বন্ধ্যাত্ব বা সন্তানহীনতাৰ সফল হোমিঅপেথিক চিকিৎসা

বন্ধ্যাত্ব বা সন্তানহীনতাৰ সফল হোমিঅপেথিক চিকিৎসা

পিতৃ হোৱাৰ গৌৰৱ অথবা মাতৃত্ব অৰ্জনৰ হাবিয়াস প্ৰতিগৰাকী ব্যক্তিৰেই থাকে। কিন্তু শৰীৰ তন্ত্ৰৰ কাৰ্যপ্ৰণালীৰ বিসংগতিৰ বাবে, এক, দুই বা তাতকৈ বেছি বছৰ চেষ্টা কৰাৰ পছতো গর্ভধাৰণত ব্যার্থ হলে তাকে চিকিৎসা বিজ্ঞানৰ ভাষাত বন্ধ্যাত্ব বোলি কোৱা হয়। ৮% দম্পতি বন্ধ্যাত্বৰ চিকাৰ হয়। বন্ধ্যাত্ব স্বামী বা স্ত্রী উভয়ৰে কাৰণে হব পাৰে।

বন্ধ্যত্ব দুই প্ৰকাৰৰ যেনে:

প্রাথমিক বন্ধ্যাত্ব :-
 বিবাহৰ পছত সকলো সুবিধা থকা সত্ত্বেও কেতিয়াও গর্ভধাৰণ নোহোৱাকে প্রাথমিক বন্ধ্যাত্ব বুলি কোৱা হয়।

দ্বিতীয় পর্যায়ৰ বন্ধ্যাত্ব :-

কোনো মহিলা প্রথম বাৰ গর্ভধাৰণৰ পাছত দ্বিতীয় বাৰ আৰু যদি গর্ভধাৰণ কৰিব নোৱাৰে তেতিয়া তাক পৰবর্তী বা দ্বিতীয় পর্যায়ৰ বন্ধ্যাত্ব বুলি কোৱা হয়।

বন্ধাত্বৰ কাৰণঃ

বন্ধ্যাত্ব স্বামী বা স্ত্রী যি কোনো এজনৰ কাৰণে হব পাৰে। কিন্তু আমাৰ সমাজত অন্যায় ভাবে কেৱল মাত্র মহিলাসকলকে ইয়াৰ বাবে দোষাৰোপ কৰা হয়। আনকি কোনো কোনো ক্ষেত্রত স্বামীক দ্বিতীয় বা তৃতীয় বিবাহৰ বাবেও উৎসাহিত কৰা দেখা যায়।

ক) স্বামীৰ কাৰণে বন্ধ্যাত্ব:-

o স্বামীৰ বীর্যত প্রয়োজনীয় সংখ্যক শুক্রাণু নাথাকিলে।
o মৃত শুক্রাণু বা বীর্যৰ শুক্রাণু বিহীন হলে।
o এটা অণ্ডকোষ বাল লুপ্ত প্রায় অণ্ডকোষ অথবা অণ্ডকোষ জন্মগত ভাবে নাথাকিলে।
o অণ্ডকোষৰ প্রদাহ, মাম্পচ বা ডিঙি ফুলা ৰোগৰ প্রদাহৰ কাৰণে।
o বিকৃত শুক্রাণু থাকিলে।
o যৌন কাৰ্যত অক্ষম হলে।
o শুক্রাণু বাছি থাকিবৰ বাবে প্রয়োজনীয় তাপ ও পৰিবেশ অণ্ড কোষত নাথাকিলে।
o যৌনাঙ্গত যক্ষ্মা, গনৰিয়া আদি ৰোগ থাকিলে। বন্ধ্যাত্ব হব পাৰে।

খ) স্ত্রীৰ কাৰণে বন্ধ্যাত্ব:-

o যদি জৰায়ুৰ আকাৰ সৰু হয়।
o ডিম্বাশয়ে যদি সঠিক ভাবে কাম নকৰে।
o মাহেকীয়াৰ গণ্ডগোল থাকিলেঃ প্ৰতি গৰাকী মহিলা এটা বয়সত ঋতুপ্ৰপ্তি হয় আৰু ২৮ দিনীয়া সময়ৰ পৰক্ৰমা বেছভাগ মহিলাৰে থাকে। মহিলা এগৰাকীৰ মাহে মাহে যোনিদ্বাৰেদি ৰক্তস্ৰাব নিৰ্গত হোৱা প্ৰক্ৰিয়াক ঋতু বুলি কোৱা হয়। এই স্ৰাৱ কেইবাটাও গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা হৰমনৰ জটিল প্ৰক্ৰিয়াৰ পৰা হে হোৱা দেখা যাই। হাইপোথেলামাছৰ পৰা GnRH, পিটুইটেৰীৰ পৰা LH, আৰু FSH নামৰ হৰমন নিৰ্গত হয়। হাইপোথেলামাছ GnRH ৰ বিসংগতি হোৱাৰ ফলত মাহেকীয়া হোৱৰ সময়ত তলপেটত খামুচি ধৰা বিষ হয়। বিষৰ লগতে বমি বমিৰ ভাব হোৱা, মূৰ ঘোৰোৱা আদি উপসৰ্গ দীৰ্ঘদিন ধৰি দেখা যায়। আৰু এই সমস্যা দীৰ্ঘ দিন ধৰি হৈ থাকিলে মহিলা বন্ধ্যাত্ব হোৱা দেখা যায়।

o অত্যাধিক শকত হোৱাৰ কাৰণেঃ-

দেহৰ ওজন সঠিক নাথাকিলে বিসংগতিয়ে দেখা দিয়ে। মহিলাসকলৰ লিউটিনাইজিং হৰমন মাত্ৰাধিক হলে বেছি শকত হোৱা দেখা যায়। তেতিয়া শৰীৰৰ ওজন বেছি হোৱাৰ বাবে ডিম্বানুৰ ক্ষৰণৰ হাৰ কমি যায়। যাৰ ফলত মহিলা গৰাকী বন্ধ্যাত্ব হব পাৰে।

o বংশগত কাৰণ।
o জৰায়ুত টিউমাৰ থাকিলেঃ-

কেতিয়াবা কেতিয়াবা মহিলাৰ ডিম্বকোষ বা প্ৰজনন অংগ কোনো কাৰণত বিকাশ হবলৈ ধৰে। জৰায়ুৰ অভ্যন্তৰৰ কোমল মাংসপেক্ষীৰ পৰা বিভিন্ন কাৰণত একাধিক টেমুনা (Fibromyoma) গঠিত হৈ মাহেকীয়া দীৰ্ঘদিন ধৰি হোৱা দেখা যায়। এই টেমোনাৰ বাবেও কেতিয়াবা জৰায়ুৰ মুখবন্ধ হৈ যায় আৰু বন্ধ্যাত্ব হোৱা দেখা যায়। এই ৰোগ হোৱাৰ মূল কাৰণ হল মহিলা সকল নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ নহয়। যাৰ ফলত বিশ্বত প্ৰতি বছৰত এই ৰোগত দহ লাখৰো বেছি মহিলা আক্ৰান্ত হয়।এই সমস্যা ভাৰতৰ নিচিনা উন্নয়নশীল দেশত বেছি।

o যক্ষ্মা, গনৰীয়া ইত্যাদি ৰোগ হলে।

উল্লেখিত কাৰণসমূহৰ উপৰিও মহিলাগৰাকীৰ ডিম্ব ক্ষৰণৰ সময়ত যৌনমিলন নহলে গর্ভধাৰণ নহয়।

ৰোগ নির্ণয়ৰ বাবে পৰীক্ষা :-

বন্ধ্যাত্বৰ কাৰণ নির্ণয়ৰ বাবে প্রথমে স্বামীৰ বীর্য পৰীক্ষা কৰি চাব লাগে। লগতে স্বামীৰ শাৰীৰিক পৰীক্ষা কৰি চাবলগা হয়। যদি কোনো অসুবিধা ধৰা নপৰে তেতিয়া মহিলা গৰাকীৰ পৰীক্ষা কৰিব লাগে।

পৰামর্শ :-

যদি কোনো দম্পতিৰ একেবাৰেই সন্তান নহয় অথবা সন্তান হোৱাৰ পাছত দ্বিতীয় সন্তান আশাকৰা সময়ত নহয় তেতিয়া তেওঁলোকক নিন্মলিখিত নিয়ম সমূহ মানি চলা উচিত। স্বামী ও স্ত্রী দুশ্চিন্তা মুক্ত থাকিব লাগিব (সকলো ঠিকে থকা পাছতো শতকৰা ২০ শতাংশ দম্পতিৰ ১ বছৰত সন্তান নহবও পাৰে, শতকৰা ১০ ভাগ দম্পতিৰ ২ বছৰতো সন্তান নহবও পাৰে)।

স্ত্রীৰ ডিম্বক্ষৰণৰ সময় অর্থাৎ মাহেকীয়া হোৱাৰ ১১ তম দিনৰ পৰা ১৮ তম দিন পর্যন্ত প্রতি দিন সম্ভব নহলেও ১ দিন মূৰে মূৰে স্বামীৰ সৈতে মিলনৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে।

স্বামীৰ বা স্ত্রীৰ কোনো জটিল ৰোগ বা যৌন ৰোগ থাকিলে তাৰ চিকিৎসা কৰাব লাগে। স্বামী বা স্ত্রীৰ ধূমপান, মদ্যপান, যি কোনো নিচা গ্রহণ, দীর্ঘদিন এন্টিহিস্টামিন খোৱা বর্জন কৰিব লাগিব। অতিৰিক্ত পৰিশ্রম, দুশ্চিন্তা, ওজন বেছি থাকিলে কমাব লাগিব।

চিকিৎসা, লক্ষণ :-

হোমিঅপেথিকত বন্ধ্যাত্ব ৰোগৰ চিকিৎসাৰ বাবে লক্ষণ ও তাৰ সবিশেষ জনাতো অত্যন্ত গুৰুত্বপূর্ণ বিষয়। প্রতিটো লক্ষণৰে হোমিঅপেথিকত বেলেগ বেলেগ ঔষধ আছে। এই সমস্যাত ভূক্তভুগীয়ে নিজেই অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষচাপি চিকিৎসা গ্ৰহণ কৰিলে এই বন্ধ্যাত্ব সমস্যাৰ পৰা সহজতে মুক্ত হব পাৰিব।

বন্ধ্যাত্ব আৰোগ্য হোৱাত  সফলতা  পোৱা কিছুমান হোমিঅপেথিক ঔষধ হলঃ-

Kreosotu:
বহুদিন ধৰি বগাস্ৰাৱ হোৱা, ঋতুস্ৰাৱৰ সময়ত আৰু পিছত বিষ আৰু যোনি মুখত ভয়ংকৰ খজুৱতী হোৱা। জৰায়ুৰ অভ্যন্তৰত Fibromyoma গঠিত হৈ বগাস্ৰাৱ বেছি হোৱা। চিৰিঙ্গলি পৰা আৰু পোৰণি বিষ হয়। বগাস্ৰাৱ অতি দূৰ্গন্ধযুক্ত, স্ৰাৱ শুকালে কাপোৰত গ্ৰাঢ় হালধীয়া দাগ পৰে। যোনি মুখত কেন্সাৰ বা কেন্সাৰ সদৃস ৰোগত এই দৰৱ বৰ উপযোগী।
Sepia:
অত্যন্ত বিষণ্ণ আৰু কান্দুন স্বভাৱ। অকলে থাকিবলে ভয় কৰে, মানুহ আৰু বন্ধুৰ সৈতে দেখা কৰাত ভয় কৰে। ভয়ত জৰায়ুৰ ৰোগ হোৱা দেখা যায়। বেছি সময় কাপোৰ ধোৱাৰ পিছত জৰায়ুৰ বেমাৰ বেছি হয়। অতি সহজতে ঠাণ্ডা লাগে। বগাস্ৰাৱ হোৱাৰ সময়ত শৰীৰ বৰ দুৰ্বল অনুভৱ কৰে। সহজতে মুৰ্ছা যায়। সদায় মুখ আৰু মূৰ গৰম হোৱাৰ লগতে ভয় ভাব হয়। ইয়াক ধুবুনীৰ দৰব বোলা হয়, এই কাৰণেই- ৰোগী বেছি সময় কাপোৰ ধোৱাৰ পিছতেই বেমাৰ বৃ্দ্ধি হয়। এণ্ডোমিট্ৰাইটিছ জৰায়ুৰ বগাস্ৰাৱত পিঠিৰ বিষ বেছি হোৱা দেখা যায়।
Thalaspi bura pastoris:
সৰহ পৰিমাণে স্ৰাৱ হয় আৰু বহু দিনলৈ ঋতুস্ৰাৱ হৈ থাকে। কলা গোট মৰা প্ৰচুৰ পৰিমাণে ৰক্তস্ৰাব হয়। জৰায়ু নিষ্কিয়তাৰ কাৰণে ৰক্তস্ৰাৱ বন্ধ কৰিব নোৱাৰে। এই দৰব একেৰাহে Thalaspi Q তিনি মাহ খালে জৰায়ু কেন্সাৰ ঘাঁ শুকাই যায় আৰু বন্ধ্যাত্বৰ পৰা ৰক্ষা পোৱা দেখা যায়।
Medorrhinum:
যি সকল মহিলাৰ ডিম্বকোষৰ লক্ষণ বন্ধ হৈ যোৱাৰ উপক্ৰম হয় তেনে মহিলাৰ কাৰণে বৰ ভাল কাম কৰে। ডিম্বকোষত চিষ্ট থকা মহিলাৰ বাবেও এই দৰব উপযোগী। গাঁঠি বাত, সিৰৰ বিষ বা মেৰুমজ্জাৰ আৰু ইয়াৰ শ্লেমাৰোগত ভাল ফল পোৱা যাযয়। সদায় ক্লান্তি, জীৱনী শক্তিৰ সৰ্বাংঙ্গীণ অৱসন্নতা নকন্দা কৈ কথা পাতিব নোৱাৰে। সদায় মৃত্যুৰ সময় সকলোকে পুৰ্বাভাস কৰে। অতিৰিক্ত খঙাল, অধৈৰ্য, খিংখিঙীয়া স্বভাৱৰ মেডৰিয়ামে হাইপোথেলামাছৰ বিসংগতি নোহোৱা কৰি সন্তান জন্ম দিয়াত সহায় কৰে। মাহেকীয়া ঋতুস্ৰাৱ নিয়মিত কৰে আৰু গৰ্ভধাৰণ কৰাত সুবিধা কৰা দেখা যায়।
Pulsatila:
অনিয়মিত ঋতুস্ৰাৱ, দীৰ্ঘদিন ধৰি মাহেকীয়া হোৱাৰ সময়ত তলপেটত বিষ হোৱা, মাহেকীয়াৰ সময়ত বিষত বমি হোৱা, মাহেকীয়াৰ বিষ লাহে লাহে আহে আৰু হঠাৎ বিষ, কমি যায়। সকলো মহিলাৰ কাৰণে এই ঔষধ উপযোগী। বিশেষকৈ বিয়া হোৱাৰ আগত ডিম্বাণুৰ বিসংগতি হলে pulsatilla নামৰ ঔষধটোৱে বৰ ভাল কাম কৰে। বগাস্ৰাৱ, কণীৰ বীজলৰ নিচিনা বগাস্ৰাৱ হলে মাহেকীয়াৰ সময়ত তলপেটৰ বিষত কান্দি থকা ছোৱালীৰ বাবে বৰ উপযোগী। Fibroid tumour

যদি জৰায়ুৰ মুখত থাকে, তেন্তে এই ঔষধটো সফলতাৰে ব্যৱহাৰ কৰিব পৰা যায়। সাধাৰণতে যি মহিলা অতি স্নেহশীল, শান্ত, নম্ৰ, ভয়াতুৰ আৰু সকলো কথাতে বাধ্য হোৱা প্ৰকৃতিৰ, তেনে মহিলাৰ বাবে এই ঔষধ ফলদায়ক। ইয়াৰ উপৰিও অৰাম মেটালিকাম, এভেনা চ্যটাইভা, এচিড ফচ, চেলেনিয়াম, ক্লেডিয়াম, অনোস্মোডিয়াম, আয়োডিয়াম, কোনায়াম, ন্যাট্রাম চালফ, নাইট্রিক এচিড, মার্কচল, চালফাৰ, থুজা, এগনাষ্টকাষ্ট, গ্ৰেফাইটিছ আদি ভালে সংখ্যক দৰব আছে এই বন্ধাত্ব চিকিৎসাৰ বাবে।

শেষত এটা কথাই আপোনা লোকক জনাব খুজো যে বন্ধ্যাত্বৰ কাৰণ আৰু নিৰাময় কৰাটো এটা যথেষ্ট জটিল বিষয়।গতিকে এজন অভিজ্ঞ হোমিঅ পেথিক চিকিৎসকে সম্পুৰ্ণ সাধনা শক্তি, বুদ্ধি গৱেষণালব্ধ জ্ঞান, অধ্যয়ণ প্ৰয়োগ কৰিহে বন্ধ্যাত্ব আৰোগ্য কৰাত সফলতা লাভ কৰিব পাৰে। এই ক্ষেত্ৰত ৰোগীয়ে চিকিৎসকক ইতিবাচক সহায়- সহযোগিতা আগবঢ়োৱাটো নিতান্তই প্ৰয়োজন। চিকিৎসকে ৰোগীৰ পৰা আস্থা, ধৌৰ্য আৰু নিয়মানুৱৰ্তিতা বিছাৰে বন্ধ্যাত্বৰ প্ৰতিটো লক্ষণ ভালদৰে অধ্যয়ন কৰি চিকিৎসা কৰিলে আৰোগ্য হোৱা সম্পূৰ্ণ সম্ভাৱনা থাকে।

ডা.হৰিকান্ত দাস
ফোন-9954340102

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles