তেতেলীৰ উপকাৰীতা আৰু ব্যৱহাৰঃ
আজি কালি অসমীয়া মানুহৰ গেছ, এছিডিটি, লিভাৰৰ সমস্যা, ডায়েবেটিছ, গলব্লাডাৰস্তনৰ সমস্যা আদি অতি দ্ৰুত গতিত বৃদ্ধি হব ধৰিছে। ইয়াৰ মূল কাৰণ হল আজি কালি মানুহে প্ৰাকৃতিক ভাবে পোৱা ফলমূল সমূহ গ্ৰহণ কৰিবলৈ এৰিদিয়া, বা জনবিস্ফুৰণৰ লগে লগে এই মূল্যবান ফলমূলৰ গছবোৰ কাটি তহিলং কৰি পেলোৱাৰ ফলত এই সমূহ ফলমূল দূৰ্লভ হৈ পৰা। গতিকে আজিৰ অলোচ্যৰ বিষয়টো এই বেমাৰকেইটাৰ সৈতে সম্পৰ্কীয়।
কেইবাটাও প্ৰশ্ন মোৰ দুজন মান শুভাকাংশীৰ, গলব্লাডাৰ পাথৰ থকা মানুহে তেতেলী খাব পাৰেনে? আৰু এজনে সুধিছে ডায়েবেটিছ থকা মানুহে তেতেলি খাব নালাগে নেকি? তেতেলী খালে তেজ পানী হয়, শৰীৰ দূৰ্বল হয়, যুৱতী আৰু মহিলাৰ মাহেকীয়া গণ্ডগোল হয়?
গতিকে আজি আমি আলোচনা কৰিম প্ৰকৃতিৰ এক অমূল্য আৱদান তেতেলীফলৰ ঔষধী গুণৰ বিষয়ে।
তেতেলীৰ উপকাৰীতাঃ
তেতেলী হৈছে এবিধ সুবেই পুষ্টিকৰ ফল। যাৰ নাম শুনিলেই জিভাৰ পানী নিগৰে। বছৰৰ সকলো সময়তেই এই ফল পোৱা যায়। আগৰ দিনত আমাৰ গাওঁবোৰত দেখিছিলো, আমাৰ অসমীয়া মানুহে প্ৰায়েই তেতেলি খাইছিল। যাৰ কাৰণে আমাৰ মানুহৰ গলব্লাডাৰ ষ্টন প্ৰায়েই হোৱা নাছিল। আজি কালি খাবলৈ এৰি দিয়া কাৰণেই হয়তো সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত গলব্লাডাৰষ্টন ৰোগী অসমত সৰ্বাধিক।
তেতেলিত থকা টাৰটাৰিক এচিডে আমাক বহু ৰোগৰ পৰা সুৰক্ষা দি ৰাখে। আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী এই ফলবিধ কেঁচা আৰু পকা দুয়ুটা অৱস্থাতে খাব পাৰি।
এই তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন C, ভিটামিন E আৰু ভিটামিন B পোৱা যায়। ইয়াৰ উপৰি তেতেলীত কেলচিয়াম, আইৰণ, ফছফৰাছ, পটাচিয়াম আৰু ডায়েটেৰি ফাইভাৰ প্ৰৰ্যাপ্ত পৰিমামে পোৱা যায়। তেতেলী শক্তিশালী এন্টিঅক্সিডেন্টৰ গুণৰে পৰিপুৰ্ণ ফল।
যিসকল ব্যক্তি ফেটিলিভাৰৰ সমস্যাত ভোগিছে তেখেঁত সকলৰ বাবে তেতেলি বৰ উপযোগী। এই তেতেলী নিয়মিত খালে ফেটিলিভাৰৰ সমস্যা দূৰ হয়। কেৱল ফেটিলিভাৰে নহয় লিভাৰ জনিত অন্যান্য সমস্যাওঁ তেতেলীয়ে দূৰ কৰিব পাৰে।
তেতেলীৰ ব্যৱহাৰঃ-
তেতেলী ছোবাই খোৱাৰ উপৰিও কেইচিৰা মান তেতেলীৰ বাকলী গুচাই লৈ অলপ পানীত দুই ঘন্টামান তিয়াই ৰাখক। সেই মিশ্ৰণটো ভালকৈ তৈয়াৰ হোৱাৰ পাছত অন্য এটা পাত্ৰত সেই পানীভাগ চেকনিৰে চেকি লওঁক। সেই তেতেলীৰ পানীত সামান্য মৌৰ প্ৰয়োগ কৰি দিনে ২ বাৰকৈ সেৱন কৰক।
ব্লাডচুগাৰ বা ডায়েবেটিছ থকা লোকে মৌৰ লগত নাখাব। এই দৰে ১ মাহ প্ৰৰ্যন্ত সেৱন কৰিলে শৰীৰৰ অতুলনীয় পৰিৱৰ্তণ ঘতিব। শৰীৰৰ লিভাৰ পাকস্থলী আদি গুৰুত্বপুৰ্ণ অংগ সমূহৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰে এই তেঁতেলীয়ে।
তেতেলীত অতিৰিক্ত মাত্ৰাত এন্টি-ইনফ্লেমেটৰীৰ গুণ পোৱা যায়। যি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে দৃষ্টি শক্তি, চালৰ বিভিন্ন সমস্যা দূৰ কৰাত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শৰীৰৰটোক ৰোগ মুক্ত আৰু সুস্থ কৰি ৰাখিবৰ বাবে এই তেঁতেলী দৈনিক সেৱন কৰাটো প্ৰয়োজন। তেতেলী সেৱন কৰি সৰু-ডাঙৰ বহুতো ৰোগৰ পৰা মুক্ত হব পাৰি।
তেতেলীৰ ব্যৱহাৰ কৰি
কেনেধৰণৰ সমস্যা সমূহৰ পৰা হাতসাৰিব পাৰি সেই বিষয় সমূহ বিশ্লেষন কৰোঃ-
১) তেতেলী সেৱন কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰৰ লগতে শৰীৰৰটোক শক্তিশালি কৰি ৰাখিব পাৰি। প্ৰচুৰ পৰিমাণৰ ভিটামিন C তেতেলিত পোৱা যায়। এই ভিটামিন C য়ে শৰীৰৰত এন্টিঅক্সিডেন্ট বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে আমাৰ শৰীৰত সৰু-ডাঙৰ কোনো ৰোগেই সহজে আক্ৰমন কৰিব নোৱাৰে।
২) তেতেলীয়ে শৰীৰৰ অতিৰিক্ত মেদ কমোৱাত সহায় কৰে। শৰীৰৰ মেদ কমাৰ ফলত ডায়েবেটিচ, ফেটিলিভাৰ, হৃদৰোগ, উচ্চ ৰক্তচাপ আদি ৰোগ হোৱাৰ সম্ভাৱনা কম হয়।
৩) মহীলা সকলৰ মাহেকীয়া অনিয়মীয়া সমস্যা দূৰ কৰে।
৪) তেতেলীৰ দৈনিক সেৱনে হৃদৰোগৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে। তেতেলি খালে সিৰা-ধমনীত সঞ্চিত কলেষ্টেৰল কমে, শৰীৰৰ তেজ সঞ্চালন ভালদৰে হয়, শৰীৰৰ কোষসমূহে ভালদৰে পোষণ পোৱাৰ উপৰিও স্বাভাৱিক পৰিমাণে অক্সিজেন পায়।
৫) তেতেলি খালে পৰিপাক বা হজম শক্তি বৃদ্ধি হয়। কোষ্ঠকাঠিন্য আদি পেটৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।
৬) তেতেলিয়ে আমাৰ লিভাৰ সুৰক্ষিত কৰি ৰাখে। আমাৰ লিভাৰৰ কোষ ধ্বংস হোৱাত বাধা দিয়ে আৰু লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। তেতেলি খালে জণ্ডিচ, হেপাটাইটিচ, হেপাটোমেগেলী, লিভাৰ চিৰচিছ আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। তেতেলীয়ে শৰীৰৰ ক্ষতিকাৰক টক্সিন বাহিৰ কৰাৰৰ লগতে লিভাৰত জমা হোৱা ফেট গলোৱাত সহায় কৰে।
৭) গাউট, ডায়েবেটিচ, তেজত কলেষ্টেৰল আৰু ইউৰিক এচিড বঢ়া আদি ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।
৮) তেতেলীত অধিক মাত্ৰাত এন্টি-অক্সিডেন্টৰ গুণ থকে আৰু তেতেলী সেৱন কৰি আমাৰ চালখনকো বিভিন্ন সমস্যাৰ পৰা দূৰত ৰাখিব পাৰি। তেতেলি খালে তেজৰ বিষাক্ত আৰু বৰ্জিত পদাৰ্থ পেচাবৰ সৈতে বাহিৰ হোৱাৰ ফলত তেজ পৰিষ্কাৰ হয়। সেয়েহে বিভিন্ন চৰ্মৰোগ, এলাৰ্জী আদি সমস্যাৰ পৰা মুক্ত হব পাৰি।
৯) তেতেলি নিয়মীয়াকৈ খালে গলব্লাডাৰৰ কাৰ্যক্ষমতা প্ৰায় ২০-২৫ % বাঢ়ি যায়। গল্ডব্লাডাৰ সঘনাই আৰু সঠিক ভাৱে সঙ্কূচিত হয় বাবে পিত্তৰস বা বাইল সম্পূৰ্ণৰূপে গলব্লাডাৰৰ পৰা নিৰ্গত হয় কাৰণে গলব্লাডাৰ ষ্টন সহজে হ’ব নোৱাৰে। পিত্তৰস বা বাইলত ৬০% কলেষ্টেৰল থাকে আৰু ই ক্ষাৰকীয় গুণ সম্পৰ্ন্ন। গলব্লাডাৰ কমকৈ সঙ্কূচিত হলে কলেষ্টেৰল বিশিষ্ট পিত্তৰসৰ গেদ গলব্লাডাৰৰ ভিতৰত সঞ্চিত হৈ ষ্টন গঠন হব নোৱাৰে। এবাৰ গলব্লাডাৰৰ ষ্টন হলে অস্ত্ৰোপচাৰ কৰি গলব্লাডাৰ উঠাই দিয়া হয়। কিন্ত তাৰ পিছত পিত্তনলী বা যকৃতৰ ভিতৰত ষ্টন পুণৰ গঠন হয়। যকৃতৰ ভিতৰত থকা ষ্টন বা পাথৰৰ ঘহনিৰ পৰা প্ৰায়েই যকৃত বা লিভাৰ কেঞ্চাৰ হোৱাও সমভাৱনা বৃদ্ধি হয়।
১০) তেতেলীত প্ৰচুৰ পৰিমানে আইৰণ থাকে। যি শৰীৰৰ লোহিত ৰক্ত কণিকা বৃদ্ধি কৰে আৰু দেহৰ ৰক্তস্বল্পতা দূৰ কৰে।
ডাঃ হৰিকান্ত দাস।
ছাৰ মই পেটৰ সমস্যাত ভুগি আছো ৷ শৌচ সোলোচা নহয় ৷ শৌচৰ লগত বহুত বিজল ওলাই ৷ একিবাৰে শেঙুনৰ দৰে ৷ বিজলে শৌচদ্বাৰ আৱৰি ৰাখে যাৰবাবে গেছও ওলাই নাযায় ৷ গেছ নোলালে উচ্চৰক্ত চাপ বাঢ়ি যায় ৷ শৌচ কৰোতে আঙুলি ভৰাই শৌচ কৰিব লগা হয় ৷ উপায় এটা দিয়ক ছাৰ।