ভয়ংকৰ পোক ডেমোদেক্স আতৰাব কেনেকৈ?

আপোনাৰ চকুৰ নোমত থাকা ভয়ংকৰ পোক ডেমোদেক্স আতৰাব কেনেকৈ?

গৰ লিখাটোত মানুহৰ চকুৰ নোমত থকা ভয়ংকৰ দৈত্য ডেমোডেক্সৰ(Demodex) বিষয়ে কৈছিলো। বহু সংখ্যক ব্যক্তিয়ে এই ভয়ংকৰ পৰজীৱী (Parasite) বিধে কেনেধৰণৰ সমস্যাৰ সৃস্থি কৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি জানিব বিচাৰিছে। গতিকে এই বিষয়ে কিঞ্চিত আভাস দিবৰ বাবে এই লেখাটো আগবঢ়োৱা হৈছে।

ভয়ংকৰ পোক ডেমোদেক্সক( Demodex)

⇒ ডেমোডেক্স (Demodex) মানুহৰ চকুৰ নোমকোপত থাকে। 
⇒ ডেমোডেক্স (Demodex) দীঘলে প্ৰায় ০.৩ চেন্টি মিটাৰ। 
⇒ ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পোকে মানুহৰ চালৰ কোষ            আৰু তেল খায় জীয়াই থাকে। 
⇒ ৰাতিৰ ভাগত এই ভয়ংকৰ পোক ডেমোদেক্সক (Demodex) সক্ৰিয় হয়। 
⇒ ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পোকে সংক্ৰামণৰ সৃস্টি কৰিব পাৰে (Contagious)। 

বয়োজ্যেষ্ঠ ব্যক্তিৰ গাত বেছিকৈ থকা দেখা যায়। 

ভয়ংকৰ পোক ডেমোদেক্সৰ ( Demodex) ৰ লক্ষণ কেনেকৈ চিনাক্ত কৰিব?

Ø ডেমোডেক্স (Demodex) চকুত থাকিলে চকু ৰঙা হব পাৰে আৰু চকুৰ পতা ফুলি উঠিব পাৰে।

Ø চকুৰ পতাত খজুৱতী হব পাৰে।

Ø চকুৰ পতা বা পতাৰ ওপৰৰ চেলাউৰীটো উফি হব পাৰে।

Ø চকু পোৰণি, খচ খচনি অনুভৱ। Ø চকু শুকান।

Ø চকুত খজুৱতী আৰু চকুত বালি খোমোৱাৰ দৰে অনুভৱ হব পাৰে। 

 ডেমোডেক্স (Demodex) ৰ চিকিৎসাঃ 

  • ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পৰজীৱী পোক নিধনৰ বাবে চাহ তেল (Tea Tree Oil) অত্যন্ত উপযোগী। এই তেলে এই বিধ পৰজীৱী সংক্ৰামক পোক ধংস কৰি দিয়ে আৰু ইয়াৰ প্ৰতিকাৰো কৰে। 
  • অৰৰ্গানিক চাহ তেলযুক্ত চাবোন (Tea tree oil Soap)  ব্যৱবাৰ কৰিলেও চকুৰ নোমত থকা বেক্টেৰিয়া আৰু ডেমোডেক্স (Demodex) নামৰ এই ভয়ংকৰ পৰজীৱী দৈত্যৰ বিৰুদ্ধে যুঁযদি ইয়াক ধংস কৰি দিব পৰা ক্ষমতা থাকে। এই তেল আৰু চাবোন সপ্তাহত ৩-৪ বাৰ ব্যৱহাৰ কৰিব পাৰে।
Dr Hari
9954340102

 

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles