কৰ’না ভইৰাছৰ ৮ টা সাধাৰণ লক্ষণ জানো আহক

0
কৰোনাভাইৰাচৰ ৮ টা সাধাৰণ লক্ষণ জানো আহক

কৰ’না ভইৰাছৰ ৮ টা সাধাৰণ লক্ষণ জানো আহক

কৰোনা-ভাইৰাচ
কৰোনাভাইৰাচ

নবেল কৰ’না ভইৰাছ হল কৰ’না ভইৰাছ ফেমেলিৰ এক ধৰণৰ ভাইৰাছ। ২০০৩ চনত হাজাৰ হাজাৰ মানুহক আক্ৰান্ত কৰা আৰু ৮ শতাধিক মানুহক মৃত্যু মুখলৈ থেলি বিশ্বত সন্ত্ৰাস সৃস্টি কৰা চাৰ্চ (চিভিয়েৰ একিউট ৰেচপিৰেটৰী চিণ্ডম) নামৰ ভাইৰাছৰ পৰিয়ালৰে এক ধৰণৰ নতুন ভাইৰাছ। ইয়াক সেইবাবেই নবেল কৰ’না ভইৰাছ ২০১৯ বুলি কোৱা হৈছে। নবেল মানে হল নতুন।

এতিয়া জানো আহক কৰ’না ভইৰাছ কি আৰু কেনেকৈ ই সংক্ৰমন ঘটেঃ

কৰ’না ভইৰাছ কি?

কৰ’না ভইৰাছ বুলি কলে এটা গ্ৰুপৰ বহু ভাইৰাচৰ সমষ্টিক বুজোৱা হয়, সাধাৰণতে প্ৰাণীৰ গাত পোৱা যায় এই কৰ’না ভইৰাছ। হিউমেন কৰ’না ভইৰাছ একপ্ৰকাৰৰ জুনেটিক ৰোগ বা প্ৰাণীৰ দেহৰ পৰা মানুহৰ গালৈ বিয়পা বেমাৰ।

এই ভাইৰাছৰ বিভিন্ন প্ৰজাতিৰ আছে যদিও এই পৰ্যন্ত বিজ্ঞানী সকলে ইয়াৰে ৬ টা প্ৰজাতিৰ কৰ’না ভইৰাছ আবিস্কাৰ কৰিছে, যি কেইটাই মানুহক আক্ৰান্ত কৰি বিভিন্ন লক্ষণ উতপন্ন কৰে।

হিউমেন কৰ’না ভইৰাছ প্ৰথম প্ৰথম ১৯৬০ চনত এজন চৰ্দ্দিত ভুগা ৰোগীৰ গাত পোৱা গৈছিল। কৰ’না ভইৰাছক খালী চকুৰে বা সাধাৰণ মাইক্ৰস্কুপত দেখা নাযায়, ইলেক্ট্ৰনিক মাইক্ৰস্কুপতহে ইয়াক দেখা পোৱা যায়। ইয়াক দেখাত ক্ৰাউন বা মুকুটৰ দৰে দেখা পোৱাৰ বাবে ইয়াক কৰ’না ভইৰাছ বুলি নামাকৰণ কৰা হৈছে।

মানুহে জীৱন কালত কোনোবা নহয় কোনোবা সময়ত এই কৰ’না ভইৰাছৰ দ্বাৰা আক্ৰান্ত হয় আৰু সুস্থ হৈ উঠে আৰু হয়তো কেবামাহৰ পাছত পূণৰ সংক্ৰমিত হব পাৰে। মানুহৰ দেহত ৬ ধৰণৰ কৰ’না ভইৰাছ সংক্ৰমন হব পাৰে, যেনে- আলফা কৰ’না ভইৰাছ (NL63 আৰু 229E), বিটা কৰ’না ভইৰাছ (HKU1 আৰু OC43) বাকী দুটা প্ৰাণ ঘাটী লক্ষণ যুক্ত ছাৰ্ছ আৰু মাৰ্ছ।

হিউমেন কৰ’না ভইৰাছ ব্যক্ৰি এজনৰ দেহলৈ সংক্ৰমন ঘটাৰ লগে লগে প্ৰথমে ব্যক্তি জনৰ স্বাসনলীক প্ৰভাবিত কৰে।আৰু এই ভাইৰাছে নাক, মুখ, ডিঙিত সংক্ৰমন ঘটে, স্বাসনলীৰ পৰা সংক্ৰমিত তৰল বা জুলীয়া পদাৰ্থ কাহি বা হাঁচিৰ সৈতে বায়ুৰ সৈতে মিহলি হয় আৰু সেই সময়তে উচৰত থকা মানুহে সেই বায়ু শ্বাসৰ জৰিয়তে গ্ৰহণ কৰিলে সেই ব্যক্তিৰো এই ভাইৰাছত আক্ৰান্ত হয়। অন্যাহাতে আক্ৰান্ত ব্যক্তিৰ সৈতে কৰ্মদন বা হাত মিলালে বা সেই ব্যক্তিয়ে ব্যৱহাৰ কৰা বয়-বস্তু ব্যৱহাৰ কৰিলে বা থু, খেকাৰ, মল, মূত্ৰ স্পৰ্শলৈ আহিলে এই ভাইৰাছৰ সংক্ৰমন ঘটে।

কৰ’না ভইৰাছত আক্ৰান্ত হোৱা প্ৰাৰম্ভিক লক্ষণ সমূহ হল-

১) চৰ্দি

২) কাহ

৩) ডিঙিব বিষ

৪) মাথাৰ বিষ

৫) জ্বৰ

৬) হাঁচি

৭) মাংসপেশীৰ বিষ আৰু ভাগৰুৱা বা দূৰ্বল অনুভৱ কৰা।

৮) শ্বাস লোৱাত কষ্ট হোৱা

৯) ডিঙি শুকাই যোৱা, ঘনাই ঘনাই পিয়াহ লগা আদি লক্ষণ প্ৰকাশ পাব পাৰে।

ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দূৰ্বল হৈ যায় আৰু নিউমোনিয়াৰ দৰে লক্ষণে দেখা দিয়ে, হাওঁফাওঁ আক্ৰান্ত কৰি মাৰাত্মক স্বাস-প্ৰস্বাসৰ সমস্যা সৃস্টি কৰি মানুহৰ মৃত্যু ঘটাব পাৰে।

বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাধ্যমেৰে কৰ’না ভইৰাছ চিনাক্ত কৰা হয়। ইয়াৰ ভিতৰত-

মলিকিউলাৰ টেস্টঃ সক্ৰীয় সংক্ৰমনত লক্ষণ সমূহ বিশ্লেষণ কৰা হয়। চিৰলজি টেস্টঃ এন্টিবডি সমূহ চিনাক্ত কৰি ব্যক্তি জনৰ ভাইৰাছৰ ধৰণ চনাক্ত কৰা হয়।

কৰ’না ভইৰাছ প্ৰতিৰোধঃ

ক) মুখত মাক্স ব্যৱহাৰ কৰিব।

খ) হাঁচি বা কাহৰ পিছত হাত ধুব।

গ) কাহি বা হাঁচি আহিলে ৰুমালেৰে মুখ নাক ঢাকি লব।

ঘ) সংক্ৰমণৰ লক্ষণ দেখাদিলে বেলেগ মানুহৰ লগত মিলা মিছা বন্ধ কৰক।

ঙ) সংক্ৰমণৰ লক্ষণ দেখা দিলে কনী নাখাব।

চ) সঘনাই কুঁহুমীয়া পানী পান কৰক।

ছ) অনুসাংগিক লক্ষণ সমূহৰ পৰা বাছি থাকিবৰ বাবে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি যাৱতীয় ঔষধ গ্ৰহণ কৰক।

জ) ধূম্ৰপাণ বৰ্জন কৰক।

ঋ) পৰ্যাপ্ত বিশ্ৰাম লওঁক।

ঞ) মানুহব সমাগমৰ পৰা আতৰত থাকক।

ডা. হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here