ডায়েবেটিৰ নিয়ন্ত্ৰণত মেথিৰ চমৎকাৰী প্ৰয়োগ

ডায়েবেটিচ নিয়ন্ত্ৰনত মেথিৰ চমৎকাৰী প্ৰয়োগ

সকলোৰে পৰিচিত এবিধ মচলা জাতীয় বীজ মেথি। মেথি কেৱল মচলাই নহয় ঔষধী ৰূপেও ইয়াৰ ব্যাপক ব্যৱহাৰ আছে। ডায়েবেটিছ বা ব্লাডচুগাৰ নিয়ন্ত্ৰণ কৰা, শৰীৰৰ ওজন কম কৰা বা মেডবহুলতা নিয়ন্ত্ৰণ কৰা, কলেষ্ট্ৰৰেল কমোৱা, চুলি সৰা সমস্যা দূৰকৰা, বাধক্য দূৰকৰি শৰীৰৰ সতেজতা বৰ্তাই ৰখা আদি গুৰুত্ব পূৰ্ণ ভুমিকা পালন কৰে এই মচলাৰূপী মেথিয়ে।

মেথিত থিয়ামিল (thiamine), ফলিক এচিড(Folic Acid), ৰিবোফ্লাভিন (riboflavin deficiency), নিয়াচিন(niacin), ভইটামিন এ(vitamin A), বি ৬ (vitamin B 6) আৰু চি (vitamin C) থাকে। নানা প্ৰকাৰৰ মিনাৰেল যেনে- কপাৰ (copper), পটাচিয়াম (potassium), কেলচিয়াম (Calcium), আইৰণ (Iron), চেলেনিয়াম (selenium), জিং (Zink), মেংগানিজ (Magnesium), মেগনেচিয়াম প্ৰচুৰ পৰিমানে থাকে। মেথিগছৰ পাততো প্ৰচুৰ পৰিমানে ভিটামিন কে থকাৰ তথ্য পোৱা গৈছে।

মেথিৰ স্বাস্থ্য উৰকাৰিতা (Health Benefits of Fenugreek Seeds in Assamese)

১) মেথিয়ে ডায়েবেটিচ নিয়ন্ত্ৰ কৰেঃ

মেথি গুটিত প্ৰচুৰ পৰিমানে ফাইবাৰ আৰু ভিটামিন, খনিজ আদি উপাদান থাকে। ই হজমী শক্তি বৃদ্ধি কৰে আৰু শৰীৰৰ কাৰ্বহাইড্ৰেদ আৰু গ্লুকজ শোষণৰ ক্ষমতা কমাই ইনচুলিন হৰমন নিসৰণৰ ক্ষমতা বৃদ্ধি কৰে। এক গৱেষণাৰ তথ্য অনুসৰি প্ৰতি দিনে ১০ গ্ৰাম মেথিগুটি গৰম পানীত তিয়াই ৰাতি পূৱা খালী পেটত সেৱণ কৰাটো টাইপ ২ ডাইবেটিচ নিয়ন্ত্ৰণৰ বাবে অত্যন্ত কাৰ্যকৰী। অথবা ১ চামুচ মেথি পাউদাৰ গৰম পানীৰ লগত মিহলাই খাদ্য খোৱাৰ আধা ঘন্টাৰ আগত খাব লাগে অথবা মেথি পানী খোৱাৰ আধা ঘন্টাৰ পাছতেই খাদ্য খাব লাগে। অন্যথা অসুবিধিৰ সন্মুখীন হবও পাৰে।

২) মেথিয়ে কলেষ্ট্ৰৰেল নিয়ন্ত্ৰণ কৰেঃ

মেথিয়ে আমাৰ তেজত থকা বেয়া ছৰ্বী বা বেড কলেষ্ট্ৰৰেল কম কৰাৰ লগতে এই বেয়া কলেষ্ট্ৰৰেল সমূহৰ পৰা আমাৰ শৰীৰত হোৱা পাৰ্শ্বক্ৰিয়াও দূৰ কৰে। মেথিয়ে আমি খোৱা ছৰ্বীযুক্ত খাদ্যৰ পৰা নিৰ্গত হোৱা ট্ৰায়গ্লিচাৰয়েডৰ শোষণৰ মাত্ৰা কমাই আমাৰ দেহত বেয়া ছৰ্বীৰ পৰিমান বৃদ্ধি হোৱাত বাধা দিয়ে।

৩) মেথিয়ে বাত বিষ কমায়ঃ

আৰ্থাৰিটিছ আৰু বাত বিষ বৰ্তমান সময়ত চল্লিচ উদ্ধৰ লোক সকলৰ স্বাভাৱিক সমস্যাৰূপে পৰিগণিত হৈছে। মেথি আৰ্থাৰিটিছ আৰু বাত ৰোগৰ তীব্ৰ বীষ কমোৱাত খুবেই কাৰ্যকৰী। ইণ্ডিয়ান জাৰ্ণেল অফ মেডিকেল ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি ইস্ট্ৰজেনৰ ওপৰত মেথিৰ প্ৰভাৱ অপৰীসীম। বৰ্তমান চিকিৎসকে এই মেথিক ইস্ট্ৰজেন ৰিপ্লেচমেন্ট থেৰাপীৰ সতে তুলনা কৰিছে।

৪) মেথিয়ে হৃদপিণ্ডক সৱল কৰি ৰখাত সহায় কৰেঃ

আমাৰ হৃদপিণ্ডক সুস্থ সৱল কৰি ৰখাত মেথিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেথিয়ে আমাৰ শৰীৰৰ পৰা এচিডৰ পৰিমান খুব দ্ৰুত গতিত কমাব পাৰে। হৃদপিণ্ডৰ বিষ, বুকুৰ বিষ বা বুকুৰ জ্বলা পোৰা কৰিলে ১০ গ্ৰাম মেথিগুটি  ৰাতি টিয়াই ৰাখি পূৱা খালী পেটত পানী খিনি খালে সমস্যা সহজতে নোহোৱা হয়।

৫) মেথিয়ে মাহেকীয়াৰ পেটৰ বিষ নোহোৱা কৰেঃ

বৰ্তমান মাহেকীয়া সময়ত পেটৰ বিষৰ সমস্যা প্ৰায় সকলো যুৱতীৰে এক সাধাৰণ সমস্যা ৰূৰে পৰিগণিত হৈছে। এই অশান্তিদায়ক পেটৰ বিষ দূৰকৰাত মেথি অত্যন্ত কাৰ্যকৰী। ইউটেৰাচত মৃত কোষৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিলে মাহেকীয়াৰ সময়ত পেটৰ অসহ্যকৰ বিষ আৰম্ভ হয়। গতিকে মাহেকীয়া আৰম্ভ হোৱা দিন কেইটাত মেথি পাউদাৰ ১ চামুচকৈ পূৱা খালীপেটত গৰম পানীৰ লগত মিহলাই খাব, পেটৰ বিষৰ সমস্যাৰ পৰা উপশম পাব আৰু লগতে খাদ্যাৰ সৈতেও মেথি খাব পাৰে।

৬) মেথিয়ে হজমী শক্তি বৃদ্ধি কৰেঃ

১ চামুচ মেথি পাউদাৰ গৰম পানীৰ লগত মিহলাই ৰাতিপূৱা খালী পেটত খালে হজমী শক্তি বৃদ্ধি হয়।

৭) মেথিয়ে কেন্সাৰ প্ৰতিৰোধ কৰেঃ

মেথি মহিলাসকলৰ বাবে খুবেই উপকাৰী। মেথিয়ে ব্ৰেস্ট কেন্সাৰ প্ৰতিৰোধ কৰে।

৮) মেথিয়ে মাতৃ দুগ্ধ বৃদ্ধি কৰাত সহায় কৰেঃ

মেথিত থকা ডায়চজেনিনে মাতৃ দুগ্ধৰ উৎপাদন বৃদ্ধি কৰে। অন্য হাতে মেথিত থকা ভিটামিন আৰু মিনাৰেলে মাতৃ দূগ্ধৰ পুষ্টি গুণ বৃদ্ধি কৰি নৱজাতকৰ বাবে অত্যন্ত উপযোগী কৰি তুলে।

৯)মেথিয়ে শৰীৰৰ ওজন কমোৱাত সহায় কৰেঃ

মেথি হল আইৰণ, মেগনেচিয়াম, মেংগানিজ, কপাৰ, ভিটামি বি ৬, প্ৰোটিন, ফাইবাৰ আদি ভাল উৎস। লগতে ই এন্টিঅক্সিডেন্ট আৰু এন্টি ইনফ্লামেটৰী উপাদান সমৃদ্ধ। মেথিত গ্লাক্টমান্নান নামেৰে এক প্ৰকাৰৰ ফাইবাৰ থাকে, যি শৰীৰৰ মেটাবলিজিম বৃদ্ধি কৰি মেদ বহুলতাৰ সমস্যাৰ পৰা মুক্ত হোৱাত সহায়ক ৰূপে কাম কৰে।

১০) মেথিয়ে ৰক্তচাপ নিয়ন্ত্ৰন কৰেঃ

মেথিত অত্যধিক পতাচিয়াম আৰু ফাইবাৰ থকাৰ বাবে ৰক্তচাপ কমোৱাত সহায়ক হয়। ১ বা ২ চামুচ মেথিগুৰি ১ কাপ পানীত ১ মিনিত মান তিয়াই ফিটি লৈ খাব। এনে দৰে ২ তিনি মাহ ব্যৱহাৰ কৰিলে নিশ্চিত ভাৱে সুফল পাবলৈ সক্ষম হব।

১১) কিডনিৰ কাৰ্যক্ষমতা বঢ়ায়ঃ

২০০৭ বৰ্ষৰ ফাইটোথেৰাপি ৰিচাৰ্চৰ প্ৰকাশিত এক গৱেষণা অনুযায়ী মেথিয়ে কেলচিয়াম অক্সিলেট জাতীয় কিডনি পাথৰ গঠনত বাধা প্ৰদান কৰি কিডনিক সুৰক্ষা দিয়ে।

১২) লিভাৰক সুৰক্ষা প্ৰদান কৰেঃ

গৱেষণাৰ পৰা দেখা গৈছে যে, মেথিয়ে লিভাৰক এলকহল জনিত ক্ষতিৰ পৰা সুৰক্ষা প্ৰদান কৰে, লগতে লিভাৰৰ এন্টিঅক্সিডেন্ট এনজাইম সমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles