গ্ৰেষ্ট্ৰিকৰ বা এচিডিটিৰ হোমিওপ্যাথিক চিকিৎসা

গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসা

কেতিয়াবা বুকুত জ্বলা পোৰা, টোঙা উগাৰ, বমি বমি ভাৱ, পেটত ভূট ভূট শব্দ কৰা, বমি হোৱা আদি লক্ষণে প্ৰায় সকলো মানুহকে আমনি কৰা পৰিলক্ষিত হয়। পেট, বুকু আৰু ডিঙিত জ্বলা পোৰা, তেঙা, তিতা পানিৰে বমি হোৱা, পেটত তীব্ৰ বিষ অনুভৱ কৰা, ভোক নলগা আদি লক্ষণ সমূহে দেখা দিলেই আমি গ্ৰেষ্ট্ৰিক হোৱা বুলি কওঁ। পৃথিৱীত জনসংখ্যাৰ প্ৰায় আধাতকৈয়ো বেছি মানুহ এই গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যাত ভুগা বুলি বিশ্ব স্বাস্থ্য সন্থাই (WHO) প্ৰকাশ কৰিছে। গতিকে প্ৰতি ১০০ জন ব্যক্তিৰ ৫০ জনৰো অধিক এই ৰোগত ভূক্ত ভোগি।

          আপোনালোকে ইতিমধ্যে গম পাইছে যে এই গেষ্ট্ৰিকৰ দৰবে কেন্সাৰ বেমাৰ সৃষ্টি কৰে। ৰ্দীঘদিন ধৰি গেষ্ট্ৰিকৰ দৰব ব্যৱহাৰ কৰিলে যিহেতু দুৰাৰোগ্য কেন্সাৰ ৰোগে জীৱনলৈ ভাবুকি কিঢিয়াই আনিব পাৰে। গতিকে আপোনালোকে হোমিঅপেথিক দৰব ব্যৱহাৰ কৰি এই ক্ষতিৰ পৰা নিশ্চিত ভাৱে বাছি থাকিব পাৰিব।

এতিয়া আগবাঢ়ো বিষয়টোলৈ গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসাঃ

আমি যেতিয়া খাদ্য খাঁও, প্ৰথমে ভালদৰে চোবোৱাৰ পাছত যেতিয়া গিলো তেতিয়া খাদ্য দব্য মুখৰ পৰা খাদ্য নলীয়েদি গৈ স্তমাকত প্ৰৱেশ কৰে। আৰু এই স্তমাকত খাদ্য পৰিপাক হৈ ক্ষুদ্ৰান্তৰ মাজেৰে বৃহদান্তৰ প্ৰৱেশ কৰে। আৰু ইয়াৰ পৰা আমাৰ শৰীৰে খাদ্যত থকা ভিটামিন, প্ৰটিন, মিনাৰেল আদি যিবোৰো আমাক পৰিপুষ্টিৰ বাবে প্ৰয়োজন এই বোৰ এক প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ শৰীৰে গ্ৰহণ কৰি লয়। আৰু সকলোবোৰ প্ৰক্ৰিয়া সম্পন্ন হোৱা পাছত মলৰুপে বাকী থকা আৱৰ্জণা বোৰ আমাৰ মল দ্বাৰেদি বাহিৰ হৈ যায়।
এই প্ৰক্ৰিয়াটোক আমি পৰিপাক প্ৰক্ৰিয়া বুলি কওঁ। আমাৰ ওপৰ পেটৰ বাওঁফালে বুকু আৰু নাভিৰ মাজত পাকস্থলী অৱস্থিত। আমি খোৱা খাদ্য এই পাকস্থলীত জমা হোৱাৰ পাছত ইয়াৰ পৰা নিৰ্গত হোৱা অম্ল ৰস বা গেষ্ট্ৰিক জুচৰ সহায়ত হজম হবলৈ ধৰে। এই অম্ল বা গেষ্ট্ৰিক জুচ যদি অত্যাধিক ভাবে নিসৰণ হয় আৰু তাৰ বাবে আমাৰ পাকস্থলীত পদাহৰ সৃষ্টি হবলৈ ধৰে তেতিয়া তাকে আমি অম্লপিত্ত, এচিডি্টি বা গেষ্ট্ৰিক বুলি কওঁ।
          অত্যাধিক পৰিমানে জ্বলা, টেঙা, মচলা যুক্ত খাদ্য, ফাষ্টফুড, গেলা-পচা, অপুষ্টিকৰ খাদ্য, ভেজাল খাদ্য, চালানি মাচ আদি খোৱা, সময়মতে আহাৰ গ্ৰহন নকৰা, গুটখা, পান মচলা, চাহ, কফি আদি বেছিকৈ খোৱা, অত্যাধিক মদ্য প্ৰান আৰু ধূম্ৰ প্ৰান কৰা, আইৰণ টনিক, বিষনাশক ঔষধ আদি বেছিকৈ খোৱা। পানী কমকৈ খেৱা, মানসিক চাপত ভুগা, নিদ্ৰা হীনতাত ভুগা, অত্যাধিক শংকা, ভয়, অতিসাৰ বা গ্ৰহনী, বদ হজম, যকৃতৰ দোষ আদিৰ কাৰণে এই গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা হব পাৰে।

গেষ্ট্ৰিক ৰোগ দুই প্ৰকাৰৰ হব পাৰে-

ক) Acute বা নতুন গেষ্ট্ৰিক আৰু
খ) Chronic বা পোৰণা গেষ্ট্ৰিক।

(1)নতুন গেষ্ট্ৰিক 

সাধাৰণতে অত্যাধিক জ্বলা-পোৰা, গৰম মচলা যুক্ত খাদ্য, গেলা-পচা খাদ্য, চালানি মাছ, মাংস, অতি গৰম বা ঠাণ্ডা খাদ্য গ্ৰহন কৰা আদি কাৰণত এই ৰোগ হব পাৰে।

এই ৰোগৰ লক্ষণ সমূহ হলঃ

পেটত খামুচি ধৰা বিষ হয়, বমি বমি ভাৱ হয় বা বমি হব পাৰে। ওকালি আহে, পেটত পুৰণি হয়, পেট অনবৰত গধুৰ গধুৰ লাগি থাকে, খাবলৈ ইচ্ছা নকৰে, খাদ্য ভালদৰে হজম নোহোৱাৰ বাবে পেট অনবৰতে ফুলি থাকে। জিভাৰ ৰং পৰিৱৰ্তণ হয়, ডাঠ প্ৰলেপ পৰে, পিয়াহ লাগে, কেতিয়াবা বমিৰ লগত তেজ আহে আৰু শৌচ কলা হয়।

পুৰনি গেষ্ট্ৰিকৰ কাৰণঃ 

অতিৰিক্ত মদ্যপ্ৰাণ, ধূম্ৰ প্ৰাণ, জ্বলা, ভজা-পোৰা, মচলা, অত্যাধিক তেল জাতীয় খাদ্য খোৱা ব্যক্তিৰ এই সমস্যা হব পাৰে আৰু বয়সিয়াল লোক এই পোৰণা গেষ্ট্ৰিকৰ সমস্যাত ভুগা দেখা যায়। এই ৰোগত দীৰ্ঘদিন ধৰি ভুগি থাকিলে হেলিকবেক্টাৰ নামৰ এবিধ বেক্টেৰীয়া সংক্ৰামণ ঘটি পাকস্থলীত ঘাঁৰ সৃষ্টি হৈ গেষ্ট্ৰিক আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।

 গেষ্ট্ৰিকবা এচিডিটিৰ সাধাৰণতে দেখিবলৈ পোৱা লক্ষণ সমূহ হলঃ- 

খাদ্যৰ প্ৰতি অনিচ্ছা, খাদ্য ভালদৰে হজম নোহোৱা, সকলো সময়তে ওকালি অহা আৰু বমি বমি ভাৱ হোৱা, বিশেষকৈ ৰাতি পুৱা সময়ত এই লক্ষ সমূহ তীব্ৰ হোৱা দেখা যায়। সদায় ওপৰ পেটত বিষ হোৱা আৰু অনবৰত পেট গধুৰ গধুৰ লাগি থকা, হাত ভৰিত পোৰণি অনুভৱ কৰা, আদি লক্ষণ সমূহ থাকে। এই বেমাৰত দীৰ্ঘদিন ধৰি ভুগি থাকিলে ৰোগী পুষ্টিহীনতা আৰু ৰক্তহীনতাত ভুগি দূৰ্ব্বল হৈ পৰিব পাৰে। এই বেমাৰৰ সঠিক চিকিৎসা নকৰালে ৰোগী গুৰুতৰ সমস্যাৰ সন্মুখীন হব পাৰে।

গেষ্ট্ৰিক বা এচিডিটিৰ ৰোগত ভুগা ৰোগীয়ে কিছুমান নীতি নিয়ম মানি চলিব লাগে। 

(১) ৰোগীয়ে পুৱা শুই উঠি কমেও আধা লিটাৰ কুঁহুমীয়া গৰম পানী খাব লাগে। কুঁহুমীয়া গৰম পানী খালে শৌচ খোলোচা হৈ পাকস্থলী পৰিষ্কাৰ হয় আৰু এচিডিটি হোৱাত বাধা প্ৰদান কৰে।

(২) খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে। খাদ্য খোৱাৰ ৪০ মিনিটৰ আগত বা পাছতহে পানী খাব লাগে। কাৰণ খাদ্য খোৱাৰ লগে লগে বা খাদ্য খোৱাৰ আগতে পানী খালে পাকস্থলীত পিত্তৰসৰ গাঢ়তা কমি যায়। যাৰ বাবে খাদ্য পৰিপাক ক্ৰিয়াত ব্যাঘাত জন্মিব আৰু এচিডিটিৰ সৃষ্টি হব পাৰে।
(৩) পদিনা খাব লাগে। পদিনাৰ পাত পিহি ৰস খাব পাৰে নহলে চোবাই খাব পাৰে পদিনা অম্ল নাশক হিচাপে ব্যৱহাৰ কৰা হয়।
(৪) মানিমুনিৰ ৰস খাব পাৰে। মানিমূনি ৰসো অল্মপিত্ত নাশক।
(৫) আদা আৰু কলা নিমখ খালেও এচিডিটি কম হয়। ই হজম শক্তি বৃদ্ধি কৰে।
(৬) এচিডিটিৰ সমস্যাত ভুগাৰ ৰোগীয়ে মানসিক চাপ এৰাই চলিব লাগে। খংৰাগ আদি বৰ্জন কৰি চলিব লাগে।
(৭) টোপনি ক্ষতি কৰিব নালাগে।
(৮) ধপাট জাতীয় খাদ্য বৰ্জন কৰিব লাগে।
(৯) চাহ কফি আদি কমাই খাব লাগে, পৰাপক্ষত বৰ্জন কৰিব লাগে।
(১০) মদ্য প্ৰাণ, ধূম্ৰ প্ৰাণ কৰিব নালাগে।
(১১) জ্বলা-পোৰা, মচলা, ফাষ্ট ফুড, জাংফুট আৰ্দি বৰ্জন কৰি চলিব লাগে।
(১২) এবাৰত খোৱা খাদ্য তিনি ভাগ কৰি তিনি বাৰত খাব লাগে।

গেষ্ট্ৰিক বা এচিডিটিৰ হোমিঅ চিকিৎসা- 

আপোনালোকে জানে য়ে হোমিঅপেথিকত কোনো ৰোগৰ সিকিৎসা কৰা নহয়। বৰঞ্চ ৰোগীকহে সিকিৎসা কৰা হয়। ৰোগীক ঔষধ প্ৰয়োগ কৰাৰ আগতে ৰোগীৰ জীৱন শৈলী, খাদ্যভ্যাস, ৰোগৰ লক্ষণ আদি সুক্ষ্মভাৱে পৰ্যবেষণ কৰাটো প্ৰয়োজন। গতিকে ইয়াত মই গেষ্ট্ৰিকত ব্যৱহৃত অত্যন্ত ফলপসু কেইটামান দৰবৰ বিষয়ে লক্ষণ অনুযায়ী ইয়াৰ বৰ্ণনা দাঙি ধৰিলো। ব্যৱহাৰৰ ক্ষেত্ৰত হোমিঅপেথিক সিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব।
(১) nux vomicaঃ-
খাদ্য খোৱাৰ ½ ঘন্টাৰ পাছতেই পাকস্থলীত পথৰ থকাৰ দৰে চাপ অনুভৱ হয়। মুখত পানী উঠে, পেট টান টান অনুভৱ হয়। ককাঁলৰ কাপোৰ ঢিলা কৰিবলৈ বাধ্য হয়। আহাৰ গ্ৰহন কৰা 2/3 ঘন্টাৰ পিছলৈকে মানসিক পৰিশ্ৰম কৰিব নোৱাৰে। দুপৰীয়া আহাৰ গ্ৰহন কৰা পিছতেই টোপনি আহে। মনত দূচিন্তা, উৎকণ্ঠা, অত্যাধিক কফি, মাদক দ্ৰব্য আদি খোৱা, টোপনি ক্ষতি আৰু অত্যাধুনিক জীৱন যাপনৰ বাবে হোৱা পাকস্থলী ৰোগত এই ঔষধ অত্যন্ত উপযোগী। ৰোগীৰ প্ৰতিদিনে ৰাতিপুৱা টেঙা আৰু তিতা উগাৰ অহে। প্ৰতিদিন ৰাতি পুৱা ওকালি ভাৱ আৰু বমি হোৱাৰ লগতে মানসিক উদ্যম হীনতাই দেখা দিয়ে। খাদ্য খোৱাৰ পাছতেই উগাৰ আহে। আহাৰৰ পাছত ধূম্ৰপ্ৰাণ কৰিলে অনবৰত ওকালি ভাৱ হয় আৰু ভাব হয় যেন বমি কৰি দিব পাৰিলেহে উপশম হব। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই নাস্কভমিকা ঔষধ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
(২) লাইকপডিয়ামঃ-
জিভাত দাঁতৰ চাপ লগা, দাঁত মুখ টেঙা টেঙা লগা, পেটত অত্যাধিক বায়ু জমা হোৱা ফলত পেট ফুলি থকা, পেটত গৰ গৰ শব্দ হোৱা, অলপ খাদ্য খালেই পেট ফুলা, পায়খানা ছাগলী লাদৰ দৰে কঠিন হোৱা আৰু এচিডিটিৰ কাৰণে বুকুৰ জ্বলা পোৰা কৰা লক্ষণত এই ঔষধে ভাল ফল দিয়ে।
(৩) ইপিকাকুয়ানাঃ (IPECACUHANA)
সকলো সময়তে বমি বমি ভাৱ হয় ওকালি আহে আৰু ওকালি লগত প্ৰচুৰ প্ৰৰিমানে লেলাউটি উলায়, কনিৰ বগা বিজলুৱা অংশৰ দৰে প্ৰচুৰ পৰিমানে বমি হয়। বমি হলে উপশম নহয়। বমিৰ পাছত টোপনি আহে, কুজা হলে বৃদ্ধি হয়, পাকস্থলীটো তললৈ উলমিপৰা দৰে, ঢিলা যেন লাগে খামোচ মৰা, চেপি দিয়াৰ দৰে তীব্ৰ বিষ হয়। বায়ু জমা হোৰ ফলত নাভিৰ চাৰিওফালে ফালি দিয়াৰ দৰে বিষ হয়। শৌচ ফেন যুক্ত ৰক্ত মিশ্ৰিত হয়। এনে ধৰণৰ লক্ষণ প্ৰকাশ পালে এই ঔষধে ভাল ফল দিয়ে।
(৪) এচাইনাইডঃ
পাকস্থলীত হূলে ফুটাৰ দৰে যান্ত্ৰণা, পানী পিয়াহ, জ্বৰ জ্বৰ ভাৱ, বমি আদি লক্ষণৰ লগতে মৃত্যুৰ ভয় থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰে।
(৫)পালচাটিলাঃ
এই ঔষধ লক্ষণ হল- যি খাই তাকেই তিতা লাগে, ভুক নালাগে, পানীৰ পিয়াহ নাথাকে, মুখত অনবৰত তিতা স্বাদ অনুভৱ।
(৬) চাইনা:
এই ঔষধত খাদ্য খোৱাৰ পিছত গোটা বস্তু এটাই পেটৰ পৰা বুকুৰ মাজলৈ ওজাই অহাৰ দৰে লাগে, পেট ফুলি উঠে। একেবাৰে ভুক নালাগে। খাদ্য হজম নোহোৱালৈকে পেটত অশান্তি বৃদ্ধি হয়, পেটত অনবৰতে গৰ গৰ শব্দ হৈ থাকে, বুকু জ্বলা পোৰা আৰু এচিডিটিৰ লক্ষণ থাকে। কেতিয়া ৰোগীৰ হিকটি আহে, বমি বমি ভাব, তেজ বমি আৰু টেঙা-তিতা উগাৰ আহে।
এইবিলাক ঔষধৰ উপৰি ৰবিনা, জেৰেনিয়াম, ৰেফনাছ, কেৰিকা পাপায়া, চেলুডনিয়াম আদি ঔষধ সমূহ গেষ্ট্ৰিকত ব্যৱহাৰ কৰি সুফল পাব পাৰি।
আজিকালি ঔষধ কম্পানী সমূহেও কিছুমান খুব ফলপসু পেটেন্ট প্ৰস্তুত কৰিছে। এই বোৰৰ ভিতৰত DROX-13, GASONORM, GASTROPLEX আদি পেটেন্ট কেইতা লব পাৰে। খুব ফলপসু হয়।
ডা হৰিকান্ত দাস
9954340102
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles