যষ্ঠিমধুৰ ঔষধী গুণ

ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী যষ্ঠিমধুৰ

হাজাৰ বছৰৰ আগৰে পৰাই আয়ুৰ্বেদে বহু প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰণৰবাবে ব্যৱহাৰ কৰি আহিছে যষ্ঠি মধু। এই যষ্ঠিমধু ডিঙিৰ বিভিন্ন সমস্যাৰ বাবে উপযোগী। যষ্ঠিমধুৰ প্ৰয়োগেৰে বহু সমস্যাৰ পৰা উপষম পাব পাৰি।

যষ্ঠিমধুৰ উপকাৰীতাঃ

ক’ফ বা ডিঙিৰ বিষ জনিত যিকোনো সমস্যাৰ বাবে এই যষ্ঠিমধু বৰ উপকাৰী। ইয়াৰ উপৰি বুকুত জমা হোৱা জেপেতীয়া কফ পৰীস্কাৰ কৰাত সহায় কৰে।

যষ্ঠি-মধুযষ্ঠিমধু ব্যৱহাৰ কৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ লগতে এছিডিতিৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি।

উতলা পানীত যষ্ঠিমধু তিয়ায় ঠাণ্ডা কৰি সেই পানীত চেনি মিহলাই সেৱন কৰিলে এছিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

যষ্ঠিমধুৰ সেৱনে স্মৃতি শক্তি বৃদ্ধিতো সহায় কৰে। যষ্ঠিমধুৰ সৈতে গুৰ মিশ্ৰণ কৰি দৈনিক সেৱন কৰিলে স্মৃতি শক্তি বৃদ্ধি পায় বুলি আয়ুৰ্বেদাচাৰ্যসকলে সকলে মত পোষণ কৰিছে।

লিভাৰৰ সুৰক্ষাৰ বাবেওঁ যষ্ঠিমধু ফলপসু ।

চালৰ বাবেও যষ্ঠিমধু উপযোগী। ঘিঁৰ সৈতে যষ্ঠিমধুৰ পেস্ত প্ৰস্তোত কৰি চালত প্ৰয়োগ কৰিলে চালখন উজ্জল আৰু মসৃণ হয়। চালত কোনো কাৰণত হোৱা দাগ গোচাবৰ বাবেও ঘিঁ আৰু যষ্ঠিমধুৰে তৈয়াৰি পেস্ত প্ৰয়োগ কৰি এই দাগৰ সমস্যাৰ পৰা পৰত্ৰান পাব পাৰি।

যষ্ঠি-মধু

যষ্ঠি মধুৰ ব্যৱহাৰে চুলিৰ সমস্যাওঁ দূৰ কৰে। যষ্ঠিমধু,আমলখিৰ ৰস আৰু তিলৰ তেল মিশ্ৰণ চুলিত ব্যৱহাৰ কৰি চুলি সৰা আৰু চুলি পঁকাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

যষ্টিমধু ক’ত উপলব্ধঃ

যিকোনো মছলা যুক্ত সামগ্ৰী বিক্ৰি কৰা দোকানতে এই যষ্ঠিমধু পোৱা যায়। বিষেশকৈ এইবিধ উদ্ভিদ ঘৰত ৰখাটো অত্যন্ত প্ৰয়োজন কাৰণ শীতকালত শিশুসকলৰ মাজে মাজে ক’ফ জনিত সমস্যাই দেখা দিয়াৰ লগতে জেষ্ঠ সকলৰো ডিঙিৰ বিভিন্ন সমস্যাত ভোগাৰ পৰিলক্ষীত হয়। গতিকে এই যষ্ঠিমধু শীতৰ সময়ছোৱাৰ বাবে বৰ উপযোগি এই সময়ছোৱাত যষ্ঠিমধু ঘৰত ৰখাতো অত্যন্ত প্ৰয়োজন।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles