স্মৃতিশক্তি বৃদ্ধি কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীক কি খুৱাব

ছাত্ৰ-ছাত্ৰীৰ মগজু প্ৰখৰ কৰিবৰ বাবে কি খোৱাব ? দুৰ্বলতা, মানসিক দুশ্চিন্তা, কথা পাহৰাৰ সমস্যা দূৰ কৰক এই সমূহ খাদ্যাৰ জৰিয়তেঃ

ছত্ৰ-ছাত্ৰীৰ-মগজু-প্ৰখৰ-কৰিবৰ-বাবে-কি-খুৱাব

বহু সময়ত আমি দেখিবলৈ পাঁও যে শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত অভিভাৱক সকলে অভিযোগ কৰে যে, দিনটোত যথেষ্ট সময় পঢ়া -শুনা কৰাৰ পাছতো বিষয়বস্তু মনত নাথাকে, অৰ্থাৎ সকলো পাহৰি পেলায়। বহু ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত কম নম্বৰ পোৱাৰো অভিযোগ আমি শুনিবলৈ পাওঁ। বহু অভিভাৱক আমাৰ ওচৰলৈ আহে তেওঁলোকৰ সন্তানৰ স্মৃতি শক্তি বৃদ্ধি কৰিবৰ অৰ্থে বিশেষ মেডিচিনৰ সন্ধানত।স্বাভাৱিকতে আমি সকলো অভিভাৱকেই বিচাৰিম যে নিজৰ সন্তান মেধা সম্পন্ন হওঁক, মগজু প্ৰখৰৰ হওঁক। নিজৰ জীৱনৰ লক্ষ্য পথত নিখুঁত ভাৱে আগবাঢ়ক। শৈক্ষিক জীৱনৰ সোনালী অধ্যায় আৰম্ভ কৰক।

যেতিয়া নিজৰ সন্তানে পৰ্যাপ্ত সময় অধ্যয়ন কৰাৰ পাছতো অধ্যয়ন কৰা বিষয়বস্তু সমূহ মগজুত অগ্ৰসৰ কৰাব নোৱাৰে। বা পৰীক্ষাত মনে বিচৰাৰ ফলাফল লাভ কৰিব নোৱাৰে তেতিয়া আমাৰ উদ্বিগ্নতা আৰম্ভ হয়। কেনেদৰে সন্তানৰ মনোযোগ বৃদ্ধি কৰি শৈক্ষিক জীৱনত তেওঁলোকক লক্ষ্যৰ দিশে আগুৱাই নিব পাৰি ! আৰু এই সুযোগ গ্ৰহণ কৰিয়েই বিভিন্ন কোম্পানীয়ে আমাৰ সন্তান তথা ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলৰ মগজু প্ৰখৰ কৰি তুলিবৰ বাবে ব্ৰেনোলিয়া, মেমৰি গ্ৰেইন আদি নাম দি আমাৰ বাৰীৰ পিছফালৰ পৰা সংগ্ৰহ কৰা কিছুমান লতা গুল্মৰ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা পৰিপূৰক ঔষধ আমাকেই বিক্ৰি কৰি হাজাৰ হাজাৰ কোটি টকাৰ মুনাফা আদায় কৰি আহিছে

গতিকে আজি আমি আলোচনা কৰিম এনেধৰণৰ কেইবিধ মান খাদ্যৰ বিষয়ে। যি আমাৰ মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰিব আৰু স্মৃতি শক্তি বৃদ্ধিত সহায় কৰিব।

আপোনালোক সকলোৱে জানে যে, যেতিয়া আমাৰ বয়স বৃদ্ধি হৈ গৈ থাকে আমাৰ দেহৰ কিছুমান গুৰুত্বপূৰ্ণ অংগ যেনে হাৰ্ট, লিভাৰ, কিডনী আদি বোৰৰ কাৰ্যক্ষমতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে, লগতে আমাৰ মগজুৰো কাৰ্য ক্ষমতা কমি যাবলৈ ধৰে। গতিকে যদি আপোনাৰ দৈনন্দিন খাদ্য প্ৰণালী ঠিকে থাকে বা উপযুক্ত খাদ্য প্ৰণালী নিয়ন্ত্ৰণ কৰি থাকে আৰু মগজুৰ তেজস্ক্ৰীয়তাৰ বাবে সঠিক খাদ্য গ্ৰহণ কৰে তেনেহ’লে মগজুক সঠিকভাৱে কাৰ্যক্ষম কৰি ৰাখিব পৰা যায় ।

ব্ৰেকফাষ্টঃ

ছত্ৰ-ছাত্ৰীৰ-মগজু-প্ৰখৰ-কৰিবৰ-বাবে-কি-খুৱাব প্ৰথম কথা হ’ল মগজুৰ কাৰ্যক্ষমতা বঢ়াবৰ বাবে প্ৰতিদিনে পুৱাৰ আহাৰ অৰ্থাৎ ব্ৰেকফাষ্ট গ্ৰহণ কৰিব লাগে। ব্ৰেকফাষ্টত ফল-মূল, গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, ৰুটি, কণী, আৰু সদ্যোজাত খাদ্য অন্তভূক্ত কৰিব লাগে। মন কৰিব যাতে এইবোৰ অত্যাধিক পৰিমাণে গ্ৰহণ নকৰে যেন। অধিক মাত্ৰা ভোজনে মগজুৰ কাৰ্য ক্ষমতা বঢ়োৱাৰ বিপৰীতে মগজু অকৰ্য্যক্ষম কৰি তুলিব পাৰে।

গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া ভাৱে সঠিক ৰূপত ব্ৰেকফাষ্ট গ্ৰহণ কৰে সেইসকল ছাত্ৰ-ছাত্ৰীৰ সংবেদন ক্ষমতা বৃদ্ধি হয়, মগজু প্রখৰ হয় আৰু ধৰ্য্য আৰু সহ্য শক্তি বৃদ্ধিৰ লগে লগে কৃতকাৰ্যতাৰ হাৰো বৃদ্ধি পায়। 

গতিকে যদি মগজুৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰিব বিচাৰে তেনেহ’লে প্ৰতিদিনে সঠিক ৰূপত ব্ৰেকফাষ্ট নিয়মীয়া কৰক। শস্যজাত খাদ্য যেনে- ধান, মাহ, ঘেঁহু, গম আদিৰ পৰা প্ৰস্তুত কৰা খাদ্য ব্ৰেকফাষ্টত অন্তৰ্ভূক্ত কৰিব লাগে। কাৰণ এইবোৰে আমাক কাৰ্বোহাইড্ৰেট যোগান ধৰিব। এই কাৰ্বোহাইড্ৰেট আমাৰ ইন্টেষ্টাইনে মেটাবলাইজ কৰি গ্লুকোজলৈ ৰূপান্তৰ কৰি আমাৰ মগজুলৈ যোগান ধৰিব।

আমাৰ মগজুৰ একমাত্ৰ খাদ্য হৈছে ‘ গ্লুকোজ ‘। যদি আমাৰ মগজুটোৱে সঠিক ৰূপত গ্লুকোজ যোগান পাই থাকে তেনেহ’লে ইয়াৰ কাৰ্যক্ষমতা‍ অটুট থাকিব। ইয়াৰ উপৰিও এই সমূহ শস্যজাত খাদ্যই আমাৰ দেহত কোলেস্টেৰলৰ মাত্ৰা কমাই ৰাখি মগজুৰ ৰক্ত সঞ্চালন সঠিক ৰখাত সহায় কৰি মগজু কাৰ্যক্ষম হৈ থকাত সহায় কৰে। গতিকে শস্যজাত খাদ্য সঠিক পৰিমানে লোৱাটো অত্যন্ত প্ৰয়োজন।

মাছঃ

মাছমাছ ও মগজুৰ সক্ৰীয়তাৰ বাবে অতি লাগতীয়াল খাদ্য বুলি গন্য কৰা হয়। কাৰণ মাছত বিভিন্ন ধৰণৰ ভিটামিনৰ লগতে ওমেগা 3 ফেটি এচিড সঠিক মাত্ৰাত পোৱা যায়। মাছত থকা যি উপকাৰী চৰ্বি এই উপকাৰী চৰ্বি মগজুৰ তেজস্ক্ৰীয়তা বৃদ্ধিৰ এক উৎকৃষ্ট উপাদান বুলি গন্য কৰা হয়। যিসকল লোকে নিয়মিত মাছ খায় তেনে লোকৰ ডিমেচিয়াৰ সমস্যা হোৱাৰ সম্ভাৱনা কম থাকে। লগতে মানসিক চাপ ,মানসিক দুশ্চিন্তা কম কৰি স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগে লগে মগজুৰ উৰ্বৰা শক্তিও বৃদ্ধি হোৱাত সহায় কৰে। সৰ্ব প্ৰকাৰৰ আৱিস্কাৰ বা সৃষ্টিশীলতাৰ মূল যি ব্ৰেইন বা মগজু ইয়াক ওমেগা 3 ফেটি এচিডে সহায় কৰে। গতিকে যথা সম্ভৱ আপুনি আপোনাৰ খাদ্য তালিকাত নিয়মিত মাছ অন্তৰ্ভূক্ত কৰাটো প্ৰয়োজন।

নাটচ আৰু চকলেটঃ

বাদাম-চকলেটনাটচ, (যেনে- কাঠ বাদাম, আখৰোট আদি) আৰু চকলেট দুয়োটাই ভিটামিন E  ৰ ভাল উৎস। অন্যহাতে নাটচত ওমেগা 3 ও পোৱা যায়। ভিটামিন E  এক প্ৰকাৰৰ এণ্টিঅক্সিডেন্ট হয়। আমাৰ যি বয়ঃসন্ধীৰ লগে লগে বা মানুহ এজনৰ বয়স বৃদ্ধিৰ লগে লগে মগজুৰ উৰ্বৰতা হ্ৰাস পোৱাৰ যি সমস্যা হয়, স্মৃতি শক্তি কমি যায়, মগজুৰ সক্ৰীয়তা কমি যায়, চিন্তা শক্তি কম হয় আদি সমস্যাবোৰ, যদি আপুনি নাটচ, আৰু চকলেট নিয়মিয়াকৈ খায় তেনেহ’লে  এনেবোৰ সমস্যাৰ পৰা বাছি থাকিব পাৰি বুলি গৱেষণাৰ পৰা জানিব পৰা গৈছে। ইয়াত যিবোৰ এণ্টিঅক্সিডেন্ট থাকে এইবোৰে আমাৰ মগজুৰ কাৰ্যক্ষমতা বঢ়োৱাৰ লগতে কৰ্ম শক্তি যোগান ধৰে।

যেতিয়া আপুনি মানসিকভাৱে অবস অনুভৱ কৰে, আপোনাৰ চিন্তা শক্তি কমি যোৱা বুলি অনুভৱ কৰে, কথা পাহৰি যোৱা বা যিকোনো বিষয়বস্তু মনত পেলাবলৈ অসুবিধা হোৱা বুলি অনুভৱ কৰে ! তেতিয়া যদি আপুনি প্ৰাকৃতিক ভাৱে পোৱা যেনে কমলা, নেমুৰ চৰবত, আপেল আদি এনেকুৱা ধৰণৰ খাদ্য খোৱাৰ পাছত আপোনাৰ মানসিক চাপ বা ক্লান্তি দূৰ হয়, তেতিয়া আপুনি বুজিব লাগিব যে আপুনি খোৱা খাদ্যৰ পৰা আপোনাৰ মগজুটোৱেও খাদ্য পাবলৈ সক্ষম হৈছে। অৰ্থাৎ আপোনাৰ মগজুৱে সঠিক মাত্ৰাত গ্লুকোজ গ্ৰহণ কৰিব পাৰিছে। যাৰ বাবে আপুনি কিছু সকাহ অনুভৱ কৰিবলৈ সক্ষম হৈছে।

ক্যাফেইনঃ

মগজুৰ সক্ৰীয়তা বৃদ্ধিৰ আটাইতকৈ উৎকৃষ্ট উপাদান হৈছে ‘ ক্যাফেইন ‘। ক্যাফেইনক প্ৰথম তালিকাতেই অন্তৰ্ভূক্ত কৰা হয়। ক্যাফেইনে মগজুৰ সক্ৰীয়তা বৃদ্ধি কৰাৰ লগে লগে কৰ্মৰ প্ৰতি মনোযোগ বৃদ্ধি কৰি কৰ্মপ্ৰেৰণা যোগায়। চকলেট, কফি, এনাৰ্জী ড্ৰিংকচ, কিচুমান চাহ আদিত ক্যাফেইন পোৱা যায়। কিন্তু এটা কথা মনত ৰাখিব ক্যাফেইনে কিন্তু একেবাৰে কম সময়ৰ বাবেহে আপোনাৰ মগজুৰ সক্ৰীয়তাৰ বৃদ্ধিৰ উপাদান ৰূপে কাম কৰিব। আনহাতে যদি আপুনি অধিক মাত্ৰাত ব্যৱহাৰ কৰে তেনেহ’লে আপুনি যিমান উপকাৰ পাব তাতোকৈ বেছি আপোনাক অপকাৰহে কৰিব। গতিকে অধিক মাত্ৰাত ক্যাফেইন গ্ৰহণ নকৰিব।

ব্লুবেৰীঃ-

blue-berryব্লুবেৰিত অত্যন্ত লাগতীয়াল এন্টিঅক্সিডেন্ট থাকে যি আমাৰ শৰীৰত থকা ফ্ৰী ৰেডিকেল বা অলাগতীয়াল আৱৰ্জনা বাহিৰ কৰাত সহায় কৰে। আমাৰ শৰীৰত বাঁহ লোৱা শতাধিক ৰোগ, শৰীৰত গোট খোৱা ফ্ৰী ৰেডিকেলচ বা দূষিত আৱৰ্জনাৰ বাবেই হয়। ডিমেচিয়া বা পাহৰা বেমাৰ, আলজাইমাৰ ডিজিজ, যিবোৰ বয়ঃসন্ধী বেমাৰ। এই বেমাৰ সমূহৰ সৈতে যুঁজিবৰ বাবে এই ব্লুবেৰি বা বেৰি জাতীয় খাদ্যই সহায় কৰে।

এক গৱেষণাত দেখা গৈছে যে যি সকল বয়োজ্যেষ্ঠ ব্যক্তিয়ে ব্লুবেৰি নিয়মিত ভাৱে খায় তেওঁলোকৰ দেহৰ পেশীসমূহ ডেকা মানুহৰ পেশীৰ দৰে দেখা পোৱা গৈছিল। বয়ঃসন্ধীৰ বাবে হোৱা ৰোগ সমূহৰো কমকৈ হোৱা দেখা গৈছিল আৰু মগজুৰ কাৰ্যক্ষমতাত প্ৰখৰ হোৱা দেখা গৈছিল। গতিকে এই ব্লুবেৰিয়ে মগজুৰ কাৰ্যক্ষমতাৰ লগতে বিভিন্ন সমস্যাৰ পৰা বছাই ৰাখি সুস্থ সবল জীৱন যাপন কৰাত সহায় কৰে।

এতিয়া কথা হ’ল আমাৰ চিকিৎসা অভিজ্ঞতাত এনে বহু লোক পাওঁ যি ভিটামিন A, B, C, D, E চাপ্লিমেন্ট আদি দিবৰ বাবে আমাক অনুৰোধ কৰে। ভিটামিন E, C, B আদি চাপ্লিমেন্টবোৰ সকলোৱে লোৱাটো প্ৰয়োজন নেকি ?  কিয়নো ল’ব লাগে ?
ভিটামিন C,B,E বা বিটা ক্যাৰোটিন হ’ল আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে অতি জৰুৰী। কিন্তু এই ভিটামিন বা মিনাৰেলচ চাপ্লিমেন্টচ সেই সকল লোকৰ বাবেহে যিসকলে এই ভিটামিন যুক্ত খাদ্য গ্ৰহণ নকৰে। যিসকলে সঠিক মাত্ৰাত প্ৰাকৃতিক ভাবে উপলব্ধ এই ভিটামিন যুক্ত খাদ্য সমূহ গ্ৰহণ কৰে তেনে লোকৰ বাবে চাপ্লিমেন্টৰ প্ৰয়োজন নপৰে।ছত্ৰ-ছাত্ৰীৰ-মগজু-প্ৰখৰ-কৰিবৰ-বাবে-কি-খুৱাবএনেও আমি যিবোৰ ভিটামিন চাপ্লিমেন্ট গ্ৰহণ কৰো এই চাপ্লিমেন্টবোৰৰ একেবাৰে কম মাত্ৰাতহে আমাৰ দেহত ৰৈ যায়। বাকী প্ৰায় ৯০-৯৫ শতাংশই আমাৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হৈ যায়। যিবোৰ প্ৰয়োজনীয় পোষণ আমাৰ দেহে বিভিন্ন প্ৰাকৃতিক খাদ্য দ্ৰব্যৰ পৰাই আহৰণ কৰি লয়।আমি খাদ্য যিয়েই নাখাওঁ কিয় যদি অত্যাধিক মাত্ৰাত খাওঁ আমাৰ ব্ৰেইন অকাৰ্য্যক্ষম হ’ব। ধৰ্য্য শক্তি কম হ’ব, স্মৃতি শক্তি দুৰ্বল হ’ব, চিন্তা শক্তি কম হ’ব আদি সমস্যাবোৰে দেখা দিব। গতিকে সঠিক মাত্ৰাত সঠিক খাদ্য আমি সদায় গ্ৰহণ কৰিবৰ বাবে চেষ্টা কৰিব লাগে। যাতে আমাৰ মগজুৰ উৰ্বৰতা শক্তি বৃদ্ধি হয়।

নিজকে সদায় সতেজ ৰাখিবৰ বাবে আমি দিনটোৰ আৰমম্ভনিতেই অৰ্থাৎ পুৱা শুই উঠাৰ পাছত ১ গিলাচ ফলৰ ৰস খাব লাগে।
পুৱাৰ আহাৰ বা ব্ৰেকফাষ্টত শস্যজাত খাদ্য নিশ্চিত ভাৱে অন্তৰ্ভূক্ত কৰাটো অতি প্ৰয়োজন। আৰু omega3 ফেটি এচিড যুক্ত যেনে ৱালনাট বা আখৰোট, ফ্লেক্স চিড, মাছ আদি অন্তৰ্ভূক্ত কৰিব লাগে।

পুৱা এক কাপ কফি গ্ৰহণ কৰিব লাগে যাতে দিনটোৰ আৰম্ভনিতে মগজু প্ৰখৰ কৰি তুলিব পাৰি। ৰাতি প্ৰতিদিনে ৬-৭ ঘন্টা ভালদৰে নিদ্ৰা যাওঁক মগজুৰ সক্ৰীয়তা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে।
দিনটো যাতে আপুনি সতেজ হৈ থাকিব পাৰে তাৰ বাবে আপুনি পৰ্যাপ্ত পৰিমাণে পানী পান কৰিব।
দিনটোত অতি কমেও ১ ঘন্টা শাৰীৰিক ব্যায়াম কৰক যাতে আপোনাৰ মানসিক দুশ্চিন্তা, মানসিক অশান্তি দূৰ হৈ মগজু সতেজ হৈ থাকে। আনহাতে মানসিক চাপ মুক্ত হৈ থাকিবৰ বাবে যোগাভ্যাস কৰাটো জৰুৰী।

ডাঃ হৰিকান্ত দাস।

YouTube Video Link
https://www.youtube.com/watch?v=5fON0xxkQK4

স্মৃতি শক্তি কেনেকৈ বঢ়াব

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles