ডেংগু জ্বৰ কি?

ডেংগু জ্বৰ কি?

ডেং গুএবিধ সংক্ৰামক, ভাইৰেল ৰোগ। যিটো ডেংগু ‘ভাইৰাছ’ৰ পৰা হয়। সংক্ৰমন কৰে মাইকী ‘এডিছ্ এজেপ্টি’ নামৰ মহ’ বিধে।

ডেংগু ৰোগৰ লক্ষণসমূহ:-

(1)অতিপাত জ্বৰ (2)গাঁঠিৰ বিষ (3) মূৰৰ বিষ (4) মাংস পেশীৰ বিষ (5) চকুৰ পিছফাল বিষোৱা (6) চকু ৰঙা পৰা (7) জটিল অৱস্থাত নাক, মুখ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা (8) শৰীৰত ৰঙা ৰঙা দাগ বা ঘামচি সদৃশ লক্ষণ আদি।

ডেংগু লোগৰ পৰা ৰক্ষা পাবলৈ ল’বলগীয়া সাৱধানতাসমূহ:-

(1)অলাগতিয়াল বাচন-বৰ্তন(কাগজৰ কাপ-প্লেট),টায়াৰ,নাৰিকলৰ খোলা,খালি টাব আদিত জমা হোৱা পানীত ডেংগু মহে কণী পাৰে। সেয়ে ঘৰৰ কোনো মুকলি পাত্ৰত পানী জমা হ’বলৈ নিদিব আৰু এনে মহৰ বংশবৃদ্ধি প্ৰতিৰোধ কৰক।
(2) ডেংগু মহে দিনত কামোৰে সেয়েহে দিনত শোৱাৰ সময়তো আঁঠুৱা ব্যৱহাৰ কৰক।
(3)শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰক।
(4) জ্বৰ হ’লেই তৎক্ষণাত ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যাওক।চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ সেৱন নকৰিব।
ডেংগু ৰোগৰ উপযুক্ত প্ৰতিকাৰৰ ঔষধ হোমিঅ’পেথিক চিকিৎসাত সম্পূৰ্ণ উপলব্ধ। আগতীয়াকৈ প্ৰতিকাৰৰ বাবে আপোনাৰ ওচৰৰ হোমিঅ’পেথিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰক পৰিয়ালৰ সকলোৱে আৰু ৰোগৰ লক্ষণে দেখা দিলে,যদি আপুনি হোমিঅ’পেথিক ঔষধ গ্ৰহন কৰিব বিচাৰে তেনেহ’লে হোমিঅ’পেথিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰিব
ধন্যবাদ,
ডাঃ প্ৰিয়ংকা বৈশ্য
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles