন্ত্ৰাসীত কৰিৰখাৰ এই সংকটপূৰ্ণ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিশ্বৰ কেইবাখনো দেশৰ পৰা প্ৰায় ৩৪০০ মানুহ গোট খাইছিল তবলিগিজমাতত আৰু সম্পূৰ্নৰূপে শেষ কৰা নাছিল।

সম্পূৰ্ণ দক্ষীণ এচিয়াকে সংকটৰ মুখলৈ থেলি দিয়া এই  তবলিগি জামাত কি, আৰু কেনেদৰে ইয়াত কৰ’না  ভাইৰাছৰ প্ৰদুৰ্ভাৱ হল এই বিষয়ে আলোচনা কৰিম।

আচলতে তবলিগি জমাত হল পৌৰাণিক ধ্যান ধাৰণাৰে পৰিপুষ্ট এনেকুৱা এখন সভা যাৰ সমগ্ৰ বিশ্বতেই ইচলামিক মিচনেৰী আন্দোলন সৃষ্টি কৰি ইচলাম ধৰ্মৰ প্ৰতি মানুহৰ আকৰ্ষীত কৰা প্ৰধান লক্ষ্য। এই ইচলামীক মিচেনেৰী আন্দোলনৰ সদস্য কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই আছে। ১৯২৬ চনতে গঠন হোৱা এই সভাৰ মূল লক্ষ্য হল প্ৰফেট মহম্মদৰ সময়ৰ ইচলামীক ধ্যান ধাৰণাক পুনৰ প্ৰতিষ্ঠা কৰা। এই সভাৰ গোটেই বিশ্বতেই ১৫০ ৰ পৰা ২৫০ মিলিয়ন সদস্য আছে। অৰ্থাত ১৫ ৰৰ পৰা ২৫ কোটি সদস্য আছে।

বিংশ শতিকাৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ইচলামিক ধৰ্মীয় সংগঠন বুলি কোৱা হৈছে তবলিগি জামাতক। এই ধৰ্মীয় সভাৰ বাবে তেওঁলোকে যেতিয়া বিশেষ যাত্ৰা  আৰম্ভ কৰে বা একত্ৰীত হয়, সদস্য সকলে এটা বন্ধ কোঠাৰ দৰে পৰিৱেশত নিজকে আবদ্ধ কৰি লয়। ভাৰতত ইয়াৰ মুখ্য কাৰ্য্যালয় দিল্লিৰ নিজামুদ্দিন এলেকাত আছে। নিজামুদ্দিনৰ যি ঠাইত সভা অনুষ্ঠিত হয় এই বিশেষ দিন কেইতা তেওঁলোকে সেই ঠাইতে কটায়। এই ধৰ্মীয় সভা পৌৰাণীক চিন্তা ধাৰাৰ বাবে, ধৰ্মীয় গোৰামীৰ বাবে প্ৰায়ে বিশ্ব সম্পদায়ৰ মাজত কঠোৰ ভাবে সমালোচি হৈ আহিছে।

উকিপেডিয়াৰ তথ্য অনুসৰি তবলিগি জমাতৰ যি সকল সদস্য আছে সেই সকল হল – ভাৰত, পাকিস্থান, বাংলাদেশ, ইন্দুনেছীয়া, মালাইছিয়া, চিংগাপুৰ আৰু অনান্য বহু দেশৰো মানুহ এই সভাত অংশ গ্ৰহন কৰে।

এই তবলিগি জামাতে সৰ্ব্ব প্ৰথম ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় মালাইছিয়াত। কিয়নো মালেছিয়াত ৬৭৩ জন COVID-19 সংক্ৰমন ঘটা ব্যক্তিৰ দুই তৃতীয় অংশই এই ধৰ্মীয় সভাত অংশ গ্ৰহন কৰা লোক বুলি ইতিমধ্যে প্ৰমান হৈছে। গতিকে মালাইছিয়াত ইয়াৰ  প্ৰথম সংক্ৰমন আৰম্ভ হল, ইয়াৰ পৰৱৰ্তী সময়ত সম্ভৱত ১২ মাৰ্চৰ পৰা পাকিস্থানত প্ৰায় ডেৰ লাখ লোকৰ সমাগম  ঘটিল। টবলিগি জামাতৰ পাকিস্থানৰ ৰাইউইণ্ড স্থিত মুখ্য কাৰ্য্যালয়ৰ ৩৫ জন সদস্যৰ নবেল কৰ’না ভাইৰাছৰ স্কেনিং কৰোৱা হৈছিল, তাৰ  ভিতৰত ২৭ জনেই নবেল কৰ’না পজিটিভ পোৱা গল। স্কেনিং কৰোৱা হৈছিল ২৯ মাৰ্চত।

ইয়াৰ পাছত টবলিগি জামাতৰ সভা হল দিল্লিত। দিল্লিৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ কোনো নিৰ্দেশ পালন কৰা নাছিল এই ইছলামীক ধৰ্মীয় সভাই। সৰ্ব্বপ্ৰথম ১৩ মাৰ্চত দিল্লিৰ নিজামুদ্দিন মাৰকাজত ৩৪০০ শ লোক ইছলামীক ধৰ্মীয় সভাৰ বাবে একত্ৰীত হল। ১৬ মাৰ্চত দিল্লিৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিলে যে কোনো ধৰণৰ ধৰ্মীয় বা অন্য সভা তেওঁ ৰাজ্যত হব নোৱাৰিব যত ৫০ জনতকৈ বেছি লোক একতিত হব। কিন্তু মুখ্য মন্ত্ৰীক প্ৰত্যহ্বান জনাই ৩৪০০ মানুহ  একত্তিত  হল। অন্যহাতে এই সভা ১৫ মাৰ্চৰ শেষ হোৱা কথা আছিল কিন্তু তাৰ বিপৰীতে সৰহ সংখ্যক লোকেই নিজামুদ্দিন মাৰকাজতেই একত্তিত হৈ থাকিল।

২০ মাৰ্চত দিল্লিৰ তবলিগি জামতাৰ সভাৰ পৰা। ইণ্ডোনেচিয়াৰ ১০ জন লোক তেলেংগনালৈ গৈছিল আৰু এই ১০ লোকৰ তেলেংগনাত পৰীক্ষা কৰাৰ পাছত গম পোৱা গল যে এই লোক কেই জন নবেল কৰ’না ভইৰাছত আক্ৰান্ত। এতিয়া এইখিনিতে এটা কথা আহিল- এই লোক কেইজন তেলেংগনালৈ বাছ, ট্ৰেইন অথবা এয়াৰত গৈছিল। গতিকে এই লোক সকলৰ সংস্পশলৈ বা কিমান মানুহ আহিছিল?

ইয়াৰ পাছত ২৩ মাৰ্চত নিজামুদ্দিন মাৰকাজত থকা ১৫০০ লোকে মাৰকাজ খালী কৰিলে অৰ্থাত মাৰকাজ এৰিলে প্ৰায় ১০০০ লোক তাতেই থাকিল।

২৪ মাৰ্চত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ঘোষণা কৰিলে যে ভাৰত ২১ দিনৰ বাবে  লকডাউন হব। আৰু কোনো ধৰণৰ ধৰ্মীয় একত্ৰীকৰণ বা অনান্য একত্ৰিকৰণ হব নোৱাৰীব, কেৱল জৰুৰী সেৱাৰ বহিৰে।

২৪ মাৰ্চত নিজামুদ্দিনৰ পুলিচ প্ৰশাসনে তাত অৱস্থান কৰি থকা লোক সকলক নিজামুদ্দিন মাৰকাজ খলী কৰিবলৈ নিৰ্দ্দেশ দিলে। কাৰণ যিহেতু নিজামুদ্দিনৰ  আৱাসিক এলেকাটো অত্যন্ত সৰু গতিকে তাত থকা লোক সকলৰ পক্ষে সামাজিক দূৰত্ব বজায় ৰখাতো সম্ভৱ নহয়। সেইয়েহে দেশৰ মানুহৰ বাবে ই বিপদ জনক হব পাৰে, তাৰ বাবে পুলিচ প্ৰশাসনে সেই থাইখিনি খালী কৰিব কাৰণে নিৰ্দ্দেশ দিলে।

২৫ মাৰ্চত পুলিচৰ যি নিৰ্দ্দেশ  সেই নিৰ্দ্দেশ অৱমাননা কৰি তেতিয়ালৈকে ১০০০ লোক তাতেই একত্ৰিত হৈ থাকিল। আৰু তাৰ পাছত চিকিৎসক তথা চিকিৎসা কৰ্মী দল মাৰকাজলৈ গল তাত থকা লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰিলে আৰু সন্দেহজনক সকলক সেই গৃহৰ ভিতৰতেই ISOLATED কৰি ৰাখিলে।

২৬ মাৰ্চত এজন ভাৰতীয় ইছলাম ধৰ্ম প্ৰচাৰক যি তবলিগি জামাতত অংশ গ্ৰহন কৰিছিল তেওঁ শ্ৰীনগৰলৈ ঘুৰি গল আৰু কৰ’না ভইৰাছৰ সংক্ৰমনৰ বাবে তাতেই তেওঁ মৃত্যু হল। এই লোক জন ঘুৰি গৈছিল ট্ৰেইনত।

২৭ মাৰ্চত ৬ জন কৰ’না ভইৰাছৰ সন্দেহজনক লোকক পৰীক্ষা বাবে পঠোৱা হল আৰু হাৰিয়ানা ঝাজাৰত কোৱাৰেন্টাইন কৰা হল। এই ৬ জন দিল্লিৰ ইছলামীক ধৰ্মীয় সভাত অংশ গ্ৰহণ কৰিছিল। পিছদিনা এই ৬ জনৰেই COVID-19 সংক্ৰমন ধৰা পৰিল।

২৮ মাৰ্চত লাজপটনগৰৰ এচি পি য়ে এই লোক সকলক আইনী জাননী প্ৰেৰণ কৰিলে যে,  নিজামোদ্দিন মাৰকাজত থকা এই ১০০০  লোকে মাৰকাজ খালী কৰিব লাগিব।

২৯ মাৰ্চত এ চি পি ৰ আইনী জাননী উত্তৰত মাৰকাজৰ কৃৰ্তপক্ষই কলে যে আমি যি সকল লোক ইয়াত আছো সেই সকল বাহিৰে কোনো নতুন মানুহক  মাৰকাজৰ ভিতৰত আহিবলৈ দিয়া নায়। অবিবেছক উত্তৰ দিলে আৰু ৰাতি পুলিচ প্ৰশাসনে ইয়াৰ লোক সকলক উদ্ধাৰ কৰি চিকিৎসা ব্যৱস্থা লগতে কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিলে। ৩০০ লোকক হস্পিটেলাইজ কৰা হল আৰু ৭০০ লোকক কোৱাৰেন্টিন কৰি ৰখা হল।

ইয়াৰ পাছত ৭ টা মৃত্যু আৰকু ২৫ টা ইটিমধ্যে তবলিগি জামাতৰ সভাত অংশগ্ৰহণ কাৰীৰ সংক্ৰমন নিশ্চিত কৰা হল। ইয়াৰ ৬ জনৰ মৃত্যু তেলেংগনাত হৈছে  ইচিমধ্যে তেলেংগনা CMO এ  টুইটাৰত টুইট কৰিছে।

তবলিগি জামাতত অংশগ্ৰহণ কৰা যি ৩৪০০ লোক আছিল সেই সকলৰ ২০০ মালাইচিয়া, ইণ্ডোনেচিয়া, থাইলেণ্ড, নেপাল, ম্যানমাৰ, খাৰগিস্থান, চৌডিআৰব, আফগানিস্থান, আলজেৰিয়া, ডুৱাই, শ্ৰীলংকা, বাংলাদেশ, ফজি, ফ্ৰান্স আৰু কুৱেট আদি বিভিন্ন দেশৰ পৰা আহিছিল।

ইটিমধ্যে দিল্লীৰ মুখ্য মন্ত্ৰীয়ে জনোৱা মতে ৪৪১ লোকৰ COVID-19 ৰোগৰ লক্ষণে দেখা দিছে। এটা বিশেষধৰ্মীয় লোকৰ ধৰ্মীয় সভাই গোটেই বিশ্ববাসীক আজি ভয়ংকৰ বিপদৰ মুখলৈ থেলি দিলে

২৭ মাৰ্চত এজন ৬৫ বছৰীয়া বৃদ্ধ জন্মু কাশ্মীৰ শ্ৰীনগৰত কৰ’না ভইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটে। আনহাতে সভাত ভাগলোৱা এজন ৫২ বছৰীয়া বৃদ্ধৰ অন্ধপ্ৰদেশৰ গুনতুৰত পজিটিভ পোৱা গৈছে। এইখন ইছলাম ধৰ্মীয় সভাই গোটেই দেশকে প্ৰভাৱিত কৰি দিলে।

বৰ্তমান ভাৰতত প্ৰায় ১৭২৩ জন লোক এই COVID-19  ত আক্ৰান্ত হৈছে আৰু  এতিয়ালেকে ৫৩ জনৰ মৃত্যু ঘটিছে।

দিল্লিৰ মূখ্য মন্ত্ৰীয়ে ইতিমধ্যে তবলিগি জামাতৰ বিৰুদ্ধে গুচৰ ৰুজু কৰিছে। লগতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ে ইতিমধ্যে এই সভাত ভাগ লোৱা বিদেশৰ ৩০০০ লোকৰ ভ্ৰমনৰ সবিশেষ তথ্য বিছৰা আৰম্ভ কৰিছে। সেই তিনি হাজাৰ লোক কোন কোন ব্যক্তি বিশেষৰ সংস্পশলৈ আহিছিল এই সকলোবোৰ তথ্য ইটিমধ্য ৰাজ্য চৰকাৰ সমূহলৈ প্ৰেৰণ কৰিছে লগতে জৰুৰী কাৰ্য ব্যৱস্থা গ্ৰহনৰ বাবে নিৰ্দেশ দিছে।

ইফালে ভাৰত চৰকাৰে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় প্ৰদক্ষেপ গ্ৰহন কৰিছে। কৰ’না ভইৰাছৰ লকডাউনৰ সময়ত ভিছাৰ নিয়ম ভংগ কৰাৰ বাবে ৪০০ ইণ্ডনেচিয়ান তবলিগি জামাতৰ ধৰ্ম প্ৰচাৰকৰ ভিচা বাটিল কৰিছে।

তবলিগি জামাতৰ বিশেষ ধৰ্মীয় সভাৰ ফলাফল কি হব তালৈ কিছু অপেক্ষা কৰিব লাগিব। কিন্তু এটা কথাই সমগ্ৰ ভাৰত বাসীৰ মনত সদায় ক্ষোভৰ উদগীৰণ ঘটাব যে ইছলাম ধৰ্মীয় এখন সভাই গোটেই দেশ তথা সমগ্ৰ দক্ষিণ এচিয়াক ঘোৰ সংকটৰ মুখলৈ ঠেলি দিলে।

ডা হৰিকান্ত দাস, গোগামুখ, ধেমাজি।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles