চল্লিশোৰ্ধৰ ব্যক্তি সকলৰ বাবে কেনেধৰণৰ আহাৰ উপযোগীঃ-
শৰীৰৰ সুস্থ ৰাখিবৰ বাবে পু্ষ্টিকৰ খাদ্য নিত্যান্তই প্ৰয়োজন। প্ৰত্যেকেই বয়সৰ বৃদ্ধিৰ লগে লগেই বিভিন্ন ধৰণৰ ভিটামিন জনিত সমস্যাত ভোগা পৰিলক্ষিত হয়। সেয়েহে বয়সস্ত লোক সকলে এই সমস্যাৰ পৰা পৰিত্ৰান পাবৰ বাবে খাদ্যৰ তালিকাত কিছুমান ভিটামিনযুক্ত খাদ্য অন্তৰ্ভূক্ত কৰাতো অতি প্ৰয়োজন। বিশেষকৈ চল্লিশোৰ্ধৰ ব্যক্তিসকলৰ বাবে এই ভিটামিনযুক্ত খাদ্য অধিক প্ৰয়োজন। ভিটামিন যুক্ত খাদ্য পুৰুষত কৈ মহীলা সকলৰ বাবে অধিক প্ৰয়োজন হয়।
কাৰণ চল্লিশোৰ্ধৰ সময়ৰে পৰাই লাহে লাহে মেনুপজৰ ফালে গতি কৰা পৰিলক্ষিত হয়। তাৰোপৰি চল্লিশোৰ্ধৰ ব্যক্তি সকলৰ কেন্সাৰ, ডায়েবেটিছ, হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। তাৰ লগতে হজমৰ সমস্যা, পুষ্টিৰঅভাৱ, অনিয়ন্ত্ৰিত হ’ৰমনৰ সমস্যা সাধাৰণতে দেখা পোৱা যায়।
এতিয়া এই সমস্যা সমূহৰ পৰা পৰিত্ৰান পাবৰ বাবে কেনে ধৰণৰ খাদ্য আৰু ভিটামিনৰ প্ৰয়োজন হয় জানো আহকঃ-
আইৰণঃ
ৰক্তহিনতাৰ সমস্যাৰ প্ৰতিধ কৰিবৰ বাবে আইৰণে মূখ্য ভূমিকা পালন কৰে। একো একোজন প্ৰাপ্তবয়স্ক পুৰুষক ০.৯ মিলিগ্ৰাম দৈনিক আইৰণৰ প্ৰয়োজন হয়। আইৰণ শৰীৰত সন্তুলিত মাত্ৰাত ৰাখিবৰ বাবে প্ৰাণীজাতীয় খাদ্য যকৃৎ বা লিভাৰ, মুৰ্গীৰ মাংস, সাগৰীয় মাছ, চয়াবিন, মটৰ, পালেংশাক আৰু কচু শাক, বুটমাহ, ঘেঁহু, সেউজীয়া শাক-পাচলি, শুকান ফল, বাদাম, পিঁয়াজ, কল, কলমৌ, কলফুল, ঢেঁকীয়া শাক, ৰাজমাহ খাব লাগে। এই বোৰত পৰ্যাপ্ত মাত্ৰাত আইৰণ পোৱা যায়।
মেগনেচিয়ামঃ
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনৰ বাবে মেগনেচিয়াম যুক্ত খাদ্য খোৱা দৰকাৰ। মেগনেচিয়াম সেউজীয়া শাক-পাচলি, মচুৰ ডাইল, বাডাম ৰঙালাও আদিত উপলব্ধ।
পটাচিয়ামঃ
চল্লিশোৰ্ধৰ ব্যক্তি সকলৰ হাৰ্টস্তকৰ সম্ভাৱনা বাঢ়ি যায়। এই সমস্যাৰ পৰা হাতসাৰিবৰ বাবে পটাচিয়াম যুক্ত খাদ্য গ্ৰহণ কৰাতো অত্যন্ত প্ৰয়োজন। পটাচিয়াম শৰীৰত প্ৰৰ্যাপ্ত পৰিমাণে পাবৰ বাবে ক’ল, কমলা, ৰঙালাও, সেউজীয়া শাক-পাচলি, ছয়াবিন আদিত খাব লাগে। এইবোৰত পটাচিয়াম প্ৰছুৰ পৰিমাণে পাব পাৰি।
ভিটামিন বি ১২
শৰীৰৰ ৰক্ত সঞ্চালন স্বাভাৱিক ৰখাৰ লগতে মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন বি-১২ অতি জৰুৰী। এই ভিটামিন বি ১২ পূৰাবৰ বাবে মুৰ্গীৰ মাংস, গাখীৰ, ডিম, দৈ আৰু পণিৰ আদি খাব পাৰে। এইবোৰ খাদ্যত ভিটামিণ বি ১২ পৰ্যাপ্ত পৰিমাণে পাব পাৰি।
ভিটামিন ডিঃ
অন্যান্য ভিটামিন সমূহক সঠিক মাত্ৰাত গ্ৰহণ কৰাত সহায় কৰে আৰু শৰীৰৰ হাড় সমূহ মজবুট কৰি ৰখাতো ভিটামিন ডি য়ে মুখ্য ভুমিকা গ্ৰহণ কৰে। পৰ্যাপ্ত পৰিমানৰ ভিটামিন ডি ৰ অভাৱৰ ফলত হৃদৰোগ, ডায়েবেটিছ, স্তন কেন্সাৰ আদি সমস্যাৰ সন্মোখীন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই ভিটামিন ডি ৰ উৎস সূৰ্যৰ ৰশ্মি। ভিটামিন ডি সূৰ্যৰ পৰা অধিক মাত্ৰাত পাব পাৰি। সেয়েহে প্ৰতিদিন ২০ ৰ পৰা ২৫ মিনিত সময় পূৱাৰ ভাগত অৰ্থাৎ ৮ৰ পৰা ১০ বজাৰ ভিতৰত সূৰ্যৰ তাপ শৰীৰত লোৱাটো অতি আৱশ্যক। ইয়াৰ উপৰি মাছ, ডীম, মাছৰুম আদিত প্ৰৰ্যাপ্ত পৰিমামণে ভিটামিন ডি থাকে।
কেলচিয়ামঃ
চল্লিশোৰ্ধৰ ব্যক্তি সকল সু-স্বাস্থ্যকৰ হৈ থাকিবৰ বাবে কেলচিয়ামৰ অত্যাধিক প্ৰয়োজন হয়। প্ৰতিজন প্ৰাপ্ত বয়স্কৰ ব্যক্তিক দৈনিক ৪০০ ৰ পৰা ৫০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। হাড়ৰৰ লগতে শৰীৰৰ মাংসপেশী, স্নায়ু আৰু হৃদযন্ত্ৰৰ কাৰ্য প্ৰণালী সঠিক ভাৱে ৰূপায়ন কৰিবৰ বাবেওঁ কেলচিয়ামৰ প্ৰয়োজনীয়তা অতুলনীয়। কেলচিয়ামৰ অভাৱ পূৰাবৰ বাবে দৈ, গাখীৰ, সেউজীয়া শাক-পাচলি, মাছ ইত্যাদি খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰাটো অতি আৱশ্যক। ১০০ গ্ৰাম গাখীৰত প্ৰায় ৯৫০ মিলিগ্ৰাম আৰু এক কাপ টেঙা দৈত প্ৰায় ৪০০ মিলিগ্ৰাম কেলচিয়াম থাকে।আধাবাতি সেউজিয়া খিজোৱা পাত চবজিত ১০০ মিলিগ্ৰাম কেলচিয়াম পোৱা যায়। ১০০ গ্ৰাস পাভ মাছত ৩১০ মিলিগ্ৰাম কেলচিয়াম পোৱা যায়। সাগৰীয় মাছত ৩৭২ মিলিগ্ৰাম কেলচিয়াম থাকে। চজিনাৰ পাতত ৪৪০ মিলিগ্ৰাম কেলচিয়াম থাকে।
ডাঃ হৰিকান্ত দাস।