কনীৰ কোন অংশ খাব – বগা নে হালধীয়া?

কনীৰ কোন অংশ খাব বগা নে হালধীয়া?

বহু সময়ত আমাৰ ওচৰত ৰোগী আহে আৰু খাদ্য বিষয়ক বহু কথা সুধে। ইয়াৰ ভিতৰত বেছিকে প্ৰশ্ন উপস্থাপন হয় কনীৰ ওপৰত। খাব পাৰিব নোৱাৰিব?  বগাখিনি খাব নে হালধীয়া অংশ খাব ইত্যাদি ইত্যদি। এই পুষ্টিকৰ খাদ্য বিধক লৈ মানুহৰ মনত বহু ভুল ধাৰনা আছে। গতিকে আজি আমি এই কনীৰ ওপৰত  থকা ভুল ধাৰনা দূৰ কৰিবৰ বাবে ইয়াৰ উপৰত বিজ্ঞান সন্মত ব্যাখ্যা আগবঢ়াবলৈ যত্ন কৰিম।

কনী এক অতি উৎকৃস্ত ভিটামিন সমৃদ্ধ খাদ্য। কিন্তু ইয়াৰ আগতে আৰু এটা কথা জনাতো অতি দৰকাৰ। কাৰন আজিকালি আমি কিনা কনীবোৰ কেতিয়াবা বহু দিন দোকানত বা স্তৰত জমা ৰখাৰ বাবে কেতিয়াবা তাৰ ভিতৰত কিতানুৰ সৃষ্টি হৈ কনীটো নষ্ট কৰি দিয়ে  আৰু আমি যেতিয়া ভাজিবৰ বাবে ভাঙো তেতিয়া ইয়াৰ দূৰ্গন্ধ বিয়পি আমাক অস্বস্তিত পেলাব পাৰে বা বয়েল কৰা পাছত কনীটো যেতিয়া বেয়া ওলাই আমি অস্বস্তিত পৰো গতিকে আমি খাবলৈ প্ৰস্তুত কৰা ডিম বা কনীতো ভাল বেয়া জনাতো প্ৰয়োজন।

যদি কনী এটা বেয়া হবলৈ ধৰে তেতিয়াৰ ভিতৰত গ্ৰেছ হয়। আৰু ই স্বাভাৱিক ওজনতকৈ পাতল হব। গতিকে  আমি ডিমতো লৈ এগিলাছ পানীত ডুবাই দিলে ই যদি তললৈ ডবি যায় তেতিয়া আমি গম পাম যে ডিমটো ভাল  যদি পানী ওপৰলৈ ওঠি আহে  তেনেহলে গম পাব যে কনীটো বেয়া।

কনীৰ পৰাৰ পাছত ১০ দিনৰ ভিতৰত খাব লাগে। যিমান বেছিদিন স্তৰ কৰি ৰাখিব তাৰ নিউট্ৰিয়েন ভেলু সিমান কমিব। এক গৱেষনাত গম পোৱা অনুসৰি ১ ডেৰ মাহত প্ৰায় ইয়াৰ আধা খিনি গুনাগুন কমি যায়।

আমি ভাবো যে, দিম খাব নালাগে কলেষ্টৰেল বৃদ্ধিৰ হয়?  আচলতে আমি খোৱা যিকোনো খাদ্যৰ পাৰা কলেষ্টৰেল বৃদ্ধি নহয়। যদি আমি খাদ্যত চেতুৰেটে, ফেটছ, ট্ৰানচাৰ্ফেটচ আদি বেছিকৈ লও তেতিয়ালৈ কলেষ্টৰেল বাঢ়ে। কনীত চেতুৰেটত ফেটচ কম মাত্ৰাত থাকে। গতিকে কলেষ্টৰেল বৃদ্ধিৰ সম্ভাৱনাও কম থাকে। আৰু ইয়াত ট্ৰানচফেটচতো একেবাৰে নাথাকে।

গতিকে কম মাত্ৰাত চেতুৰেটত ফেটচ আৰু ট্ৰানচফেট নাথাকে। ইয়াত আনচাতুৰেটৰ ফেটছ থাকে, যিটো আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী, গতিকে ইয়াৰ পৰা কলেষ্টৰেল বৃদ্ধিৰ সম্ভৱনাও একেবাৰে কম। ই প্ৰতিনৰ উতকৃষ্ট উৎস গতিকে নিয়মীত খাদ্যৰ তালিকাত ইয়াক অন্তভুক্ত কৰাতো জৰুৰী।

এতিয়া আহো হালধীয়া অংশলৈঃ-

বহুতে ভাৱে যে ডিমৰ হালধীয়া অংশতোত বেছি ফেটচ থাকে। গতিকে এই অংশ খিনি খাব নালাগে। এদিন আমি নিউজ লাইভ চেনেলত অসমৰ এগৰাকী আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ এটা সাক্ষাৎকাৰ চাইছিলো। সেইটো হোমেন বৰগোহাঞি চাৰৰ জীৱীত কালৰ কথা। তেখেঁতৰ কথা বাৰ্তা  অনুষ্ঠানলৈ আহিছিল। খেলুৱৈগৰাকীক সুধা হৈছিল  শৰীৰৰ সুস্থ্য ৰাখিব বাবে আপুনি দিনত কেইটা ডিম খায়। তেতিয়া তেখেতে কৈছিল দৈনিক ৫ টা ডিম খায়। আৰু লগতে কৈছিল যে তেখেঁতে কেৱল মাত্ৰ ডিমৰ বগা অংশ খিনিহে খায়।

এতিয়া কথা হল কি ডিমৰ দুটা অংশই থাকে বগা আৰু হালধীয়া। ইয়াৰ দুই ভাগতে বেলেগ বেলেগ পুষ্টি থাকে। ডিমৰ বগা অংশত পৰ্য্যাপ্ত পৰিমানৰ প্ৰটিন থাকে যাক এলবোমিন বুলি কোৱা হয়। ভটামিন B অৰ্থাৎ ৰাইৰফ্লেভিন যথেস্থমাত্ৰাত থাকে। লগতে চেলেনিয়াম যথেষ্ট পৰিমানে এই অংশটোত পোৱা য়ায। যদি আপুনি পোষক তত্বৰ বিষয়ে চাবলৈ যায় তেনে হলে দেখিব যে ৫০% নিউট্ৰিয়েন যেনে প্ৰটিন আৰু ফেটচ দুই বিধেই এই হালধীয়া  অংশ বা কুঁহুমত পোৱা যায়।

কিছুমান গৰ্ভৱতী মহীলাৰ আহে। কেতিয়াবা আমাক সুধে যে ঘৰৰ মানুহে ডিম খাবলৈ মানা কৰে। কোনো কোনো য়ে কয় ডিম খালে বোলে গৰ্ভত থকা সন্তানৰ গাত কিবা বেয়া প্ৰভাৱ পৰে। তেনেকুৱা কোনো বৈজ্ঞানিক গৱেষণা নাই। পৰিপুষ্টিৰ বাবে গৰ্ভৱতী মহিলাইয়ো ডিম খোৱাতো জৰুৰী। অৱশ্যে ১ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ডিম খোৱালে এলাৰ্জীৰ সমস্যা হব পাৰে। তাকোমাত্ৰ ২শতাংশ শিশুৰ ক্ষেত্ৰত হে এই সমস্যাতো হোৱা দেখাগৈছে। ৬মাহ পাৰ হোৱাৰ পাছত যিকোনো প্ৰটিন জাতীয় খাদ্য শিশুক খোৱাব পাৰে। যদি এলাৰ্জীৰ সমস্যা উদ্ভৱ হয় উচৰৰ চিকিৎসকৰ সৈতে শীঘ্ৰে পৰামৰ্শ কৰিব।

আৰু এটা কথা আমি কেতিয়া লোকৰ কোকোৰা কনি বিচাৰি গোটেই গাওঁ চলাথ কৰি  ফুৰু নহয়। আচলতে লোকেল বা ৰ্ফামৰ বুলি কথা নাই , মূগা বগা বুলি কালাৰৰো কোনো কথা নাই সকলোলো খাদ্য প্ৰান মানে নিট্ৰিয়েন্ট সমানেই থাকে দেই । চিন্তা কৰা প্ৰয়োজন নায়।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles