এপেণ্ডিচাইটিছ কি? এপেণ্ডিচাইটিছ কিয় হয়?

এপেণ্ডিচাইটিছৰ বাবে আপোনাৰ মৃত্যু হব পাৰে!

এপেণ্ডিচাইটিছ-কি?
এপেণ্ডিচাইটিছ

এপেণ্ডিচাইটিছ কি? আমাৰ পাকস্থলী বৃহদঅন্তৰ একেবাৰে শেষ প্ৰান্তত অঙুলি এটাৰ দৰে লাগি থকা এটা উপাংগৰ নাম এপেণ্ডিচ। দীঘলে ই ২ ৰ পৰা ২০ চেন্টিমিটাৰ পৰ্ষন্ত হব পাৰে। এই উপাংগ বৃহদঅন্তৰ একেবাৰে শেষ প্ৰান্তৰ সোফালে থাকে। ইয়াৰ সঠিক কাম কি স্পষ্টকৈ কব পৰা নাযায়। যেতিয়া এই সৰু উপাংগটোত কিবা কাৰণত ইনফেকচন হৈ ফুলি উঠে, অত্যন্ত বিষ হয় তেতিয়া তাক এপেণ্ডিচাইটিছ হোৱা বুলি কোৱা হয়। এই এপেণ্ডিচাইটিছৰ জৰুৰী ভাবে চিকিৎসা নকৰালে এপেণ্ডিচ ফাটিগৈ সমগ্ৰ পেটতে সংক্ৰমণ বিয়পি পৰি, ৰক্ত বিষাক্ত হৈ মানুহৰ জীৱন বিপন্ন কৰি পেলাব পাৰে। অৰ্থাৎ জীৱনলৈ সংকা নামি আহিব পাৰে। গতিকে যদি আপোনি তলত উল্লিখিত লক্ষণ সমূহ দেখা পায় তেনে হলে জৰুৰী ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব।

১) নাভিৰ চাৰিওফালে বিষ অনুভবঃ

আমাৰ পেটৰ সোঁফালে কাষত অৱস্থিত এপেণ্ডিচ, গতিকে প্ৰথম সেইফালেই বিষ অনুভৱ কৰিব। নাভিৰৰ চাৰিও ফালে মিদু বিষৰ পৰা আৰম্ভহৈ লাহে লাহে তলপেটৰ সোঁফালে তীব্ৰ ৰূপ ধাৰণ কৰে। খোঁজ কাঢ়িলে, ভৰি লৰচৰ কৰিলে বা ভৰি কোঁচালে, হাঁহিলে, কাহিলে বা হাঁচিয়ালে বিষ অত্যন্ত বৃদ্ধিহৈ যায়।

২) বিষ দ্ৰুত গতিত বৃদ্ধি হয়ঃ

এপেণ্ডিচাইটিছৰ বিষ দ্ৰুত গতিত বৃদ্ধি হয়। কেতিয়াবা দুই চাৰি ঘন্টাৰ ব্যৱধানতেই বিষে তীব্ৰ আকাৰ ধাৰণ কৰে।

৩) ভয়ানক জ্বৰ, শৰীৰ ঠাণ্ডা আৰু কঁপনি হয়ঃ

ভয়ানক জ্বৰ, শৰীৰ ঠাণ্ডা আৰু কঁপনিৰ লগতে যদি তীব্ৰ পেটৰ বিষ থাকে তেনে হলে এপেণ্ডিচাইটিছ সমস্যা হব পাৰে।

৪) বমি বমি ভাব আৰু বাৰে বাৰে বমি কৰাঃ

পাকস্থলিত সংক্ৰমণ ঘটিলে বমি বমি ভাব আৰু বাৰে বাৰে বমি কৰা লক্ষণে দেখাদিব পাৰে। বাৰে বাৰে বমি কৰা লক্ষণ ডায়েৰিয়াৰ বাবেও হব পাৰে, কিন্তু যদি বমিৰ লগতে তলপেটৰ তীব্ৰ বিষ হয় তেনে হলে এপেণ্ডিচাইটিছ হব পাৰে।

৫) ভোক নলগাঃ

ভোক হীনতাৰ লগতে তলপেটৰ তীব্ৰ বিষ, বমি আৰু ডায়েৰিয়াৰ লক্ষণ প্ৰকাশ পালেও এপেণ্ডিচাইটিছৰ সমস্যা হব পাৰে।

৬) ডায়েৰিয়া আৰু কুষ্ঠকাঠিন্যঃ

একেৰাহে দুই তিনিদিন ধৰি ডায়েৰিয়া, কুষ্ঠকাঠিন্যৰ লগতে পেটৰ বিষ হয় আৰু পায়খানাত যদি শাওঁ-বীজল বাহিৰ হয় আৰু লগতে সোঁফালে পেটত বিষ হয় তেনেহলেও এপেণ্ডিচাইটিচ হব পাৰে।

৭) পেট ফোলা বা পেট ওখহাঃ

পেটত গেছ, এচিডিটি হলেও পেট ফোলে, কিন্তু পেট ফোলা সমস্যাটো যদি ১০-১২ দিন ধৰি একেৰাহে হৈ থাকে আৰু যদি সোঁফালে বিষ থাকে তেনে হলে এপেনডিচাইটিছৰ সমস্যা হব পাৰে।

৮) পেটত হেঁচাদিলে বিষ হোৱাঃ

তলপেটৰ সোঁফালে হেঁচা দিলে বিষ হোৱা এপেণ্ডিচাইটিছৰ এটা প্ৰধান লক্ষণ। তলপেটত অত্যাধিক বিষহৈ থকা অৱস্থাত পেটত হেঁচা নিদিয়াই ভাল, কাৰণ এনে অৱস্থাত পেটত হেঁচা দিলে এপেণ্ডিচ ফাটি বিপদ হব পাৰে।

৯) তেজত চেতৰক্ত কনিকা বৃদ্ধি হোৱাঃ

এপেণ্ডিচাইটিছৰ সময়ত ৰক্ত পৰীক্ষা কৰালে তেজত চেতৰক্ত কনিকাৰ মাত্ৰাধিক বৃদ্ধি হব পাৰে।

DR HARIS

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles