ক্ৰিয়েটিনিন কি?

ক্ৰিয়েটিনিন কি? কিয় বাঢ়ে?  ইয়াক অতি সহজে কেনেকৈ কম কৰিব?

creatinine

বৰ্তমান সময়ত ব্যাপক ৰুপে দেখা দিয়া সমস্যা সমূহৰ ভিতৰত এটা অন্যতম সমস্যা হ’ল কিডনী ফেইলৰ সমস্যা। যিমান বিলাক ৰোগীৰ কিডনী ফেইলৰ হোৱা দেখা যায় প্ৰায় সকলোৰে বৰ্ধিত ক্ৰিয়েটিনিনৰ বাবেই হোৱা দেখাযায়।

গতিকে আজি আমি কথা পাতিম

ক্ৰিয়েটিনিন কিয় বৃদ্ধি হয়? 
কত হয়?  
ইয়াক সহজতে নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে কি কৰিব?

আমি দেখিবলৈ পাওঁ যি সকল কিডনী সমস্যাত ভুগা ৰোগী তেখেঁত সকলে ক্ৰিয়েটিনিন বৃদ্ধিৰ লগে লগে যথেষ্ট ভয় খায়। ভয় এই কাৰণেই খায় যে তেওঁলোকে নাজানে ক্ৰিয়েটিনিন কত সৃষ্টি হয় বা কেনেকৈ হয়। যদি তেওঁলোকে ক্ৰিয়েটিনিন কেনেকৈ বৃদ্ধি হয় ? কিয় হয় বা কি কি খাদ্য খালে বাঢ়ে এই কথা যদি জানিব পাৰে তেনে হলে তেখেত সকলে ক্ৰিয়েটিনিন ৰোধ কৰি কিডনী ফেইলৰ সমস্যাৰ পৰা বাছি থাকিব পাৰে।

ক্ৰিয়েটিনিন ৰ সমস্যা আমি দুই ধৰণেৰে ৰোধ কৰিব পাৰোঃ

১) দেহত ক্ৰিয়েটিনিন উৎপন্ন হোৱাত বাধা দিব লাগিব ।

২) নহলে দেহত গোটখোৱা ক্ৰিয়েটিনিন কিডনীৰ জৰীয়তে বাহীৰ হব লাগিব।

এই বিষয়ে আলোচনা কৰাৰ আগতে আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকে জনাটো অতি প্ৰয়োজন।

কিডনীক ডেমেজ কৰিব পৰা এই ক্ৰিয়েটিনিন আমাৰ দেহৰ কত উৎপন্ন হয়?

ক্ৰিয়েটিনিন-কিয়-বাঢ়েএই যি ক্ৰিয়েটিনিন ই আমাৰ শৰীৰৰ মাংসপেক্ষী সমূহত উৎপন্ন হয়। আমাৰ দেহৰ মাংসপেক্ষীত উৎপন্ন হোৱা এইবোৰ অলাগতীয়াল আৱৰ্জনা হয় আৰু প্ৰটিনৰ দ্বৰা এইবোৰ গঠিত হয়।

যেতিয়া কিডনীৰ ৰোগীয়ে অত্যাধিক প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰে তেতিয়াই এই ক্ৰিয়েটিনিনৰ বৃদ্ধি হবলৈ ধৰে। যেনে অত্যাধিক মাহ জাতীয় খাদ্য গাখীৰৰ পৰা উৎপাদিত খাদ্য, অত্যাধিক মাছ, মাংস খায় তেতিয়া আপোনাৰ দেহত ক্ৰিয়েটিনিনৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়।

বহু ক্ষেত্ৰত দেখা যায় যেতিয়া কিডনীৰ ৰোগীয়ে KFT কৰায় ক্ৰিয়েটিনিন বাঢ়ে তাৰ কাৰণ কিডনীৰ নিস্ক্ৰীয়তাৰ বিপৰীতে কিন্তু ৰোগীয়ে গ্ৰহণ কৰা অত্যাধিক প্ৰটিনহে।

ক্ৰিয়েটিনিন বৃদ্ধি হলে প্ৰথম আৰু প্ৰধান কৰণীয় কি হব?

ছত্ৰ-ছাত্ৰীৰ-মগজু-প্ৰখৰ-কৰিবৰ-বাবে-কি-খুৱাব

ক্ৰিয়েটিনিন বৃদ্ধি হলে প্ৰথম আৰু প্ৰধান কৰণীয় হব আমি প্ৰটিন যুক্ত খাদ্য এৰাই চলাটো। ইয়াৰ থাইত আমি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খাব লাগে। কাৰ্বহাইড্ৰেট আমাৰ ইন্টেষ্টাইনে মেটাবলাইজ কৰি আমাৰ দেহত যিমান পৰিমানৰ প্ৰটিনৰ প্ৰয়োজন হ’ব সেইখিনি পূৰণ কৰি দিব। যাৰ বাবে দেহত কোনোধৰণৰ প্ৰটিনৰ অভাৱ নাথাকিব আৰু দেহত স্বাভাৱিক কাৰ্য্য প্ৰণালী অব্যাহত থাকিব।

কিন্তু এটা কথা মনত ৰাখিব এই যি প্ৰটিন বিহীন খাদ্যৰ তালীকা ইয়াক দীঘলীয়া সময়ৰ বাবে চলাই নাৰাখিব। খুওব বেছি বেছি ২ৰ পৰা ৩ মাহলৈ লব, নহলে দেহত ডেফিচিয়েন্সি আহিব পাৰে।

কিডনী ফেইলৰ ৰোগীসকল আমি দেখো বহুত বেছি দূৰ্ব্বল হয়। এনে অৱস্থাত শৰীৰত শক্তি পাবৰ বাবে প্ৰটিন জাতীয় খাদ্য দিয়াতো জৰুৰী। গতিকে এনে অৱস্থাত আমি কি কৰিম?

এনে অৱস্থাত তেখেঁত সকলৰ শৰীৰৰ দূৰ্ব্বলতা দূৰ কৰিবৰ বাবে এনে ধৰণৰ প্ৰটিন আমি দিব লাগিব যিবোৰ সহজতে পৰিপাক হয়। যাতে আপোনাৰ দেহত ক্ৰিয়েটিনিন উৎপন্ন হ’ব নোৱাৰে। ইয়াৰ ভিতৰত আমি দাইল দিব পাৰো। দাইল যেনে আমি মগু দাইল দিব পাৰো ইয়াত পয্যাপ্ত পৰিমানে প্ৰটিনো আছে আৰু ই আমাৰ স্তমাকত সহজতে পৰিপাক হয় আৰু সহজতে শৰীৰত সমাহিত হৈ যায়। যাৰ বাবে এই দাইলে শৰীৰত অত্যাধিক মাত্ৰাত ক্ৰিয়েটিনিন ডেপজিত হোৱাৰ পৰাও ৰক্ষা কৰিব। বাকী মচুৰ দাইলো  আপোনালোকে লব পাৰে। লোৱাত বিশেষ অসুবিধা নাই। কিন্তো মগু দাইলটো বেছি ভাল হ’ব।

ক্ৰিয়েটিনিন যেতিয়া বৃদ্ধি হৈ থাকিব তেতিয়া শাৰীৰিক ব্যায়াম নকৰিবঃ

ব্যায়াম

ক্ৰিয়েটিনিন যেতিয়া বৃদ্ধি হৈ থাকিব তেতিয়া শাৰীৰিক ব্যায়াম এৰাই চলিব লাগে। কাৰণ আমাৰ দেহৰ মাংসপেক্ষীৰ ভিতৰতহে ক্ৰিয়েটিনিন উৎপন্ন হয়। গতিকে muscles এক্টিভিটি যেতিয়া বঢ়িব তেতিয়া ক্ৰিয়েটিনিন বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি বৃদ্ধি হৈ যায়। সেয়ে আমি ধৰক জাগিং, ৱেট লিফটিং, ৰাণিং, চাইক্লিং আদি কৰিব নালাগে যদি কৰে মাংসপেক্ষীত ক্ৰিয়েটিনিনৰ উৎপাদন বাঢ়ি যাব আৰু আপোনাৰ যেতিয়া ক্ৰিয়েটিনিন টেষ্ট কৰাব তেতিয়া ইয়াক বহুত বেছি পৰিমাণে বৃদ্ধি হোৱা বুলি দেখিবলৈ পোৱা যাব।

গতিকে যিসকল কিডনী ফেইলৰ সমস্যা থকা ৰোগী, তেখেঁত সকলক বেছি হেভী ব্যায়াম কৰিবৰ বাবে মানা কৰা হয়। আপোনালোকে বেছি দৌৰা, খেলা, ব্যায়াম কৰাৰ পৰিৱৰ্তে আসন কৰিব পাৰে, অনুলোম, বিলোম, কঁপালভাটি আদি কৰিব পাৰে। কাৰণ এইবোৰ ব্যায়ামে আপোনাৰ দেহত অম্লজান যুক্ত তেজৰ পৰিমান বঢ়াই তেজত জমা হোৱা বিষাক্ত আৱৰ্জনা সমূহ বাহিৰ হোৱাত সহায় কৰি কিডনী ফেইলৰ ৰোগীক যথেষ্ট সহায় কৰিব। গতিকে আপোনালোকে যোগাসন, অনুলোম, বিলোম, প্ৰণায়াম আদি ব্যয়াম নিয়মীয়াকৈ কৰিলে নিশ্চিত ভাৱে সুফল পাবলৈ সক্ষম হ’ব।

কিডনী ফেইলৰ ৰোগীয়ে সাৱধানতা অৱলম্বন কৰিব লাগে যাতে ৰোগীৰ জ্বৰ হ’ব নোৱাৰেঃ

কিডনী ফেইলৰ ৰোগীয়ে সাৱধানতা অৱলম্বন কৰিব লাগে যাতে ৰোগীৰ জ্বৰ হ’ব নোৱাৰে। জ্বৰৰ পৰা বাছি থাকিবৰ বাবে সাৱধানে থাকিব লাগে। কাৰণ জ্বৰ হ’লে ৰোগীৰ শৰীৰৰ মাসপেক্ষীবোৰ বিষ, শাৰীৰিক দূৰ্ব্বলতা আদি সমস্যা সমূহ হয় আৰু ইয়াৰ লগে লগে ক্ৰিয়েটিনিনৰ পৰিমানো দ্ৰুতগতিত বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। প্ৰায়সংখ্যক কিডনী ফেইলৰ ৰোগীৰ জ্বৰ হোৱাৰ পৰৱৰ্তী সময়তে বৰ্দ্ধিত ক্ৰিয়েটিনিনৰ বাবে ডায়েলচিছ কৰিব লগা হয়। ইমানেই ক্ৰিয়েটিনিন বৃদ্ধি হয়। গতিকে কিডনী ফেইলৰ ৰোগীয়ে যিমান পাৰে সাৱধান হ’ব লাগে যাতে জ্বৰ হোৱাৰ পৰা বাছি থাকিব পাৰে।

যদিও জ্বৰ হৈ যায় তেতিয়া আপোনালোকে ভয় খোৱাৰ প্ৰয়োজন নাই আপোনালোকে ওচৰৰ হোমিঅপেথিক চিকিৎসকৰ ওচৰত যাব তেওঁলোকে আপোনাক পৰীক্ষা কৰি ঔষধ দিব। এক সপ্তাহ ১০ দিনৰ ভিতৰত পূণৰ আপোনাৰ ক্ৰিয়েটিনিন লেভেল স্ৱাভাৱিক অৱস্থালৈ ঘুৰি আহিব।

কিডনী ফেইলৰ ৰোগীয়ে ঠাণ্ডা পৰিবেশৰ পৰা যিমান পাৰে বাছি থাকিবলৈ চেষ্টা কৰিব লাগেঃ

কিডনী ফেইলৰ ৰোগীয়ে ঠাণ্ডা পৰিবেশৰ পৰা যিমান পাৰে বাছি থাকিবলৈ চেষ্টা কৰিব লাগে। এচি, ফেন, কোলাৰ আদি পৰা পক্ষত এভয়েড কৰিব লাগে।

কিডনী ফেইলৰ ৰোগীয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে যত্ন কৰিব লাগেঃ

b-p

কিডনী ফেইলৰ ৰোগীয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে যত্ন কৰিব লাগে। প্ৰায় ৮০% কিডনী ফেইলৰ ৰোগীৰ ক্ষেত্ৰত দেখা যায় উচ্চ ৰক্ত চাপৰ কাৰণেই তেওঁলোকৰ কিডনী ফেইলৰ সমস্যা হয়। ৰক্তচাপৰ যি নিম্ন স্তৰ আৰ্থাত ১২০/৮০ স্বাভাৱিক মাত্ৰাৰ থাকিব লাগে তাৰ বিপৰীতে যদি ১৮০/৯০ হ’ল ধৰক। তলৰ যি ৯০ এই অৱস্থাতোৱেও কিডনী ডেমেজ কৰিব পাৰে। ইমানেই ভয়াবহ এই ব্লাদ প্ৰেচাৰ।

লাগিলে আপোনাৰ ডায়েবেটিছ নেফ্ৰপেথীৰ কাৰণতেই হওঁক বা পলিচিষ্টিক কিডনী ডিজিজৰ কাৰণেই হওঁক বা যি কাৰণতে আপোনাৰ কিডনীৰ ৰোগ নহওঁক কিয় যদি আপোনাৰ ব্লাড প্ৰেচাৰ বৃদ্ধি হৈ থাকে তেনে হলে আপোনাৰ কিডনী ডেমেজ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।

গতিকে কিডনী ফেইলৰ ৰোগীয়ে যিকোনো প্ৰকাৰেই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবৰ বাবে যত্নপৰ হবই লাগিব। কিডনী ফেইলৰ ৰোগীয়ে অন্তত DIASTOLIC BLOOD PRESSURE অৰ্থাৎ যিটো ডাউন চাইট বা তলৰ ব্লাডপ্ৰেচাৰ লেভেল ৭০-৮০ ভিতৰত ৰাখিৰ বাবে যত্ন কৰিব লাগে। যাতে দেহত ক্ৰিয়েটিনিন লেভেল বৃদ্ধি হ’ব নোৱাৰে। আৰু আপোনাৰ দেহে ভালদৰে কাৰ্য্য সম্পাদন কৰি থাকিব পাৰে।

কিডনী ৰোগীয়ে সদায় নিমখ কম খাব লাগেঃ

কিডনী ৰোগীয়ে সদায় নিমখ কম খাব লাগে। কাৰণ নিমখ হ’ল এক প্ৰকাৰৰ চডিয়াম। আপোনি যিমান বেছি চডিয়াম লব সিমান বেছি ব্লাডপ্ৰেচাৰ বৃদ্ধি হ’ব। গতিকে আমি যিমান পাৰো এই নিমখ কমকৈ খাবলৈ চেষ্টা কৰিব লাগে।

সাধাৰণতে আমি যিবোৰ সাগৰীয় নিমখ ব্যৱহাৰ কৰো তাৰ পৰিৱৰ্তে ৰক চল্ট বা হিমালয়ান চল্ট বুলি যিতু কওঁ তেনে ধৰণৰ নিমখ খাব পাৰো। কম পৰিমাণে। কাৰণ ইয়াতো চডিয়াম উপাদানেই থাকে। কিন্তু সাগৰীয় নিমখ বা চি চল্টততকৈ কম পৰিমানে থাকে। গতিকে নিমখ সকলো নিমখেই হয়। ইয়াক একেবাৰে কমকৈ খাবলৈ যত্ন কৰিব।

কেফেইন কিডনী ফেইলৰ ৰোগীয়ে খাব নালাগেঃ

কেফেইন কিডনী ফেইলৰ ৰোগীয়ে খাব নালাগে। কাৰণ কেফেইনে আপোনাৰ ৰক্তচাপ বৃদ্ধি কৰি কিডনিফেইলৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে কফি, এনাৰ্জী ড্ৰিংচ, কিছুমান চাহ, কল্ডডিংচ যিবো কেফেইন যুক্ত বৰ্জন কৰি চলিব।

কিডনী ডেমেজৰ অন্যতম এক কাৰণ হ’ল ডায়েবেটিছঃ

কিডনী ডেমেজৰ অন্যতম এক কাৰণ হ’ল ডায়েবেটিছ। গতিকে কিডনী ফেইলৰ ৰোগীয়ে মিঠা যুক্ত খাদ্য বা চেনী যুক্ত খাদ্য সদায়ে এভয়েড কৰি চলিব লাগে যাতে ব্লাড চুগাৰৰ পৰিমাণ বৃদ্ধি হ’ব নোৱাৰে। যি সকল ৰোগীৰ ব্লাড চুগাৰৰ সমস্যা আছে তেখেঁত সকলে একেবাৰেই চেনিৰ পৰা প্ৰস্তুত কৰা খাদ্য খাব নালাগে। যেতিয়া আমাৰ দেহত ব্লাড চুগাৰৰ পৰিমাম ১৬০ ত কৈ বেছি হৈ যায় তেতিয়া কিডনীৰ ওপৰত অত্যাধিক প্ৰেচাৰৰ পৰে। বহুত বেছিকৈ কিডনীয়ে কাম কৰিব লগা হয়। যেতিয়া চুগাৰ ১৮০ ডেউনা পাৰ হ’ব কিডনীটোয়ে যাতে আমাৰ দেহৰ অন্যান্য গুৰুত্বপূৰ্ণ অংগবোৰ যেনে হাৰ্ট, লিভাৰ, ব্ৰেইন আদিবোৰ ক্ষতি হ’ব নোৱাৰে তাৰ বাবে এই অংগ বোৰক বছাই ৰাখিবৰ বাবে সাংঘাটিক ধৰণে এক প্ৰেচাৰ লৈ কাম কৰিবলৈ ধৰে। কিডনীটোৱে অত্যাধিক প্ৰেচাৰ সহ্য কৰিব নোৱাৰাৰ বাবে নিজেই নিষ্ক্ৰীয় হৈ যাব পাৰে। বা কিডনী ফেইলৰ হ’ব পাৰে।

কিডনী ডেমেজৰ অন্যতম এক কাৰণ মেটাবলিক এচিডচিচঃ

আমি দেখিবলৈ পাওঁ কিডনী ফেইলৰ ৰোগীৰ প্ৰথম আৰু দ্বিতীয় স্তৰত খুওব লাহে লাহে বৃদ্ধি হয়। কিন্তু যেতিয়া তৃতীয় স্তৰত পায় অৰ্থাত যেতিয়া ক্ৰিয়েটিনিন লেবেল তৃতীয় স্তৰ পাৰ হয় দ্ৰুতগতিত স্বাস্ত্যৰ অৱনতি ঘটে ক্ৰিয়েটিনিন দ্ৰুত গতিত বাঢ়ে কাৰণ আমাৰ কিডনীয়ে ইউৰীয়া আৰু ক্ৰিয়েটিনিনেই যে নিস্কাষণ কৰে তেনে নহয় দেহত গোটেখোৱা অন্যন্য বহু আৱৰ্জনা আছে এইবোৰকো কিডনীয়ে নিস্কাষণ কৰিব লগা হয় ইয়াৰ ভিতৰত অত্যন্ত গুৰুত্বপুৰ্ণ অন্য এক কাম হ’ল দেহৰ PH অৰ্থাৎ এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখা। ক্ৰিয়েটিনিন ইউৰীয়াৰ লগতে আমাৰ দেহত এচিডো গোট খায়. এই এচিডে আমাৰ শৰীৰৰ তেজক এচিড যুক্ত কৰি দিয়ে। আৰু যেতিয়া আধা ক্ষতিগ্ৰস্ত হৈ থকা কিডনীটোৱে এচিড যুক্ত তেজ শোধন কৰিব লগা হ’ব তেতীয়া বেমাৰী কিডনীটোৰ অৱস্তা কি হ’ব। গতিকে কিডনীটোত ইয়াৰ কিমান বেয়া প্ৰভাৱ পৰিব। এই যি তেজত এচিডৰ পৰিমাণ বৃদ্ধি হোৱা সমস্যাটোক মেটাবলিক এচিডচিচ বুলি কোৱা হয়। যাৰ বাবে কিডনীটো দ্ৰুত গতিত বেয়া হয়।

      গতিকে এই মেটাবলিক এচিডচিচ নিয়ন্ত্ৰণ কৰিবৰ বাবে এনেকুৱা বহু মেডিচিন আছে যিবোৰ ব্যৱহাৰ কৰি দেহত যাতে এচিদৰ মাত্ৰা বাঢ়িব নোৱাৰে, এই প্ৰক্ৰিয়াক বাধা প্ৰদান কৰে। হোমিঅপেথিকতো  এই মেটাবলিক এচিডচিচৰ সুওব সুন্দৰ মেডিচিন আছে তাৰ বাবে আপোনালোকে অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব।

বেকিংচ’ডাই মেটাবলিক এচিডচিচ নিয়ন্ত্ৰণ কৰেঃ

মেটাবলিক এচিডচিচ নিয়ন্ত্ৰণৰ বাবে ছডিয়াম বায়কাৰ্বনেট লোৱাটো কেতিয়াবা জৰুৰী হৈ পৰে। গতিকে বহু কিডনী ৰোগীক চিকিৎসকে বেকিংচ’ডা লবৰ বাবে উপদেশ দিয়ে। চডিয়াম বায়কাৰ্বনেট যুক্ত বেকিংচ’ডাই মেটাবলিক এচিডচিচৰ পৰা মুক্ত হোৱাত যথেষ্ট সহায় কৰে।

ডাঃ হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

  1. ক্ৰিয়েটিনিন লেভেল স্বাভাৱিক অৱস্থালৈ আনিবলৈ কি হোমিও ঔষধ খাব লাগে জনাবচোন , মোৰ বৰ্তমান লেভেল ৫.৪ ত আছে ৷

Leave a Reply to Arup Deka Cancel reply

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles