কেন্সাৰৰ সন্দেহজনক লক্ষণ আৰু কাৰক
কৰ্কট ৰোগৰ চিকিৎসাৰ ফলাফল নিৰ্ভৰ কৰে ৰোগৰ অগ্ৰগতিৰ ওপৰত। ৰোগ আৰম্ভণিতে ধৰা পেলাই চিকিৎসা কৰিলে নিৰাময় কৰাৰ সম্ভৱ। সেয়েহে ৰোগ আৰম্ভণিতে নিৰ্ণয় কৰোটো অত্যন্ত আৱশ্যক। সেই কাৰণে কোনো ব্যক্তিয়ে সামান্য সন্দেহ হ’লেই বা তলত উল্লেখ কৰা লক্ষণসমূহৰ যিকোনো এটা লক্ষণে দেখা দিলেই চিকিৎসকৰ ওচৰ চপাটো দৰকাৰ।
কৰ্কট ৰোগৰ সন্দেহজনক লক্ষণ
ৰক্তক্ষৰণ (Bleeding):
শৰীৰৰ কোনো অংশৰ পৰা কোনো আঘাত নোহোৱাকৈ ৰক্তক্ষৰণ (যেনে নাক, কাণ, মুখ) হ’লে চিকিৎসকৰ ওচৰ চপাটো দৰকাৰ। বমি, কাহ, শৌচ, প্ৰস্ৰাৱৰ লগতে তেজৰ আঁহ দেখিলে সাৱধান হ’ব লাগে। ছালৰ কোনো ঘাৰ পৰা সহজে বন্ধ নোহোৱা ৰক্তক্ষৰণ সন্দেহজনক। মহিলাৰ ঋতুস্ৰাৱৰ বাহিৰে অন্য সময়ত, যৌন ক্ৰিয়াৰ পিছত, সন্তান জন্ম হোৱাৰ বহুদিনলৈ ৰক্তস্ৰাৱ হৈ থাকিলে সন্দেহ থাকি যায়।
টেমুনা বা লদা বন্ধা (Tomour/Lump in the Skin)
শৰীৰৰ যিকোনো অংশত টেমুনা বা লদা বান্ধি উঠাটো কৰ্কট ৰোগৰ আগজাননী হ’ব পাৰে। বিশেষকৈ স্তন, ডিঙি, কাষলতি, কৰঙনৰ চুক, থাইৰয়ড গ্ৰন্থি, মুখগহ্বৰ, পেট, মাংসপেশী ইত্যাদি। এনেবোৰ টেমুনাত বিষ নাথাকিবও পাৰে।
আচিনাই বা মাহৰ পৰিৱৰ্তন (Birth Marks)
বহুদিনৰ পৰা থকা মাহ বা আচিনাইৰ যদি পৰিৱৰ্তন ঘটে যেনে— ডাঙৰ হোৱা, ৰক্তক্ষৰণ হোৱা, ঘা হ’বলৈ ধৰা, মাহৰ চাৰিওফালে নতুন মাহৰ সৃষ্টি হোৱা, খজুৱাবলৈ ধৰা ইত্যাদি, তেতিয়া চিকিৎসকৰ উপদেশ ল’ব লাগে।
নুশুকোৱা ঘাঁ
শৰীৰৰ যিকোনো অংশত হোৱা ঘা যদি উপযুক্ত চিকিৎসা কৰাৰ পিছতো শুকাই নাযায়, তেতিয়া সেয়া কৰ্কট ৰোগ বুলি চিকিৎসকৰ দ্বাৰা প্ৰমাণ কৰাই লোৱা ভাল।
শৌচ-প্ৰস্ৰাৱৰ পৰিৱৰ্তন
নিয়মীয়াকৈ শৌচ-প্ৰস্ৰাৱ হৈ থকা ব্যক্তিজনৰ যদি হঠাতে পৰিৱৰ্তনে দেখা দিয়ে তেতিয়া সজাগ হ’ব লাগে। শৌচ কঠিন বা পনীয়া হোৱা বা কেইদিনমান কঠিন হোৱাৰ পিছত আকৌ পনীয়া শৌচ হোৱা বা এনেদৰে সালসলনি হৈ থকাটো বৃহদান্ত্ৰৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। সঘনাই প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱ খোলোচা নোহোৱা, প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণ হোৱা আদি অৱনত গ্ৰন্থি (Prostate Gland)ৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
হাড়ৰ বিষ বা টেমুনা
হাড়ৰ কোনো অংশত অবিৰত তথা ক্ৰমবৰ্ধমান বিষ আৰু টেমুনা এই ৰোগৰ লক্ষণৰ ভিতৰত পৰে।
ওজন হ্ৰাস হোৱা (Loss of Weight)
কোনো প্ৰত্যক্ষ কাৰণ নোহোৱাকৈ, বিশেষকৈ ভালকৈ খোৱা-লোৱা কৰাৰ পিছতো দেহৰ ওজন কমাটো এটা বিশেষ ধৰণে গুৰুত্ব দিবলগীয়া কথা।
ক্ষুধাহীনতা (Loss of appetite) ভোক কমি যোৱা বা একেবাৰে ভোক নলগা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।
ক্লান্ত অনুভৱ হোৱা
অনবৰতে ভাগৰুৱা অনুভৱ হোৱা, কামৰ প্ৰতি অনীহাৰ লগতে সামান্য জ্বৰ বা ৰক্তহীনতাত ভুগিলেও কৰ্কট ৰোগৰ আগজাননী হ’ব পাৰে।
গিলোঁতে অসুবিধা হোৱা
খোৱা বস্তু (গোটা বা পনীয়া) গিলোঁতে যদি কষ্ট হয় তাক সহজভাৱে ল’ব নালাগে। খাদ্যনলীত কিহবাই বাধাৰ সৃষ্টি কৰিলে এই লক্ষণবোৰে দেখা দিয়ে। যিহেতু আমাৰ এই অঞ্চলত খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বহুত বেছি সেয়ে সকলোৱে এই বিষয়ে সজাগ হোৱাটো দৰকাৰী।
বিপদজনক কাৰকসমূহ (Risk Factor)
বিপদজনক কাৰকবিলাকে কৰ্কট ৰোগ সৃষ্টিত অৰিহণা যোগায়। সেয়ে এই কাৰকবিলাকৰ বৰ্তমানত যদি লক্ষণসমূহে ভুমুকি মাৰে তেন্তে বেছি সাৱধান হোৱা দৰকাৰ। এই বিপদজনক কাৰকবিলাকৰ কিছুমান ক্ৰমে—
• কোনো ব্যক্তিয়ে যদি বিছ বছৰৰ অধিককাল ধূমপান কৰিছে।
• কোনো ব্যক্তিয়ে যদি ধঁপাত সেৱন কৰিছে বা ধঁপাত চোৱাই খাইছে।
• উদ্যোগজনিত বা যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ দ্বাৰা প্ৰদূষিত হোৱা লোক।
• এছবেছটচৰ কাৰখানাত কাম কৰা লোক।
• ৰঞ্জন ৰশ্মি বিভাগত কাম কৰা লোক বা সঘনাই ৰঞ্জন ৰশ্মিৰ সংস্পৰ্শলৈ অহা ৰোগীসকল।
• জন্ম নিৰোধক বড়ি সেৱন কৰা মহিলাসকল।
• একাধিক যৌন সংগীৰ সংস্পৰ্শলৈ অহাসকল।
• ৰজঃনিবৃত্তি পোৱা মহিলাসকল।
• কম বয়সত বিবাহিত তথা সঘনে গৰ্ভধাৰণ কৰা মহিলাসকল।
কৰ্কট ৰোগৰ প্ৰতিৰোধঃ
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ প্ৰধান অস্ত্ৰ হ’ল কৰ্কটৰ কাৰকসমূহ আমাৰ মাজৰ পৰা দূৰ কৰা বা সেইবোৰৰ পৰা আমি আঁতৰত থকা আৰু লগতে শংকাজনক ব্যক্তিক চিনাক্ত কৰি তেওঁলোকক কৰ্কটৰ কাৰকৰ পৰা দূৰত ৰখাৰ লগতে চিকিৎসকৰ নজৰত ৰখা। দেখা গৈছে যে এক তৃতীয়াংশ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি, এক তৃতীয়াংশ কৰ্কট ৰোগ নিৰাময় কৰিব পাৰি আৰু এক তৃতীয়াংশ উপশমী যতনৰ প্ৰয়োজন হয়। প্ৰতিৰোধেই হৈছে সংকুচিত ব্যয়ত লাভ কৰিব পৰা দীৰ্ঘম্যাদী আৰু উত্তম উপায়। ইয়াৰ কাৰণে কৰ্কটৰ কাৰকবোৰ চিনাক্ত কৰা, সম্ভাৱনাপূৰ্ণ ব্যক্তিসকলক চিনাক্ত কৰি বিধিসন্মতভাৱে স্বাস্থ্য পৰীক্ষা কৰা আৰু কৰ্কট ৰোগ সম্বন্ধে জনসাধাৰণক সচেতন কৰা দৰকাৰ।
কৰ্কট প্ৰাথমিক প্ৰতিৰোধঃ
প্ৰাথমিক প্ৰতিৰোধৰ প্ৰধান আৰু প্ৰথম খোজ হৈছে জনসাধাৰণক কৰ্কটৰ কাৰকবিলাকৰ জ্ঞান দিয়া। কাৰণ আমাৰ দৰে দেশত এই বিষয়ত প্ৰায়ভাগ মানুহেই অজ্ঞ। অশিক্ষিত জনসাধাৰণৰ কথা বাদেই, শিক্ষিত মানুহচামৰো এই জ্ঞান তেনেই সীমিত। যদি আমি কৰ্কট ৰোগৰ কাৰকৰ কথা জানো আৰু তাৰ পৰা বিৰত থাকিব পাৰোঁ তেন্তে বহুত ধৰণৰ কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰোঁ। তলত কেইটামান প্ৰতিৰোধ কৰিব পৰা কৰ্কট ৰোগৰ আলোচনা কৰা হ’ল।
মুখগহ্বৰৰ কৰ্কট ৰোগ
মুখগহ্বৰৰ কৰ্কট ৰোগ সহজে প্ৰতিৰোধ কৰিব পাৰি, সহজে ৰোগ চিনাক্ত কৰিব পাৰি আৰু সহজে চিকিৎসা কৰিব পাৰি। তথাপিও অতি দুখৰ কথা যে এই ৰোগ ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি। ভাৰতবৰ্ষত হোৱা সকলো ধৰণৰ কৰ্কট ৰোগৰ ভিতৰত এক তৃতীয়াংশ হ’ল মুখগহ্বৰৰ কৰ্কট ৰোগ। মুখগহ্বৰৰ কৰ্কট ৰোগৰ প্ৰধান কাৰক হ’ল ধঁপাত সেৱন। যিসকলে ধঁপাত চোৱাই বা মুখত লৈ থাকে তেওঁলোকৰ এই কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা এই অভ্যাসৰ পৰা বিৰত থকা সকলতকৈ আঠ গুণ বেছি। যিমানে কম বয়সত এই অভ্যাস আৰম্ভ কৰে সিমানে ইয়াৰ সম্ভাৱনা বেছি। সেৱন কৰা ধঁপাতৰ পৰিমাণ আৰু মুখত লৈ থকা বা চোৱাই থকা সময়ৰ লগতো ইয়াৰ প্ৰত্যক্ষ সম্বন্ধ আছে। কিছুমান মানুহে ৰাতি শোৱাৰ সময়ত মুখত ধঁপাত লৈ গোটেই ৰাতি শুই থাকে আৰু কিছুমানে সদায় মুখত চাধা (ধঁপাত) ভৰাই ৰাখে এইসকলৰ ক্ষেত্ৰত জীৱনৰ এটা সময়ত কৰ্কট ৰোগে আগভেটি ধৰাৰ সম্ভাৱনা বহুত বেছি। এই অভ্যাস এৰিব পাৰিলে মুখগহ্বৰৰ কৰ্কট ৰোগৰ পৰা বহুলাংশে হাত সাৰিব পৰা যাব।
হাঁওফাঁওৰ কৰ্কট ৰোগ (Cancer of the Lung)
ভাৰতবৰ্ষত এতিয়া হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বাঢ়ি অহা দেখা গৈছে। এতিয়া এইটো প্ৰমাণিত হৈছে যে চিগাৰেট-বিড়ি হোপাৰ লগত হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰত্যক্ষ সম্বন্ধ আছে। বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে যে চিগাৰেট-বিড়ি হোপাৰ ওপৰতো কৰ্কট ৰোগৰ আগমনৰ সম্বন্ধ আছে। যিমানে চিগাৰেট-বিড়ি হোপাৰ পৰিমাণ বাঢ়িব সিমানেই এই ৰোগৰো প্ৰাদুৰ্ভাৱ বাঢ়ি যাব। চিগাৰেটত থকা নিকোটিন আৰু ধুম্ৰগেদ আমাৰ হাঁওফাঁওৰ ভিতৰলৈ যায়। চিগাৰেটৰ শেষৰ ভাগত এই পদাৰ্থবোৰ বেছিকৈ থাকে। মন কৰিবলগীয়া কথা হ’ল যে এই পদাৰ্থবোৰ চেকি ৰখা (Filtering) বা অন্য ধৰণে পৃথক কৰা কোনো উপায় এতিয়ালৈ উদ্ভৱ হোৱা নাই। যদি এই ধোঁৱা খোৱা অভ্যাস এৰিব পৰা যায় তেন্তে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। পৰোক্ষ ধোঁৱা সেৱনো (Passive Smoking) আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত হানিকাৰক।
জৰায়ু গ্ৰীৱা (Uterine Cervix) ৰ কৰ্কট ৰোগ
অন্য বহুতো কাৰকৰ ভিতৰত সাৱধানতা অৱলম্বন কৰিব পৰা দুটা কাৰক হ’ল—ছোৱালীৰ কম বয়সত বিবাহ আৰু বহুবাৰ গৰ্ভধাৰণ। এই দুটা কাৰকৰ পৰা আঁতৰত থাকিলে এই বেমাৰ কিছু পৰিমাণে হ’লেও কমাব পৰা যাব।
শিশ্ন (Penis) ৰ কৰ্কট ৰোগ –
এইটো দেখা গৈছে যে ইহুদীসকলে জন্মৰ পিছতে চুন্নত (Circumcision) কৰায় আৰু মুছলমানসকলে শৈশৱত এই ধৰ্মীয় কৰ্ম কৰে। তেনে ক্ষেত্ৰত দেখা গৈছে যে ইহুদীসকলৰ মাজত এই শিশ্নৰ কৰ্কট ৰোগ অজ্ঞাত (Unknown) আৰু মুছলমানসকলৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ অতি কম। কিন্তু হিন্দুসকলৰ মাজত, যিয়ে লিংগত্বক ছেদন (Circumcision)নকৰায়, সেইসকলৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।
ইয়াৰ কাৰণ হ’ল পুৰুষাংগৰ অগ্ৰাংশ ছালখনৰ ভিতৰত জমা হোৱা পদাৰ্থ ষ্মেগমা (Smegma) কৰ্কট জনক বা কৰ্কট উদ্দীপক। সেয়ে লিংগত্বক ছেদন নকৰিলেও এই অংগ সদায় পৰিষ্কাৰ কৰি ৰখা দৰকাৰ যাতে এইবিধ পদাৰ্থ তাত জমা হৈ নাথাকে।
সাধাৰণভাৱে ল’ব লগা সাৱধানতা
১) বিধিসন্মতভাৱে নিজে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা যেনে মুখ, ছাল, প্ৰজনন অংগ ইত্যাদি।
২) প্ৰসাধন সামগ্ৰী, খাদ্যত দিয়া ৰং তথা অন্যান্য ৰাসায়নিক দ্ৰব্য (Additives) আৰু ঔষধ ব্যৱহাৰ কৰোঁতে সদায় চকু ৰাখিব লাগে। নিয়ম অনুযায়ী এইবোৰ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছতহে বজাৰত বিক্ৰী কৰাৰ অনুমতি দিয়া উচিত।
৩) ৰঞ্জন ৰশ্মি বা আলট্ৰাভায়লেট ৰশ্মিৰ পৰা দূৰত থকা দৰকাৰ। অত্যন্ত আৱশ্যক হ’লে বিজ্ঞান সন্মতভাৱে সাৱধানতা অৱলম্বন কৰিব লাগে।
৪) কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কমাব লাগে আৰু ব্যৱহাৰৰ সময়ত মাক্স, গ্ল’ভছ আদি পিন্ধি লোৱাৰ উপৰি পিছত ভালকৈ গা ধোৱাৰ প্ৰয়োজন।
৫) প্ৰদূষণ বন্ধ কৰা, চিগাৰেটৰ পেকেটত ইয়াৰ অপকাৰ সম্বন্ধে জাননী লগোৱা, ৰাজহুৱা ঠাইত ধূমপান বন্ধ কৰা ইত্যাদি আইনবোৰ কঠোৰভাৱে বলৱৎ কৰা।
৬) কৰ্কট ৰোগৰ পঞ্জীয়ন (Cancer Registration) কৰাটোও কৰ্কট ৰোগৰ প্ৰতিৰোধৰ এটা অতি দৰকাৰী কাম। কাৰণ ইয়াৰ পৰা কৰ্কট ৰোগৰ ধৰণ, স্থান, স্থানীয় পাৰ্থক্য, জীৱিকাৰ লগত কৰ্কট ৰোগৰ সম্বন্ধ, পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সম্বন্ধ ইত্যাদি কথা জনাৰ উপৰি প্ৰতিৰোধ ব্যৱস্থাৰ পৰিকল্পনা কৰিব পাৰি।
৭) খাদ্য আৰু জীৱন ধাৰণ প্ৰণালী – খাদ্যনলী আৰু পাচনতন্ত্ৰৰ কৰ্কট ৰোগ খাদ্য আৰু জীৱন ধাৰণ প্ৰণালীৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। বেছি মাংস, চৰ্বীজাতীয় খাদ্য আৰু কীটনাশক দ্ৰব্য দিয়া খাদ্য-সম্ভাৰ অতি ক্ষতিকাৰক। খাদ্যাভ্যাস সলনি কৰি সুষম আহাৰ গ্ৰহণ কৰিও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। আমাৰ আহাৰত যথেষ্ট পৰিমাণে প্ৰ’টিন, শ্বেতসাৰ, ভিটামিন, খনিজ পদাৰ্থ আৰু পানী থাকিব লাগে। অত্যাধিক মাংস, বিশেষকৈ ৰঙা আৰু সংৰক্ষিত মাংসই বৃহদান্ত্ৰ আৰু মলাশয়ৰ কৰ্কট ৰোগ কৰিব পাৰে। ফল-মূল আৰু সেউজীয়া শাক-পাচলি বিশেষকৈ আঁহজাতীয় খাদ্যই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। দৈনিক আমি অতি কমেও ২৫ গ্ৰাম আঁহজাতীয় খাদ্য খোৱা প্ৰয়োজন। আঁহ থকা উত্তম খাদ্যৰ ভিতৰত অপৰিশোধিত আটা, অশোধিত চাউল, অশোধিত চাউলৰ পিঠা, সতেজ নাচপতি, কল, আপেল (বাকলিৰে সৈতে), অমিতা, আম, মাটিকঁঠাল, সিজোৱা আলু (বাকলিৰে সৈতে) আদি। ইয়াৰ উপৰিও নহৰু, আদা, হালধি, তুলসী, ধনীয়া, পদিনা আদিৰো প্ৰতিৰোধ ক্ষমতা লেখত ল’বলগীয়া। মনত ৰখা উচিত যে ৰং-বিৰঙৰ ফল-মূল আৰু শাক-পাচলিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰি আহিছে। যথেষ্ট পানী খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী। পানীয়ে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাক কৰ্মঠ কৰি ৰাখে, অলাগতীয়াল তথা বিষাক্ত পদাৰ্থবোৰৰ বৰ্হিগমন ঘটায় আৰু পুষ্টিদ্ৰব্য অংগ-প্ৰতংগবোৰলৈ কঢ়িয়াই নিয়ে।
৮) নিয়মীয়াকৈ শাৰীৰিক পৰিশ্ৰম কৰি মেদবহুলতা দূৰ কৰাৰ লগতে শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰখাতো দৰকাৰ। মেদবহুলতা খাদ্যনলী, বৃহদান্ত্ৰ, মলাশয়, স্তন, জৰায়ু আৰু বৃক্কৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, প্ৰাণায়াম, ধ্যান আদি কৰি এই ৰোগৰ পৰা দূৰত থাকিব পাৰি।
আমাৰ পাৰিপাৰ্শ্বিক উপাদান যেনে— পানী, বতাহ আৰু মাটি বিভিন্ন কৰ্কট কাৰকৰ দ্বাৰা প্ৰদূষিত হোৱাৰ ফলত আমি এই ৰোগৰ চিকাৰ হ’ব পাৰোঁ। ইয়াৰ ভিতৰত আৰ্ছেনিকৰ কথাই উল্লেখ কৰিব পাৰি। দেখা গৈছে যে বাংলাদেশত মুঠ কৰ্কটজনিত মৃত্যুৰ ৫-১০ শতাংশ কেৱল আৰ্ছেনিকযুক্ত পানী খোৱাৰ ফলতে হয়। কয়লা জ্বলাই কাম কৰা লোকৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। কীটনাশক দৰববোৰত কৰ্কটকাৰক থকাৰ প্ৰমাণ পোৱা গৈছে। এইবোৰ বস্তু ব্যৱহাৰ কৰোঁতে আত্মৰক্ষাৰ আহিলা ল’ব লাগে।
দেখা গৈছে যে উন্নয়নশীল দেশত সংক্ৰমণজনিত কৰ্কট ৰোগৰ মৃত্যুৰ হাৰ শিল্পপ্ৰধান দেশসমূহতকৈ অধিক। ভাইৰেল হেপাটাইটিছ ‘বি’ আৰু ‘চি’ নামৰ ভাইৰাছে যকৃতৰ কৰ্কট ৰোগ সৃষ্টি কৰাটো প্ৰমাণিত হৈছে। এইদৰে পেপিলোমা ভাইৰাছৰ দ্বাৰা জৰায়ু গ্ৰীৱাৰ, হেলিক’বেক্টাৰ পাইলৰিৰ দ্বাৰা পাকস্থলীৰ আৰু ছিষ্টোচোমায়েছিছ ৰোগৰ দ্বাৰা মূত্ৰস্থলীৰ কৰ্কট ৰোগ হ’ব পাৰে। এনেক্ষেত্ৰত এই ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
বিকিৰণ মানৱ সমাজৰ বাবে কৰ্কটকাৰক। এই কথা জাপানৰ হিৰোছিমা আৰু নাগাচাকিত পৰমাণু বোমা বিস্ফোৰণৰ পিছত কৰ্কট ৰোগত ভোগা হাজাৰ হাজাৰ মানুহৰ পৰা প্ৰমাণিত হৈছে। বিকিৰণে লিউকেমিয়া (তেজৰ কৰ্কট ৰোগ) আৰু টেমুনাযুক্ত কৰ্কট ৰোগৰ সৃষ্টি কৰে। শেহতীয়াকৈ প্ৰমাণিত হৈছে যে কেতিয়াবা মাটি তথা অট্টালিকাৰ পৰা নিৰ্গত হোৱা ৰেডন নামৰ গেছৰ পৰা হাঁওফাঁওৰ কৰ্কট ৰোগ হ’ব পাৰে। সেয়ে ঘৰত সদায় ভেণ্টিলেটৰৰ ব্যৱস্থা কৰিব লাগে। যিসকল কৰ্মীয়ে ৰঞ্জন ৰশ্মি বিভাগত কাম কৰে তেওঁলোকে ‘লেড এপ্ৰন’ পৰিধান কৰা নিতান্তই প্ৰয়োজন। গৰ্ভৱতী মহিলাৰ প্ৰথম তিনি মাহত এক্স-ৰে কৰাটো বিপদজনক, সেয়ে বৰ্জনীয়।
মহিলাৰ বেলিকা জৰায়ু গ্ৰীৱা আৰু স্তনৰ কৰ্কট ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা কৰি ইতিমধ্যে বহু ভাল ফল পোৱা গৈছে। পশ্চিমীয়া দেশত যোৱা বিছ বছৰত জৰায়ু গ্ৰীৱাৰ কৰ্কট ৰোগৰ হাৰ ৫০ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। জৰায়ু গ্ৰীৱাৰ পৰা কোষ সংগ্ৰহ কৰি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰিলে প্ৰাৰম্ভিক অৱস্থাতে কৰ্কট ৰোগ চিনাক্ত কৰিব পাৰি। এই অৱস্থাত চিকিৎসাৰ দ্বাৰা ৯০ শতাংশলৈকে ৰোগ নিৰাময় হয়। ইয়াৰ বাবে ৪০ বছৰৰ ঊধ্বৰ সকলো মহিলায়ে এই পৰীক্ষা কৰা দৰকাৰ। যদি কোনো ধৰণৰ লক্ষণ (যেনে— অস্বাভাৱিক ৰক্তক্ষৰণ) থাকে তেনেহ’লে সেই পৰীক্ষা সোনকালেই কৰিব লাগে।
স্তনৰ কৰ্কট ৰোগ মহিলাসকলৰ মাজত বেছি। ৰোগ প্ৰাৰম্ভিক অৱস্থাত ধৰা পেলাবলৈ স্ব-পৰীক্ষণ হৈছে আটাইতকৈ সহজ উপায়। স্ব-পৰীক্ষণত কিবা সন্দেহ থাকিলে চিকিৎসকৰ ওচৰ চাপিব লাগে। ছমাহৰ মূৰত এবাৰকৈ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাব লাগে বুলি বিশেষজ্ঞসকলে কয়।
স্তনৰ স্ব-পৰীক্ষণ প্ৰণালীঃ
এই পৰীক্ষা আইনাৰ সন্মুখত থিয় হৈ, টুলত বহি বা শুই কৰিব পাৰি।
• হাত দুখন পিছফালে লৈ আগফালে আৰু কাষৰ পৰা স্তনযুগল লক্ষ্য কৰিব লাগে।
• দুই বাহু মূৰৰ ওপৰলৈ দাঙি স্তনযুগল সন্মুখৰ তথা কাষৰ পৰা চাব লাগে। আগৰ ফালে হালি স্তনযুগল লক্ষ্য কৰিব লাগে।
• উৰুসন্ধিত দুই হাতেৰে সামান্য হেঁচা দি আগলৈ হালি চাব লাগে। এবাৰ হাত দুখন ঢিলাই দি চাব লাগে।
• হাতৰ তলুৱাৰে মৃদু চাপ দি স্তনৰ সকলো অংশ পৰীক্ষা কৰা দৰকাৰ। শেষত হাতৰ চেপেটা অংশৰ দ্বাৰা দুয়ো ফালৰ কাষলতি পিটিকি চাব লাগে।
স্ব-পৰীক্ষণত লক্ষ্য কৰিবলগীয়া কথাটো হ’ল স্তনৰ আকাৰৰ তাৰতম্য, ছালখনৰ অৱস্থা (যেনে ছাল কোঁচ খোৱা, ডিম্পল পৰা, ঘা হোৱা, উখহি উঠা আদি), স্তনৰ আগভাগ বাহিৰলৈ ওলোৱা বা ভিতৰলৈ সোমোৱা, তাৰ পৰা তেজ বা আন স্ৰাৱ ওলোৱা আৰু কোনো অংশত টেমুনা অনুভৱ কৰা ইত্যাদি। এইবোৰৰ যি কোনো এটা লক্ষণ দেখা পালেই চিকিৎসকৰ ওচৰ চাপিব লাগে।
৩৫ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই মাহেকীয়া ঋতুস্ৰাৱ শেষ হোৱাৰ পিছতে মাহেকত এবাৰ স্তনৰ স্ব-পৰীক্ষণ কৰা অতি প্ৰয়োজন। ৰজোনিবৃত্তি ঘটা মহিলায়ো প্ৰতি মাহতে একে তাৰিখত স্ব-পৰীক্ষণ কৰা উচিত। স্ব-পৰীক্ষণ মাহেকত এবাৰ কৰিলেই যথেষ্ট, সঘনাই কৰিলে কিছুমান সূক্ষ্ম পৰিৱৰ্তন চকুত ধৰা নপৰাৰেই সম্ভাৱনা বেছি।
শেহতীয়াকৈ প্ৰস্তুত কৰা নিয়মাৱলী এনেধৰণৰঃ
• প্ৰতিমাহে স্তনৰ স্ব-পৰীক্ষণ।
• ছমাহত বিশেষজ্ঞৰ দ্বাৰা স্তন পৰীক্ষণ।
• চল্লিছ বছৰৰ ঊৰ্ধ্বৰ মহিলাসকলৰ বাবে প্ৰতি বছৰে মেম’গ্ৰাম।
জিন হৈছে বংশগতিৰ একক। ই কোষসমূহৰ স্বাভাৱিক বিকাশ প্ৰভাৱান্বিত কৰিব পাৰে। দেখা গৈছে যে ৫-৭ শতাংশ স্তনৰ কৰ্কট ৰোগ বংশগত। খাদ্যনলী, পাকস্থলী, বৃহদান্ত্ৰ আদিৰ কৰ্কট ৰোগ কেতিয়াবা একে পৰিয়ালৰ সদস্যসকলৰ মাজত দেখ যায়। গতিকে কাৰোবাৰ আত্মীয় এনে ৰোগত ভুগিলে পৰিয়ালৰ বাকী সদস্যসকলে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।
আজিকালি কেঁচা ফল-মূল সোনকালে পকাবলৈ আৰু শাক-পাচলি সৰহকৈ উৎপাদন কৰিবলৈ ব্যৱসায়ী তথা কৃষকসকলে কাৰ্বাইড আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে। এইবোৰ নিঃসন্দেহে কৰ্কটৰ কাৰক। গতিকে বাচি খাবা, জাগি শুৱা এই আপ্ত বাক্যষাৰী মানি চলিব লাগে।
কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ তলত উল্লেখ কৰা নিয়মবোৰ মানি চলিলে কামত আহে—
• ধঁপাত সেৱন— চাধা, চিগাৰেট, বিড়ি ত্যাগ কৰা।
• অত্যাধিক মদ্যপান বৰ্জন কৰা।
• অত্যাধিক ৰ’দ (Sun Exposure) ৰ পৰা বিৰত থকা।
• প্ৰজনন বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা বড়ি যিকোনো সময়তে ব্যৱহাৰ নকৰা।
• হৰম’ন ব্যৱহাৰত চিকিৎসকৰ পৰামৰ্শ লোৱা।
• কম বয়সত আৰু একাধিক লোকৰ সৈতে যৌন ক্ৰিয়াৰ পৰা বিৰত থকা।
• ২০ বছৰৰ পিছত ২-৩ বাৰতকৈ বেছি গৰ্ভধাৰণ কৰাৰ পৰা বিৰত থকা।
• সংৰক্ষণ কৰা মাংস, খাদ্যত দিয়া ৰং তথা অন্য ৰাসায়নিক দ্ৰব্য, কৃত্ৰিমভাৱে মিঠা কৰা দ্ৰব্য (শ্বেকাৰিন) ত্যাগ কৰা আৰু শাক-পাচলি, ফল-মূল ধুই কীটনাশক দ্ৰব্য মুক্ত কৰা।
ডাঃ নৰেশ্বৰ শৰ্মা।