গেষ্ট্ৰিক, এচিডিটিৰ ঘৰুৱা চিকিৎসা(acidity home remedy)

গেষ্ট্ৰিক, এচিডিটিৰ ঘৰুৱা চিকিৎসাঃ

ৰ্তমান সময়ত ব্যাপক ভাৱে দেখা দিয়া সমস্যাটোৱেই হল এচিডিটিৰ সমস্যা। প্ৰতি ১০ জন মানুহৰ ভিতৰত ৮ জনেই এই সমস্যাত ভুক্ত ভুগী। বহু ব্যক্তিয়ে এই সমস্যাৰ ঘৰুৱা ভাবে তাৎক্ষণিক উপশম পাবৰ বাবে কিবা বিধান পাব নেকি জানিব বিছাৰে, গতিকে আজি আমি এই এছিডিটিৰ পৰা ঘৰুৱা ভাৱে উপশম কেনেকৈ লাভ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম।

          এচিডিটিৰ লক্ষণ সমূহৰ ভিতৰত- সঘনাই বমি বমি ভাব হোৱা বা বমি হোৱা, টেঙা ওগাৰ অহা বা টেঙা বমি হোৱা, বুকুৰ জ্বলাপোৰা, পেটত পোৰণি হোৱা, খাদ্য খোৱাৰ পাছত পেটত অশান্তি হোৱা বা পেট গধুৰ গধুৰ লগা, মূৰ ঘুৰোৱা বা মূৰ অচণ্ডাই কৰা, খাদ্য ভালদৰে হজম নোহোৱা, পেটফোলা আৰু কোষ্ঠকাঠিন্য আদিয়েই প্ৰধান। এই এচিডিটিৰ বাবেই আমাৰ খাদ্যনলীটো জ্বলাপোৰা কৰে, বুকু গধুৰ গধুৰ অনুভৱ হয়।

গেষ্ট্ৰিক-এচিডিটিৰ-ঘৰুৱা-চিকিৎসা
গেষ্ট্ৰিক, এচিডিটিৰ ঘৰুৱা চিকিৎসা

          পেটত যেতিয়া এচিডিটিৰ মাত্ৰা বৃদ্ধি হৈ যায়, তেতিয়া এই এচিড পেটৰ পৰা খাদ্যনলীয়েদি উজাই মুখলৈকে আহিব পাৰে, ফলত ডিঙিত, খাদ্যনলী আদিত ঘাঁ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সাধাৰণতে অত্যাধিক মচলাযুক্ত খাদ্য খোৱা, ফুটপাথৰ দোকান হোটেল-ৰেষ্টোৰাত ফাষ্টফুড, জাংফুড, মচলাযুক্ত, জ্বলা, ভজা-পোৰা খাদ্য খোৱা, খাদ্য সময়মতে নোখোৱা আদি কাৰণতো এই এচিডিটিৰ সমস্যা হয়। এই সমস্যা যদি দীৰ্ঘদিন ধৰি হৈ থাকে তেনে হলে গুৰুতৰ সমস্যাৰ সৃস্টি হব পাৰে। বহু সময়ত আমি এই সমস্যাবোৰ সাধাৰণ সমস্যাৰুপে গণ্যকৰি গুৰুত্ব নিদিওঁ। কিন্ত সুস্বাস্থ্যৰ বাবে আমাৰ পাকস্থলীক সুস্থ ৰখাটো অতি জৰুৰী। যদি আমাৰ পেট আৰু পাচন শক্তি সঠিক নাথাকে তেনে হলে শৰীৰৰ কিবা নহয় কিবা ৰোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।

          অত্যাধিক এচিডিটিৰ সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকিলে পেট আৰু ক্ষুদ্ৰান্ত্ৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই এচিডিটিৰ সমস্যা সঠিক সময়ত চিকিৎসা কৰাটো অত্যন্ত জৰুৰী। বহুলোকে এচিডিটিৰ সমস্যা দূৰ কৰিবৰ বাবে খালীপেটত দৈনিক গেছৰ টেবলেট খোৱা দেখিবলৈ পোৱা যায়। খালীপেটত খোৱা এই দৰবে কেতিয়াও এচিডিটি দূৰ কৰিব নোৱাৰে, বৰঞ্চ কেতিয়াবা ই সমস্যা আৰু অধিক গুৰুতৰ কৰি তুলিব পাৰে। ইতিমধ্যে বহু গবেষকে মত পোষণ কৰিছে যে, গেষ্ট্ৰিকৰ ঔষধ দীৰ্ঘদিন ধৰি গ্ৰহণ কৰিলে ষ্টমাক কেন্সাৰৰ সম্ভাৱনা থাকে।

          গতিকে আমি জানো আহক ঘৰুৱা উপায়েৰে এই এচিডিটি কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ ফলপ্ৰসু ঘৰৱা উপায়ৰ বিষয়ে। লগতে এচিডিটিৰ সমস্যা হলে গ্ৰহণ কৰিব লগা সাৱধানতাৰ বিষয়েও।

১) গাখীৰ আৰু ঘিঁ

১ গিলাচ পানীত ২০ এম এল ঠাণ্ডা গাখীৰ আৰু এক চামুচ খাটি ঘিঁ মিলাই সেৱন কৰিলে এচি়ডিটিৰ সমস্যা সহজতে উপশম হয়। লগতে পেট আৰু বুকুৰ জ্বলাপোৰা সমস্যাও সহজতে নোহোৱা হয়। যি সকল লোকৰ এচিডিটিৰ সমস্যা আছে তেওঁলোকে পুৱা আৰু ৰাতি ভাত খোৱাৰ পাছত এই মিশ্ৰণ গ্ৰহন কৰিলে খুব সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হব।

২) জীৰা আৰু কলা নিমখ অথবা জীৰা আৰু নেমুঃ

আধা চামুচ জীৰা পাউদাৰ, আধাচামুচ হালধী আৰু আধা চামুচ কলানিমখ মিলাব আৰু ইয়াৰ লগত নেমুটেঙা অলপ গৰম কৰি আধাচামুচ ৰস মিলাই খালে এচিডিটিৰ সমস্যাৰ পৰা তাৎক্ষনিক ভাবে মুক্ত হবলৈ সক্ষম হব। পেটৰ জ্বলাপোৰা, পেট গধুৰ লগা, টেঙা উগাৰ আদি তাৎক্ষনিক ভাবে নোহোৱা কৰিবৰ বাবে এই মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে। এই মিশ্ৰণ যেতিয়াই আপোনি অধিক এচিডিটিৰ সমস্যা সন্মুখীন হয়, তেতিয়াই ব্যৱহাৰ কৰিব।

৩) টিয়হ, তুলসিৰ পাত আৰু আজুৱাইনঃ

তুলসিৰ পাত পিহি লব, বাকলি নুগুচোৱাকৈ টিয়হ মিক্সিত জুচ বনাই লব। ১ গিলাচ জুচত ১ চামুচ তুলসীৰ পেষ্ট আৰু আধা চামুচ আজুৱাইন পাউদাৰ মিলাই সেৱণ কৰিব। এই মিশ্ৰণে পেটত থকা এচিডৰ মাত্ৰা কম কৰি পেটৰ আৰু বুকুৰ জ্বলাপোৰা, কুষ্ঠকাঠিন্য আদি দূৰকৰি পেট ঠাণ্ডা ৰসাত সহায় কৰে।

৪) এলভেৰা জুচঃ

পুৱা খালীপেটত দৈনিক এলভেৰা জুচ সেৱন কৰিলেও এচিডিটিৰ সমস্যা দূৰ হয়। এচিডিটিৰ সমস্যা যদি অত্যাধিক থাকে তেনে হলে দিনত ৩ বাৰলৈকে এলভেৰাৰ জুচ সেৱন কৰিব পাৰে।

৫) লং, ইলাচি, চফ, গুৰ, জীৰা আৰু আমলখি পাউদাৰেও গেচ, এচিডিটিৰ সমস্যা দূৰ কৰাত সহায় কৰে। ইলাইচিয়ে পাকস্থলিত খাদ্য হজম হোৱাত সহায় কৰি পেটত এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে।

ইলাইচিয়ে গেছ আৰু এচিডিটিৰ সমস্যাত এন্টাচিডৰ দৰে কাম কৰে। খাদ্য খোৱাৰ পাছত  ১ বা ২ টা ইলাইচি অথবা ইলাইচিৰ পাউদাৰ মিচিৰিৰ সৈতে দৈনিক সেৱন কৰিব পাৰে।

          খাদ্য খোৱাৰ পাছত চফ আৰু গুৰ কম পৰিমানে খালে খাদ্য হজম হোৱাত সহায় হয়। গেছ আৰু এচিডিটিৰ সমস্যা উপশম হয়।

ডা. হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles