কবিতা

জুই জ্বলে…

উমি উমি জুই জ্বলে—

তোমাৰ দুচকুৰ গভীৰ নীলিমাত,

য’ত শব্দবোৰে

কথা ক’বলৈ পাহৰি যায়,

আৰু এপলক চাৱনিয়েই

গাই যায় নিলিখা কবিতা এটা।

তুমাৰ পলক চাৱনীত—

মোৰ বুকুৰ কোনোবা অচিন কোণত

নিদ্ৰাত শুই থকা

অজানিত হেঁপাহ এটাই

হঠাতে সাৰ পাই ।

তোমাৰ চকুৰ পলক

সেই মৃদু কম্পনত

কঁপি উঠে মোৰ আউসীৰ

গভীৰ অৰণ‍্য;

তোমাৰ উত্তাপময় চাৱনিত

শুকাই যোৱা মৰুভূমিৰ বুকুতে

যেন আশাৰ বৰষুণৰ নামে।

আৰু তুমি

চকু জপালে…

পোহৰখিনি জুই হয়—

নীৰৱ, নিবিড়, নিৰ্মম জুই।

উমি উমি জ্বলে…

অংগাৰে অংগাৰে…

মোৰ মন-অৰণ্যৰ

এটা এটাকৈ সেউজীয়া পাত

দহে ।

বুকুত ফুলা গোলাপৰ পাহিবোৰ

জহে খহে গোপনে গোপনে

কোনো দূৰ অৰণ্যত

নিশাৰ বুকু ফালি

জ্বলি উঠা দাবানলৰ দৰে

তোমাৰ দুচকুৰ উত্তাপে

মোৰ সমস্ত সংযম

ছাই কৰে

মোক বুকু দহে

গোপনে গোপনে।

হেঁপাহৰ আঙঠাত

জ্বলি থাকে এক নামহীন জুই—

যাৰ ধোঁৱা আকাশলৈ নুঠে,

বুকুৰ ভিতৰখন

অজানিতে ক’লা কৰি তোলে।

বেবীলনৰ ওলমা বাগিচাৰ

সেই কিংবদন্তিৰ সৌন্দৰ্যও

চাগে এনে নাছিল—

যেনে তোমাৰ চকুৰ এচমকা জোনাক,

যি মোৰ আন্ধাৰ ৰাতিটোক

স্বপ্নৰ দৰে ধুনীয়া কৰি তোলে।

আৰু মনালিছাৰ ওঁঠত থকা

সেই অনিৰ্বচনীয় ৰহস্য?

তাতো যেন তোমাৰ চকুৰ

অৰ্ধেক মায়া নাই—

কাৰণ মনালিছাৰ হাঁহি

কেৱল ৰহস্য,

কিন্তু তোমাৰ চাৱনি—

ৰহস্যৰ সৈতে

এটা নীৰৱ আমন্ত্ৰণ

যি মোৰ বুকু দহে

নিৰবে….

নিতালে…..।

তোমাৰ চকুত

কি কাজলৰঙী মায়া ?

কাজলতকৈ ক’লা,

ৰাতিতকৈ গভীৰ,

জোনাকতকৈ কোমল,

আৰু জুইতকৈও উত্তাপ।

তুমি চালে

সময় থমকি ৰয় যেন;

বতাহে গতি হেৰুৱায়,

শব্দবোৰে মৌনতাৰ সাজ পিন্ধে,

আৰু মোৰ হৃদয়ত এহেজাৰ ঢৌ উঠে।

এটা চাৱনি…

মাত্ৰ এটা চাৱনি—

ইমানেই….

মোৰ হৃদয় দহে

মোৰ সমস্ত যুক্তিৰ দুৱাৰ

নিঃশব্দে খুলে

গোপনে গোপনে।

জানো,

এই জুইয়ে দহে

মোৰ হৃদয় পোৰে।

তথাপি

জাহ যোৱাৰ প্ৰৱল বাসনা জাগে

তোমাৰ জুইৰ উত্তাপত গোপনে গোপনে।

কাৰণ এই দহনত

মাধুৰ্য আছে;

এই বিষাদতো

উম আছে;

আৰু তোমাৰ চকুৰ মায়াত

হেৰাই যোৱাটো

মোৰ বাবে

হেৰুৱা নহয়—

এয়া যেন

প্ৰেমৰ সমুদ্ৰত বিলিন হোৱাৰ মাদকতা।

জুই জ্বলে…

উমি উমি জুই জ্বলে…

তোমাৰ দুচকুৰ

অতল গভীৰত

উমি উমি জুই জ্বলে…

সেই জুইত

ছাই হৈ যায় মোৰ মন—

গলি যায় অভিমান,

খহি যায় মোৰ সংযম,

জহি খহি যায়…..।

তথাপি

সকলো শেষ হোৱাৰ পিছতো

ৰৈ যায়—

তোমাৰ তপত এপলক চাৱনি।

যি চাৱনি

বাৰে বাৰে হেৰাবলৈ মন যায়—

কেৱল এই আশাত যে,

হয়তো কোনোবা নিৰ্জন সন্ধিয়াত

তুমি এবাৰ চাবা…

বুকুৱেদি বগুৱাবাই

দি যাবা এবুকু আশা…

আৰু ভিতৰত

পুনৰ জ্বলি উঠিব—

সেই একেই জুই…

উমি উমি…

তোমাৰ চকুৰ দৰে

নীৰৱে,

নিতালে,

অন্তহীনভাৱে।

জুই জ্বলে…

জুই জ্বলি থাকে…

তোমাৰ দুচকুত—

আৰু মোৰ সমস্ত মন-অৰণ্যত।

 

 

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. BNYS (Pursuing), BEMS, Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles