চুলি পকা সমস্যাৰ হোমিঅপেথিক চিকিৎসা (pre mature gray of hair)

চুলিৰ অকাল পক্কতাঃ- 

চুলি পকা
চুলি পকা

বৰ্তমান সময়ত অতি ব্যাপক ভাৱে দেখা দিয়া সমস্যা সমূহৰ ভিতৰত অন্যতম ৰূপে দেখা দিছে অকালতে চুলি পকিবলৈ ধৰা সমস্যা। শ শ কম বয়সীয়া যুৱক যুৱতীৰ বাবে এই সমস্যা গভীৰ চিন্তাৰ কাৰক হৈ পৰিছে। বহু যুৱক যুৱতী এই সমস্যাক লৈ হতাশাত ভুগাও দেখিবলৈ পোৱা গৈছে। আমাৰ চিকিৎসা অভিজ্ঞতাত ১০-১২ বছৰীয়া বহু কিশোৰ-কিশোৰী এই চুলিৰ অকাল পক্কতাৰ সমস্যাৰ চিকিৎসা কৰিব লগা হৈছে।

আমি সকলোৱে জানো যে আমাৰ জন্ম পৰা আৰম্ভ কৰি একেবাৰে পাপ্ত বয়স্কৰ আৰু ৪০/৪৫ বছৰ বয়সলৈকে চুলিৰ এক স্বাভাৱিক কলা ৰং থাকে আৰু যেতিয়া বয়স বৃদ্ধি হয় তেতিয়া প্ৰায় ৪০/৪৫ বছৰ বয়সৰ পৰা চুলি ৰং পৰিৱৰ্তণ হয়। চুলিৰ ৰং ঢোঁৱা বৰনীয়া বা বগা হবলৈ ধৰে। এই অৱস্থাতোক আমি চুলি পকা বুলি কওঁ। ই এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যেতিয়া বয়সৰ আগতে অৰ্থাত ১০, ১৫, ২০, ২৫, ৩০, ৩৫ বছৰৰ বয়সতে চুলি পকিবলৈ ধৰে তেতিয়া সেই সমস্যাটোক pre mature gray of hair বা অকাল পক্কতা বুলি কোৱা হয়।

মাৰ মূৰৰ লাওঁখোলাৰ ভিতৰত হেয়াৰ ফলিকল থাকে আৰু ইয়াৰ কাম হল চুলি উৎপন্ন কৰা। এই হেয়াৰ ফলিকল বিলাকত মেলানোচাইট নামৰ এক ধৰণৰ ৰঞ্জক পদাৰ্থ থাকে, ইয়াৰ পৰা মেলানিন উৎপন্ন হয়। এই মেলানিনে আমাৰ চুলি কলা কৰি ৰাখে। আৰু যদি কিবা কাৰণত এই মেলানিন নিঃসৰণ কমি যায় তেতিয়াই আমাৰ চুলি পকিবলৈ ধৰে। 

চুলিৰ অকাল পক্কতাৰ কাৰণঃ

(১) চুলিৰ অকাল পক্কতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হল জেনেটিক বা বংশগত কাৰণ। যদি পৰিয়ালৰ ককাক আইটাক, মাক দেউতাকৰ এই অকাল পক্কতাৰ সমস্যা আছিল, মাক দেউতাকৰ ২০, ২৫, ৩০, ৩৫, বছৰ বয়সত যদি চুলি পকিছিল, তেনে হলে সন্তানৰো অকালতে চুলি পকাৰ পূৰ্ণ সম্ভাৱনা থাকে।

(২) অত্যাধিক মানসিক চাপ আৰু শাৰীৰিক পৰিশ্ৰমঃ-

অত্যাধিক মানসিক চাপত ভুগা আৰু প্ৰয়োজনতকৈ বেছি শাৰীৰিক কষ্ট কৰাৰ বাবেও চুলিৰ অকালতে পকাৰ সমস্যা হব পাৰে।

(৩) অত্যাধিক কচমেটিক ব্যৱহাৰঃ-

বৰ্তমান সময়ত কিশোৰ কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী, প্ৰাপ্ত বয়স্কৰ সকলোৱে প্ৰায় কচমেটিক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। বিভিন্ন প্ৰকাৰৰ জেল, স্প্ৰে, হেয়াৰ ড্ৰয়াৰ আদিৰ ব্যবহাৰ কৰা বাবে আমাৰ যি মেলানোচাইট কোষ এই বোৰ লাহে লাহে ধংস হবলৈ আৰম্ভ কৰে আৰু চুলি কলা কৰি ৰাখিবৰ বাবে মেলানিন উৎপন্ন কৰিব নোৱাৰা বাবে লাহে লাহে চুলি স্বাভাৱিক ৰং নষ্ট হৈ চুলি অকালতে বগা হবলৈ বা পকিবলৈ ধৰে।

(৩) অট ইমিওন ডিজিজঃ-

কেতিয়াবা AUTO IMMUNE DISEASE ৰ বাবেও চুলি অকালতে পকাৰ সমস্যা হব পাৰে। যেনে- থাইৰয়েডৰ সমস্যা- হাইপ বা হাইপাৰ থাইৰডিজিম, শ্বেতকুষ্ঠ (VITILIGO), পাৰ্নিচিয়াছ এনিমিয়া আদি বেমাৰ হলেও চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে।
(৪) বহুত বেছি সময় ধৰি ৰদত কাম কৰা ব্যক্তিৰো অকালতে চুলি পকাৰ সমস্যা হব পাৰে।
৫) এলাৰ্জীৰ বাবেও চুলি অকালতে পকাৰ সমস্যা হব পাৰে। যেনে শ্বাসনলী, হাওঁফাওঁ, চকু, নাক, আদিত সঘনাই হোৱা এলাৰ্জিও অকালতে চুলি পকা কাৰক হব পাৰে।
(৬) পুষ্টি হীনতা কাৰনঃ দীৰ্ঘদিন ধৰি পুষ্টি হীনতাত ভুগাৰ কাৰণে, টাইফাইড, মেলেৰিয়া, যক্ষ্মা আদি ৰোগত ভুগি থকাৰ ফলত বা অন্য কিবা কাৰণত পুষ্টি হীনতাত ভুগি লাহে লাহে শৰীৰত প্ৰটিন, আইৰণ, কপাৰ, ভিটামিন বি-১২ আদিৰ অভাৱ হৈ গৈ থাকিলেও চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে।
(৭) কিছুমান ঔষধ সেৱণ কৰা ফলতো চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে। যেনে ক্লৰকুইন, কেফেনচি, ইন্টাৰফেৰণ অলফা আদি।
(৮) কেন্সাৰ ৰোগ, এইচ আই ভি সংক্ৰমণ, চিষ্টিক ফাইব্ৰচিচ আদিৰ বাবেও চুলি অকালতে পকাৰ সমস্যা হব পাৰে।
(৯)অত্যাধিক ধূম্ৰপাণ আৰু ড্ৰাগছ সেৱণৰ ফলতো চুলিৰ অকাল পক্কতাৰ সমস্যা হব পাৰে।

    চুলিৰ অকাল পক্কতাৰ ৰোধ কৰিব বাবে কিছুমান সাৱধানতা অৱলম্বন কৰাতো অতি জৰুৰী। কাৰণ এবাৰ যদি চুলি পকিবলৈ আৰম্ভ কৰে তাক ৰোধ কৰাতো জটিল হৈ পৰে। 

(১) চুলি পকা ৰোধ কৰিব বাবে কৃত্ৰিম পদ্ধতিৰে বা মেচিনৰ সহায়েৰে কেতিয়াও তিতা চুলি শুকোৱাৰ বাবে যত্ন কৰিব নালাগে।
(২) চুলি পোন কৰা ইলেক্ট্ৰিক ষ্ট্ৰি যাক হেয়াৰ ষ্ট্ৰেটনাৰ বুলি কোৱা হয়, ইয়াক ব্যৱহাৰ কৰিব নালাগে।
(৩) বিউটি পালাৰ বা চেলুন সমূহত কেতিয়াও কৃত্ৰিম ভাৱে চুলি পোনাব নালাগে। কাৰণ কৃত্ৰিম চুলি পোনোৱাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক জেল সমূহে চুলিৰ নোমৰ কোষ সমূহ নষ্ট কৰি মেলানিন উৎপন্ন হোৱাত বাধা প্ৰদান কৰি চুলিৰ অকাল পক্কতাৰ সমস্যা সৃষ্টি কৰে।
(৪) অত্যাধি মানসিক চাপ এৰাই চলিব লাগে।
(৫) ৰাতি টোপনি ক্ষতি কৰিব নালাগে।
(৬) আজি কালি কিছুমান, চেলুন, বিউটি পালাৰে চুলি কলা কৰাৰ গেৰেন্টিসহ চিকিৎসা আগবঢ়োৱা কথা শুনিলৈপোৱা গৈছে। তেনে বোৰ চিকিৎসা বিশ্বাস নকৰাই মংগল।
(৭) চুলি ৰং কৰা সময়ত সজাগ হব লাগে যাতে চুলিত লগোৱা ৰং মূৰৰ চালত নালাগে। তাৰ বাবে বিশেষ ভাৱে ধ্যান দিব।
(৮) খাদ্যঃ চুলিৰ অকাল পক্কতাৰ ৰোধ কৰা ক্ষেত্ৰত খাদ্যৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। যথেষ্ট পৰিমানে আইৰণ, ভিটামিন এ, বি আৰু খনিজ পদাৰ্থ, জিংক, কপাৰ, ইত্যাদি যুক্ত খাদ্য খাব। খেউজীয়া শাক পাচলি, হালধীয়া ফল মূল, ফুলকবি, কল, বিলাহী, দাইল, দৈ, জন্তুৰ লিভাৰ আদি খাব। 

এতিয়া আহো হোমিঅপেথিক চিকিৎসালৈঃ 

অকালতে চুলি পকা সমস্যাৰ হোমিঅপেথিকত খুব সুন্দৰ সিকিৎসা আছে। যদি আপোনাৰ এনে সমস্যা সৃ্ষ্টি হৈছে তেনে পলম নকৰি শীঘ্ৰে সমীপৱতী হোমিঅপেথিক চিকিৎসক কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়াম। ইয়াতে মই আপোনালোকক এই চুলিৰ অকাল পক্কতাৰ সমস্যাত সফল ভাৱে ব্যবহৃত কেইটামান হোমিঅপেথিক মেডিচিনৰ লক্ষণ অনুসৰি বৰ্নণা আগবঢ়াম ।

অকালতে চুলি পকা সমস্যা সফল হোমিঅেথিক ঔষধঃ- 

(১)lycopodium

Lycopodium চুলিৰ অকাল পক্কতা এক উৎকৃষ্ট মেডিচিন। যদি গেছ আাৰু অত্যধিক এচিডিটি, কুষ্ঠ কাঠিন্য সমস্যাৰ লগতে ৰোগীৰ যদি গৰম পানী প্ৰাণ কৰা হাবিয়াস থাকে, লগতে যদি ৰোগীয়ে অত্যাধিক মিঠা বস্তু খায় ভাল পায় তেনে লক্ষণৰ লগতে যদি চুলিৰ অকাল পক্কতাৰ সমস্যা হয় তেনে হলে এই মেডিচিন ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা নিশ্চিত ভাৱে মুক্ত হব পাৰিব।

(২) natnum mur

ৰক্তহীনতাত ভুগা দূৰ্বল ৰোগীৰ ক্ষেত্ৰত এই মেডিচিনে খুব ভাল কাম কৰে। এই ঔষধে ৰোগীৰ স্বাস্হ্য স্বাাভাৱিক অৱস্হালৈ ঘুৰাই অনাত সহায় কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু লাহে লাহে মেলানিন নিসৰণত সহায় কৰি চুলিৰ স্বাভাৱিক ৰং ঘুৰাই অনাত সহায় কৰে। লগতে যি সকল ব্যক্তিয়ে সঘনাই সাংঘাটিক ভাৱে মাঠা বিষৰ সমস্যাত ভুগে আৰু সূৰ্য্যৰ পোহৰত মূৰৰ বিষ বৃদ্ধি হয় লগতে কেচাঁ নিমখ খাবৰ বাবে আগ্ৰহ কৰে। কাঁহিৰ কাষত নিমখ নহলে খাদ্য খায় ভাল নাপায়। তেনে ব্যক্তিৰ বাবেও এই ঔষধ খুব কাৰ্য্যকৰী।

(৩)PHOSPHORUS

অত্যন্ত ভেলুত্ৰবল মেডিচিন। চুলি খৰা সমস্যা লগতে যদি মূৰত খজুৱতী, উফিৰ সমস্যা হয় এই ঔষধে ভাল কাম কৰে। এই ঔষধে চুলি পকাত বাধা দিয়ে যি কাৰণতে চুলি নপকক কিয় এই ঔষধ ব্যৱহাৰ কৰিলে চুলি পকাৰ সমস্যাক প্ৰতিৰোধ কৰি দিয়ে।

(৪)PHOSPHORIC ACIDঃ- 

অত্যন্ত মানসিক পৰিশ্ৰম, হতাশাগ্ৰস্ততাৰ বাবে যদি চুলি পকা সমস্যা হয় এই ঔষধে ভাল কাম কৰে।  ইয়াৰ উপৰিও  Silicea, Vinca Minor, Acid phosh, JaborandiQ, Jaborandi H oil, Arnica Shampo, Arnica H oil. আদি ঔষধ সমূহ ব্যৱহাৰ কৰি চুলিৰ অকাল পক্কতা সমস্যাৰ পৰা সহজে মুক্ত হব পাৰে।

 Dr Hari

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles