লাইপমা LIPOMA

0
লিপমা-কি

লাইপমা LIPOMA

আজি আমি আলোচনা কৰিম মানুহৰ গাত হোৱা এবিধ টেমুনাৰ বিষয়ে। বহু মানুহৰ দেখা যায় দেহৰ কোনো কোনো অংগত সৰু সৰু টেমুনা থাকে, যেনে-হাত, ডিঙি, কপাল, অথবা পেট, পিঠি আদিত। আৰু এই টেমুনাক লৈ ব্যক্তিজন বহু সময়ত দূৰ্ভাৱনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

গতিকে আজি আমি আলোচনা কৰিম-

কি এই টেমুনা?

কিয় হয়?

এই টেমুনাৰ পৰা কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে নেকি?

লিপমা-কিয়-হয়
Lipoma

আৰু হোমিঅ’পেথিক মেডিচিনৰ বিষয়েও আপোনালোকক জনাম। যিবোৰ গ্ৰহণ কৰি আপোনি এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।

আচলতে এই সমস্যাটোক লাইপমা বুলি কোৱা হয়। লাইপমা হল এক ছৰ্বিযুক্ত ফোলা অংশ যিতো নেকি সুওব লাহে লাহে ডাঙৰ হয়। ই সাধাৰণতে মাংসপেশীৰ ওপৰত আৰু চালৰ তলত হয়। ইয়াক আমি হাতেৰে টিপি দিলে লৰচৰ হৈ থাকে। আৰু ইয়াত প্ৰায় দেখা যায় বিষহীন, বিষ নাথাকে। কোনো কোনো ক্ষেত্ৰত কেতিাবা ১/২% বিষ হোৱা দেখা যায়।

সাধাৰণতে এই লাইপমাৰ আকাৰ ১ ছেঃমিঃ ত কৈ কম হয়। কিন্তু কোনো কোনো ব্যক্তিৰ ৫ৰ পৰা ৬ ছেঃমিঃ প্ৰৰ্য়ন্ত বা তাতকৈ ডাঙৰো হোৱা দেখা যায়।

লাইপমা কাৰ হোৱাৰ সম্ভাৱনা থাকে?

যিকোনো বয়সৰ লোকৰে লাইপমা হ’ব পাৰে। বিশেষকৈ ৪০-৫০ বছৰ বয়সৰ লোকৰ গাত এই লাইপমা বেছি হোৱা দেখা যায়। শিশুৰ গাতো লাইপমা হোৱা দেখা যায়।

লাইপমাৰ পৰা কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে নেকি?

আমি এনেকুৱা বহু লোক পাওঁ তেওঁলোকে গাত থকা এই লাইপমাৰৰ বাবে আমাৰ ওচৰত আহে আৰু চিন্তিত হোৱাৰ কথা কয়, যে তেওঁৰ এই সমস্যাৰ পৰা কেঞ্চাৰ হ’ব নেকি?

আচলতে এই লাইপমা নন কেন্সাৰাচ হয়, অৰ্থাৎ কেন্সাৰৰ সম্ভাৱনা একেবাৰেই কম। কেতিয়াবা 0.0১% ৰ কৰবাত কেনেবাকৈ কেন্সাৰ হ’ব পাৰে। যদি তেনে ধৰণৰ সম্ভাৱনা দেখা যায় তেতিয়া চিকিৎসকে এই টেমুনাৰ পৰা অলপমান মাংস কাটি উলিয়ই বায়পছি কৰাবলৈ দিয়ে। যদি কেন্সাৰৰ কোষ থাকে তেনে হলে ই ধৰা পৰে।

লাইপমা কিয় হয় ?

ইয়াৰ সঠিক কাৰণ এটিয়াও জানিব পৰা হোৱা নাই। তথাপিও ইয়াৰ কিছুমান কাৰণ নিৰ্ধাৰণ কৰা হৈছে। যেনে-

জেনেটিক কাৰণঃ- যদি ককাক-আইটাকৰ বা মাক-দেউতাৰ আছিল তেনে হলে সতি-সন্ততিৰো এই লাইপমা হোৱাৰ সম্ভাৱনা থাকে।

অত্যাধিক শকত-আৱত মানহ বা অত্যাধিক মেডবহুল মানুহ আৰু বহুত শকত আছিল কিন্তু পিছত শিনাই গ’ল তেনে লোকৰো লাইপমা হ’ব পাৰে।

বেছি জিম কৰা যুৱক-যুৱতীৰো এই লাপমা হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ যিসকলে বিভিন্ন ধৰণৰ ব্যায়াম কৰি থকাৰ পিছত একেবাৰে এৰি দিয়ে তেনে লোকৰ এইসমস্যা বেছি হোৱা দেখা যায়।

লাইপমাৰ চিকিৎস্যালৈঃ-

এই লাইপমাৰ হোমিঅ’পেথিকত সুওব সুন্দৰ চিকিৎস্যা আছে। হোমিঅ’পেথিক ঔষধৰ দ্বাৰা এই লাইপমা সহজতে গলাই দিব পৰা হয়।

হোমিঅ-পেথিক-চিকিৎসাএইখিনিতে মই এটা উদাহৰণ দিব খুজিছো মোৰ সম্বন্ধীয় এজন ককাইদেউ আহিচিল মোৰ ওচৰলৈ তেখেঁতৰ কান্ধৰ ঠিক উপৰতে ৩ টা মান লাইপমা আছিল আৰু মোক লৈ যাব আহিছিল চাৰ্জাৰী ডাক্তৰৰ ওচৰলৈ জাবৰ বাবে। মই চাই তেওঁক দুটা মেডিচিন দিলো ১৫/২০ দিনৰ পিছত জনালে গুটিকেইটা ফাটি ওলাই আহিল আজিওঁ তেওঁৰ বেলেগ টেমুনাৰ সৃষ্টি হোৱা নাই তেখেঁতক মই  হোমিঅ’পেথিককৰ HEPER SULPHUR 30 আৰু SILICIA 30 ঔষধ দুটা দিছিলো।

lapis albus 3x লিপমাৰ এক উতকৃষ্ট ঔষধ লাইপমা যেতিয়া গোটেই গাতে হয়। এনেকুৱা মামুহ দেখা যায় গোটেই গাতে লাইপমাৰটেমুনা থাকে চিকিৎসকে যেতিয়া কাটিবলৈ অসুবিধা হয় তেতিয়া এইঔষধ ব্যৱহাৰ কৰিব লাগে।এই ঔষধৰ ২০০ শক্তি ৩বাৰকৈ ব্যৱহাৰ কৰিব।

calcarea fluorica 200 অতি উৎকৃষ্ট মেডিচিন। যিকোনো ধৰণৰ টেমুনা যদি অলপ অলপ টান হয় তেতিয়া অতি সোনকালে কাম কৰে।

Tthuja200 যিকোনো ধৰণৰ অতি বৃদ্ধি ৰোধ কৰি স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে।

BELLADONA 200 যদি বিষ থাকে তেনে হ’লে এই ঔষধ ব্যৱহাৰ কৰিব।

Phytolacca 200 দেহৰ অতিবৃদ্ধিৰ লগতে লাইপমা থকিলে Phytolacca ব্যৱহাৰ কৰিব পাৰে। ২০০ ক্ষমতাৰ দিনে ৩বাৰ calcarea carb 200, baryta carb 200, sulphur200, bromium200.

LEAVE A REPLY

Please enter your comment!
Please enter your name here