স্তন কেন্সাৰ বা ব্ৰেস্ট কেন্সাৰ কেনেকৈ চিনাক্ত কৰিব?

স্তন কেন্সাৰ বা ব্ৰেস্ট কেন্সাৰ কেনেকৈ চিনাক্ত কৰিব ?

স্তন-কেন্সাৰ
স্তন কেন্সাৰ

স্তন কেন্সাৰ বা ব্ৰেস্ট কেন্সাৰ বৰ্তমান সময়ত মহিলা সকলৰ মাজত  দেখা দিয়া এক গুৰুত্বপূৰ্ণ স্বাস্থ্য় সমস্য়া। ১৪ শতাংশ ভাৰতীয় মহিলা বৰ্তমান সময়ত স্তন কেন্সাৰ বা ব্ৰেস্ট কেন্সাৰত আক্ৰান্ত।

প্ৰতি  ৪ মিনিটত  এগৰাকী ভাৰতীয় মহিলাৰ  ব্ৰেস্ট কেন্সাৰ বা স্তন কেন্সাৰ ধৰা পৰে। ২০১৮ বৰ্ষৰ এক সমীক্ষাত ১,৬২,৪৬৮ গৰাকী নতুন কৈ  ব্ৰেষ্ট কেন্সাৰত  আক্ৰান্ত  মহীলাৰ তথ্য় পোৱা গৈছিল আৰু ইয়াৰ ৮৭,০৯০ গৰাকীৰ মৃত্য়ুৰ তথ্য় পোহৰলৈ আহিছিল।

কেন্সাৰৰ পিছৰ পৰ্যায়ত প্ৰতিৰোধ কৰাতো অত্য়ন্ত কঠিন। ৫০% ভাৰতীয় মহিলা ৩ য় আৰু ৪ ৰ্থ পৰ্যায়ৰ ব্ৰেষ্ট কেন্সাৰৰ সৈতে যুঁজি আছে। প্ৰাৰম্ভিক পৰ্যায়তে যদি ব্ৰেষ্ট কেন্সাৰৰ চিনাক্ত হয় তেনে হলে ইয়াক  সহজতে নিৰ্মূল কৰাতো সম্ভব।

স্তন কেন্সাৰ কি?

যেতিয়া মহিলাৰ স্তনত অস্বাভাৱিক কোষ বৃদ্ধিৰ ফলত কোনো গোটা টান মাংসপিণ্ডৰ সৃষ্টি হয় তাক টিউমাৰ বুলি কোৱা হয়। এই টিউমাৰ অপ্ৰয়োজনীয় ভাৱে অনিয়ন্ত্ৰিত কোষ বিভাজনৰ বাবে সৃষ্টি হয়।

টিউমাৰ সাধাৰণতে  ২ ধৰণৰ হয়-

১. বিনাইন টিউমাৰ বা অ ক্ষতিকাৰক টিউমাৰ আৰু

২. মেলিগনেন্ট টিউমাৰ বা ক্ষতিকাৰক টিউমাৰ ।

বিনাইন টিউমাৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা তেনেই নগন্য। এনে ধৰণৰ টিউমাৰ কেৱল  উতপতিৰ স্থানতেই সিমাবদ্ধ থাকে। ইয়াত  সংক্ৰমনৰ সৃষ্টি হৈ  শৰীৰৰ অন্যান্য অংগ-প্ৰতংগক আক্ৰান্ত নকৰে। আনহাতে মেলিগনেন্ট টিউমাৰে এটা স্তনত উতপতি হৈ শৰীৰৰ আশে-পাশে থকা অন্যান্য অংগক বা শৰীৰৰ বিভিন্ন গ্ৰন্থিক আক্ৰান্ত কৰি দিয়ে । মহিলাৰ স্তনত হোৱা এই  মেলিগনেন্ট টিউমাৰেই  হৈছে স্তন কেন্সাৰ।

স্তন কেন্সাৰ কাৰ হোৱাৰ সম্ভাৱনা থাকে ?

১. পৰীয়ালৰ কোনো লোকৰ যেনে মাক, আইতাক, মাহি, পেহি কোনো লোকৰ যদি স্তন কেন্সাৰ থাকে তেনে লোকৰ পৰীয়ালত অন্যান্য যুৱতী সকলৰো ব্ৰেষ্ট  কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি হয়।

২. আজি কালি প্ৰায় সংখ্যক মহিলাই গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰে। দীৰ্ঘ দিন ধৰি গৰ্ভনিৰোধক বড়ী গ্ৰহণ কৰা মহিলাৰ ক্ষেত্ৰতো ব্ৰেষ্ট কেন্সাৰ হোৱাৰ প্ৰৱনতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়।

৩. একেবাৰে কম বয়সতে পুষ্পিতা হোৱা ছোৱালী আৰু ৫০ বছৰৰ  পিছত মাহেকীয়া বন্ধ হোৱা মহিলাৰো স্তন কেন্সাৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়।

৪. ৩০ বছৰৰ পিছত শিশু জন্ম হোৱা মহিলা, সন্তান জন্ম হোৱাৰ পাছত (বেষ্ট ফিডিং নকৰোৱা মহিলাৰ স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি হয়।

৫. অত্যাধিক মেদবহুল এলেহুৱা স্বভাৱৰ মহিলা অত্যাধিক জ্বলা, পোৰা, মচলা অত্যাধিক মাছ, মাংস খাই ভাল পোৱা মহিলাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

৬. দীৰ্ঘ সময় ধৰি ইস্ত্ৰজেন হৰম’নৰ ঔষধ গ্ৰহণ কৰা মহিলাৰো স্তন কেন্সাৰ  হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

৭. সন্তান নোহোৱা বা নিঃসন্তান মহিলাৰো স্তন কেন্সাৰৰ প্ৰৱনতা থাকে।

স্তন কেন্সাৰ হোৱা বুলি আপোনি কেনেকৈ জানিব?

১. গা ধোৱাৰ সময়ত মহিলাই মাজে সময়ে নিয়মীয়াকৈ স্তনত হাতেৰে ভালদৰে চুই চাব লাগে। স্তনৰ ভিতৰত গোটা বিষ থকা বা বিষ হীন টেমুনাৰ সৃষ্টি হৈছে নেকি? বিষ হীন টেমুনা বেছি ভয়াৱহ।

২. এই টেমুনা সমুহ ব্ৰেস্টৰ ওচৰে পাজৰে বা কাষলতিৰ তলতো  দেখা পোৱা যায়। স্তনৰ নিপলৰ ওচৰে পাজৰে টেমুনা বা গুটা থাকে হাতেৰে টিপিলে ইয়াৰ স্থান পৰিৱৰ্তন নহয়।

৩. কেতিয়াবা স্তন প্ৰাণ নকৰোৱা মহিলাৰো স্তনৰ পৰা গাখীৰৰ দৰে তৰল পদাৰ্থ বা ৰঙচুৱা, হালধীয়া তৰল নিসৰণ হ’লে সাৱধাণ হ’ব লাগে।

৪. কোনোধৰণৰ বেলেগ ৰোগ নথকাকৈ বক্ষ, কান্ধ, পিঠি আদিত সঘনাই বিষ হৈ থাকিলেও সাৱধানতা অৱলম্বন কৰিব লাগে ।

৫. স্তনৰ  আকাৰৰ পৰিৱৰ্তন, বিকৃতি বা ফুলি ওঠাৰ দৰে হোৱা, স্তন গধূৰ গধূৰ অনুভৱ কৰা, ব্ৰেস্টত হাত দিলে বিষ অনুভৱ কৰা আদি স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে। কিন্তু মহিলা সকলৰ মাহেকীয়াৰ সময়তো স্তন গধূৰ গধূৰ ভাৱ হয়। তেনে সময়ত হোৱা এনে পৰিৱৰ্তণৰ বাবে চিন্তাৰ কাৰণ নায়।

৬. মহিলাৰ ব্ৰেষ্টৰ নিপল অংশ সিনি অতি সংবেদনশীল হয়, কিন্তু স্তনৰ নিপলত স্পৰ্শ কৰাৰ পিছতো যদি কোনো অনুভুতি নহয় তেনে ক্ষেত্ৰতো স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে ।

৭. স্তনৰ ওপৰৰ চালখন শুকাণ হৈ যোৱাটোও স্তনকেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

৮. অন্তবাস পিন্ধাৰ সময়ত বিষ হ’লে চাল চিঙি যোৱাৰ দৰে অনুভৱ হ’লে বা ৰাতি শুবৰ সময়ত বিষ হ’লে স্তন কেন্সাৰৰ সম্ভাবনা হ’ব পাৰে।

স্তন কেন্সাৰৰ লক্ষণঃ

(ক) স্তনত গোটা টেমুনাৰ সৃষ্টি হোৱা।

(খ) স্তনৰ নিপলেৰে জলীয় পদাৰ্থ ক্ষৰণ হোৱা।

(গ) স্তনৰ নিপল তললৈ সোমায় যোৱা।

(ঘ) স্তনৰ  নিপল ৰঙা পৰি বিষ হোৱা ।

(ঙ) স্তন ডাঙৰ হৈ যোৱা বা স্তন সংকোচন হোৱা ।

(চ) স্তনত চালৰ ৰং পৰিৱৰ্তণ হোৱা।

(ছ) বুকুৰ বিষ, বাওসীৰ বিষ, পিঠিৰ বিষ আদি স্তন কেন্সাৰৰ লক্ষণ।

স্তন কেন্সাৰ প্ৰতিৰোধ কেনেকৈ কৰিব ? 

১. মহিলাই প্ৰতিমাহে  নিয়মিয়াকৈ নিজেই স্তন পৰীক্ষা কৰিব লাগে।

২. বছৰত এবাৰ কৈ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্তন পৰীক্ষা কৰাব লাগে ।

৩. সেউজীয়া শাক-পাচলি,পুষ্টিকৰ আহাৰ নিয়মিত গ্ৰহণ কৰিব লাগে।

৪. নিয়মিত শাৰীৰীক ব্য়াম কৰিব লাগে।

৫. ধূম্ৰপাণ, মদ্যপাণ আদি কৰিব নালাগে আৰু সু সৃংখলিত জীৱন যাপন কৰিব লাগে ।

বংশগত ইতিহাস থকা কোনো মহিলাৰ যদি কোনো ধৰণৰ লক্ষণ দেখাদিয়া নাই কিন্তু কেন্সাৰ হোৱা সম্ভাৱনা আছে তেনে মহিলাই নিশ্চিত হবৰ বাবে

-মেমোগ্ৰাম এখন কৰাই  ল’ব পাৰে।

-ক্লিনিকেল ব্ৰেস্টৰ পৰীক্ষা কৰিব পাৰে। এইকেইটা পদ্ধতিৰেই ব্ৰেস্ট কেন্সাৰ সহজতে  ধৰা পেলাব পাৰি।

স্তন কেন্সাৰ চিকিৎসাঃ

হোমিঅ’পেথিকত ব্ৰেস্ট কেন্সাৰৰ সুউব সুন্দৰ  চিকিৎসা আছে। কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ সহজতে এই সমস্যাৰ পৰা হোমিঅ’ চিকিৎসাৰ জৰিয়তে সহজতে নিৰাময় কৰিব পৰা যায়। অভিজ্ঞ হোমিঅ’পেথিক চিকিৎসকে মহিলাগৰাকীৰ ঋতুশ্ৰাৱৰ সমস্যাৰ সবিশেষ, স্তন কেন্সাৰ কিমান বিয়পিছে, স্তন কেন্সাৰৰ সংক্ৰমনৰ সবিশেষ অধ্যয়ণ কৰি সঠিক মেডিচিন সঠিক মাত্ৰাত ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা  মুক্ত হ’বলৈ সক্ষম হ’ব।

ডা. হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles