“মাজুলীত দুৰ্গাপূজা”
শঙ্কৰদেৱে নাৰী আৰু ব্ৰাহ্মণক শৰণ বা দীক্ষা দিয়া নাছিল ৷ মই প্ৰথমতে নাৰী ৷ তাৰপাছত এজন শৰ্মাৰ পত্নী ৷ গতিকে কোনো ফালৰ পৰা মই শঙ্কৰদেৱৰ শিষ্য হোৱাৰ যোগ্য নহয় ৷ সেইবাবেই মই শঙ্কৰদেৱক গুৰু মানি নলওঁ ৷ শঙ্কৰদেৱ মোৰ গুৰু নহয় ৷ মোৰ বাবে শঙ্কৰদেৱ যুগনায়ক, অসমীয়া জাতিৰ উজ্জ্বল নক্ষত্ৰ, যুগদ্ৰষ্টা, মহাপুৰুষ, নাট্যকাৰ, শিল্পী, সংগীতজ্ঞ, বাদ্যকাৰ আৰু অদ্বিতীয় সমাজ সংগঠক ৷
মই পূজাত বিশ্বাসী ৷ মই মন্ত্ৰত বিশ্বাসী ৷ মই প্ৰতিবছৰে নৱৰাত্ৰিৰ পূজা কৰোঁ ৷ দেৱালীত ধনতেৰছ, কালীপূজা, লক্ষ্মীপূজা, গোবৰ্ধন পূজা আৰু ভাতৃপূজাকে ধৰি একেৰাহে 5 দিন মোৰ ঘৰত পূজা হয়।
(এইবছৰ আজিৰ পৰা এই পূজা মোৰ ঘৰত আৰম্ভ হৈছে।)
এক কথাত মই মোৰ ধৰ্মীয় কাম-কাজ আৰু বিশ্বাসত পূজাক ৰাখিছো ৷ তাত আন কোনো বিশ্বাসৰ ঠাই নাই ৷
কিন্তু এজন অসমীয়া হিচাপে, অসমৰ সমাজ জীৱনৰ লগত, অসমৰ ইতিহাসৰ লগত জড়িত কথাবোৰত যেতিয়া বিসঙ্গতি দেখা পাওঁ, তেতিয়া মাত মতাৰ প্ৰয়োজন বোধ কৰোঁ আৰু মাতি আহিছো ৷
মই পূজাত বিশ্বাসী যদিও, মাজুলীত দুৰ্গা পূজাৰ প্ৰচলন হোৱাতো মই সমৰ্থন নকৰোঁ ৷
ইয়াৰ কাৰণ কি ?
আমাৰ প্ৰত্যেকৰে ধৰ্মীয় বিশ্বাসবোৰ বেলেগ বেলেগ ৷ নিজৰ ধৰ্মীয় বিশ্বাস বৰ্ত্তাই ৰখাৰ পাছত, আনৰ ধৰ্মীয় ব্যৱস্থা আৰু বিশ্বাসক সন্মান জনোৱাতো বা হস্তক্ষেপ নকৰাতো এজন ভাৰতীয়ৰ প্ৰধান আৰু মৌলিক দায়িত্ব ৷ সেইবাবেই মই কোনোদিন আনৰ ধৰ্মীয় বিশ্বাসত হস্তক্ষেপ কৰা নাই বা মাত মতা নাই ৷ কিন্তু এইবাৰ মাজুলীৰ বিষয়টোত মই মাত মতাৰ কাৰণ হ’ল ইতিহাস, পৰম্পৰা আৰু ঐতিহ্য ৷
ভাৰতত বহু যুগৰ আগৰে পৰাই পূজাৰ প্ৰচলন আছিল ৷ ৰামায়ণেই তাৰ উদাহৰণ। জনা যায় যে ৰামে ৰাৱণক বধ কৰিবলৈ দুৰ্গা পূজা পাতিছিল ৷ ৰামে দুৰ্গা পূজা পতাৰো বহু যুগৰ আগৰে পৰা দুৰ্গাৰ পূজা কৰি অহা হৈছিল ৷ যাক বাসন্তী পূজা বুলি কোৱা হয় ৷ বসন্ত কালত চ’ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা এই পূজা আৰম্ভ হয় আৰু একেৰাহে 9 দিন ধৰি চলে ৷
কথিত আছে যে, ৰাৱণক বধ কৰিবৰ বাবে বিভীষণৰ বুদ্ধিমতে ৰামে দুৰ্গাপূজা কৰাৰ পৰিকল্পনা কৰে ৷ কিন্তু সেই সময়ত বসন্ত কাল নাছিল ৷ শৰৎ কাল হে আছিল ৷ ৰামে শৰৎ কালত দুৰ্গাক আৱাহন কৰি দুৰ্গাপূজা পাতিছিল ৷ বসন্ত কালত পাতিবলগীয়া দুৰ্গাপূজা শৰৎ কালত অৰ্থাৎ অসময়ত পতা বাবে শৰৎ কালৰ পূজাক “দেৱীৰ অকাল বোধন” বুলি কোৱা হৈছিল ৷ অকাল মানে অসময় ৷ Untime.
আচলতে দুৰ্গা দেৱীয়ে মহিষাসুৰকহে বধ কৰিছিল ৷ ৰাৱণক দুৰ্গা দেৱীয়ে বধ কৰা নাছিল ৷ পূজা কৰোঁতেহে ৰাৱণৰ মৃত্যু হৈছিল ৷
গতিকে দুৰ্গাপূজা শঙ্কৰদেৱৰ বৈষ্ণৱ ধৰ্মপ্ৰচাৰৰ বহু আগৰে পৰা অসমতো চলি আহিছে ৷ শঙ্কৰদেৱ আধুনিক চিন্তাধাৰাৰ ব্যক্তি আছিল ৷ শঙ্কৰদেৱে বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰিছিল ৷ আৰু বিভিন্ন ঠাই ঘূৰি ফুৰি বিভিন্ন ঠাইৰ ভাষা-সংস্কৃতিৰ লগত পৰিচয় হৈ সেইবোৰৰ প্ৰভাৱেৰে তেওঁ প্ৰথমে “চিহ্নযাত্ৰা” নাটক ৰচনা কৰিছিল ৷ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ ব্ৰজধামৰ বৃন্দাবন ভ্ৰমণ কৰি শঙ্কৰদেৱে, ব্ৰজাৱলী ভাষাৰ সংমিশ্ৰণত বহুকেইখন অঙ্কীয়া নাট ৰচনা কৰিছিল ৷ কেলিগোপাল, পাৰিজাত হৰণ, কালিদমন, ৰুক্মিণী হৰণ, ৰামবিজয় আদি শঙ্কৰদেৱৰ সৃষ্ট অঙ্কীয়া নাট ৷ এইজনা মহান পুৰুষে কৃষ্ণক কেন্দ্ৰ কৰি একশৰণ ভাগৱতী নামধৰ্মৰ প্ৰচাৰত অধিক গুৰুত্ব আৰোপ কৰিছিল ৷ দুৰ্গা পূজাৰ বিৰোধীতা কৰিছিল শঙ্কৰদেৱে ৷ শঙ্কৰদেৱ মূৰ্ত্তিপূজাত বিশ্বাসী নাছিল ৷ শঙ্কৰদেৱৰ ধাৰণাত—
“কৃষ্ণ একদেৱ দুখহাৰী
কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ”
মগু বুটৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা “মাহ-প্ৰসাদ” শঙ্কৰদেৱৰ অনন্য সৃষ্টি। মাহ-প্ৰসাদেৰে বিধৰ্মী লোককো নামঘৰলৈ টানি আনিবলৈ শঙ্কৰদেৱ সক্ষম হৈছিল ৷ শঙ্কৰদেৱে জাত-পাতৰ বিচাৰ কৰা নাছিল ৷ জাতি-ভেদৰ বাহিৰত গৈ শঙ্কৰদেৱে কৈছিল—
“কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম”
এই বিশাল মানসিকতাৰ বাবেই ইছলাম ধৰ্মী চাঁন্দ খাঁ শঙ্কৰদেৱৰ নামঘৰৰ লাইখুটা স্থাপনৰ মূল মানুহ হ’ব পাৰিছিল ৷
মাজুলী সত্ৰৰ ঠাই ৷ সত্ৰ শঙ্কৰদেৱৰ অপূৰ্ব সৃষ্টি ৷ সত্ৰৰ সত্ৰাধিকাৰসকলৰ বহুতেই কিন্তু বামুণ ৷ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰো ব্ৰাহ্মণ বা বামুণ ৷ বামুণে কিন্তু পূজা কৰিবই ৷ বামুণক পূজা কৰাৰ পৰা কোনেও বাৰণ কৰি ৰাখিব নোৱাৰে ৷ মোৰ দেউতা আউনীআটী সত্ৰৰ শিষ্য ৷ ককাদেউতা, আজোককাৰ দিনৰে পৰা মোৰ ওপজা ঘৰখন আউনীআটীৰ শিষ্য। সৰুতে মায়ে কৈছিল যে, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে ব্যক্তিগতভাৱে প্ৰথমতে শালেগ্ৰাম পূজা কৰে ৷ তাৰপাছতহে নাম প্ৰসংগ কৰে ৷ কৰিবই ৷ কাৰণ সেইখন বামুনীয়া সত্ৰ। বামুণৰ নীতি-নিয়ম তাত থাকিবই ৷ বামুণক সত্ৰাধিকাৰ পাতিছে যেতিয়া, বামুনীয়া নীতি-নিয়মক আওকাণ কৰিবলৈ কোনেও হুকুম দিব নোৱাৰে বা দিয়াও নাই ৷
কথা হ’ল, ব্যক্তিগত ভাৱে শালেগ্ৰাম পূজা কৰা আৰু ৰাজহুৱা দুৰ্গাপূজা কৰাৰ মাজত পাৰ্থক্য আছে ৷ মাজুলী কিহৰ বাবে বিখ্যাত ? কি আছে মাজুলীত ? ৰাস কিয় হয় ? মাজুলীত পালনাম কিয় পাতে ? মাজুলীলৈ পৰ্য্যটক কিয় আহে ? কেৱল চাৰিওফালে থকা ব্ৰহ্মপুত্ৰৰ পানীবোৰ চাবলৈয়ে দেশ বিদেশৰ পৰা পৰ্য্যটকসকল মাজুলীলৈ আহে নে ? যদি আহে, তেন্তে সত্ৰীয়া সংস্কৃতিৰ প্ৰেমত পৰে কিয় তেওঁলোক ?
মাজুলী বৈষ্ণৱ ধৰ্মৰ পীঠস্থান ৷ মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ৷ মাজুলী অসমৰ বৈষ্ণৱধৰ্মী লোকসকলৰ সেৱাৰ থলী ৷ সেই মাজুলীত কেৱল বৈষ্ণৱ ধৰ্মৰ চৰ্চা হ’লেহে শঙ্কৰদেৱ চিৰকাল একক আৰু অনন্য হৈ জীয়াই থাকিব ৷ গোটেই অসমতেই দুৰ্গাপূজা হয় ৷ মাজুলী ব্যতিক্ৰম ৷ কাৰণ মাজুলীত শঙ্কৰদেৱৰ সত্ৰ আছে ৷ শঙ্কৰদেৱৰ সত্ৰ থকা ঠাইত মূৰ্ত্তি পূজা হ’ব নালাগে ৷ এইয়া আইন হ’ব লাগে ৷ মাজুলীৰ বৈশিষ্ট্য বজাই ৰাখিবলৈ হ’লে, মূৰ্ত্তি পূজা মাজুলীত কোনো কাৰণতে পাতিবলৈ দিব নালাগে ৷ গোটেই অসমখনৰ ভিতৰত এটুকুৰা ঠায়ো আমি শঙ্কৰদেৱৰ আদৰ্শক জীয়াই ৰাখিবলৈ সংৰক্ষিত কৰিব নোৱাৰোনে ? আমি ইমান স্বাৰ্থপৰ নে ? আমি ইমান খকুৱানে ?
জনাৰ্দন গোস্বামীয়ে কৈছে যে—
“যদি মাজুলীত কেৰল বাজিব পাৰে, তেন্তে দুৰ্গাপূজা হ’ব নোৱাৰিব কিয় ?”
নোৱাৰে ৷ কেতিয়াও নোৱাৰে ৷ কেৰল বাজিবলৈ পালে কেনেকৈ জনাৰ্দন গোস্বামী ? জনাৰ্দন গোস্বামী তেতিয়া ক’ত আছিল ? কিয় বাজিল কেৰল ?
জনজাতীয় লোকসকলৰ প্ৰতি কিমান অন্যায় হ’লে, মাজুলীত ৭০ টা গীৰ্জাৰ সৃষ্টি হ’ব পাৰে, সেয়া ৰাইজে এবাৰ ভাবক ৷ মুছলমানৰ লগত লাগি থাকোতেই, মাজুলীৰ দৰে সত্ৰ সংস্কৃতিৰ হৃদপিণ্ডত, খ্ৰীষ্টান ধৰ্মই বিস্তাৰ লাভ কৰিছে ৷ কৰিবই ৷ কাৰণ ধৰ্মৰে পেট নভৰে ৷ জীৱন প্ৰক্ৰিয়াত জটিলতা আহিলে, মানুহ সহজ বাটেদি গতি কৰিবলৈ বাধ্য ৷
মই মেঘালয়ত দীৰ্ঘদিন ধৰি বসবাস কৰিছিলো ৷ মোৰ সন্তান খ্ৰীষ্টান স্কুল, কলেজত পঢ়াৰ উপৰিও, আমাৰ পৰিয়ালটো Christianity ৰ লগত ওতঃপোত ভাৱে জড়িত ৷ কাৰণ মেঘালয়ত থকা কালছোৱাত আমাৰ সকলোবোৰ প্ৰতিবেশী খ্ৰীষ্টান ধৰ্মৰ আছিল ৷
সুদীৰ্ঘ দিন খ্ৰীষ্টান মানুহৰ সমাজত থাকি অনুভৱ কৰিছিলো, কিমান সহজ তেওঁলোকৰ সমাজ তথা জীৱন ৷ এজনো ভিক্ষাৰী নাই তেওঁলোকৰ ধৰ্মত ৷ (মেঘালয়ত নাই ) আৰ্থিকভাৱে দুৰ্বলসকলক, চাৰ্চৰ ফাদাৰে সকলো দিশৰ পৰা সহায় কৰে ৷ উচ্চশিক্ষা দিয়ায় ৷ সংস্থাপন দিয়ায় ৷ মুঠৰ ওপৰত, নিবনুৱা সমস্যা সমাধান কৰাত চৰকাৰলৈ বহি নাথাকি, চাৰ্চৰ ফাদাৰ, ব্ৰাদাৰসকলেও গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷
(এই সম্পৰ্কত লিখিব লগীয়া বহুত আছে, সময়ত মই লিখিম )
কিন্তু আমাৰ হিন্দু ধৰ্মত মই এই পদক্ষেপ দেখা পোৱা নাই ৷ অসমত ইমানবোৰ সত্ৰ থাকোঁতেও, বৰগীত আজি সৰ্বজনপ্ৰিয় নহয় ৷ এটা হিন্দী গান অসমৰ ভিতৰুৱা গাঁও এখনৰ সৰু শিশু এটিয়েও গাই দিব পাৰে ৷ কিন্তু সেই একেটি শিশুৱে হয়তো বৰগীতৰ বিষয়ে একোৱেই নাজানে ৷ ইয়াৰ কাৰণ কি ? প্ৰসাৰৰ জটিলতা। সত্ৰাধিকাৰসকলে এইবোৰ কথাত গুৰুত্ব দিছিলনে ?
গীৰ্জা খ্ৰীষ্টান ধৰ্মৰ উপাসনাগৃহ ৷ আন ধৰ্মৰ মানুহক উপাসনা কৰাত বাধা দিয়াৰ অধিকাৰ কাৰো নাই ৷ শঙ্কৰদেৱে ইছলাম বা খ্ৰীষ্টধৰ্মৰ বিৰোধ কৰা নাছিল ৷ মূৰ্ত্তিপূজাৰ হে বিৰোধ কৰিছিল ৷ গতিকে শঙ্কৰদেৱৰ সৃষ্ট একাধিক সত্ৰ থকা ঠাইখনত মূৰ্ত্তিপূজা আৰম্ভ কৰাৰ অৰ্থ শঙ্কৰদেৱক অপমান কৰা নহ’লনে ? শঙ্কৰদেৱে মূৰ্ত্তিপূজাৰ বিৰোধ কৰি, একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ জন্ম দিয়া সত্ৰৰ সত্ৰাধিকাৰ হৈ, জনাৰ্দন গোস্বামীয়ে মাজুলীত মূৰ্ত্তিপূজা আৰম্ভ কৰাৰ সপক্ষত কথা কৈ, সত্ৰতে বাস কৰি সত্ৰৰ জন্মদাতা শঙ্কৰদেৱক অপমান কৰা নহ’লনে ? এনেকুৱা মানুহক সত্ৰৰ সত্ৰাধিকাৰ পদবীৰ পৰা আঁতৰাই পেলাব নালাগেনে ? এওঁ যিখন থালত খাইছে সেইখন থালতে থুৱাই দিয়া নাইনে ?
মাজুলীত আগতে পূজা কৰাহেঁতেন আমাৰ ক’বলগীয়া নাছিল ৷ কিন্তু নতুনকৈ পূজা আৰম্ভ কৰাত আমাৰ আপত্তি আছে ৷ কাৰণ এইয়া ব্ৰাহ্ম্যণ্যবাদৰ আগজাননী ৷ শঙ্কৰদেৱৰ আদৰ্শক হত্যা কৰি যাগ-যজ্ঞ, পূজা-পাতলৰ দ্বাৰা সমগ্ৰ অসমক শাসন কৰাৰ আগজাননী ৷
যোৱা 19.9 2021 তাৰিখে মই এই বিষয়ত আগজাননী দিছিলো যে, মাজুলীত পূজা আৰম্ভ হ’বলৈ বেছি দিন নাই ৷ কোনোবাই মোৰ টাইমলাইনত বিচাৰি পঢ়িব পাৰে ৷ মই এবছৰৰ আগতে কোৱা কথাটো হ’বলৈ গৈ থকাৰ উমান পালো ৷
শঙ্কৰদেৱে ৰজা, বামুণ আৰু মহিলাক শৰণ দিয়া নাছিল ৷ কিন্তু সত্ৰবোৰ দেখোন বামুণ সত্ৰাধিকাৰৰ দ্বাৰাই পৰিচালিত হৈ আছে। ইয়াৰ আঁৰৰ কথাবোৰ মই আজিও নুবুজিলো ৷ আৰু আজিৰ যুগৰ নতুন পণ্ডিতসকলৰ দ্বাৰা বুজিবও নোখোজো ৷ মোৰ দেউতা জীয়াই থকা হ’লে…..!
এটা সময়ত অসমৰ এচাম মানুহে খেদি খেদি শঙ্কৰদেৱক কোচবিহাৰলৈ পলাই যাবলৈ বাধ্য কৰিলে ৷ কোচবিহাৰতে মৃত্যুক সাৱতি লোৱা শঙ্কৰদেৱে, পশ্চিমবংগৰ কোচবিহাৰতো সত্ৰই পাতি থৈ মৰিল ৷ আজিও শঙ্কৰদেৱৰ কথা কৈ জিলিকি আছে পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ ৷
সেই মহান মানুহজনক খেদি দিয়া অসমত, তেখেতৰ আদৰ্শকতো জীয়াই ৰাখোঁ আমি ৷ নে আমি ইমান বেইমান জাতি যে, জাতিৰ মহানায়কজনকো শেষ কৰি পেলাম ?
মাজুলী বৈষ্ণৱৰ ঐতিহ্যক্ষেত্ৰ হৈ থাকক ৷ পূজা-পাতল কৰিবলৈ অসমত আন 34 খন জিলা আছেই দেখোন ৷ এখন জিলা বৈষ্ণৱ হৈ থকাত বাধা কি ?
অসমীয়া জাগক ৷ প্ৰতিবাদ কৰক ৷ শঙ্কৰদেৱ নাথাকিলে অসমীয়া জাতিও নাথাকিব ৷ দুৰ্গাপূজা সদায় থাকিব ৷ সমগ্ৰ ভাৰতে পালন কৰে দুৰ্গাপূজা। কিন্তু শঙ্কৰদেৱ কেৱল অসমৰ। অসমীয়াই স্বকীয় বৈশিষ্ট্যৰে জীয়াই ৰাখিব লাগিব শঙ্কৰদেৱক সমগ্ৰ ভাৰতে পালন কৰে দুৰ্গাপূজা। কিন্তু শঙ্কৰদেৱ কেৱল অসমৰ। অসমীয়াই স্বকীয় বৈশিষ্ট্যৰে জীয়া মাজুলীত মূৰ্ত্তিপূজা প্ৰচলনৰ দিনাই শঙ্কৰদেৱৰ আদৰ্শৰ মৃত্যু হ’ব। সেইদিনা কান্দি লাভ নাই ।
জনাৰ্দন গোস্বামী RSS ৰ মানসিকতাৰ মানুহ ৷ আমি শুনামতে জনাৰ্দন গোস্বামীয়ে সত্ৰত মুকলিকৈয়ে পূজা-পাতল কৰি আহিছে ৷ তেওঁৰ সত্ৰত বৰগীত অঙ্কীয়া ভাওনা আদিৰ চৰ্চাতকৈ মন্ত্ৰপাঠৰ চৰ্চা বেছিকৈ হয় ৷ আনকি সাত্বিকতাৰ প্ৰতীক বগা সাজৰ পৰিবৰ্তে জনাৰ্দন গোস্বামীৰ সত্ৰত ৰঙা আৰু গেৰুৱা পোচাকৰ প্ৰয়োভৰ বেছি বুলি আমাক মাজুলীৰ স্থানীয় মানুহে জানিবলৈ দিছে ৷ জনাৰ্দন গোস্বামী যদি ব্ৰাহ্মণ্যবাদৰ প্ৰতি যদি ইমানেই আকৃষ্ট, তেন্তে তেওঁ মাজুলীৰ সত্ৰত সোমাই আছে কিয় ? কামাখ্যা মন্দিৰ বা শুক্লেশ্বৰ মন্দিৰত বহি নাথাকে কিয় ? তাত বহি পূজা-পাতল কৰি থাকিলেই হ’ল ৷ সত্ৰত বহি শঙ্কৰী সংস্কৃতিক হত্যা কৰাৰ ঠিকা লোৱা জনাৰ্দন গোস্বামী RSS ৰ এজেন্ট ৷ হিমন্তৰ আজ্ঞাবাহী অনুগামী ৷ বিজেপিৰ পৃষ্ঠপোষক ৷ এওঁক সত্ৰৰ পৰা বহিষ্কাৰ কৰাতো ৰাইজৰ দায়িত্ব ৷ অতি সোনকালে জনাৰ্দন গোস্বামীক সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত সকলো বিষয়ৰ পৰা বহিষ্কাৰ কৰক ৰাইজে।
ৰাইজে মনত ৰাখিব লাগিব যে, মাজুলীত পূজা পতাতো বিজেপিৰ পৰিকল্পনা ৷ জনাৰ্দন গোস্বামী মোহৰা মাত্ৰ ৷ ইয়াৰ আঁৰত কিন্তু বিজেপি ৷ গতিকে বিহগছজোপা গোজ মাৰোঁতেই উভালি পেলোৱাতো বৈষ্ণৱ ৰাইজৰ দায়িত্ব ৷ পিছত বৰগছ হ’লে উভলা টান হৈ পৰিব ৷
বহুতৰ মনলৈ হয়তো উপাৰ্জনৰ প্ৰশ্ন আহিব। পূজাত বজাৰ ভাল চলে ৷ হয় ৷ কিন্তু ৰাসতো উপাৰ্জন কৰিব পাৰি ৷ ৰাস উৎসৱক আৰু ডাঙৰ কৰি পালন কৰক ৷ দোকান পোহাৰ বজাৰেৰে জকমকাই উঠক মাজুলীৰ ৰাস ৷ ৰাসে ব্যাপক প্ৰসাৰ লাভ কৰক ৷ উপাৰ্জনৰ এক অন্য উপায় হৈ পৰক ৰাসৰ দিনবোৰ ৷ ঠিক আনবোৰ ঠাইৰ দুৰ্গা পূজাৰ দৰেই ৷ আদৰ্শক জীয়াই ৰাখিবই লাগিব ৷ হিন্দুত্ববাদৰ ধুমুহাত, শঙ্কৰ নামৰ অসমীয়াৰ বৰচোতালৰ বৰগছজোপা উভালি পৰিবলৈ দিব নোৱাৰি। আমি জীৱন থকালৈকে শঙ্কৰ নামৰ অসমীয়া জনজীৱনৰ বটবৃক্ষজোপাক আৱৰি ৰাখিম ৷ ৰাখিমেই ৷ প্ৰতিজ্ঞা কৰোঁ আহক।
শিখা শৰ্মা
গুৱাহাটী
২২/১০/২০২২