প্ৰকৃতিৰ গোচৰ

নেপালৰ পাহাৰত আজি
কেৱল বান নমা নাই—
নামি আহিছে
মানুহৰ অহংকাৰৰ ওপৰত
প্ৰকৃতিৰ এক নিৰৱ অভিমান।
কিমান মানুহ গ’ল—
কোনোবাই জানে সংখ্যাৰে,
কিন্তু কোনে গণিব
ভাঙি পৰা সপোনবোৰৰ সংখ্যা?
কোনোবাই জানে মৃত্যুৰ সংখ্যা,
কিন্তু কোনে গণিব
জীৱনৰ জুই নুমাই যোৱাৰ সংখ্যা?
পাহাৰৰ বুকুত
আমি কংক্ৰিটৰ হাতুৰী মাৰিলোঁ,
সেউজীয়া বননিৰ ধমনী কাটি
নতুন পথ বনালোঁ—
যেন প্ৰকৃতিৰ শৰীৰত
আমি আঁকি দিলোঁ
মৃত্যুৰ বিভিষিকা।
নদীৰ স্বাভাৱিক পথত
সুউচ্চ দেৱাল সাজিলো,
নদীক পনবন্দী কৰি
আমি ভাবিলোঁ—
“প্ৰকৃতিক জয় কৰিলোঁ!”
কিন্তু মানুহে পাহৰি গ’ল—
এখন নদীক বন্দী কৰিব পাৰি,
প্ৰকৃতিক নহয়।
পাহাৰক ক’লোঁ—
“তই আমাৰ সম্পদ।”
নদীক ক’লোঁ—
“তই আমাৰ শক্তি।”
অৰণ্যক ক’লোঁ—
“তই আমাৰ ব্যৱসায়।”
প্ৰকৃতিক
আমি মা বুলি মাতিলোঁ,
আকৌ
মাকেই টুকুৰা-টুকুৰাকৈ
বজাৰত বিক্ৰী কৰিলোঁ।
পাহাৰৰ নীলা চাদৰখন
এটুকুৰা এটুকুৰাকৈ আজুৰি
উলংগ কৰিলোঁ পাহাৰক—
যেন দুষ্ট দুশাসনে
উলংগ কৰাৰ দৰে দৌপদীক।
সেউজীয়া নিৰ্জনতাক
যন্ত্ৰৰ শব্দেৰে হত্যা কৰি
কংক্ৰিটৰ অট্টালিকাৰে
সজালোঁ নিজৰ সভ্যতা—
যেন মৃত্যুৰ ওপৰত
গঢ়ি তোলা জীৱনৰ ত্ৰাণ।
পাহাৰ বহুদিন নিৰৱ আছিল।
অৰণ্যই বহুদিন সহি আছিল।
নদীয়ে বহুদিন
নিজৰ দুখ বুকুত লৈ বৈ আছিল—
যেন কোনোৱে
নীৰৱে কান্দে,
কিন্তু কোনোৱে নুশুনে।
কিন্তু
সহনশীলতাৰো এটা সীমা থাকে।
সাগৰৰো তলত তল আছে,
পাহাৰৰো ওপৰত চূড়া আছে,
আৰু
প্ৰকৃতিৰো ধৈৰ্যৰ এটা শেষ আছে।
আজি যেতিয়া
পাহাৰৰ বুকুৰ পৰা
শিল, বালি আৰু পানী
একে লগে নামি আহে,
তেতিয়া সেয়া কেৱল বান নহয়—
সেয়া যেন
প্ৰকৃতিৰ কঁপি উঠা কণ্ঠ—
“মোৰ বুকুত আৰু কিমান আঘাত কৰিবা?”
সেয়া যেন
মাতৃৰ ক্ৰন্দন—
“মোৰ সন্তানবোৰে মোকে বলাতকাৰ কৰিব বিচাৰে!”
আমি কওঁ—
“প্ৰকৃতিয়ে মানুহক মাৰিলে।”
প্ৰকৃতিয়ে হয়তো সুধিব—
“প্ৰথমে আঘাতটো কোনে কৰিছিল?”
কোনোৱে কয় “প্ৰাকৃতিক দুৰ্যোগ”,
কিন্তু প্ৰকৃতিয়ে কয়—
“এয়া মোৰ প্ৰতিশোধ নহয়,
এয়া মোৰ ন্যায়।”
যদি
বন কাটোঁ,
পাহাৰ কাটি পেলাওঁ,
নদীৰ পথ সলাওঁ,
অসীম কংক্ৰিটেৰে
মাটিৰ উশাহ বন্ধ কৰোঁ—
তেন্তে এদিন
প্ৰকৃতিয়ে উত্তৰ দিবই।
সেই উত্তৰ
কেতিয়াবা বান হৈ আহে,
কেতিয়াবা ভূমিস্খলন,
কেতিয়াবা ধুমুহা,
কেতিয়াবা খৰাং।
কেতিয়াবা আগ্নেয়গিৰিৰ জ্বালামুখী হৈ,
কেতিয়াবা মহাসাগৰৰ উত্তাল তৰংগ হৈ।
সেই উত্তৰক
“প্ৰাকৃতিক দুৰ্যোগ” বুলি কৈ
দায়িত্ব শেষ কৰিব নোৱাৰি।
কাৰণ
প্ৰকৃতিৰ আদালতত
মানুহৰ কংক্ৰিটৰ দালিল নচলে।
তাত
সাক্ষী—পাহাৰ,
সাক্ষী—নদী,
সাক্ষী—অৰণ্য,
সাক্ষী—বতাহ,
সাক্ষী—মাটি,
আৰু
সাক্ষী—সেই অসংখ্য জীৱন
যিবোৰ আমাৰ লোভৰ মূল্য হৈ
মাটিত মিহলি হৈ যায়—
যেন কোনোৱে
মমবাতিৰ পোহৰ নুমোৱাই দিয়ে।
হে মানুহ,
এতিয়াও সময় আছে।
পাহাৰক পাহাৰ হৈ থাকিবলৈ দিয়া,
নদীক নদী হৈ বৈ যাবলৈ দিয়া,
অৰণ্যক অৰণ্য হৈ উশাহ ল’বলৈ দিয়া।
প্ৰকৃতিক প্ৰকৃতি হৈ থাকিবলৈ দিয়া—
কাৰণ
প্ৰকৃতিয়েই আমাৰ মাতৃ,
প্ৰকৃতিয়েই আমাৰ ঘৰ,
প্ৰকৃতিয়েই আমাৰ ভৱিষ্যত।
উন্নয়ন লাগে—
কিন্তু এনেকুৱা উন্নয়ন নহয়
যিয়ে
জীৱনকেই ধ্বংস কৰে।
উন্নয়ন লাগে—
কিন্তু এনেকুৱা উন্নয়ন
যিয়ে
প্ৰকৃতিৰে মিলি জীয়াই থাকে।
মনত ৰাখিব—
প্ৰকৃতিক আমি জয় কৰা নাই।
আমি মাত্ৰ
তাইৰ ধৈৰ্য পৰীক্ষা কৰি আছোঁ।
আমি মাত্ৰ
তাইৰ সহনশীলতাৰ সীমা চাই আছোঁ।
আমি মাত্ৰ
তাইৰ ক্ৰন্দন উপেক্ষা কৰি আছোঁ।
আৰু যিদিনা
প্ৰকৃতিয়ে নিজৰ নীৰৱতা ভাঙিব,
সিদিনা
মানুহৰ সকলো কংক্ৰিটৰ দেৱালৰ আগত
এটাই প্ৰশ্ন থিয় হ’ব—
তোমালোকে মোক কিমান বলাতকাৰ কৰিলা ?
আৰু মই তোমালোকক
কিমান সহিলোঁ ?
সেই প্ৰশ্নৰ উত্তৰ
আজিৰ পৰা
আমাৰ বিবেকে দিব লাগিব।
নহ’লে এদিন
প্ৰকৃতিৰ বুকুত নহয়—
মানুহৰ নিজৰ ইতিহাসতেই
মানুহৰ নাম
“ধ্বংসৰ কাৰিকৰ” বুলি লিখা থাকিব—
যেন কোনোৱে
নিজৰ কফিনত
শেষ গজালটো মাৰে
নিৰবে নিতালে……।


