কৰ’না ভইৰাছ সৈতে যুঁজিবলৈ ভাৰতক লাগে ৪০ লাখ ভেন্টিলেটৰচ


ভেন্টিলেটৰচগড কিয় প্ৰয়োজন
কৰ’না ভইৰাছৰ সৈতে যুঁজিবলৈ ভাৰতক লাগে ৪০ লাখ ভেন্টিলেটৰচ

আপোনালোকে ইটিমধ্যে গম পাইছে যে সমগ্ৰ বিশ্বত COVID-19 মহামাৰী কাল ৰুপ ধাৰণ কৰা পাছত এই ৰোগৰ বাবে প্ৰয়োজনীয় চিকিৎসা সেৱা সমগ্ৰীৰ ব্যাপক ভাৱে নাটনি ঘটিছে। এই ৰোগৰ বৰ্তমানলৈ কোনো ঔষধ বা ভেকচিন ওলোৱা নাই আৰু বৰ্তমান সমগ্ৰ বিশ্বত14,41,589 জন মানুহ এই ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যু – 82,933 জন হৈছে। ভাৰততো 5462  জন আক্ৰান্ত হৈছে আৰু –167 জনৰ মৃত্যু ঘটিছে। অসমত এতিয়ালৈকে -28 জন আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

এতিয়া আহো মূল বিষয় টোলৈ আপোনালোকে তো শুনিছে চাগে কেতিয়াবা কোনো ৰোগীৰ ক্ষেত্ৰত ভেন্টিলেচনত ৰখা বুলি কোৱা। এই ভেন্টিলেটৰ বৰ্তমান সময়ত বিশ্বৰ সকলোবোৰ দেশকেই অতি প্ৰয়োজন হৈ পৰিছে। এই ভেন্টিলেটৰ কিয় প্ৰয়োজন হৈ পৰিছে, কোন দেশত বৰ্তমান সময়ত কিমানটা ভেন্টিলেটৰৰ ব্যৱস্থা আছে, লগতে ভাৰতত ইয়াৰ সংখ্যা কিমান আছে আৰু কিমান প্ৰয়োজন সেই বিষয়েও আমি আজি আলোচনা কৰিম।

ভেন্টিলেটৰ হল এনেকুৱা এটা বস্তু যি এজন ব্যক্তিৰ জীৱন আৰু মৃত্যুৰ মাজত নিৰ্নায়ক ভূমিকা লব পাৰে। এই ভেন্টিলেটৰে এজন মৃত্যু মুখী ৰোগীক মৃত্যুৰ দূৱাৰ দলীৰ পৰা ঘুৰাই আনিব জীৱন দান দিব পাৰে। বৰ্তমান বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা COVID-19 ৰোগে যিহেতু আক্ৰান্ত ৰোগীৰ হাওঁফাওঁ অৰ্থাত স্বাস যন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। এই কথাতো আপোনালোক সকলোৱে জানে। ৰোগীৰ নিমোনিয়া হয়, উশাহ নিশাহত যিহেতু কষ্ট হয় আৰু উশাহ নিশহ বন্ধ হৈযোৱাৰ উপক্ৰম হয়, আৰু এনে সময়ত এই ভেন্টিলেটৰে ৰোগী জনক উশাহ লোৱাত সহায় কৰে, জীয়াই থকাত সহায় কৰে। এই খিনিতে আৰু এটা সমস্যা উদ্ভৱ হৈছে বৰ্তমান সময়ত নাৰ্চ আৰু চিকিৎসক সকলৰ বাবে। কৰ’না ভইৰাছ সংক্ৰমন ঘটা ৰোগীক এই ভেন্টিলেটৰত লগোৱাৰ সময়ত যাতে ডাক্তৰ বা নাৰ্চ গৰাকী সংক্ৰমিত নহয় তাৰ বাবে hazmat suits ৰ প্ৰয়োজন হয়। কিন্তু বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এই বিশেষ suits অভাৱ ঘটিছে।

কোনো ব্যক্তিৰ যেতিয়া ৰেচপিৰেটৰি ফেলিয়ৰ হয় বা শ্বাস যন্ত্ৰ অকামিলা হয় তেতিয়া ভেন্টিলেটৰ লগোৱা হয়। মানুহ এজনৰ  BREATHING RATE সৰ্বসাধাৰনে ১৫ ৰ পৰা ২৪ BREATHS প্ৰতি মিনিট যেতিয়া হয় তেতিয়া ৰেচপিৰেটৰী ফেইলিয়ৰ হোৱা বুলি ধৰা হয় আৰু তাৰ আধা ঘন্টা ভিতৰত ৰোগীক বাহিৰৰ পৰা উশাহ নিশাহ লোৱাত সাহাৰ্য প্ৰদান কৰিবৰ বাবে ভেন্টিলেটৰত লগাবই লাগিব। কাৰণ সেই সময়ত ৰোগীজনে নিজেই উশাহ লোৱাটো সম্ভৱ নহয়। নহলে ৰোগীৰ হাওঁ ফাওঁ অবৰোধ বা ৰোগী জনৰ মৃত্যুও ঘটিব পাৰে। গতিকে শ্বাস প্ৰশ্বাসত সাহাৰ্য প্ৰদান কৰি স্বাভাৱিক ভাৱে উশাহ লোৱাৰ বাবে সাহাৰ্য্য প্ৰদান কৰি ৰোগীক জীৱনদান দিবৰ বাবে বাবে এই সজুলি ব্যৱহাৰ কৰা হয়।

বিশ্বৰ বিভিন্ন দেশৰ বৰ্তমানৰ এই ভেন্টিলেটৰচৰ স্থিতিঃ

সৰ্বসাধাৰণতে আমি ভাবি থাকো যে কেৱল আমাৰ উন্নয়নশীল দেশসমূহতহে স্বাস্থ্য খণ্ডৰ পুতৌ লগা অস্থা। কিন্তু এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ শেহতীয়া সমীক্ষাই বিশ্বৰ বহু ধনী ধনী দেশৰো স্বাস্থ্য খণ্ডৰ দোখ লগা স্বৰুপ উদঙাই দিছে।

Global data নামৰ এক ব্যক্তিগত প্ৰতিষ্ঠানৰ যোৱা ২০ মাৰ্চত চলোৱা এক সমীক্ষাৰ তথ্য অনুসৰি US অক বৰ্তমান সময়ত অতি কমেও ৭৫ হেজাৰ ভেন্টিলেটৰ প্ৰয়োজন হব, আৰু ফ্ৰান্স জাৰ্মানী ইটালী স্পেইন UK কে ক সৰ্ব্ব মূঠ ৭৪০০০ ভেন্টিলেটৰচৰ প্ৰয়োজন হব। ২০ মাৰ্চত টো বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২ লাখৰ ওচৰে পাজৰে আছিল কিন্তু আজিৰ স্থিতি বেগ হলগৈ।

স্পেইনত বৰ্তমান – ১৪০৪৫ জনৰ মৃত্যু হৈছে। স্পেইনৰ অৱস্থা ইমানেই বেয়া যে স্পেইন প্ৰশাসনে snorkel  masks যদি কাৰোবা লগত আছে ডনেট কৰিবলৈ অনুৰোধ জনাইছে। snorkel  masks পানীত ডুব মৰা সময়ত উশাহ লবলৈ ব্যৱহাৰ কৰা হয়। তেওঁ লোকে সেই মাস্ককেই ভেন্টিলেটৰ ভাল্বৰ লগত সংযোগ ঘটাই এটা ভেন্টিলেটৰকে যাতে কেইবা জনো ৰোগীৰ বাবে ব্যৱহাৰ কৰিব পাৰে সেই ব্যৱস্থা গ্ৰহণ কৰিব। স্পেইন এখন ধনী দেশ। সেই দেশৰ, স্বাস্থ্য খণ্ডও অতি উন্নত। সেই দেশৰো অৱস্থা তথৈবছ। কিন্তু ভেন্টিলেটৰচৰ অভাৱত স্পেইনেও হাহাকাৰ কৰিব লগা হৈছে।

যদি আমি UK লৈ চাওঁ, UK ৰ অৱস্থা ইমান সন্তোষ জনক নহয়। The guardian ৰ বাতৰি অনুসৰ  UK ত সৰ্বমূঠ ৬০০০ ভেন্টিলেটৰচ মেচিন আছে আৰু তেওঁলোকক বৰ্তমান এই কৰ’না মহামাৰীৰৰ সৈতে যুঁজিবৰ বাবে ৩০,০০০ ভেন্টিলেটৰ মেচিনৰ প্ৰয়োজন। ইতিমধ্যে UK চৰকাৰে উৎপাদন কাৰী সংন্থা সমূহক জৰুৰীভাবে ভেল্টিলেটৰৰ উৎপাদন কৰিব বাবে নিৰ্দেশ দিছে।

সকলোতকৈ অৰ্থনৈতিক ভাৱে আগবঢ়া দেশ আমেৰিকা, আমেৰিকাৰো অৱস্থা ইমান সন্তোষ জনক নহয়। তেওঁ লোকৰো এই কৰ’না মহামাৰীত যুঁজ দিবৰ বাবে ভেন্টিলেটৰচ ২০ শতাংশকৈও কম। কৰ’না সংক্ৰমনৰ পাছত আমেৰিকা অৱস্থা ইমানেই বেয়া হৈছে যে এটা ভেন্টিলেটৰত ৪ জনকৈ ৰোগীক ৰাখিব লগা হৈছে। US এৰ বৰ্তমান মৃত্যুৰ সংখ্যা – ১২,৮৫৭ আৰু আক্ৰান্ত ৪ লাখলৈ বৃদ্ধি হৈছে। US এৰ বৰ্তমান প্ৰায় ১,৬০,০০০ ভেন্টিলেটৰচ আছে। US এৰ চেন্টাৰ ফৰ ডিজিজ কন্টল অফ প্ৰিভেনচনৰ তথ্য অনুসৰি যদি ২.৪ মিলিয়ন পৰা ২১ মিলিয়ন আমেৰিকান কৰ’না ভইৰাছত আক্ৰান্ত হয়, তেনে হলে তাৰে ১০ জনক কিন্তু ভেন্টিলেটৰচ প্ৰয়োজন হব।  যদি ২১ মিলিয়ন আমেৰিকান কৰ’না ভইৰাছত আক্ৰান্ত হয় তেনে হলে প্ৰায় ২ মিলিয়ন আৰ্থাৎ ২০ লাখ লোকৰ বাবে ভেন্টিলেটৰচ প্ৰয়োজন হব। আৰু আমেৰিকাৰ হাতত বৰ্তমান আছে ১,৬০,০০০। গতিকে  US ক এই বেমাৰৰ সৈতে যুঁজিবৰ বাবে ১,৬০,০০০ তেনেই নগন্য। গতিকে আমেৰিকা গাড়ী নিমাৰ্তা কোম্পানী Ford, GE  আদিক দেশৰ ৰাষ্ট্ৰপতী ডনাল্ড টাম্পে ১০০ দিনৰ ভিতৰত ৫০,০০০ ভেন্টিলেটৰচ প্ৰস্তুত কৰি দিবৰ বাবে নিদেৰ্শ দিছে।

অকল আমেৰিকাই নহয় সকলো দেশেই নিজৰ নিজৰ দেশৰ কোম্পানী সমূহক সকলো ধৰণৰ উৎপাদন বন্ধ কৰিব বাবে নিৰ্দেশ দিছে।

এই ক্ষেত্ৰত ভাৰতৰ পৰিস্থিতি অতি চিন্তাজনক। বৰ্তমান মাত্ৰ ৪০,০০০ হেজাৰ ভেন্টিলেটৰচ আছে ভাৰতৰ হাতত। কিন্তু ভাৰতত প্ৰয়োজন বৃহত সংখ্যক ভেন্টিলেটৰচ। উদ্বেগজনক কথাতো হল ICMR ৰৰ তথ্য অনুসৰি ৰ্বতমান এই COVID-19 মহামাৰীৰ সৈতে যুঁজিবলৈ হলে ভাৰতক প্ৰয়োজন হব ৪ মিলিয়ন অথাৰ্ত ৪০ লাখ ভেন্টিলেটৰচ। কিন্তু আমাৰ ভাৰতৰ হাতত ৪০ হাজাৰহে আছে। চৰকাৰী তথ্য অনুসৰি কেৱল ৮,৪৩২ টা ভেন্টিলেটৰচ আছে দেশত। গতিকে বাকী ৩২ হাজাৰ ভেন্টিলেটৰচ ব্যক্তিগত খণ্ডৰ হয়। গতিকে কৰ’না  সংক্ৰমন যদি দ্ৰুত ভাবে ঘটিবলৈ হয় নিশ্চিত ভাৱে ভয়ংঙ্কৰ বীপদে সমগ্ৰ ভাৰত বাসীক গ্ৰাস কৰিব।

যদি ৰাজ্য হিচাপত আমি চাওঁ মুম্বাইত ৪০০-১০০০ ভেন্টিলেটৰচ, টামিল নাডুত ১৫০০-১৮০০, ভিতৰত বেংগালুৰুত প্ৰায় ৪০০ আৰু কেৰেলাত প্ৰায় ৫০০০ হাজাৰ ভেন্টিলেটৰচ আছে। গতিকে এই গুৰুত্ব পূৰ্ন ৰাজ্য কেইখনতো পৰ্য্যাপ্ত ভেন্টিলেটৰচ নায়। কিছুমান ৰাজ্যত টো কিমান ভেন্টিলেটৰচ আছে তাৰো সঠিক তথ্য নায়।

যদি ভেন্টিলেটৰচ বনোৱা ভাৰতৰ কোম্পানী সমূহে ইয়াক নিজেই প্ৰস্তুত কৰা কথা ভৱা হয় তেনে হলে দেখা যায় যে, একমাহত এই কোম্পানী সমূহে সকলোবোৰ মিলি মাত্ৰ ৫০০০ ভেন্টিলেটৰ প্ৰস্তুত কৰিব পৰা ক্ষমতা আছে।

যদি আমদানিৰ কথা ভবা হয়, তেনে হলে ভাৰতলৈ এই সামগ্ৰী আহে চীন আৰু ইউৰোপৰ পৰা আৰু ভাৰতত যিবোৰ ভেন্টিলেটৰচ বনোৱা হয় ইয়াৰ নিৰ্মাণ সামগ্ৰীবোৰ আহে চীন, ইউৰোপ আদিৰ পৰাই। কিন্তু কৰ’না মহামাৰী পাছত এইবোৰৰ আমদানি সম্পূৰ্নভাবে বন্ধ কৰা হৈছে। অতি সম্পতি ভাৰত চৰকাৰে কৰ্গ প্লেনৰ জৰিয়তে বিদেশৰ পৰা ভেন্টিলেটৰ নিমাৰ্ণৰ কেচাঁ সামগ্ৰী আমদানী কৰিব বুলি আশ্বাস প্ৰাদান কৰিছে যদিও কিন্তু যিহেতু সমগ্ৰ  ইউৰোপতো কৰ’না ভইৰাছ সংক্ৰমনৰ বাবে ইয়াৰ স্থিতি ইমান সন্তোষ জনক হৈ থকা নায়। গতিকে ইও এক উদ্বেগ জনক বিষ হৈ পৰিছে।

বৰ্তমান ভাৰতৰ বাবে এক আশাৰ ৰেঙনি দেখা দিছে, কাৰণ আমাৰ দেশৰ যিবোৰ অটমবাইল কোম্পনী আছে তেওঁলোকে ভেন্টিলেটৰচ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তেঁওলোকৰ লগতো মজুত থকা বুলি কৈছে। মাইচুৰৰ এটা ভেন্টিলেটৰচ বনোৱা কোম্পানী (SKANRAY TECHNOLOGIES)  স্কানৰী টেকনজী য়ে কৈছে যে, তেওঁলোকে ২ মাহত ১,০০,০০০ ভেন্টিলেটৰচ নিৰ্মাণ কৰি দিব।

ভাৰতৰ মাৰুটী চুজুকী, টাটা, মহিন্দ্ৰ আদিয়েও ভেন্টিলেটৰচ বনোৱা দায়িত্ব লৈছে, আৰু চৰকাৰক ভেন্টিলেটৰচ বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। মহিন্দ্ৰ আৰু টটাই DRDO ৰ সৈতে মিলি মাল্টি পেচেন্ট ভেন্টিলেটৰচ বনোৱা দায়িত্ব লৈছে। এই মাল্টি পেচেন্ট ভেন্টিলেটৰচ এই কাৰণেই প্ৰয়োজন যে, ইয়াক নিৰ্মাণৰ যি ব্যয় যদি আমি বাহিৰৰ পৰা আমদানি কৰো তেনে হলে ইয়াৰ দাম প্ৰায় ১১ ৰৰ পৰা ১৮ লাখ পৰ্যন্ত এটা ভেন্টিলেটৰত খৰচ হব। আৰু যিবোৰ আমাৰ দেশত নিৰ্মাণ কৰা হয় তাৰো খৰচ ৫ ৰ পৰা ৭ লাখ পৰ্যন্ত হয়। গতিকে যি হেতু ভাৰতৰ অৰ্থনৈতিক অৱস্থা ইমান সুস্থীৰ নহয় সেইয়ে টাট, মহিন্দই DRDO  ৰ সৈতে লগ লাগি যাতে কম খৰচতে কেইবাজনো ৰোগীৰ একেলগে ৰাখিব পাৰে, তাৰ বাবে এনে ধৰণৰ মাল্টিপেচেন্ট ভেন্টিলেটৰচ বনাব বাবে প্ৰস্তুতি চলাইছে। মহিন্দ্ৰ কোম্পানীয়েও এক পটেবল  ভেন্টিলেটৰ ডিজাইন কৰিছে, বিশেষ ভাৱে কৰ’না ভইৰাছ পেচেন্টৰ বাবে, যাৰ খৰচ ৭৫০০ মাত্ৰ। গতিকে অত্যন্ত সু-খবৰ আমাৰ বাবে। যদি তেওঁ লোকে এই ভেন্টিলেটৰচ উৎপাদন কৰিব পাৰে তেনে হলে ইয়াৰ অভাব অতি সোনকালে পূৰণ হোৱা সম্ভাৱনা আছে।

দেশৰ সংকটৰ সময়ত ভাৰত ইলেকট্ৰনিক লিমিটেড নামৰ এটা নিৰ্মাণ কাৰী সংস্থা আগবাঢ়ি আহিছে আৰু তেওঁলোকে কৈছে যে, ২ এক মাহৰ ভিতৰতে তেওঁলোকে ৩০,০০০ ভেন্টিলেটৰচ বনাই দিব। ইফালে IIT কানপুৰেও ৭০০০ টকাতে এক উন্নত মানৰ ভেন্টিলেটৰচ বনাব আৰু IIT  হাইদৰা বাদেও এক অত্যধুনিক ভেন্টিলেটৰৰ দৰে কাম কৰা মেচিন বনাব যাৰ খৰচ হব মাত্ৰ ৫০০০ হাজাৰ টকা। কিন্তু ইয়াৰ অনুমতি বৰ্তমান লৈকে চৰকাৰৰ পৰা পোৱা নাই। IIT হাইদৰা বাদে কৈছে যদি তেওঁলোকৰ এই সামগ্ৰী অনুমতি পায় তেনে হলে ইয়াক অত্যাধুনিক 3D HD প্ৰিন্টাৰ প্ৰযুক্তি জৰিয়তে প্ৰিংটিংও কৰিব পৰা যাব। উৎপাদন বৃদ্ধি কৰিব বাবে ইয়াক 3D  প্ৰিন্টাৰ ব্যৱহাৰ কৰি দ্ৰুত ভাৱে উৎপাদন কৰিব পৰা যাব। গতিকে দেশৰ সংকটপূৰ্ণ মুহূৰ্তত সকলো একত্ৰিত হৈ নতুন নতুন চিন্তা আৰু উদ্ভাৱন শক্তি প্ৰয়োগ কৰি দেশক সুৰক্ষীত কৰি ৰখাৰ মানসিকতাৰে পৰি পুস্থ এইয়াই আমাৰ ভাৰত, বিশ্বৰ বুকুত যি সদায় মহান।

ডা.হৰিকান্ত দাস, গোগামুখ, ধেমাজি।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles