মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ? (lercadip)

মানব জীৱন ধংসকাৰী ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?? (lercadip)

ফাৰৰ্মলিন-খোৱা-বস্তুৰপৰা-আতৰাব-কেনেকৈ
ফাৰৰ্মলিন খোৱা বস্তুৰপৰা আতৰাব কেনেকৈ?)
ধিক লাভৰ্জনৰ স্বাৰ্থতে একাংশ অসাধু ব্যৱসায়ীয়ে আমাৰ দেশত অবৈধ ভাৱে ফাৰ্মলিনৰ ব্যৱহাৰ কৰিবলৈ লৈছে।ফাৰৰ্মলিন মূলত টেক্সটাইল, প্লাস্টিক পেপাৰ, ৰং, কনস্ট্ৰাকশন আৰু মৃত দেহ সংৰক্ষণৰ কামত ব্যৱহাৰ কৰা হয়। কিন্তু এক শ্ৰেণীৰ যমদুত ৰূপী ব্যৱসায়ীয়ে বজাৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহত ব্যাপক ৰূপে ফাৰৰ্মলিন ব্যৱহাৰ কৰিবলৈ লৈছে। যিটোৱে বৰ্তমান মানৱ জাতিক লাহে লাহে মৃত্যুৰ পথ দেখুৱাবলৈ ধৰিছে।

ফাৰৰ্মলিনে কি ক্ষতি কৰেঃ-

ফাৰৰ্মলিন যুক্ত গাখীৰ, মাছ, ফল-মুল, শাক-পাচলি দৈনন্দিন ব্যবহাৰ কৰা এই দব্য সমূহ সেৱন কৰি আমাৰ কনমানি সকলৰ শৰীৰিক ৰোগ প্ৰতিৰোধী ক্ষমতা হেৰাই যাবলৈ ধৰিছে। কিডনি, লিভাৰ আৰু আমাৰ দেহৰ সমগ্ৰ অংঙ্গ নষ্ট, বিকলাঙ্গতা আৰু তাটোত কৈ মাৰাত্মক কে়ন্সাৰৰ ওপৰিও দিনক দিনে নানান জটিল ৰোগত ভুক্তভোগি হব ধৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যিসকল সন্তান সম্ভৱা গৰ্ভাৱতি মহিলা তেওঁলোকে যদি ফাৰৰ্মলিন যুক্ত খাদ্য বেছিকৈ ব্যৱহাৰ কৰে তেন্তে সন্তান প্ৰসৱৰ সময়ত বহোতো জটিলতাৰ সন্মুখীন হয় আৰু সন্তানৰো জন্মগত বিসংগতিয়ে দেখা দিব পাৰে।
নকি বিকলাঙ্গ শিশুৰো জন্ম হব পাৰে। প্ৰথমে অবস্থাত ফাৰৰ্মলিন, হাড্ৰজেনপেৰক্সাইড, কাৰবাইড আদি বিভিন্ন ধৰণৰ ক্ষতিকাৰক কেমিকেল ব্যৱহাৰ কৰাৰ প্ৰতিফল স্বৰুপে পেটৰ বিষ, হাঁচি, কফ, উশাহ-নিশাহত কষ্ট, বদহজম আলচাৰ, চৰ্মৰোগ আদি বহু জটিল সমস্যই দেখা দিয়ে।


ফাৰৰ্মলিন দূৰিকৰণৰ বাবে কি কৰিবঃ-

১. চবজি ৰন্ধাৰ পূৰ্বে ১০ৰ পৰা ১৫ মিনিত সময় গৰম পানীত সামান্য নিমখ দি ডোবাই ৰাখিব। তাৰ পাছত সেই পানীখিনি পেলাই অন্য পৰিস্কাৰ পানিৰে ধূই লওক এই প্ৰক্ৰিয়া অনুসৰণ কৰিলে চবজিৰ পৰা ফাৰৰ্মলিন আতৰি যায়।

 

২.ফল-মূল খোৱাৰ আগত কমেও ১ ঘন্টা সময় সামান্য গৰম পানীত ডোবাই ৰাখিব। আপেল জাতীয় ফলৰ ক্ষেত্ৰত বাকলি গোচাই হে খাব।
৩. ১ ঘণ্টাৰো অধিক সময় মাছ-মাংখ পানীত ডুবাই ৰাখিলে শতকৰা ৬০% ফাৰৰ্মলিন নষ্ট হৈ যায়।
৪. প্ৰথমে চাউল ধোৱা পানীত মাছ ডুবাই ৰাখক ১ঘণ্টা মান সময় তাৰ পাছত পৰিস্কাৰ পানীৰে ভালকৈ ধুলে প্ৰায় ৭০% ফাৰ্ৰ্মলিন দূৰ হয়।
৫. ভিনেগাৰ আৰু পানী মিহলাই ১৫ মিনিট মাছ, মাংস ডুবাই ৰাখিলে মাছ, মাংস ফাৰৰ্মলিন মুক্ত হয়।
৬. গাখীৰ ভলদৰে উতলালে ফাৰৰ্মলিন দূৰ হয়।
৭. শুকান মাছত প্ৰচুৰ পৰিমাণে ফাৰৰ্মলিন ব্যৱহাৰ কৰে। সেইবাবে শুকান মাছ খোৱাৰ আগত ১ঘণ্টা গৰম পানীত ডুবাই ৰাখিব তাৰ পাছত ঠাণ্ডা পানীত ১ঘণ্টা ৰাখিব ফাৰৰ্মলিন মূক্ত হোৱাৰ লগতে তাৰ খোৱাদো বাঢ়িব।
ডা. হৰিকান্ত দাস।
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles