চেনিয়ে মৃত্যু ঘটাব কোটি কোটি ভাৰতীয়ক

চেনিয়ে মৃত্যু ঘটাব কোটি কোটি ভাৰতীয়ক!

চেনিয়ে-মৃত্যু-মুখলৈ-ঠেলি-দিছে-কোটি-কোটি-ভাৰতীয়ক
চেনি

ন্ধন যেনে দৰে যিকোনো যন্ত্ৰৰ চালিকা শক্তি ঠিক তেনেদৰে খাদ্যও মানৱ জীৱনৰ চালিকা শক্তি। দৈনন্দিন জীৱনত সঠিক সময়ত সঠিক খাদ্য গ্ৰহন নকৰি নাখাব লগা খাদ্য গ্ৰহন কৰাৰ বাবেই আজি ১৩৩ কৌটি ভাৰতীয় কিবা নহয় কিবা গুৰুতৰ স্বাস্থ সমস্যাত ভুক্ত ভুগী। আগতে মানুহে খাদ্য গ্ৰহন কৰিছিল ভোক নিবাৰণ, বল-বীৰ্য বৃদ্ধিব বাবে, কিন্তু বৰ্তাম সময়ত মানুহৰ মানসিকতা এনেকুৱা হৈছে যে, খাদ্য লাগিলে যিয়েই নহওঁক কিয় দেখাত ধুনীয়া আৰু মুখৰোচক হলেই হল। স্বাস্যৰ বাবে এই বোৰ ক্ষতিকাৰক বুলি জনাৰ পাছতো কিন্তু এইবোৰ খাদ্য খোৱাৰ প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিব নুখোজে।আমাৰ প্ৰতি ঘৰতে দৈনিক অপৰ্যাপ্ত পৰিমানে ব্যৱহাৰ হোৱা এনে এবিধ খাদ্য হল চেনি। হয় ঠিকেই শুনিচে! চেনি!! কিবা নহয় কিবা প্ৰকাৰে এই বগা বিহ আমাৰ ঘৰত নিতৌ ব্যৱহাৰ হৈয়েই আছে। ইয়াৰ উপৰিও হোটেল, ৰেষ্ট্ৰোৰা, চাহ, মিঠাইৰ দোকানৰ পৰা আৰম্ভকৰি বৃহৎ বৃহৎ কল্ডডিংকচ কোম্পানী, চকলেট কোম্পানী সমূহে এই মিঠা বিহ অপৰ্যপ্ত মাত্ৰাত ব্যৱহাৰ কৰি আছে। আমি এই বগা বিহ দৈনিক মিঠাই, বেকাৰী, আইচক্ৰিম, ব্ৰেভ্ৰাৰেজ (beverage), চকলেট, গাখীৰ, চাহ, কফি আদিৰ দ্বাৰা গ্ৰহণ কৰি আছো। যাৰ ফলস্বৰূপে আজি লাখ লাখ ভাৰতীয় হাৰ্টএটেক, কলেষ্ট্ৰৰেল, পেৰালাইছিছ, ব্ৰেইনহেমৰইজ (brain hemorrhage), হাইব্লাডপ্ৰেচাৰ, ডায়েবেটিছ, লিভাৰৰ সমস্যা, যৌন দূৰ্বলতা, বদহজমী, গেছ, এচিডিটি আদি সমস্যাত ভুগিব লগা হৈছে। এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি আমাৰ শৰীৰত দেখা দিয়া ৬০ শতাংশ ৰোগৰ প্ৰধান কাৰণ এই বগা বিহ চেনি বুলি কোৱা হৈছে। একেবাৰে সাধাৰণ যেন দেখা আৰু মুখৰোচক খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যপক ভাবে ব্যৱহাৰ কৰা এই চেনি আমাৰ শৰীৰত নিতৌ প্ৰবেশ কৰাৰ ফলত ১০০ ত কৈও অধিক বেমাৰ হব পাৰে।

চেনিয়েই গ্লুকজ নেকি?

এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হব পাৰে যে, চেনি যদি আমি নাখাও তেনে হলে আমাৰ শৰীৰক প্ৰয়োজনীয় শৰ্কৰা বা গ্লুকজ কৰ পৰা পাম? আমাৰ শৰীৰক স্বাভাৱিক কাম কাজৰ বাবে শৰ্কৰা নিত্যান্তই প্ৰয়োজন। এটা কথা অপোনালোকক জনাইথও যে, চেনি আমাৰ শৰীৰৰক ইন্ধন যোগান ধৰা শৰ্কৰা নহয়। ই এক প্ৰকাৰৰ মিঠাহে। আমি খোৱা খাদ্য, ফল-মূলৰ পৰা প্ৰাকৃতিক ভাৱে পোৱা শৰ্কৰাইহে অমাৰ শৰীৰৰ চালিকা শক্তি ৰূপে কাম কৰে।

চেনি কুঁহিয়াৰ পৰা বনায় ই বিহ হব কেনেকৈঃ

স্বাভাৱিকতেই আপোনালোকৰ মনত প্ৰশ্ন হব যে, চেনিটো কুঁহিয়াৰ ৰসৰ পৰাই বনায়, ই বিহ হব কেনেকৈ? হয় চেনি কুঁহিয়াৰ ৰসৰ পৰাই প্ৰস্তুত কৰে, কিন্তু ইয়াৰ প্ৰস্তুত প্ৰক্ৰিয়াত একেবাৰে চেনিৰ দানা উৎপাদন হোৱালৈকে ইয়াৰ সকলোবোৰ খাদ্য উপাদান ধংস হৈ যায়, আৰু লগতে ইয়াক বনাবৰ বাবে বহু প্ৰকাৰৰ হানিকাৰক কেমিকেল (chemical) প্ৰয়োগ কৰা হয়। যদি আপোনালোকে ইয়াক খাদ্যপ্ৰাণ ৰূপে চায়, কেৱল মিঠা গুণ আৰু কেমিকেলৰ (chemical) বাহিৰে একোৱেই নাথাকে। অৰ্থাত ইয়াত প্ৰটিন (protein), ভিটামিন (vitamin), মিনাৰেল (minerals) ৰ পৰিমাণ শূণ্য।

আমি খাদ্য খোৱাৰ পাচতেই আমাৰ পাচন প্ৰক্ৰিয়া আৰম্ভ হয়। কিন্তু চেনি খালে পাচন প্ৰক্ৰিয়া লেহেমীয়া হয়। যাৰ বাবে এই চেনিৰ দ্বাৰা উৎপাদিত খাদ্যই আমাৰ শৰীৰত ওজন বৃদ্ধি কৰাত সহায় কৰি মেদ বহুলতাৰ সমস্যাৰ সৃষ্টি কৰে। লগতে শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধিপোৱাত আমাৰৰ চালখন কোঁচখায় মুখত বয়সৰ চাপ পৰিবলৈ লয় আৰু কম বয়সতে মানুহ বুঢ়া হবলৈ ধৰে। চেনি এচিডিক হোৱাৰ বাবেই অত্যধিক চেনি খালে আমাৰ মুখমণ্ডলত শালমনৰ সমস্যা আৰু চালৰ বিভিন্ন ৰোগ হব পাৰে।

চেনিৰে প্ৰস্তুত কৰা চৰবত, কোল্ডডিংচ, ফলৰ ৰস, চাহ, কফি আদি সেৱন কৰাৰ বাবেই টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা ৮৩ শতাংশ বৃদ্ধি হয়। চেনি খোৱাৰ বাবে ইনচুলিন সন্তুোলনহীন হৈ পৰে আৰু লগতে মিঠা খাদ্য খোৱাৰ ফলত দাঁতত পোকে খোৱা সমস্যাৰ লগতে দাঁতৰ ৰং হালধীয়া হোৱা আদি সমস্যা হব পাৰে। চেনিয়ে আমাৰ মস্তিস্কতো প্ৰভাব বৃস্তাৰ কৰে। যাৰ বাবে অধিক সংখ্যক চেনি খোৱা লোকেই চেনিৰ প্ৰতি আসক্ত হৈ পৰে।

চেনি এনে এক ভয়ানক উপাদান যি আমাৰ খাদ্যৰ পাৰ শৰ্কৰা গ্ৰহন প্ৰক্ৰিয়াক বাধা প্ৰদান কৰে। আমাৰ দেহত লাখ লাখ কোশিকা আছে যাক স্বাভাৱিক কাম কাজৰ বাবে সকলো সময়তে গ্লুকজ বা শৰ্কৰাৰ নিত্যান্তই প্ৰয়োজন হয়। যদি শক্তিৰ উৎস গ্লুকজ বা শৰ্কৰা যোগান নাপায়, তেনে হলে এই কোশিকাবোৰে স্বাভাৱিক কাম কাজ কৰাটো অসম্ভৱ হৈ পৰে। আৰু সঠিক মাত্ৰাত শৰ্কৰা নোপোৱাৰ বাবে এই কোশিকাবোৰ ধংস হবলৈ ধৰে, যাৰ বাবে ডায়েবেটিছ, হাই ব্লাডপ্ৰেছাৰ, ল ব্লাডপ্ৰেছাৰ, ব্ৰেইনষ্ট্ৰোক, হাৰ্টৰ সমস্যা, কলেষ্ট্ৰৰেল, মেডবহুলতা, হাড়ৰ কমযোৰী, যৌন দূৰ্বলতা, শৰীৰৰ গাঁঠি গাঁঠি বিষ, ইউৰিক এচিড, নিদ্ৰাহীনতা, কিডনী বেমাৰ, গল্ডব্লাডাৰৰ বেমাৰ আৰু কেন্সাৰৰ দৰে শতাধিক বেমাৰ হব পাৰে। গতিকে আপোনি যদি সুস্থ জীৱন যাপন কৰিব বিছাৰে তেনেহলে চেনিৰ সেৱন এই মূহূৰ্তৰ পৰাই পৰিত্যাগ কৰক।

DR HARI

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles